পাঠ : এঘাৰ
ইয়াতে মাৰিলোঁ টিপা
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
লটি-ঘটি = স্থানান্তৰিত
হৈ পোৱা আহুকাল, হাবাথুৰি খোৱা অৱস্থা
আখ্যান = কাহিনী; সাধুকথা
জনশ্ৰুতি = বহু কালৰ পৰা
মানুহৰ মুখে মুখে চলি অহা কথা; কিংবদন্তি
প্ৰবাদ = মানুহৰ মুখে
মুখে চলি অহা প্ৰবচন
সৰ্বস্বান্ত = যি সৰ্বস্ব
হেৰুৱাইছে
চিপৰাং = মাচি খনা এবিধ
অস্ত্ৰ; লোহাৰ
খন্তি
গৱেষণা = গভীৰহ চিন্তা; অনুসন্ধান; তত্ত্বানুসন্ধান
[১] প্ৰথমে কোৱা,
তাৰ পাছত লিখা:
ক) ভূঁইকঁপ আহিলে কি কি লটি-ঘটি হয়?
উত্তৰঃ ভূঁইকঁপ আহিলে ঘৰ-বাৰী ধ্বংস হব পাৰে। বানপানীৰ সৃষ্টি হব পাৰে। নদীয়ে দিশ সলাব পাৰে। যাতায়ত, টেলিফন আদি ব্যৱস্থাৰ ক্ষতিসাধন হব পাৰে। মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে আঘাত পাব পাৰে আনকি মৃত্যুও হব পাৰে।
খ) জনশ্ৰুতি
মতে পৃথিৱীখন ক’ত ক’ত অৱস্থিত?
উত্তৰঃ জনশ্ৰুতি মতে পৃথিৱীখন জলহস্তীৰ ওপৰত, ভেকুলীৰ পিঠি ওপৰত আৰু তিমি মাছৰ ওপৰত অৱস্থিত।
গ) ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন ক’ত অৱস্থিত?
উত্তৰঃ ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন এডাল সাপৰ মূৰত অৱস্থিত।
ঘ) বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো কি বুলি কৈছে?
উত্তৰঃ বৰ্তমান বিজ্ঞানী সকলে ভূঁইকঁপ অহাৰ আচল কাৰণটো কৈছে - পৃথিৱীখনৰ ভিতৰভাগ অত্যন্ত গৰম। ইয়াত সকলো পদাৰ্থ গলিত অৱস্থাত থাকে। পৃথিৱীৰ উপৰিভাগৰ আকৌ ফুটবলটোৰ উপৰিভাগৰ দৰে বহুকেইখন প্লেটত বিভক্ত। এইবোৰ ইয়াত ওপঙি থাকে।
পৃথিৱীৰ এই প্লেটবোৰ গতিশীল। কিন্তু এইবোৰৰ গতি মন্থৰ। এই প্লেটবোৰৰ ওপৰতেই সাগৰ-মহাসাগৰ, দেশ-মহাদেশ, পাহাৰ-পৰ্বত, নদ-নদী আদি অৱস্থিত। প্লেটবোৰে গতি কৰি থাকোঁতে কেতিয়াবা একোখন প্লেট আন একোখনৰ সৈতে খুন্দা খায় তেতিয়াই ভূঁইকঁপ আহে।
ঙ) ভূঁইকঁপ
হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে কেনেধৰণে আগতীয়া ব্যৱস্থা ল’ব লাগে?
উত্তৰঃ ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে খোৱা-পানী, কিছু পৰিমাণে খাদ্য-সামগ্ৰী, কিছু দৰব পাতি, ৰছী, টৰ্চলাইট,বেলচা, চিপৰাং আদি আগতীয়াকৈ ব্যৱস্থা লব লাগে।
চ) বেটাৰিযুক্ত
ৰেডিঅ’ কিয়
লগত ৰাখিব লাগে?
উত্তৰঃ বেটাৰিযুক্ত ৰেডিঅ লগত ৰাখিলে বিপদৰ সময়ত ওচৰে-পাজৰে কি ঘটিচে তাৰ বিষয় জানিব পাৰি।
ছ) ভূঁইকঁপৰ
শক্তি কিহৰ সহায়ত জোখা হয়? ইয়াক কোনে, কেতিয়া প্ৰৱৰ্তন কৰে?
উত্তৰঃ ভূঁইকঁপৰ শক্তি ৰিখটাৰ স্কেলৰ সহায়ত জোখা হয়। ইয়াক ১৯৩৫ চনত চাৰ্লচ ফ্ৰান্সিচ ৰিখটাৰে প্ৰৱৰ্তন কৰিছিল।
জ) ভূঁইকঁপৰ
বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম কি?
উত্তৰঃ ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম ভূকম্পনবিজ্ঞান।
ঝ) এই শাখাত কি
কি বিষয় গৱেষণা কৰা হয়?
উত্তৰঃ এই শাখাত ভূঁইকঁপ প্ৰতিৰোধ কৰিব পৰা সামগ্ৰী নিৰ্মান কৰা কৌশল, নদীৰ ওপৰত প্ৰতিৰোধী বান্ধ দিয়াৰ প্ৰযুক্তি আদি সম্বন্ধে নানা গৱেষণা কৰা হৈছে।
[২]
বাক্য ৰচনা কৰা:
ঘৰ-বাৰীঃ ভূঁইকঁপ আহিলে ঘৰ-বাৰী ধ্বংস হয়।
লটি-ঘটিঃ ভূঁইকঁপ আহিলে মানুহৰ লটি-ঘটি হয়।
খাদ্য-সামগ্ৰীঃ বিপদৰ আগজাননী পালে খাদ্য-সামগ্ৰী যোগাৰ ৰাখিব লাগে।
দৰব-পাতিঃ বেমাৰত দৰৱ পাতি সময়মতে খাব লাগে।
ওচৰ-পাজৰেঃ ওচৰ-পাজৰ লোক সকলক বিপদৰ সময়ত সহায় কৰিব লাগে।
[৩] খালী ঠাই পূৰ
কৰা:
ক) ভাৰতীয়
শাস্ত্ৰ মতে আকৌ পৃথিৱীখন এডাল....সাপৰ মূৰৰ ওপৰত অৱস্থিত।
খ) পৃথিৱীখনৰ
ভিতৰভাগ .অত্যন্ত..গৰম।
গ) মই কিমান
শক্তিশালী হৈ আহোঁ তাৰজোখ....বিজ্ঞানীসকলে................উলিয়াব পৰা হৈছে।
[৪] পঢ়া আৰপ লিখা:
ঘৰ + বাৰী = ঘৰ-বাৰী
লটি + ঘটি = লটি-ঘটি
মাজে + সময়ে = মাজে-সময়ে
ওপৰে + তলে =
ওপৰে-তলে
ওচৰে + পাজৰে = ওচৰে-পাজৰে
[৫]
বুজা আৰু লিখা:
তুমি তোমালোক
মই - আমি.
তেওঁ -তেওঁলোক.
সি -সিহঁত
তাই -- .তাহাত
তেখেত .তেখেতলোক
[৬]
বাক্য ৰচনা কৰা:
মুখামুখি : আমি
মুখামখিকৈ বহিলোঁ।
দেখাদেখি : সিহতে দেখা-দেখিকৈ বহিছে।
ঘূৰাঘূৰি : লৰাবোৰে দিনটো ঘূৰা-ঘূৰিকৈ আছে।
হতাহতি : সিহতে একেলগে খেলি থাকোঁতে হতাহতি লাগিছে.।
বুজাবুজি : তেওঁলোকৰ মাজত বহুত বুজাবুজি আছে.।
জনাজনি : ৰমেন আৰু ৰাহুলৰ বন্ধুত্ব কথাটো ঘৰত জনাজনি হৈছে.।
চুলিয়াচুলি : ৰুমি আৰু সীতাই চুলিয়াচুলি লাগিছে..।
[৭] পঢ়া, বুজা আৰু লিখা:
ক) গতি কৰি থাকে যি = গতিশীল
খ) ৰৈ থাকে যি = স্থিৰ
গ) দান কৰিব ৰপা মনৰ যি = .দানী.
[৮] ক) নতুন বস্তুৰ পিৰৱৰ্তন কৰে যি =
প্ৰৱৰ্তক
খ) নতুন বস্তুৰ আৱিষ্কাৰ কৰে যি = ..আৱিষ্কাৰক
গ) নতুন বস্তুৰ উদ্ভাৱন কৰে যি = ....উদ্ভাৱক..
ঘ) নতুন বস্তুৰ সৃষ্টি কৰে যি = সৃষ্টিকাৰ
[৯] পঢ়া, বুজা আৰু লিখা:
ক) অৱ + স্থিতি = অৱস্থিতি
খ) অৱ + স্থিতি = অৱস্থিতি
গ) অৱ + স্থিতি = অৱস্থিতি
ঘ) অৱ + স্থিতি = অৱস্থিতি
ঙ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
চ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
ছ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
জ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
ঝ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
ঞ) প্ৰতি + ৰোধ = প্ৰতিৰোধ
[১০] ভাবা আৰু উত্তৰ উলিওৱা:
ক) ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা।
ভূঁইকঁপ।
খ) ক’ৰপৰা আহি ক’ত দিলা ভৰি,
চোতালখন ফাটি গ’ল চিৰা-চিৰ কৰি।
[১১] নিজকে বানপানী, ধুমুহা আৰু বৰষুণ বুলি ভাবি কেইশাৰীমান বাক্য লিখা।
type himanku bora
Post ID : DABP005970