Lesson 13

 উদ্ভিদৰ পৰা পোৱা বস্তু

☐ প্ৰশ্নাৱলী

(১) মানুহৰ প্ৰধান আহাৰ কি ? মানুহে সেইবোৰ ক'ৰপৰা পায় ? 

উত্তৰঃ মানুহৰ প্ৰধান আহাৰ হ'ল- চাউল, দাইল, শাক-পাচলি, ফল-মূল।

              মানুহে সেইবোৰ আহাৰ উদ্ভিদৰ পৰাই পায়।

(২) ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ ঔষধ প্ৰস্তুত কৰিব পৰা ছয়বিধ উদ্ভিদৰ নাম হ'ল- আমলখি,শিলিখা,তুলসী,নিম,মানিমুনি।

(৩) মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ মানুহে খেতি কৰা দহবিধ উদ্ভিদৰ নাম হ'ল- ধান, মাহ, সৰিয়হ,কল, ঘেঁহু,আম,কঁঠাল, নাৰিকল,চাহপাত, ৰবৰ ইত্য়াদি।

(৪) (ক) মিঠাতেল ক'ৰ পৰা হয় ? 

উত্তৰঃ মিঠাতেল সৰিয়হৰ পৰা হয়।

      (খ) সূতা ক'ৰ পৰা হয় ?

উত্তৰঃ সূতা কপাহৰ পৰা হয়।

(৫) উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰে লিখা ।

উত্তৰঃ সকলো প্ৰাণীয়ে উশাহত অক্সিজেন গেছ লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰাণীৰ বাবে অপকাৰী। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰিবৰ বাবে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শুহি লয় আৰু বায়ুত অক্সিজেন এৰি দিয়ে। এই কাৰণত বায়ুত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি নাযায় আৰু অক্সিজেন কমি নাযায়। উদ্ভিদে এনেদৰে বায়ু পৰিস্কাৰ কৰি ৰাখে।

(৬) উদ্ভিদে প্ৰকৃতি কেনেদৰে ৰক্ষা কৰে ?

উত্তৰঃ উদ্ভিদ আৰু প্ৰকৃতি ওতঃপোতঃ ভাৱে জড়িত।উদ্ভিদ নহলে প্ৰকৃতিৰ কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে।গছ-গছনি,ঘাঁহ-বন,হাবি-জংঘলত সৰু-ডাঙৰ সকলো জীৱ-জন্তুৱে বাস কৰে। 

                      গছ-বনৰ ডাল-পাত সৰি মাটিত পৰি পঁচিলে মাটি সাৰুৱা হয়। গছ-বন নাথাকিলে মাটি সাৰুৱা নহ'ব। মাটিয়ে বৰষুণৰ পানী শুহি লয়।এই পানী নিগৰি গৈ মাটিৰ বহু তলত জমা হয়। গছ-বন নথকা ঠাইৰ মাটি বৰষুণ,ধুমুহা-বতাহে আঁতৰাই পেলায়। তেনে ঠাইত নতুনকৈ গছ-গছনি গজিব নোৱাৰে। তৰোউপৰি উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে। জীৱৰ বাবে ক্ষতিকাৰক কাৰ্বন-ডাই-অক্সাইড শুহি লয় আৰু অক্সিজেন এৰি দিয়ে।অক্সিজেন সকলো জীৱৰ বাবে প্ৰয়োজনীয়।এইদৰে উদ্ভিদে প্ৰকৃতি ৰক্ষা কৰি আছে।

(৭) শুদ্ধ উত্তৰটোত ✓ চিন দিবা :

     (ক) উদ্ভিদ নাথাকিলে জীৱ-জন্তু জীৱাই থাকিব পাৰে/নোৱাৰে 

উত্তৰঃ নোৱাৰে।

      (খ) অক্সিজেন/কাৰ্বন ডাই-অক্সাইডৰ আন এটা নাম                         অম্লজান ।

উত্তৰঃ অক্সিজেন।

      (গ)  প্ৰাণীয়ে নিশাহত কৰ্বন ডাই-অক্সাইড এৰি দিয়ে /নিদিয়ে

উত্তৰঃ দিয়ে।

      (ঘ) উদ্ভিদ পৰা ঔষধ তৈয়াৰ কৰিব পাৰি /নোৱাৰি

উত্তৰঃ পাৰি।




কৰবী কাকতি



Post ID : DABP005914