চুম্বক


1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ'ল-

a. লো-ৰ দণ্ড

b. দূৰৱীন

c. পেৰিস্ক'প

d. কম্পাছ

উত্তৰঃ কম্পাছ ।


ii) তলৰ কোনবিধ চুম্বকিয় পদাৰ্থ নহয়?

a. লো

b. নিকেল

c. ক'বল্ট

d. ৰবৰ

উত্তৰঃ ৰবৰ ।


iii) তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক?

a. নিকেল

b. পাৰা

c. গেড'লিনিয়াম

d. ল'ডষ্ট'ন

উত্তৰঃ ল'ডষ্ট'ন ।


iv) চুম্বকৰ একেজাতীয় মেৰুৰ মাজত

a. আকৰ্ষণ হয়

b. বিকৰ্ষণ হয়

c. কেতিয়াব আকৰ্ষণ  আৰু কেতিয়াবা বিকৰ্ষণ হয়

d. ওপৰৰ এটাও নহয়

উত্তৰঃ বিকৰ্ষণ হয়।


v) ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে

a. উত্তৰ দিশত

b. দক্ষিণ দিশত

c. পূব দিশত

d. পশ্চিম দিশত

উত্তৰঃ দক্ষিণ দিশত ।


vi) চুম্বক এডাল মুক্ত ভাৱে ওলমাই থ'লে ই কোন দিশত স্থিৰ হৈ ৰ'ব?

a. উত্তৰ-দক্ষিণ

b. পূব-পশ্চিম

c. উত্তৰ-পূব

d. দক্ষিণ-পূব

উত্তৰঃ উত্তৰ-দক্ষিণ ।


vii) তলৰ চুম্বকীয় পদাৰ্থৰ শুদ্ধ শ্ৰেণীটো বাছি উলিওৱা-

a. লো, নিকেল, প্লাষ্টিক

b. লো, নিকেল, ক'বল্ট

c. নিকেল, কাঠ, প্লাষ্টিক

d. ক'বাল্ট, কাঁচ, লো

উত্তৰঃ লো, নিকেল, ক'বল্ট ।


viii) তলৰ কোনটো ক্ষেত্ৰত আকৰ্ষণ ঘটিব?




উত্তৰঃ b


ix) চুম্বক এডালত কোনটো অঁশত আকৰ্ষণ বল বেছি?

a. মূৰত

b. মাজত

c. সকলো অংশতে সমান

d. ওপৰৰ এটাও নহয়

উত্তৰঃ মূৰত  ।


2. চমু উত্তৰ দিয়া।


i) চুম্বক কাক বোলে? দুবিধ ভিন ভিন প্ৰকাৰৰ চুম্বকৰ উদাহৰণ দিয়া।

উত্তৰঃ যি পদাৰ্থই লো আৰু চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰে তাকেই চম্বুক বোলে। উদাহৰণ- দণ্ড চুম্বক আৰু অশ্বখুৰা চুম্বক।


ii) চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ চুম্বকে যিবোৰ পদাৰ্থক আকৰ্ষণ কৰে সেইবোৰক চুম্বকীয় পদাৰ্থ বোলে। উদাহৰণ- লো, নিকেল, ক'বাল্ট।

যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে সেইবোৰক অচুম্বকীয় পদাৰ্থ বোলে। উদাহৰণ- কাঠ, প্লাষ্টিক, কাঁচ।


iii) চুম্বকৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰঃ চুম্বকৰ আৱিষ্কাৰ হৈছিল গ্ৰীছ দেশত। বহু বছৰ আগতে গ্ৰীছ দেশত মেগ্‌নেছ নামৰ এজন ভেড়া ৰখীয়া আছিল। ভেড়া চৰাওঁতে মেগ্‌নেছে এডাল কাঠৰ লাঠি লৈ ফুৰিছিল। এই লাঠিডালৰ আগত লোৰ টুপি লগোৱা আছিল। এদিন ভেড়া চৰাই থাকোঁতে তেওঁৰ লাঠিডালৰ আগটো এটা ডাঙৰ শিলত লাগি ধৰিছিল। ইয়াৰ অৰ্থ হ’ল, লাঠিডালক শিলটোৱে আকৰ্ষণ কৰিছিল। লো-ক আকর্ষণ কৰা বস্তুৰ বিষয়ে মানুহে এনেদৰে গম পালে। ভেড়া ৰখীয়াজনৰ নামেৰে সেই শিলটোৰ নাম মেগনেটাইট ৰখা হৈছিল।


iv) এবিধ প্রাকৃতিক চুম্বকৰ নাম লিখা।

উত্তৰঃ ল'ডষ্ট'ন ।


v) কৃত্রিম চুম্বক কি? দুটা উদাহৰণ দিয়া।

উত্তৰঃ  চুম্বকে কিছুমান পদাৰ্থক জোৰেৰে আকৰ্ষণ কৰে। যেনে— লো, ক’বাল্ট আদি। এনে পদাৰ্থক চুম্বকলৈ পৰিৱৰ্তিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক কৃত্রিম চুম্বক বোলে।


vi) ব্লেড এখনক কিদৰে চুম্বকলৈ পৰিণত কৰিবা বর্ণনা কৰা।

উত্তৰঃ  এডাল দণ্ড চুম্বক আৰু এখন ব্লেড লোৱা হ’ল। প্ৰথমতে ব্লেডখন টেবুলৰ ওপৰত ৰাখিলো। দণ্ড চুম্বকডালৰ এটা মূৰ ব্লেডখনৰ এমূৰত ৰাখিলোঁ। তাৰ পাছত চুম্বকডালৰ মূৰটো ব্লেডখনৰ ওপৰেৰে আনটো মূৰলৈ চোঁচৰাই আনিলো। চুম্বকডাল দাঙি ধৰিলো। আকৌ চুম্বকডালৰ সেই মূৰটোৰে হেঁচি ধৰি আগৰ দৰে চোঁচৰাই আনিলো। এই কামটো 20 বাৰ মান কৰিলো। এতিয়া চুম্বকডাল আঁতৰাই থৈ ব্লেডখন আলপিন কেইটামানৰ ওচৰলৈ নিয়া হ’ল। দেখা গ’ল যে ব্লেডখনে আলপিনকেইটা আকৰ্ষণ কৰিছে।

vii) চুম্বকৰ মেৰু কাক বােলে?

উত্তৰঃ চুম্বকডালৰ দুয়ো মূৰত আকৰ্ষণ বল বেছি। এই মূৰ দুটাক চুম্বকৰ মেৰু বোলে ।


viii) চুম্বকৰ দুটা ধর্ম উল্লেখ কৰা।

উত্তৰঃ চুম্বকৰ দুটা ধৰ্ম হ'ল- 

১) চুম্বক এডাল সদায় উত্তৰা-দক্ষিণাকৈ থাকে।

২) চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ হয়। আনহাতে বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়।


ix) ভূ-চুম্বক কি?

উত্তৰঃ পৃথিৱীখন এডাল ডাঙৰ চুম্বকৰ দৰে। ইয়াক ভূ-চুম্বক বোলে। 


x) চুম্বক এডাল মুক্তভাৱে ওলােমাই থ’লে কিয় উত্তৰ-দক্ষিণাকৈ থাকে?

উত্তৰঃ  চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে। চুম্বক এডাল মুক্তভাৱে ওলোমাই ৰাখিলে, ভূ-চুম্বকৰ বলত ই উত্তৰ-দক্ষিণমুৱা হৈ যায়। ভূ-চুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু আৰু ভূ-চুম্বকৰ দক্ষিণফালে চুম্বকৰ উত্তৰ মেৰু বোলে। 


xi) চুম্বক এডালৰ দুয়াে মূৰে আকর্ষণ বল বেছি বুলি কিদৰে গম পাব পাৰি? —এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰা। 

উত্তৰঃ এডাল দণ্ডচুম্বক লোৱা হ’ল। কাষত বহুতো আলপিন থোৱা হ’ল। লগে-লগে চুম্বকড়ালে আলপিনবোৰ আকৰ্ষণ কৰি ল’লে। কিন্তু দেখা গ’ল যে চুম্বকৰ মাজভাগত বেছি আলপিন জমা হোৱা নাই, কিন্তু দুয়ো মূৰত বহুত পৰিমাণৰ আলপিন জমা হৈছে। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে চুম্বৰ্ক এডালৰ দুয়ো মূৰে আকৰ্ষণ বল বেছি।


xii) চুম্বকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ

1. চুম্বকক চুম্বকীয় কম্পাছ, দুৱাৰৰ ঘণ্টা, ফ্ৰীজত ব্যৱহাৰ কৰা হয়।

2.ডাইনেমো, মটৰ, লাউডস্পীকাৰ, মাইক্ৰ’ফোন আদিত চুম্বক ব্যৱহাৰ কৰা হয়।


xiii) কোন ক্ষেত্ৰত আকর্ষণ আৰু কোন ক্ষেত্ৰত বিকর্ষণ হ’ব?

A) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে

B) উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে

C) দক্ষিণ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে

উত্তৰঃ (১) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে বিকর্ষণ হ’ব। 

(২) উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে আকর্ষণ হ’ব। 

(৩) দক্ষিণ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে বিকর্ষণ হ’ব। 


xiv) এডাল চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কিদৰে চিনাক্ত কৰিবা?

উত্তৰঃ চুম্বক এডাল মুক্তভাৱে ওলোমাই ৰাখিলে সদায় উত্তৰা দক্ষিণা হৈ থাকে। গতিকে উত্তৰ ফালে থকা মূৰটো উত্তৰ মেৰু আৰু দক্ষিণফালে থকা মূৰটো দক্ষিণ মেৰু বুলি চিনাক্ত কৰিব পাৰি।


xvi) কম্পাছ কি? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ কম্পাছ  ইয়াৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি।

কম্পাছৰ ব্যৱহাৰ প্ৰধানকৈ নেভিগেচনত পৃথিৱীৰ দিশ বিচাৰি উলিওৱা হয়।


xvii) লিড শব্দৰ অর্থ কি? চুম্বকৰ একে মেৰুৰ মাজত বিকর্ষণ আৰু বিপৰীত মেৰুৰ মাজৰ আকৰ্ষণ দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ FOR STUDENTS 


check by - Mukesh Borah

Post ID : DABP006045