পাঠঃতেৰ
বৰপেটা
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
ক্ৰিয়া-কলাপ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
ধাম = পৱিত্ৰ ঠাই
ৰজ = ধূলি
পূত = পৱিত্ৰ
থান = বৈষ্ণৱসকলৰ গুৰু-ঘৰ; পূজা কৰা ঠাই
ইথানৰ = ইয়াৰ; এই ঠাইৰ
নিজান = নিৰ্জন
চউপাশে = চৌপাশে ( 'চউপাশ' কবিতাতহে ব্যৱহাৰ হয়)
[ ২] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঁঃ
ক) কবিয়ে 'বৰপেটা'ক অসমৰ কি বুলি কৈছে?
উত্তৰঃ কবিয়ে বৰপেটাক অসমৰ ধাম বুলি কৈছে।
খ) কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে?
উত্তৰঃ হৰিগুণ-নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে।
গ) কাৰ পদ-ধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ পদ-ধূলিৰে পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে।
ঘ) বৰপেটা ধামত ক'ত ক'ত হৰিনাম শুনা যায়?
উত্তৰঃ বৰপেটা ধামত আকাশত, বতাহত, শিশুৰ মুখত,নাৱত হৰিনাম শুনা যায়।
ঙ) কি শুনি শোক-তাপ দূৰতে পলায়?
উত্তৰঃ হৰিৰ মহিমা শুনি শোক-তাপ দূৰতে পলায়।
চ) কি কি উৎসৱত হৰিনাম গায়?
উত্তৰঃ বিবাহ, জন্মদিন, বিহু আদি উৎসৱত হৰিনাম গায়।
ছ) হৰিৰ মহিমা গাই নাৱৰীয়াই ক'ত নাও বায়?
উত্তৰঃ হৰি মহিমা গাই নাৱৰীয়াই বৰনৈৰ বিমল বুকুত নাও বায়।
জ) তিথি উৎসৱত ডেকাহঁতে কি কৰে?
উত্তৰঃ তিথি উৎসৱত ডোকাহঁতে নাও খেলে।
ঝ) বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে ?
উত্তৰঃ সুখী-দুখী,পাপী-তাপী সকলোৱে কাষ চাপি হৰি নাম চাই যোৱা ফলত বৰপেটা ধামত মানৱৰ মহামিলন ঘটিছে।
ঞ) কি আদৰ্শ লৈ কোনে এই অসমী আইৰ বুকুলৈ আহিছে? তেৰাই কি এৰি গৈছে?
উত্তৰঃ সকলো হৰিভক্ত সমান আসন এই আদৰ্শ লৈ মহাপুৰুষ এই অসমী আইৰ বুকুলৈ আহিছে। তেৰাই সাম্যমন্ত্ৰ হৰিনাম আৰু পৱিত্ৰ কীৰ্তন থান এৰি গৈছে।
ট) জগতগুৰুজনাই কেনেদৰে অসমীয়া জাতি গঢ়িছ?
উত্তৰঃ জগতগুৰুজনাই হৰিনাম, হৰিৰ মহিমা আদিৰে অসমীয়া জাতিক গঢ়িছে।
ঠ) জগতগুৰুজনাৰ কি মহামন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হ'ব বাৰু?
উত্তৰঃ জগতগুৰুজনাৰ হৰিনাম মহামন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হব।
[ ৩] কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখিবলৈ যত্ন কৰাঁ।
উত্তৰঃ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু অসমীয়া জাতি গঢ়াৰ উদ্দেশ্যেৰে অসমৰ বিভিন্ন ঠাইত সত্র স্থাপন কৰিছিল। তেৰাৰ তেনে এখন সত্ৰ হ’ল পৱিত্ৰ বৰপেটা সত্ৰ। কবিয়ে এই বৰপেটা সত্ৰক কাশী, দ্বাৰকা আৰু মথুৰাপুৰীৰ লগত তুলনা কৰিছে। বৰপেটা সত্ৰৰ চৌদিশে কেৱল হৰিনামৰ ধ্বনিহে প্রতিধ্বনিত হয়। সৰু-ডাঙৰ সকলােৱে হৰিনাম কীর্তন কৰি নিজকে ধন্য কৰে। মহাপুৰুষ জনাই প্ৰৱৰ্তন কৰি যােৱা এই হৰি নাম কীৰ্ত্তনে সকলােৰে মন-প্রাণ হৰি নিয়ে। এই হৰিনামৰ ধ্বনি কেৱল বৰপেটা ধামতে শুনা নাযায়। ইয়াক বিভিন্ন উৎসৱ-পাৰ্বর্নত আনকি নৈৰ বুকুৰে নাৱৰীয়াই নাও বাই যাওতেও শুনা যায়।গুৰুজনাৰ তিথি উৎসৱত ডেকাহঁতে নাও খেল খেলে। এই নাওখেলতাে বঠা ধৰি ডেকাহঁতে কেৱল হৰিনামকে গায়। তাল-খােল-মৃদঙ্গৰে হৰি সংকীৰ্ত্তন কৰাৰ ফলত সুখী-দুখী, পাপী-তাপী সকলাে এক হয়। সকলাে মানৱৰে মহামিলনৰ তীর্থত পৰিণত হয় পবিত্র সত্ৰবােৰ। মহাগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মত কোনাে পূজা-পাতল, বলি-বিধানৰ ব্যৱস্থা নাই। কাকো উচ্চ আসনত কাকো নিম্ন আসনত ৰখা নহয়। সকলে হৰিভক্তকে সমান স্থান দিয়া হয় শংকৰদেৱ প্ৰৱৰ্ত্তিত নৱবৈষ্ণৱ ধৰ্মত। আমার জনমভূমি পৱিত্ৰ অসমত বিভিন্ন জাতি-জনগােষ্ঠীৰ লােকৰ মাজত সাম্য আদর্শ প্ৰচাৰ কৰি, নানা তত্ত্বগধুৰ শাস্ত্ৰৰ কথা অসমীয়া ভাষাত ৰচনা কৰি মহাপুৰুষজনাই আমাৰ মাতৃভাষাক পূর্ণতা দিলে। মহাপুৰুষজনাৰ এই সাম্যমন্ত্ৰেৰে দীক্ষিত হৈ মানুহে এই সংসাৰৰ সকলাে শােক-তাপৰ পৰা মুক্তি লাভ কৰিব পাৰে কেৱল হৰিনাম জপি। সকলােৰে প্ৰাণত বিশ্বভাতৃত্বৰ ভাৱ জগাই তুলিব পাৰে কেৱল হৰিনামৰ ধ্বনিয়ে এই ধৰাত।
[ ৪] বাক্য ৰচনা কৰাঁ।
পৰাণ- দিল্লীত থকা তাজমহলৰ দৃশ্যই সকলােৰে পৰাণ জুৰাব পাৰে ।
মহিম- হৰিৰ মহিমা অপাৰ ।
নিজান- নিজান ঠাই গহীন হয়।
আৱাহন- ভক্তয়ে সচাঁ অন্তৰেৰে আৱাহন কৰিলেহে ভগৱানৰ কৃপা লাভ কৰিব পাৰে।
উচ্চ-নীচ- ধনী দুখীয়া মাজত উচ্চ-নীচ ভাৱ থকিব নালাগে ।
[ ৫] খালী ঠাই পূৰ কৰাঁঃ
বাটেৰে যোৱা লোক যি = বাটৰুৱা।
নাও বায় যি = নাৱৰীয়া
নৈত নাৱেৰে বেপাৰ কৰে যি = সাউদ
হাল বায় যি = হালুৱা
খেল খেলে যি = খেলুৱৈ
বাঁহ-বেতৰ কাম কৰে যি = বাঢ়ৈ
[৬] পঢ়াঁ আৰু লিখাঁঃ
সুখী + দুখী = সুখী-দুখী
পাপী + তাপী = পাপী-তাপী।
উচ্চ + নীচ = উচ্চ-নীচ।
শোক + তাপ = শোক-তাপ।
গছে + পাতে = গছে-পাতে।
তাল + খোল = তাল-খোল।
[ ৭] পঢ়াঁ, বুজা আৰু লিখাঁঃ
আকাশ ---- আকাশী
বন ----- বননি
ধন ---- ধনী
পাপ ---- পাপী
তাপ ---- .তাপী
সুখ ---- সুখী
দুখ --- দুখী
মান --- মানী
হাবি --- হাবিয়নি
কাঠ --- কাঠনী
শাক ----- শাকনী
বাদাম --- বাদামী
গোলাপ -- গোলাপী
দাগ ---- দাগী
কপাহ --- কপাহী
দৰদ --- দৰদী
[ ৮] তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰাঁঃ
উচ্চ + আসন = উচ্চাসন
নীচ + আসন = নীচাসন
হিম + আলয় = হিমালয়
মহা + আশয় = মহাশয়
কুশ + আসন = কুশাসন
নিম্ন + আসন = নিম্নাসন
নীল + অচল = নীলাচল
[ ১০] কবিতাটোত উল্লেখ থকা বাদ্যযন্ত্ৰসমূহৰ উপৰি তুমি জনা আন আন বাদ্যযন্ত্ৰৰ নাম লিখাঁ আৰু যি কোনো এবিধৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰাঁ.
(for Student)
[ ১২] চমুটোকা লিখাঁঃ
বৰপেটা ধাম- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত এক অন্যতম প্রধান সত্ৰ হ’ল বৰপেটা সত্ৰ। ই নামনি অসমৰ বৰপেটা জিলাত অৱস্থিত। বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰ অসম বিখ্যাত। প্রতিবছৰে ইয়াত ফাকুৱা বা দৌল উৎসৱ মহা আড়ম্বৰেৰে পালন কৰা হয়। বৰপেটা সত্ৰৰ নামঘৰত এগছি অক্ষয় বক্তি আছে। সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম পীঠস্থান হিচাপে বৰপেটা সত্ৰই এক উল্লেখযােগ্য স্থান অধিকাৰ কৰি আছে।
Type: Nayan Moni Deka
Check By - Mukesh Borah
Post ID : DABP005939