Lesson 12
জীৱৰ বংশবৃদ্ধি
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
◻️ প্ৰশ্নাৱলী
১丨 (ক) জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে ?
উত্তৰঃ জীৱই পৈণত অৱস্থা পোৱাৰ পিছত জন্ম দিব পাৰে ।
(খ) উদ্ভিদে কেনেদৰে জন্ম দিয়ে ?
উত্তৰঃ কিছুমান উদ্ভিদত ফুল ফুলে ।ফুলৰ পৰা ফল হয়। ফলৰ ভিতৰত গুটি থাকে।গুটিৰ আন এটা নাম বীজ ।গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে । ইয়েই ভ্ৰণ । গুটিটো ৰুলে ভ্ৰণটো ডাঙৰ হৈ গছপুলি হয় ।
(গ) ফুলৰ পৰা কি হয় ?
উত্তৰঃ ফুলৰ ভিতৰত ফল হয় ।
(ঘ) গুটি ক'ত থাকে ?
উত্তৰঃ ফলৰ ভিতৰত গুটি থাকে ।
(ঙ) ভ্ৰুণ কি ?
উত্তৰঃ গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে তাকেই ভ্ৰণ বোলে ।
২丨(ক) বাঁহ গাজ কাক বোলে ?
উত্তৰঃ বাঁহ গছৰ পুলিক বাঁহ গাজ বোলা হয় ।
(খ) কলম কি ? উদাহৰণ দিয়া ।
উত্তৰঃ কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ।তেনে ডালক কলম বুলিও কোৱা হয় ।
৩丨(ক) কোনবোৰ প্ৰাণী ফুলৰ পৰা ওপৰত পৰেহি ?
উত্তৰঃ পখিলা , মৌ-মাখি ,ভোমোৰা, পোক-পৰুৱা আদি ফুলত পৰেহি ।
(খ) মৌমাখিয়ে ফুলৰ পৰা কি পায় ?
উত্তৰঃ মৌ-মাখীয়ে ফুলৰ পৰা মৌ পায় ।
৪丨(ক) ফুল-নুফুলা উদ্ভিদে কেদৰে জন্ম দিয়ে ?
উত্তৰঃ ফুল- নুফুলা উদ্ভিদৰ পাতত বা আন অংশত সৰু সৰুৰেণু হয় । এই ৰেণু বোৰ মাটিত পৰিলে তাৰ পৰা নতুন গছ গজে ।
(খ) ফুলৰ বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে ?
উত্তৰঃ ফুলৰ বাহিৰে উদ্ভিদৰ ডাল, পাত, শিপা, কাণ্ড আদিৰ পৰা নতুন উদ্ভিদ গজে ।
৫丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :
(ক) ভ্ৰূণ বীজৰ ভিতৰত সোমাই থাকে/নাথাকে ।
উত্তৰঃ থাকে ।
(খ) ফুল ফুলা উদ্ভিদে জন্ম দিওঁতে প্ৰাণীৰ সহায় লয়/নলয় ।
উত্তৰঃ লয় ।
(গ) সকলো প্ৰাণীয়ে কণী পাৰি পোৱালি দিয়ে/নিদিয়ে ।
উত্তৰঃ নিদিয়ে ।
(ঘ) কণী পাৰি জন্ম দিয়া প্ৰাণীবোৰে পোৱালিক গাখীৰ খুৱায়/ নুখুৱায় ।
উত্তৰঃ নুখুৱায় ।
কৰবী কাকতি
Post ID : DABP005927