পাঠ: তিনি 

মহৰ্ষি টলষ্টয় 

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) টলষ্টয়ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ কাউণ্ট নিকোলেভিচ টলষ্টয়।

খ) কাৰ তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ-দীঘল হৈছিল?

উত্তৰঃতাতিয়ানা নামৰ খুৰীয়েক এগৰাকী তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ দীঘল হৈছিল।

গ) কোন দেশত টলষ্টয়ে জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ ৰুছদেশত টলষ্টয়ে জন্মগ্ৰহণ কৰিছিল।

ঘ) কোনখন বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল?

উত্তৰঃ কাজান বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল।

ঙ) টলষ্টয়ৰ সাহিত্যিক জীৱন কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰঃ টলষ্টয়ৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল এখন আলোচনীত প্ৰকাশিত চাইল্ডহুড নামৰ আত্মজীৱনীমূলক উপন্যাসখনৰ যোগেদি।

চ) টলষ্টয়ৰ জীৱনত প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ টলষ্টয়ৰ জীৱনত প্ৰধান উদ্দেশ্য আছিল মানৱ সেৱা।


[ ২] চমু উত্তৰ লিখাঁঃ

ক) টলষ্টয়ে কেনেকুৱা পৰিয়ালত জন্মগ্ৰহন কৰিছিল?

উত্তৰঃ টলষ্টয়ে জন্মগ্ৰহন কৰিছিল এটা বিখ্যাত জমিদাৰী পৰিয়ালত।

খ) টলষ্টয়ৰ সাহিত্য়িক জীৱনৰ বিষয়ে চমুকৈ লখাঁ।

উত্তৰঃ ভগৱানৰ সৃষ্টি একেই অমৃতৰ সন্তান মানুহ, কিছুমানে দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপায়, আনহাতে কিছুমানে বিলাস-প্ৰাচুৰ্যৰ মাজত দিন কটায়। এই বৈষম্য দেখি টলষ্টয়ৰ অন্তৰে বৰ কষ্ট পাইছিল। সেয়ে ধনী, অত্যাচাৰী মানুহৰ মনত মানৱতাবোধ জগাই তুলিবলৈ তেওঁ দুখীয়া খাটি খোৱা মানুহখিনিক লৈ ভালেমান গল্প লিখিছিল। তেতিয়াৰ পৰা তেখেতৰ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ দুখন কালজয়ী গ্ৰন্থ হল যুদ্ধ আৰু শান্তি, আৰু আনা কাৰেনিনা। তেখেতৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল চাইল্ডহুড নামৰ আত্মজীৱনীমূলক উপন্য়াখনৰ যোগেদি। চাইল্ডহুড প্ৰকাশ পোৱাৰ পিছতে এজন সম্ভাৱনাপূৰ্ণ লেখক হিচাপে তেখেতৰ নাম জনাজাত হৈছিল।  

গ) দাস প্ৰথা বুলিলে কি বুজা?

উত্তৰঃআগৰ দিনত অন্যান্য বস্তুৰ দৰে মানুহকো কিনা-বেচা কৰা হৈছিল। ধনী-জমিদাৰসকলে নিজৰ নিম্ন পর্যায়ৰ কামবােৰ কৰিবৰ বাবে এইদৰে মানুহ কিনিছিল আৰু ওৰেটো জীৱন কামত খটুৱাইছিল। এইদৰে মানুহ কিনা-বেচা কৰা প্রথাটোকে দাস প্রথা বােলা হয়।


[ ৩] অভিধান চাই অৰ্থ লিখাঁঃ

সমসাময়িক- একে সময়ৰ

 বৈষম্য়- পৃথক

বিত্তশালী- ধনী

বিশ্বব্যাপী- বিশ্বজুৰি

 সংস্কাৰমূলক – পৰিশোধন।


 


[ ৪] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ

উদাহৰণঃ 

মৰম ---- মৰমিয়াল

মানৱ---- মানৱীয়তা

শিক্ষক--- শিক্ষকতা

মহত্ত্ব---- মহত্ত্বতা

সাহিত্য-- সাহিত্যকতা


[ ৫] বিপৰীত শব্দ লিখাঁঃ

ধৰ্ম----- অধৰ্ম

শান্তি--- অশান্তি

জীৱন--- মৰণ

ধনী------- দুখীয়া

বিখ্যাত--- অখ্যাত

স্বাৰ্থ------- নিঃস্বাৰ্থ

উচ্চ----- নীচ


[ ৬] 'মানুহজনৰ দুটা চকুত এশটা চকুৰ দৃষ্টিশক্তি আছে।'------টলষ্টয়ৰ ক্ষেত্ৰত এই কথাষাৰ কিমানদূৰ প্ৰযোজ্য, তোমাৰ নিজা ভাষাৰে চমুকৈ লিখাঁ।

উত্তৰঃ টলষ্টয়ৰ ক্ষেত্ৰত উক্ত কথাষাৰ প্ৰযোজ্য কাৰণ তেওঁ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম হৈও তেওঁ সদায় সাধাৰণ লোকৰ দৰে আছিল। তেওঁ জমিদাৰীত মনোনিৱেশ কৰিছিল যদিও সমাজৰ দহজনক মংগলৰ কাৰণে কান্দি থকা মনটোক জমিদাৰীত বেছি সময় ধৰি ৰাখিব নোৱাৰিলে।জমিদাৰী কাম-কাজ এৰি স্বেচ্ছাসেৱক হিচাপে সৈন্যবাহিনীত যোগ দিলে। দুখীয়া মানুহৰ উন্নতি কাৰণে বহুতো কাম কৰিছিল। কৃষক সকলৰ লৰা-ছোৱালী পঢ়িবৰ কাৰণে এখন স্কুল পাতি দিছিল।


[ ৭] তলৰ যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঁঃ

পিতৃ-মাতৃ- টলষ্টয়ৰ পিতৃ-মাতৃ সৰুতেই হেৰুৱাইছিল।

 ডাঙৰ-দীঘল- টলষ্টয় খুৰীয়েক এগৰাকী তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।

 ল'ৰা-ছোৱালী- টলষ্টয়ে কৃষকসকলৰ  ল'ৰা-ছোৱালী পঢ়িবৰ কাৰণে এখন স্কুল পাতি দিছিল।

 সুখ-দুখ- সমাজৰ সৰু সৰু মানুহৰ সুখ-দুখৰ প্ৰতিচ্ছবি টলষ্টয়ৰ গল্পত দেখিবলৈ পোৱা যায়।

 বিলাস-প্ৰাচুৰ্য- টলষ্টয়ে কোনো দিনে অভাৱ-অনাটনৰ মাজত নথকা স্বতেও তেওঁক কোনো দিনে বিলাস-প্ৰাচুৰ্যই বান্ধি ৰাখিব পৰা নাছিল।

 কাম-কাজ- জমিদাৰীৰ কাম-কাজ এৰি টলষ্টয়ে স্বেচ্ছাসেৱক হিচাপে সৈন্যবাহিনীত যোগ কৰে।

ৰ'দ-বৰষুণ- কৃষকসকলে ৰদ-বৰষুণ কাটি কৰি খেতিপথাৰত কাম কৰে।


[ ৮] টলষ্টয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। ভাৰতবৰ্ষৰ কোনগৰাকী মহান মনীষী অহিংস আন্দোলনৰ গুৰিধৰোঁতা আছিল? তেওঁৰ বিষয়ে এটি টোকা যুগুত কৰাঁ।

উত্তৰঃ  ভাৰতবৰ্ষৰ অহিংস আন্দোলনৰ গুৰিধৰোঁতা মহান মনীষী জন আছিল মহাত্মা গান্ধী।

 সত্যাম্বেষী, মানৱ-প্ৰেমিক, স্বাধীনতা সংগ্ৰামী এই মহা মনীষীগৰাকী জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰ, শুক্ৰবাৰে গুজৰাতৰ পোৰবন্দৰ নামে ঠাইত। তেখেতৰ সম্পূৰ্ণ নাম আছিল-মোহনদাস কৰমচাঁদ গান্ধী। পিতৃ নাম কৰমচাঁদ গান্ধী আৰু মাতৃ নাম পুতুলীবাঈ।

 অহিংসা, দয়া, ক্ষমা, ভাতৃত্ববোধ আদি মানৱীয় গুণেৰে তেওঁ স্বাধীনতা আন্দোলনৰ গুৰি ধৰিছিল। তেখেতক ভাৰতীয় জাতিয়ে বাপুজী অৰ্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধী মৃত্যু হৈছিল ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।

[ ৯] 'মানৱসেৱা' বুলিলে কি বুজা?

উত্তৰঃ মানৱ সেৱা বুলিলে সমাজৰ অসহায় লোকক নিস্বাৰ্থ লোকক কৰা সেৱাকে বুজায়।


 [ ১০] চমুটোকা লিখাঁঃ


ৰুছ দেশ- ( For Students )

 

Type: Nayan Moni Deka

Check By- Mukesh Borah



Post ID : DABP005892