ভাৰতত মৌৰ্য্যসকলে | Lesson 2 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ২
ভাৰতত মৌৰ্য্যসকল
👉Text Books PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Answer
১। কেৱল উত্তৰ লিখা।
(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
উত্তৰঃ চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে মৌৰ্য বংশ।
(খ) সাম্ৰাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল?
উত্তৰঃ সাম্ৰাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম চাণক্য় আছিল।
(গ) 'অমিত্ৰঘাত' উপাধি কোনে লৈছিল?
উত্তৰঃ চন্দ্ৰগুপ্তৰ পুত্ৰ বিন্দুসাৰে অমিত্ৰঘাত উপাধি লৈছিল।
(ঘ) বিন্দুসাৰৰ ৰাজত্বকালত অহা গ্ৰীক কটকীজনৰ নাম কি আছিল?
উত্তৰঃ বিন্দুসাৰৰ ৰাজত্বকালত অহা গ্ৰীক কটকীজনৰ নাম ডেই-মাকচ আছিল।
(ঙ) মৌৰ্য্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল?
উত্তৰঃ মৌৰ্য্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট আছিল অশোক।
(চ) চণ্ডাশােক বা কালাশােক মানে কি বুজা?
উত্তৰঃ চণ্ডাশোক বা কালাশোক বুলিলে আমি অশোকক বুজো। অশোকৰ প্ৰথম অৱস্থাত থকা যুদ্ধৰ প্ৰতি আগ্ৰহ আৰু উগ্ৰ নীতিৰ বাবে চণ্ডাশোক বা কালাশোক বুলি কোৱা হয়।
(ছ) 'ইণ্ডিকা' আৰু ‘মুদ্রাক্ষস’ কোনে কোনে ৰচনা কৰিছিল?
উত্তৰঃ 'ইণ্ডিকা' আৰু ‘মুদ্রাক্ষস’ ৰচনা কৰিছিল ক্ৰমে মেগাস্থিনিচ আৰু বিশাখা দত্তই।
(জ) মৌর্য শাসন ব্যবস্থাত কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম কি আছিল?
উত্তৰঃ মৌর্য শাসন ব্যবস্থাত কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম সমাহৰ্তা আছিল ।
(ঝ) ‘দেৱানামপ্রিয়’ উপাধি কোনে আৰু কিয় লৈছিল?
উত্তৰঃ ধর্মীয় উদাৰতাৰ শ্ৰেষ্ঠ নিদর্শন দাঙি ধৰাৰ বাবে অশােকক দেৱানামপ্রিয় অর্থাৎ দেৱতাসকলৰ প্রিয় বুলি কোৱা হৈছিল।
(ঞ) ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো অশােকৰ কোনটো স্থাপত্য কলাৰ নিদর্শন?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো অশােকৰ স্তূপ স্থাপত্য় কলাৰ নিদৰ্শন।
২। খালী ঠাই পূৰ কৰা।
(ক) ইজিপ্তৰ ৰজা টলেমীয়ে ও কটকী পঠাই বিন্দুসাৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল।
(খ) অশােকে ৰণভেৰীঘোষ নীতি এৰি ধৰ্মভেৰীঘোষ নীতি গ্রহণ কৰিছিল।
(গ) চন্দ্রগুপ্ত মৌর্য্যই ৰাজধানী পাটলিপুত্ৰত প্রথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰৱর্তন কৰে।
(ঘ) মাটিৰ ওপৰত লগােৱা কৰেই আছিল মূলতঃ মৌর্য সাম্রাজ্যৰ ৰাজহৰ মূল ভেটি।
(ঙ) ধৰ্মীয় বিধি-বিধানৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়ৰ ৰায় দিছিল।
৩। চমু উত্তৰ লিখা।
(ক) চন্দ্রগুপ্তৰ শাসন কালছােৱাক মূলতঃ কেইভাগত ভগাব পাৰি? আৰু কি কি?
উত্তৰঃ চন্দ্রগুপ্তৰ শাসন কালছােৱাক মূলতঃ দুইভাগত ভগাব পাৰি - (i) অসামৰিক শাসন আৰু (i) সামৰিক শাসন।
(খ) চন্দ্রগুপ্তৰ সৈন্যবাহিনীৰ ভাগকেইটা কি কি আছিল লিখা।
উত্তৰঃ (ক) পদাতিক।
(খ) অশ্বাৰোহী।
(গ) হাতী।
(ঘ) ৰথ।
(ঙ) নৌ বাহিনী।
(গ) অশােকৰ ধৰ্ম প্ৰচাৰৰ মূল লক্ষ্য আৰু নীতি কি কি আছিল?
উত্তৰঃ বিশ্বসল্য়াণ আৰু বিশ্বশান্তি আছিল অশোকৰ ধৰ্ম প্ৰচাৰৰ মূল লক্ষ্য়।
তেওঁৰ ধৰ্মপ্ৰচাৰৰ নীতি আছিল দয়া, দানশীলতা, নম্ৰতা, সততা, সাধুতা। শিলালিপিত তেওঁ কৈছে, নৈতিকতাৰ প্ৰতি অগাধ প্ৰেম, বিচাৰশক্তি, ধৰ্মত মতি, মনত বল আৰু পাপলৈ ভয় নাথাকিলে মানুহে ইহলোকতেই হওক বা পৰলোকতেই হওক কেতিয়াও সুখী হ'ব নোৱাৰে।
(ঘ) অশােকে ধর্ম প্রচাৰৰ বাবে সিংহললৈ কাক কাক পঠাইছিল?
উত্তৰঃ অশােকে ধর্ম প্রচাৰৰ বাবে সিংহললৈ তেওঁৰ নিজ পুত্ৰ মহেন্দ্ৰ আৰু কন্য়া সংঘমিত্ৰাক পঠাইছিল।
৪। চমু টোকা লিখা।
(ক) বিন্দুসাৰ
উত্তৰঃ বিন্দুসাৰ আছিল চন্দ্ৰগুপ্তৰ পুত্ৰ। চন্দ্ৰগুপ্তৰ পিছত তেওঁ মৌৰ্য বংশৰ ৰজা হৈছিল। তেওঁ অমিত্ৰঘাত উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ ৰাজত্বকালত প্ৰজাবিলাকে কৰ-কাটল তোলা বিষয়াবোৰৰ বিৰুদ্ধে কৰা যুদ্ধৰ বাহিৰে আন কোনো উল্লেখযোগ্য় ঘটনা ঘটা নাছিল।
(খ) মৌৰ্যযুগৰ অর্থনৈতিক অৱস্থা
উত্তৰঃ মাটিৰ ওপৰত নিৰ্ধাৰিত কৰেই আছিল মৌৰ্য সাম্ৰাজ্য়ৰ অৰ্থনৈতিক ব্য়ৱস্থাৰ মূল ভেটি। সমাৰ্হতা নামৰ বিষয়াগৰাকীয়ে বিভিন্ন উৎসৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল আৰু সেই ধন বিভিন্ন ৰাজহুৱা কামত খৰচ কৰিছিল।
(গ) শিল্প - সংস্কৃতিলৈ অশােকৰ অৱদান।
উত্তৰঃ ভাৰতীয় শিল্পকলাই মৌৰ্য্য় যুগত এক উল্লেখযোগ্য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অশোকৰ দিনত এই শিল্পকলাই উন্নতিৰ চৰম শিখৰ পাইছিলগৈ। অশোকৰ দিনৰ শিল্পকলাসমূহক তিনি ভাগত ভগাব পাৰি। - শিলালিপি, স্তূপ আৰু গুহা।
(ঘ) মৌর্য যুগৰ ন্যায় ব্যৱস্থা।
উত্তৰঃ ন্য়ায়ৰ ক্ষেত্ৰত মৌৰ্যসকলৰ কটকটীয়া ব্য়ৱস্থা আছিল। প্ৰচলিত প্ৰথা, সামাজিক ৰীতি-নীতি, ধৰ্মীয় বিধি-বিধানৰ ওপৰত নিৰেভৰ কৰি ন্য়ায়ৰ ৰায় দিছিল। সকলো লোকে যাতে সমানে ন্য়ায় পাব পাৰে তাৰ বাবে বিচাৰৰ ভাৰ গ্ৰামিকৰ পৰা আৰম্ভ কৰি ৰজালৈকে সকলোৱে কৰিব পাৰিছিল। সৰু সৰু গোচৰবোৰ সাধাৰণতে প্ৰাথমিক পৰ্যায়তে সমাধান বা নিষ্পত্তি কৰাৰ ব্য়ৱস্থা আছিল। গুৰুতৰ গোচৰহে কেন্দ্ৰীয় ন্য়ায়ালয়ত নিষ্পত্তি কৰা হৈছিল।
৫। উত্তৰ লিখা।
(ক) কোনজন মৌৰ্য্য সম্রাটে পাটলিপুত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছিল? তেওঁ গঠন কৰা সমিতিকেইখনৰ কাম কি কি আছিল?
উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্যই পাটলিপুত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছিল। তেওঁ গঠন কৰা সমিতিকেইখনৰ কাম আছিল - (i) শ্ৰম আৰু শিল্প, (ii) বিদেশীৰ তত্ত্বাৱধান, (iii) জন্ম-মৃত্য়ুৰ হিচাপ, (iv) কৰ আৰু শুল্ক তদাৰক, (v) উৎপন্ন দ্ৰব্য় পৰিদৰ্শন আৰু (vi) বাট-পথ নিৰ্মাণ।
(খ) বৌদ্ধ ধর্ম প্রচাৰৰ বাবে অশােকে গ্রহণ কৰা যি কোনাে চাৰিটা নীতি উল্লেখ কৰা।
উত্তৰঃ বৌদ্ধ ধর্ম প্রচাৰৰ বাবে অশােকে গ্রহণ কৰা যি কোনাে চাৰিটা নীতি হৈছে - দয়া, দানশীলতা, নম্ৰতা আৰু সততা।
(গ) অশােকৰ যি কোনাে আঠখন শিলালিপিৰ নাম লিখা।
উত্তৰঃ অশােকৰ যি কোনাে আঠখন শিলালিপিৰ নাম হৈছে - (i)চাহবাজগৰ্হি( পেছোৱাৰ জিলা ), (ii)মাঞ্চেৰা( হাজাৰা জিলা ) (iii) কলচী( ডেৰাডুন জিলা), (iv) গিৰনাৰ( কাথিৱাৰ জিলা ) (v) চোপাৰা( বোম্বে ), (vi) ইৰাৱতী( অন্ধপ্ৰদেশ ), (vii) দাউলী( উৰিষ্য়া ) আৰু (viii) জাগোদা( উৰিষ্য়া )
৬। ভাৰতত প্রথম সাম্রাজ্য কোনে প্রতিষ্ঠা কৰিছিল? তেওঁ কেনেকৈ সাম্রাজ্য স্থাপনত সফল হৈছিল বর্ণনা কৰা।
উত্তৰঃ ভাৰতত প্রথম সাম্রাজ্য চন্দ্ৰগুপ্ত মৌৰ্যই প্রতিষ্ঠা কৰিছিল।
চন্দ্রগুপ্ত সাম্রাজ্য স্থাপন আৰু বিস্তাৰ চন্দ্রগুপ্ত প্ৰথমতে মগধৰ ৰজা ধননন্দৰ সৈন্যবাহিনীত আছিল। তাৰ পিছত তেওঁ আলেকজেণ্ডাৰৰ সৈন্যৰ দলত অন্তর্ভুক্ত হৈ গ্রীকবাহিনীৰ সামৰিক ৰীতি-নীতিৰ বিষয়ে খুটিনাটি শিকি লয়। কিন্তু দুর্ভাগ্যবশতঃ আলেকজেণ্ডাৰৰ ৰােষৰ বলি হৈ মৃত্যুদণ্ডৰ আদেশ পােৱা চন্দ্রগুপ্তই। গ্রীকবাহিনীৰ হাতৰ পৰা পলাই আহি ব্রাহ্মণ পণ্ডিত চাণক্যক লগ পায়। দুয়াে লগ লাগি প্রথমে গ্রীকসকলৰ গৃহবিদ্রোহ অথবা নিজৰ মাজত হােৱা খামখেয়ালিৰ সুবিধা লৈ চন্দ্রগুপ্তই এমুঠি অথচ সুসংগঠিত সৈন্যৰ সহায়ত প্রায় ৩২২ খ্রীঃপূত পঞ্জাবৰ পৰা গ্ৰীকবিলাকক খেদি পঞ্জাৱ দখল কৰি লয়। চাণক্যৰ লগ হৈ প্ৰথমতে ব্যর্থ হলেও পিছৰবাৰ মগধৰ ৰজা ধননন্দক হত্যা কৰি মগধ অধিকাৰ কৰে। গ্রীকসকলক সম্পূৰ্ণৰূপে উচ্ছেদ অভিযানত নামি পৰা চন্দ্রগুপ্তই উত্তৰ-পশ্চিম সীমান্তৰ মালৱ আৰু সৌৰাষ্ট্ৰ গ্ৰীকৰ পৰা অধিকাৰ কৰে। গ্রীক বীৰ চেলুকচে চন্দ্রগুপ্তৰ লগত নিজৰ অস্তিত্বৰ বাবে যুদ্ধ কৰিব লগা হয়। কিন্তু এই যুদ্ধত সম্পূৰ্ণৰূপে হাৰি চেলুকচে ৫০০ টা হাতীৰ বিনিময়ত হিৰাট, কান্দাহাৰ, কাবুল আৰু বেলুচিস্তান চন্দ্রগুপ্তক এৰি দিব লগা হয়। তাৰ উপৰিও চেলুকচৰ কন্যাক চন্দ্রগুপ্তলৈ বিয়া দি মিত্রভাবেৰেও শৰণাপন্ন হয়। এই দৰেই চন্দ্ৰগুপ্তই সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰে।
৭। অশােকৰ ৰাজত্বকালৰ ধর্মীয় অৱস্থাৰ বিষয়ে এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ অশােকে বৌদ্ধ ধর্ম। গ্রহণ কৰাৰ আগতে হিন্দু ধৰ্মৰ বিশেষকৈ শিৱৰ উপাসক আছিল। বৌদ্ধ ধর্ম গ্রহণ কৰাৰ পিছতাে তেওঁ আন ধৰ্মৰ প্রতি বিদ্বেষী হৈ উঠা নাছিল। বৌদ্ধ ধর্মৰ লগতে জৈন ধর্ম আৰু ব্রাহ্মণ্য ধর্মক তেওঁ সমানে আদৰ কৰিছিল। ধর্মীয় উদাৰতাৰ শ্ৰেষ্ঠ নিদর্শন দাঙি ধৰাৰ বাবে ( দেৱ - দেৱীৰ পূজা নকৰি বৌদ্ধ ধর্মৰ উপাসক হৈয়াে ) অশােকক দেৱানামপ্রিয় অর্থাৎ দেৱতাসকলৰ প্রিয় বুলি কোৱা হৈছিল। অশােকে যি ধৰ্ম প্ৰচাৰ কৰিছিল সেই ধর্ম কোনাে বিশেষ সম্প্রদায়ৰ নাছিল। তেওঁৰ ধৰ্মত সকলাে ধৰ্মৰ নীতিৰ সমন্বয় ঘটিছিল। ধনী-দুখীয়া, ৰজা-প্রজা, ব্রাহ্মণ-চণ্ডাল, জাতি-বর্ণনির্বিশেষে পৃথিৱীৰ প্ৰতিজন মানুহে ধর্ম পালন কৰি স্বৰ্গ লাভ কৰিব পাৰে। যিহেতু নির্বাণ লাভৰ পৰিৱর্তে অশােকে স্বর্গলাভৰ লক্ষ্যহে তেওঁৰ ধৰ্মত প্রদর্শন কৰিছিল। বিশ্বকল্যাণ আৰু বিশ্বশান্তি তেওঁৰ ধৰ্মৰ মূল লক্ষ্য হােৱাৰ উপৰিও তেওঁৰ নীতি আছিল দয়া, দানশীলতা, নম্রতা, সততা, সাধুতা। শিলালিপিসমূহত তেওঁ কৈছে , নৈতিকতাৰ প্রতি অগাধ প্রেম , বিচাশক্তি, ধর্মত মতি, মনত বল আৰু পাপলৈ ভয় নাথাকিলে মানুহে ইহলােকতেই হওক বা পৰলােকতেই হওক কেতিয়াও সুখী হ’ব নােৱাৰে ।
৮। মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণসমূহ লিখা।
উত্তৰঃ মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণসমূহ -
(১) চন্দ্রগুপ্ত আৰু অশােকৰ ৰাজত্ব কালৰ বিশাল সাম্রাজ্যৰ পৰৱর্তী মৌৰ্য ৰজাসকলে শাসন কৰাত ব্যৰ্থ হৈ পৰিল। ফলত মৌর্য সাম্রাজ্য ভাঙোনমুখী হ’ল।
(২) মৌর্য সাম্রাজ্যৰ সকলাে অঞ্চলতে সমানে যাতায়াতৰ সুবিধা নাছিল। কেন্দ্ৰৰ লগত সীমান্তৱর্তী এলেকাৰ উন্নত যােগাযােগ ব্যৱস্থাৰ শিথিলতাই মৌর্য সাম্রাজ্য পতনৰ অন্য এক কাৰণ।
(৩) মৌৰ্য্য শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণ কাৰ্য্যয়াে মৌৰ্য্য সাম্রাজ্য ভঙাত অৰিহণা যােগাইছে। প্রাদেশিক শাসনকর্তাসকল শক্তিশালী হৈ ক্ষমতাৰ অপপ্রয়ােগেৰে জনসাধাৰণৰ পৰা আস্থা হেৰুৱাইছিল।
(৪) শেষৰফালে উত্তৰাধিকাৰীসকল দুর্বল হােৱা হেতুকে বিদেশীসকলে আক্রমণ কৰাৰ সুবিধা পাইছিল।
(৫) অর্থনৈতিক সংকটো অন্য এক কাৰণ। অশােকে ৰাজহুৱা কামত অত্যধিক অর্থ ব্যৱহাৰ কৰিছিল। কিন্তু তেনেদৰে উপার্জন কমি গৈছিল।
(৬) বৌদ্ধ ধৰ্মৰ দুটা দলৰ মাজত হােৱা মতানৈক্যই পুনৰ ব্রাহ্মণ্য ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হােৱাত সহায় কৰিছিল। এই ব্রাহ্মণ্য ধৰ্মৰ পুনৰ উত্থানাে মৌর্য সাম্রাজ্যৰ পতনৰ মূল কাৰণ।
(৭) সামৰিক শক্তিৰ দুর্বলতা আছিল মৌর্য সাম্রাজ্যৰ পতনৰ অন্য এক উল্লেখযােগ্য কাৰণ।
৯। মৌর্য শাসন ব্যৱস্থাৰ বিষয়ে এটি চমু আলােচনা কৰা ।
উত্তৰঃ মৌৰ্যসকলৰ শাসন ব্যৱস্থা মৌৰ্য্য সম্রাটসকল কেৱল দ্বিগ্বীজয়ী বীৰেই নাছিল। তেওঁলােক একোজন সুদক্ষ প্রশাসকো আছিল। অসাধাৰণ মনােবল, সামৰিক আৰু প্রশাসনিক দক্ষতা আৰু ৰাজনৈতিক দূৰদৰ্শিতাই চন্দ্রগুপ্তক ভাৰতৰ ঐতিহাসিক সাম্রাজ্যৰ পিতৃস্বৰূপ কৰি তুলিছিল। বিভিন্ন উৎস যেনে, কৌটিল্যৰ অর্থশাস্ত্র, মেগাস্থিনিচৰ ভাৰত ভ্ৰমণৰ ওপৰত যুগুত কৰা 'ইণ্ডিকা' পুথি, বিশাখাদত্তৰ 'মুদ্ৰাৰাক্ষস' আদিৰপৰা চন্দ্রগুপ্তৰ শাসন প্রণালীৰ বিষয়ে কিছু কথা জানিব পাৰি। তদুপৰি জৈন ধৰ্মৰ পুথি, স্থাপত্য, ভাস্কৰ্য, শিলালিপি আদিয়েও কিছু কথাৰ সম্ভেদ দিয়ে। মূলতঃ তেওঁৰ শাসন কালছােৱাক দুভাগত ভগাব পাৰি— ১। অসামৰিক শাসন আৰু ২। সামৰিক শাসন।
Check By - Mukesh Borah