চতুৰ্থ অধ্যায়

 আহোমঃ ৰাজ্য়ৰপৰা সাম্ৰাজ্য়লৈ


1. প্রতাপসিংহই কছাৰীসকলৰপৰা কোনটো অঞ্চল দখল কৰি লৈছিল? 

উত্তৰঃ প্ৰতাপসিংহই কলং আৰু কপলিৰ মাজৰ অবৱাহিকা অঞ্চল আহোম ৰাজ্য় ভিতৰুৱা কৰি লয়। এই  নতুন অঞ্চল শাসন কৰিবলৈ আৰু কাছাৰী ৰজাৰ গতি বিধিত চকু দিবলৈ হাতত এজন ৰহীয়ান বৰুৱা নিযুক্তি দিছিল। 

2. দৰং ৰাজবংশৰ প্ৰথম ৰজাজনৰ নাম কি? 

উত্তৰঃ নাৰায়ণ বা ধৰ্ম নাৰায়ন দৰং ৰাজবংশৰ প্ৰথম ৰজা আছিল।

3. লাঙি পানীসিয়া কোন? 

উত্তৰঃ লাঙি পানীসিয়া আছিল নামনিৰ আহোম ৰাজ্য় শাসন কৰিবলৈ গুৱাহাটীত নতুনকৈ সৃষ্টি কৰা প্ৰথমজন বৰফুকন।

4. বৰবৰুৱা পদবী কোনে সৃষ্টি কৰিছিল? 

উত্তৰঃ উজনিৰ যিবোৰ অঞ্চল তিনিজন আহোম বিষয়াৰ শাসনৰ অন্তৰ্ভূক্ত হোৱা নাছিল সেইবোৰৰ শাসন চলাবলৈ আহোম ৰজা প্ৰতাপসিংহই বৰবৰুৱা উপাধিৰ এজন বিষয়াৰ পদবী সৃষ্টি কৰিছিল। 

5. মীৰজুমলা কোন আছিল? 

উত্তৰঃ মিৰজুমলা মোগল সম্ৰাটৰ এজন সুগদক্ষ আৰু বিশ্বাসী সেনাপতি আছিল। জয়ধ্বজ ,সিংহই গুৱাহাটীৰ পৰা মোগলক খেদাই পুনৰ গুৱাহাটীত দখল কৰাত মোগল সম্ৰাট ঔৰংজেৱে এই মিৰজুমলাকে অসম আক্ৰমণ কৰিবলৈ পঠাইছিল।

6. পুৰণি অসমৰ কোনখন নগৰৰ নাম সাময়িকভাৱে 'আলমগীৰ' নগৰ হৈছিল? 

উত্তৰঃ কোচবিহানগৰখনৰ নাম থোৱা হৈছিল আলমগীৰ নগৰ।

7. ঘিলাঝাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল? 

উত্তৰঃ ১৬৬৩ চনৰ ২২ জানুৱাৰী তাৰিখে আহোম আৰু মোগলৰ মাজত ঘিলাঝাৰীঘাটৰ সন্ধি স্বাক্ষৰিতী হৈছিল।

8. লাচিত বৰফুকন কোন আছিল?

উত্তৰঃ আহোম স্বৰ্গদেও চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য় দিনত গুৱাহাটীত বৰফুকনৰ দায়িত্ব পালন কৰিছিল।

9. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? 

উত্তৰঃ ১৬৭১ চনত শৰাইঘাট যুদ্ধ হৈছিল।

10. ডেবেৰা বৰবৰুৱা কিয় বিখ্যাত? 

উত্তৰঃ ১৬৭৩ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্য়ত চৰম অশান্তী আৰু অৰজকটাই দেখা দিছিল। এনে এক পৰিস্থিতিৰ মূলতে আছিল এজডন ডেবেৰা বৰবৰুৱা নামৰ এজন বিষয়া। ডেবেৰা বৰবৰুৱা আৰু লালোকসোলা বৰফুকনে লগ লগি আহোম ৰাজ্য়ত এক আতঙ্কময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। 

11. গদাধৰ সিংহ কেতিয়া ৰজা হৈছিল? 

উত্তৰঃ চুপাতফা বা গদাগৰ সিংহই ১৬৮১ চনত আহোম ৰাজ্য়ৰ ৰজা হয়।

12. আহােম ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰঃ আহোম ৰাজ্য়ৰ সৰ্বশ্ৰেষ্ঠ ৰজা জনৰ নাম ৰুদ্ৰসিংহ। 

ৰচনাধর্মী প্রশ্ন 

13a. স্বৰ্গদেউ প্রতাপসিংহৰ দিনত আহােম ৰাজ্যৰ বিস্তাৰ বৰ্ণনা কৰাঁ।

উত্তৰঃ আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপসিংহৰ ৰাজত্ব কালত আহোম ৰাজ্য়ৰ বিস্তৃত পাইছিল। প্ৰতাপসিংহই পোন প্ৰথমেই ১৬০৬ চনত কাছাৰী ৰাজ্য় দখল কৰে। আৰু কাছাৰী ৰাজ্য় গতি বিধি লক্ষ্য় কৰিবলৈ ৰহাত এজন ৰহীয়াল বৰুৱা নিযুক্তি দিছিল।

ইয়াৰ পিছত প্ৰতাপসিংহই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে মোগল ৰাজ্য় অধিকাৰ কৰিবলৈ মন মেলে আৰু সেই মৰ্মে ভৰলীৰ পৰা বৰন্দীলৈকে মোগলৰ শাসনৰ পৰা বৰ্তমান শোণিতপুৰ আৰু দৰং জিলা দখল কৰি লয়। দৰঙৰ অঞ্চলত কোচৰজা বলীনাৰায়নক ধৰ্মনাৰায়ন নাম দি ৰজা পাতে। 

প্ৰতাপসিংহৰ ৰাজত্ব কালত আহোম ৰাজ্য়ৰ দাঁতিকাষৰীয়া ৰাজ্য়বোৰে আহোম ৰজাৰ প্ৰতি অনুগত্য় প্ৰকাশ কৰিছিল। সেই সকলৰ ভিতৰত নেলী, গোভা, ডিমৰীয়া, বেলতলা আদি ক্ষুদ্ৰ ৰাজ্য়বোৰে আহোম ৰাজ্য় পূৰ্ণ সমৰ্থন জনাইছিল। এইদৰে প্ৰতাপসিংহৰ ৰাজত্বত আহোম ৰাজ্য় পূৰ্ণ বিস্তৃত লাভ কৰিছিল।

13b . মীৰজুমলাৰ অসম আক্ৰমণ আৰু ইয়াৰ ফলাফল লিখাঁ। 

উত্তৰঃ দিল্লীত মোগল সিংহাসন লৈ কাজিয়া লাগি থকাৰ সুবিধা লৈ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই গুৱাহাটীৰ মোগলক খেদি দখল কৰি লয়। ইতিমধ্য় ঔৰংজেৱে মোগল সিংহাসনত বহি এই পৰাজয়ৰ খবৰ পায়েই তেওঁৰ বিশ্বাসী আৰু দক্ষ সেনাপতি মিৰজুমলাক আহোম ৰাজ্য় আক্ৰমণ কৰিবলৈ পঠায়।

মিৰজুমলাই প্ৰথমে ১৬৬১ চনত কোচবিহাৰ দখল কৰে আৰু ক্ৰমান্বয়ে গুৱাহাটী দখল কৰিবলৈ অগ্ৰসৰ হয়। সেই সময়ত আহোম বিষয়া বৰ্গৰ মাজত কন্দল লাগি থকাৰ সুবিধাতে সহজে যোগীঘোপা, শ্ৰী ঘাট পাণ্ডু, আদি দুৰ্গ জয় কৰি গুৱাহাটীও হস্তগত কৰি লয়। 

    ইয়াৰ পিছতো মিৰজুমলাই ক্ষান্ত হৈ নাথাকি সৈন্য় দল লৈ উজনিমুৱা হ'ল। অতি সহজে তেওঁ কাজলি দুৰ্গ শিমলা গড়, চামধৰা গড়, শলাগড়, দখল কৰে। জয়দ্বজ সিংহ উপায়হীন হৈ নামৰূপলৈ পলাই প্ৰত্ৰং হয়। ইফালে মিৰজুমলাই অনায়াসে ১৬৬২ চনৰ ১৭ মাৰ্চত আহোম ৰাজধানী গড়গাওঁ দখল কৰি লয়। ইতিমধ্য় বাৰিষাৰ আগমন হোৱাত মোগল সৈন্য়ৰ দলৰ অসুখ-বিসুখত ভুগি নাজল নাথল অৱস্থা হয়। মিৰজুমলাও অসুস্থ হৈ পৰে।

এনে অৱস্থাত আহোম ৰজাৰ লগত ১৬৬৩ চনৰ ২২ জানুৱাৰী তাৰিখে ঘিলাঝাৰী ঘাটৰ সন্ধি কৰে। এই সন্ধিৰ চৰ্তবোৰ আহোম ৰজা পক্ষে বৰ দুঃখ লগা আছিল। কিয়নো চৰ্ত মতে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে ভৰলী নৈ আৰু দক্ষিণ ফালে কলং নৈলৈকে ৰাজ্য় সমূহ খণ্ড মোগলক এৰি দিবলৈ বাধ্য় হয়। তদুপৰি ক্ষতিপূৰণ হিচাবে ৩ লাখ টকা, ৯০ টা হাতী আৰু দুগৰাকীকৈ ৰাজকন্য়া মোগল সম্ৰাট হেৰেমলৈ পঠাব লগীয়া হৈছিল।   

13c . প্রতাপসিংহৰ দিনৰ আহােম - মােগলৰ দ্বন্দ্ব আলােচনা কৰাঁ।

উত্তৰঃ  আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোগলৰ মাজত ৰাজ্য় দখলক কেন্দ্ৰ কৰি যুদ্ধৰ সূত্ৰপাত হৈছিল। কিয়নো দিল্লীৰ মোগলৰ সিংহাসনক লৈ অৰিয়াঅৰিৰ সৃষ্টি হোৱাৰ সসুযোগতে স্বৰ্গদেউ প্ৰতাপসিংহই মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰে আৰু ১৬১৫ চনত মোগলক পৰাস্ত কৰি ভৰলীৰ পৰা বৰন্দলৈ আহোম ৰাজ্য় বিস্তাৰ কৰিলে। কিন্তু মোগলে বেছি দিন অপেক্ষা নকৰিলে। সেয়েহে বঙ্গৰ মোগল শাসনকৰ্তা শেষ কাছিমে আহোম ৰাজ্য় দখল কৰিবলৈ চৈয়দ হাকিম আৰু চৈয়দ আবুবকৰ নামৰ দুজন সেনাপতি পঠিয়ালে। আখেক গোঢ়াই আৰু সত্ৰজিতৰ বিশ্বাসঘাটকতাৰ ফলস্বৰূপে ভৰলীমুখৰ যুদ্ধত আহোম সৈন্য় মোগলৰ হাতত পৰাস্ত হয়। কিন্তু স্বৰ্গদেও প্ৰতাপসিংহই ক্ষান্ত নাথাকি পুণৰ মোগল সৈন্য়ৰ লগত যুদ্ধত লিপ্ত হল আৰু দ্বিতীয় বাৰৰ যুদ্ধত মোগল সৈন্য়ক ধ্বংস কৰি আহোম সৈন্য়ই জয়লাভ কৰে। এইদৰে সুদীৰ্ঘকাল আহোম স্বৰ্গদেউ প্ৰতাপসিংহই আৰু মোগলৰ লগত ৰাজ্য় অধিকাৰলৈ দন্দ্ব চলি আছিল।

13d. আহােম ৰাজ্যৰ সংকটকালৰ বিষয়ে এটি টোকা লিখাঁ। 

উত্তৰঃ ১৬৭৩ চনত চক্ৰধ্বজ সিংহৰ মৃত্য়ুৰ পিছৰ পৰাই ১৬৮৫ চনত স্বৰ্গদেউ গদাধৰ সিংহ আহোম ৰাজপাটত নৱহালৈকে এই সুদীৰ্ঘ আঠবছৰ আহোমৰাজ্য় সংকটকাল বুলি জনা যায়। আহোম স্বৰ্গদেউক হাতৰ পুতলাৰ দৰে ৰাখি আহোম বিষয়াসকলে ৰাজ্য়ৰ শাসন কাৰ্য্য়ত অশান্তিৰ সৃষ্টি কৰিছিল। যাৰ ফলত আহোম ৰাজ্য়ত ঘোৰ সংকেট দেখা গৈছিল।  বিষয়াবোৰৰ ষড়যন্ত্ৰৰ ফলত ৰামধ্বজ সিংহ, চুহুং গোৱৰ ৰজা, চুজিনফা, চুদৈফা, চুলিকফা আদি কেইবাজনো আহোম স্বৰ্গদেউৱে প্ৰণ বেৰুৱাব লগা হৈছিল। ডেবেৰা বৰবৰুৱা আৰু লালুক সেলা বৰফুকনৰ দৰে অত্য়াচাৰী বিষয়াৰ হাতত ৰাজপৰিয়ালৰ যুৱৰাজসকল পলাই ফুৰিব লগা হৈছিল। গদাপাণি নামৰ এজন ৰাজকুৱৰে সুদীৰ্ঘকাল নগাপাহাৰত পলাই থাকি পিছত গদাধৰ সিংহৰ নাম লৈ আহোম ৰাজ্য়ৰ ৰাজপাটত আৰোহন কৰোতেহে আহোম ৰাজ্য়লৈ সুস্থিৰতা আহে।     

13e . চক্ৰধ্বজ সিংহৰ দিনৰ আহােম - মােগলৰ দ্বন্দ্বৰ বিষয়ে লিখাঁ।

উত্তৰঃ  চক্ৰধ্বজ সিংহৰ দিনত মোগল সেনাপতি মিৰজুমলাই আহোম ৰাজ্য় আক্ৰমণ কৰিবলৈ আহি ১৬৬২ চনৰ ১৬ মাৰ্চত গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল। আনকি স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ৰাজধানী এৰি পেলাইছিল। এইদৰে ১৬৬৩ চনৰ ২২ জনুৱাৰীত আহোম ৰজাই ঘিলাঝাৰি ঘাটৰ সন্ধি কৰি অপমানিত হব লগা হৈছিল।

    জয়ধ্বজৰ মৃত্য়ুৰ পিছতেই ১৬৬৩ চনত আহোম স্বৰ্গদেউ হৈ সেয়েহে মোগলৰ লগত যুঁজিবলৈ মন মেলিলে। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মোমাই তামুলিৰ বৰবৰুৱা সৰু পুত্ৰ লাচিত বৰফুকনক গুৱাহাটীত বৰফুকনৰ পদবীত বহুৱাই মোগলৰ পৰা আহোম ৰাজ্য় পুণৰ উদ্ধাৰ কৰিবলৈ দায়িত্ব দিলে। ১৬৬৯ চনত হাজোৰ ওচৰত হোৱা আলাবৈৰ যুদ্ধত আহোম সৈন্য়ৰ শোচনীয় পৰাজয় হয়। এই দুঃখতে আহোম স্বৰ্গদেউ চক্ৰধ্বজসিংহৰ মৃত্য়ু হয়। এইখনেই চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত মোগলৰ লগত হোৱা একমাত্ৰ ৰণ আছিল। 

ইয়াৰ পিছত স্বৰ্গদেউ উদয়াদিত্য় সিংহৰ দিনতেহে লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।





8.a. প্ৰতাপসিংহ

উত্তৰঃ আহোম স্বৰ্গদেউ চুখামুফা ওৰুফে খোৰা ৰজাৰ পুতেক চুচেংফা ১৬০৩ চনত আহোম ৰাজ্য়ৰ সিংহাসন আৰোহণ কৰে। ৰজা হৈয়ো তেওঁ প্ৰতাপসিংহৰ নাম লয়। তেওঁৰ আন এটা নাম আছিল বুদ্ধিস্বৰ্গনাৰায়ণ ।

প্ৰতাপ সিংহৰ ৰাজত্ব কালত বহুতো ঘটনাবহুল আছিল। ১৬০৬ চনৰ কাছাৰী সৈন্য়ক পৰাস্ত কৰি আহোম ৰাজ্য় সীমাৰ কলং আৰু কপিলী পৰ্যন্ত বিস্তাৰ কৰে।

ইয়াৰ পিছত ১৬১৫ চনত মোগলক পৰাস্ত কৰি আহোম ৰাজ্য়ৰ উত্তৰ ফালে সীমা ভৰলীৰ পৰা বৰনদীলৈ বিস্তাৰ কৰি দৰংত বলীনাৰায়ন ওৰুফে ধৰ্মনাৰায়নক আহোম স্বৰ্গদেউৰ আশ্ৰিত ৰজা পাতে।

প্ৰতাপ সিংহৰ ৰাজত্বৰ কালত মোগলৰ লগত দীঘলীয়া যুদ্ধ হৈছিল। যেতিয়া বঙ্গৰ শাসনকৰ্তা শেখ কাছিমে চৈয়দ হাকিম আৰু আবুকৰ নাম সৈন্য়ৰ সেনাপতি পঠিয়াই আহোম ৰাজ্য় দখল কৰিবলৈ। এই যুদ্ধত (ভৰলীমুখৰ) আহোমৰ শোচনীয়া পৰাজয় হয়। অৱশ্য়ে ইয়াৰ হোৱাৰ আন এখন যুদ্ধত পুৱতি নিযা আক্ৰমম কৰি আহোম সৈন্য়ই মোগলক পৰাস্ত কৰে। ইয়াৰ পিছতো আহোম আৰু মোগলৰ যুদ্ধখন চলিয়েই আছিল। ১৬৬১ চনত প্ৰতাপ সিংহৰ মৃত্য়ু হয়। 

b. লাচিত বৰফুকন  

উত্তৰঃ আহোম ৰজা স্বৰ্গদেও চক্ৰধ্বজ সিংহ ওৰুফে চুপুংমুৰাজ সিংহাসনত আৰৰোহন কৰিয়েই অসমৰ পৰা মোগলসকলক বিতাৰিত কৰিবলৈ মনস্থ কৰিলে আৰু সেই উদ্দেশ্য়ে মোমাই তামুলীৰ বৰবৰুৱাৰ  পুত্ৰ লাচিত বৰফুকন মোগলসকলক আহোম ৰাজ্য়ৰ নামনিৰ অংশৰ পৰা উৎখাত কৰিবলৈ গুৰুক দায়িত্ব অৰ্পণ কৰিলে। প্ৰথম অৱস্থাত আলাবৈৰ যুদ্ধত আহোম সৈন্য়ৰ শোকাবহ পৰাজয় ঘটিছিল। এই  যুদ্ধৰ পৰাজয়ৰ গ্লানিত ইতিমধ্য়ে স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ মৃত্য়ু হয়।

চক্ৰধ্বজ সিংহৰ পিছত স্বৰ্গদেও চুন্য়াতফা ওৰুফে উদয়াদিত্য় ৰাজপাটত বহে। এওঁৰ দিনতে ১৬৭১ চনত গুৱাহাটীৰ ওচৰত শৰাইঘাটৰ বিখ্য়াত যুদ্ধ খন হৈছিল। যিখন নৌযুদ্ধত লাচিত বৰফুকনো নৰীয়া গাৰে আহোম সৈন্য়ক নেতৃত্ব দি মোগলক ছেদেলি ভেদেলি কৰি নামনিৰ আহোম ৰাজ্য় পুনৰ উদ্ধৰ কৰিবলৈ সক্ষম হল। লাচিত বৰফুকনৰ দেখপ্ৰেমৰ তুলনা নাই যিয়ে কৰ্তব্য়ৰ খাতিৰত নিজৰ মোমায়েককো কাটি দুছোৱাৰ কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল।

C.গদাধৰ সিংহ

উত্তৰঃ আহোম বুৰঞ্জীত গদাধৰ সিংহৰ ৰাজত্ব কাল বিশেষ তাৎপৰ্যপূৰ্ণ । কিয়নো তেওঁ ৰাজপাটত বহা পূৰ্বে আহোম ৰাজ্য়ত সম্পূৰ্ণ আৰজকতাই বিৰাজ কৰিছিল। ডেবেৰা আৰু লালুকসোলা বৰফুকনৰ অকথনীও অত্য়াচাৰ সহিব নোৱাৰি গদাধৰ প্ৰমুখ্য় ৰাজকোঁৱৰবোৰ পলাই থাকিব লগীয়া হৈছিল। গদাধৰ সিংহৰ পূৰ্ব নাম আছিল চুপাতফা আৰু তেঁও নগাপাহাৰত আত্মগোপন কৰিছিল। ১৬৮১ চনত আহোম স্বৰ্গদেউ হৈহে গদাধৰ সিংহৰ নাম লয়।

d.ৰুদ্ৰ সিংহ

 উত্তৰঃ গদাধৰ সিংহৰ মৃত্য়ুৰ পিছত তেওঁৰ জ্য়েষ্ঠ পুত্ৰ লাই চুখ্ৰংফা ওৰুফে ৰুদ্ৰসিংহৰ নাম লৈ ১৬৯৬ চনত আহোম ৰাজ্য়ৰ সিংহাসন আহোৰণ কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহকে আহোম ৰাজ্য়ৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি বিবেচনা কৰা হয়। ৰুদ্ৰসিংহৰ দিনত শান্তি-শৃংখলা বৰ্তি থকা বাবে মানুহে শান্তিত বাস কৰিব পাৰিছিল। তেওঁৰ দিনত যুদ্ধ বিগ্ৰহ হোৱা নাছিল বাবে ৰুদ্ৰসিংহই ৰাজ্য়ৰ বহুতো গঠনমূলক কামত আত্মনিয়োগ কৰিব পাৰিছিল। সামাজিক, অৰ্থনৈতিক, সংস্কৃতিক ইত্য়াদি সকলো দিযতে আগবাঢ়ি গৈছিল। ১৭১৪ চনৰ ২৯ আগষ্টত এইজন ৰজা উত্তৰ গুৱাহাটীত মৃত্য়ু হয়।

e.শৰাইঘাট যুদ্ধ

উত্তৰঃ শৰাইঘাট যুদ্ধখন ১৬৭১ চনত আহোম সৈন্য় আৰু মোগল সৈন্য়ৰ মাজত ব্ৰহ্মপুত্ৰ বুকুত হৈছিল। এি যুিদ্ধখন অসম বুৰঞ্জীৰ এখন উল্লেখযোগ্য় যুদ্ধ। ইয়াত আহোম সৈন্য়ৰ জয়লাভ হয়। আহোম সৈন্য়ৰ নেতৃত্বৰ বহন কৰিছিল লাচিত বৰফুকনে যিজন লাচিতে কৰ্তব্য়ৰ খাটিৰতে নিজৰ মোমাইক " দেশতকৈ ডাঙৰ নহয় " বুলি দুছোৱাৰ কৰি ইতিহাসৰ পৃষ্ঠাত চিৰ যুগমীয়া কৰি থৈ গৈছে। শৰাইঘাটৰ যুদ্ধত আহোম সৈন্য়ৰ পৰাক্ৰম দেখি স্বয়ং মোগল সৈন্য়য়ো তব্ধ মানি গৈছিল।

f. দৰং ৰাজবংশৰ উপত্তি

উত্তৰঃ কোচবিহাৰ ৰজা মহাৰাজ নাৰায়ণৰ মৃত্য়ুৰ পিছত পুত্ৰবোৰৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। জ্য়েষ্ঠ পুত্ৰ পৰিক্ষীত ৰজা হলেও মোগলৰ হাতত বন্দী হব লগাত পৰে আৰু তেওঁৰ ঠাইত লক্ষ্মীনাৰায়ণ ৰজা হৈয়ো মোগলৰ সহায়ত কোচ হাজো দখল কৰি লয়। ইতিমধ্য়ে তেওঁৰ এজন ভাতৃ বলী নাৰায়নে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ আশ্ৰয় লয়গৈ। স্বৰ্গদেউ প্ৰতাপসিংহই মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰি ১৬১৫ চনত পৰাস্ত কৰি ভৰলীৰ পৰা বৰনদীলৈকে এই বিস্তৃত আঞ্চল নিজৰ দখললৈ আনে। তেওঁৰ এই নতুন অঞ্চলৰ শাসনভাৰ নিজে হাতত নাৰাখি বলী নাৰায়নক ধৰ্মনাৰায়ন নাম দৰঙৰ আহোম ৰজাৰ আশ্ৰিত ৰজা পাতে আৰু তেতিয়াৰে পৰা দৰং ৰাজবংশৰ উৎপত্তি হয়।


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------