পঞ্চম অধ্যায় 

মধ্য যুগৰ অৰ্থনৈতিক অৱস্থা


অনুশীলনী

1. মধ্য যুগৰ অসমৰ ধান খেতিৰ বিষয়ে এটি বিৱৰণ লিখাঁ। 

উত্তৰঃ এতিয়াৰ দৰে আহোম যুগতো মানুহৰ প্ৰধান খাদ্য় ভাত হোৱা কাৰণে মানুহবোৰে ধানৰ খেতি কৰিছিল। এতিয়াৰ দৰে মধ্য়যুগতো মানুহবিলাকে আহু আৰু শালী দুয়োটা খেতিকে কৰিছিল। তদুপৰি যি ঠাই দ সেই ঠাইত বৰো খেতিও কৰিছিল।  খেতিৰ ভিতৰত  শালি, গেজেব শালি, শিয়াল শালি এইবোৰ ধান প্ৰধান আছিল। জাপানৰ মানুহৰ বাবে বৰাধান, জহা ধান আদিৰ খেতি কৰিছিল। 

ধানৰ কঠিয়াবোৰ কৌশলৰে অৱলম্বন কৰি সংৰক্ষন কৰিছিল। ধানৰ পৰিমাণ জোখ লবলৈ সেৰ, দোন, মোন আদি একক বোৰ ব্য়ৱহাৰ কৰিছিল। পথাৰৰ পৰা ধান দাই আনি গুচি ভঁড়াল আৰু গুটি ভড়ালত থোৱা হৈছিল।আহোম যুগত  গৰু, মহৰ সহায়ত ধানৰ মৰনা মাৰি সেৰৰ পৰা  ধান গুচোৱা হৈছিল। সেই ধান ঢেকীত সুন্দি চাউল উলিৱাইছিল।

2. মধ্য যুগৰ অসমত হােৱা মাহজাতীয় শস্য আৰু ফলমূলৰ খেতিৰ বিষয়ে এটি টোকা লিখাঁ। 

উত্তৰঃ অসমত বৰ্তমান যিবোৰ প্ৰচলিত শস্য়জাতীয় খেতি কৰা দেখিবলৈ পোৱা যায় সেইবোৰ প্ৰচলন মধ্য়যুগতো আহোম ৰাজত্বৰ দিনট সেই একে তৰহৰ খেতি হোৱাৰ প্ৰমাণ পোৱা যায়। বৰ্তমানৰ দৰে মধ্য়যুগতো মাহজাতীয় শস্য় যেনে- মাটিৰ মাহ, ৰহৰ মাহ, কলামাহ, উৰহী লেচেৰী মাহ, গাৰোমাহ, মচুৰ মাহ, মগুৰ মাহ আদিৰ নানা বিধৰ খেতি উৎপাদন বিস্তৃত হৈছিল। মধ্য়যুগত মহাপুৰুষ  শ্ৰী শ্ৰী শংকৰদেৱে নাম প্ৰসংগ আদিত আৰু ধৰ্মীয় অনুষ্ঠানত এই মাহ প্ৰসাদ হিচাবে বুট আৰু মগুমাহ জাতীয় খাদ্য়ৰ ব্য়ৱহাৰ  কৰিছিল।

3 . মধ্য যুগৰ অসমৰ কৃষিপদ্ধতিৰ বিষয়ে এটি বিৱৰণ লিখাঁ। 

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ উপত্য়াকাতো সমতলৰে পৰিপূৰিণ। ব্ৰহ্মপুত্ৰ  এই সমতল অংশ পলসুৱা মাটিৰে গঠিত হোৱা  বাবে খেতিৰবাতিৰ কৰাৰ বাবে বিশেষ উপযোগী। পুৰণি কালৰে পৰা এইবোৰ অঞ্চলত গৰু মহেৰে পথাৰত যেতিয়া হাল বাওঁতে  বাহ-কাঠেৰে বনোৱা  নাঙল, যুঁৱলি, মৈ , জৱকা আৰু লোৰে নিৰ্মিত কোৰ আদি ব্য়ৱহাৰ কৰিছিল। খেতিবাতিৰ  কামত বৰষুনৰ পানী বা জান জুৰীৰ পানী ব্য়ৱহাৰ কৰিছিল। যিবিলাক সৰু সুৰা নৈ আছিল সেইবোৰৰ পৰা নলা খান্দিও খেতি পথাৰত পানী যোগান ধৰিছিল। সাধাৰনতে  পাহাৰীয়া ওখ আৰু এঢলীয়া ঠাইত বৰ্তমানৰ দৰে মধ্য়যুগতো ঝুম খেতিৰ কৰা পদ্ধতিৰ প্ৰচলন আছিল। ইয়াৰ দ্বাৰা বনাঞ্চলৰ কছু ক্ষতি হৈছিল। 

4. আহােম ৰাজত্বকালত ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল লিখাঁ।

উত্তৰঃ আহোম ৰাজত্ব কালত ৰাজহ প্ৰথাৰ এটা বিষেশ সুকীয়া পদ্ধতি অৱলম্বন কৰিছিল। মাটিৰ খাজানা হিচাবে নগধ ধনৰ পৰিৱৰ্তে উৎপাদিত শস্য় আৰু শাৰিৰীক শ্ৰম দানৰ জৰিয়তে কৰা হৈছিল। প্ৰতিজন পাইকে যিমান পৰিমানৰ (মূল্য়ৰ) জোখাৰে ৰাজঘৰত কাম কৰি দিব লাগিছিল। তদুপৰি কোনোৱা কোনোৱা পাইকে শ্ৰমদান নকৰি উৎপাদিত শস্য় যেনে - ধান, চাউল, শৰিয়হ , মাহ, মূগা এৰি সূতা আদিৰ বিনিময়তো খাজানা বা ৰাজহ আদায় দিব পাৰিছিল। 

সাধাৰণতে পাহাৰীয়া ঠাইত যিসকল বাস কৰে  তেওঁলোক সকলে কপাহ , মেজাঠি আদি বস্তুৰ বিনিময়ত ৰাজহ আদায় দিছিল। কিন্তু কমাৰ, সেনাৰী, বাঢ়ৈ আদি বৃত্তি ধাৰী লোকসকলে বস্তৰ সলনি লগধ টকাৰে ৰাজহ আদায় দিয়াৰ ব্য়ৱস্থা আছিল। পথাৰৰ  দ মাটি আৰু চৰ- চাপৰিত যিসকলে খেতি কৰিছিল তেওঁলোকসকলে হাল-কৰ নামৰ কম নিৰিখৰ ৰাজহ আদায় দিব পাৰিছিল। 

5. ভূ -সম্পত্তিৰ শ্ৰেণীবিভাগৰ ক্ষেত্ৰত মধ্য যুগৰ অসমত কেনে ধৰণৰ ব্যৱস্থা আছিল লিখাঁ। 

উত্তৰঃ বৰ্তমান দেখিবলৈ পোৱা ভূ-সম্পত্তিৰ শ্ৰেণী বিভাগ মধ্য় যুগৰ আহোম ৰাজত্ব কালটো দেখা পোৱা গৈছিল। সাধাৰণতে মাটিৰ গুণাগুন তাৰতম্য় চাই ভূমিৰ শ্ৰেণী বিভাগ কৰা হয়। আহোম যুগত সাধাৰণতে ভূমিৰ যি ধৰণৰ শ্ৰেণী বিভাগ দেখা যায়। সেইবোৰ হ'ল- ৰূপিত মাটি, পতিত মাটি, বাওতলী মাটি, বস্তি, ফিৰিংগতি, জলাহ, পিতনি আদি।

যি মাটিত উৰ্বৰা গুণ থাকে সেই মাটিক ৰূপিত মাটি বোলি কোৱা হৈছিল। আৰু এই মাটিত খেতিৰ উপযোগী বুলি গণ্য় কৰা হৈছিল। আনহাতে যোনবিলাক ওখ মাটিত ঘৰ দুৱাৰ সজা আৰু তামোল-পাণ ,শাক-পাচলি ৰোৱা ইত্য়াদি কামবোৰ কৰিছিল । তেনে মাটিক তেনে মাটিক আকৌ বস্তি মাটি বোলি কুৱা হৈছিল। তদুপৰি খৰালি কালত যিবোৰ মাটিত মাহ, সৰিয়হ আদি শীতকালীন শস্য়ৰ খেতি কৰা হৈছিল আৰু তেনেকুৱা মাটিক ফিৰংগতি মাতি বোলা হৈছিল। যি মাটিত বাওঁধান হৈছিল তেনে মাটিক বাওতলী , যি মাটিত কৃষিৰ অনুপযোগী দ.মাটিক জলাহ, আৰু যি মাটিত  পিতনি আৰু জঙ্গল থকা দেখিবলৈ পোৱা গৈছিল তেনেকুৱা মাটিক পতিত মাটি বোলা হৈছিল।

6 . মধ্য যুগৰ অসমত দান - দক্ষিণাৰ ক্ষেত্ৰত থকা ভূ -সম্পত্তিৰ ব্যৱস্থাৰ বিষয়ে চমুৱাই লিখাঁ। 

উত্তৰঃ অতিজৰত ৰজাসকলে দান-দক্ষিণা দি অহা প্ৰমাণ পোৱা যায়। মধ্য় যুগৰ আহোম ৰাজত্ব  দিনটো  ইয়াৰ ব্য়তিক্ৰম হোৱা নাছিল। আহোম স্বৰ্গদেউ সকলে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানবোৰক বিভিন্ন প্ৰকাৰে দান দক্ষিণা আদি দি সহায় কৰিছিল। ৰাজঘৰীয়া সহায় পাই এই অনুষ্ঠান বোৰ বেছিকৈ উন্নতি কৰিছিল। 

আহোম স্বৰ্গদেউ সকলে সাধাৰণতে ভূ-সম্পত্তি দান কৰি বিভিন্ন অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিছিল। পিৰোহিত শ্ৰেণীৰ লোক, ধৰ্মীয় লোক, পণ্ডিত , মন্দিৰ, দৌল-দেৱালয়, আদিক ভূ-সম্পত্তি দান দি সহায় কৰিছিল। এনেকৈ দান কৰা ভূ-সম্পত্তিৰ ওপৰত কোনো ধৰমৰ খাজানা লোৱা হোৱা নাছিল আৰু এই শ্ৰেণীভুক্ত ভূমিক লাখেৰাজ ভূমি বোলা হৈছিল। ঠিক সেইদৰে পুৰহিতক দান দিয়া ভূমুিক ব্ৰহ্মোত্তৰ, দৌল-দেৱালয়ক দান দিয়া ভূমিক দেবোত্তৰ আৰু ধৰ্মীয় অনুষ্ঠানক দান দিয়া ভূ-সম্পতিক ধৰ্মোত্তৰ বোলা হৈছিল।

7 . মধ্য যুগৰ অসমত কাঠৰ হস্তশিল্পৰ উন্নতিৰ বিষয়ে এটি টোকা লিখাঁ। 

উত্তৰঃ অসমৰ পৰ্বত-পাহাৰ হাবীত প্ৰচীন কালৰে পৰা বহুতো মূল্য়বান গছ-গছনি পোৱা যায় আৰু দেখা যায়। সেইকাৰণে কাঠেৰে নিৰ্মিত বিভিন্ন ধৰণৰ হস্তশিল্পজাত আচবাব বিভিন্ন পত্ৰ আদি পোৱা যায়। আহোম স্বৰ্গদেউ ৰাজকাৰেংঘৰ, অট্তালিকাত আদিত কাঠৰ শিল্পৰ নমুনা অতি উত্তম আছিল বুলি মোগল বুৰঞ্জীলেখক চিহাবুদ্দিন তলিছৰ লিখনিৰ পৰা জনা যায়। তেনে ধৰণৰ কাঠেৰে নিৰ্মিত সিংহাসন, পালেং, চালপীৰা, বৰপীৰা, তামুলীপীৰা, পেৰা, বৰপেৰা, শৰাই, দোলা আদি বহুতো আচবাব সেইসময়ৰ সুদক্ষ কাৰিকৰ, খনিকৰসকলে নিৰ্মান কৰি উলিয়াইছিল।

তদুপৰি যুদ্ধত ব্য়ৱহাৰ কৰিব পৰাকৈ বিভিন্ন ভৰৰ নাও যেনে চৰা নাও, পানছৈ, হিলৈচৰা, জাপনাও, বছৰি শিহু শিলাপতিৰ আদি নাওৰ তৈয়াৰ কৰিছিল। তেনেকৈ কাঠৰ দোলা যেনে - কোকৰাদোলা, গাভৰুদোলা, চৰিয়াদোলা, খাটলাদোলা, পাল্কীদোলা আদি বিভিন্ন প্ৰকাৰৰ দোলা নিৰ্মাণ কৰি ব্য়ৱহাৰৰ বাবে উলিয়াইছিল।

8. মধ্য যুগৰ অসমত ভূমি ব্যৱস্থাৰ বিষয়ে বুজাই লিখাঁ। 

উত্তৰঃ মধ্য়যুগত আহোম স্বৰ্গদেউ আছিল। ৰাজ্য়ৰ ভূস্বামী বা ভূমি সম্পত্তিৰ গৰাকী। ৰজাই প্ৰজাসকলক ব্য়ৱহাৰ কৰিবলৈ ভূ-স্বত্ব প্ৰদান কৰিছিল আৰু এই ভূ-স্বত্ব প্ৰজাসকলে পৰিয়ালৰ  বংশানুক্ৰমে লাভ কৰিছিল। খেতি-বাতি কৰাৰ উপযোগী ভূমিৰ ওপৰত ৰজাৰ সম্পূৰ্ণ কতৃত্ব আছিল। যিসকল খেতিয়কক প্ৰজাই এই কৃষিভূমিৰ ব্য়ৱহাৰ কৰিছিল। তাৰ বাবদ তেওঁলোক ৰজাক "গাধন'নামে এবিধ খাজানা দিয়াৰ নিয়ম আছিল।   

তাৰোপৰি আহোম স্বৰ্গদেউ যিসকল উচ্চ পদস্থ ডা-ডাঙৰীয়া আছিল যেনে বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই, বৰবৰুৱা, বৰফুকন আদি তেওঁলোকৰ ব্য়ক্তিগত পদমৰ্যদা অনুসৰি নিদিষ্ট পৰিমানৰ মাটি বৃত্তি আৰু পাইক প্ৰদান কৰিছিল। আনহাতে প্ৰতিজন পাইকে দা-দৰৰ্মহা পৰিৱৰ্তে ঘৰ সংসাৰ চলাবলৈ ৰজা ঘৰৰ পৰা দুপুৰাকৈ মাটি পাইছিল। সেই মাটিক 'গা-মাটি'বোলা হৈছিল।

9 . বস্ত্র শিল্পৰ ক্ষেত্ৰত মধ্য যুগৰ অসমত হােৱা উন্নতিৰ বিষয়ে এটি বিৱৰণ লিখাঁ। 

উত্তৰঃ বস্ত্ৰশিল্পৰো মধ্য়যুগত যথেষ্ট আগবঢ়া আছিল। আহোম বুৰঞ্জী আৰু বিদেশী ভ্ৰমন কাৰীৰ বিবৰণৰ পৰা মধ্য়যুগৰ বস্ত্ৰশিল্পৰ বিষয়ে জনা যায়।

অসমত অতিজৰে পৰা পাট, মুগা, এৰী আৰু কপাহী কাপোৰ ব্য়ৱহৃত হৈ আহিছে আৰু এইবোৰ উৎপাদিত হৈ আহিছে। এই ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলে বেশে, মনোযোগ দিছিল। বিশেষকৈ বৰ্তমানৰ শুৱালকুচিৰ পাটমুগাৰ বাবে যি গুৰুত্ব দেখা যায় সেয়া মধ্য় যুগৰ পৰাই চলি অহা আৰু আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনতে তাঁতীসকলে সেই ঠাইত সংস্থাপন দিছিল। তদুপৰি প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰতে তাঁতশাল আছিল। আৰু আনকি ডা-ডাঙৰীয়া ঘৰতো কাপোৰ বোৱা নিয়ম আছিল।

ৰজা আৰু -ডা-ডাঙৰীয়াসকলে পাট, মুগা আৰু মেজাংকৰী কাপোৰৰ পোছাক পৰিধান কৰিছিল আৰু প্ৰজাসকলে কপাহী কাপোৰ পিন্ধিছিল। শীত কালত  পোছাক হিছাপে এৰিকাপোৰৰ ব্য়ৱহাৰ বৰ জনপ্ৰিয় আছিল। কাপোৰ বোৱাৰ কাম-কাজ চাবৰ বাবে ৰাইদঙীয়া ফুকন আৰু বৰুৱা নামৰ দুজন বিষয়াকু নিজুক্তি দিছিল। কাপোৰত ধুনিয়া ধুনিয়া ৰং দিয়াৰ বা থলুৱা কৌশলো অৱলম্বন কৰা দেখা যায়। 

10. হস্তশিল্পৰ উন্নতিৰ ক্ষেত্ৰত মধ্য যুগৰ অসমৰ অৱস্থাৰ বিষয়ে বহলাই লিখাঁ।

উত্তৰঃ বৰ্তমান যুগত যোনবিলাক বস্তুৰ ব্য়ৱহাৰ ঘৰুৱা ভাৱে নিৰ্মিত হয় সেইবোৰ একে বস্তুৰ মধ্য়যুগতো ঘৰুৱাভাৱে হস্তশিল্পজাত সামগ্ৰীৰ ৰূপত নিৰ্মান কৰা হৈছে। যেনে- বৰ্তামান কোঠাৰ, দা, কটাৰী, নাঙলৰ ফাল, কাঁচি, বিন্ধানা, বটালী, বাইছ আদি মধ্য়যুগতো ব্য়ৱহৃত হৈছিল আৰু হাতেৰে নিৰ্মিত হৈছিল। তদুপৰি যুদ্ধত ব্য়ৱহৃত হোৱা হেংদান, তৰোৱাল, ঢাল আদিৰো নিৰ্মান কৰা হৈছিল। কপি দা, মেচি দা, হাত দা ইত্য়াদি। 

ঠিক তেনেদৰে কাঁহী-বাটি, ঘাটি-লোটা, চৰিয়া, বাট-শৰাই, ভোগজৰা, বান-বাটি, কাহ পিতলৰ বাটি আদি বহুতো বস্তুৰ নিৰ্মান কৰা হৈছিল। লোৰ সঁজুলিৰ নিৰ্মান কৰা সকলক কমাৰ বোলা হৈছিল আৰু কাহ- পিতলৰ যিবোৰ সামগ্ৰী নিৰ্মান কৰাসকলক কঁহাৰ বোলা হৈছিল। আৰু যি মানুহে পিতলৰ বাচন তৈয়াৰ কৰিছিল তেওঁলোকক মৰিয়া বুলিছিল।

আকৌ মাটিৰ বাচন তৈয়াৰ কৰা লোকসকলক কোমাৰ বোলা হৈছিল। কুমাৰে নিত্য় ব্য়ৱহাৰ্য বস্তু যেনে- কলহ, মলা, চৰু, টেকেলি, ঘট, হান্দি, আদিৰ ধূনীয়া  মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল। 

মধ্য়যুগত সোণ, ৰূপ আৰু হাতীৰ দাঁতৰে বিভিন্ন সুন্দৰ সুন্দৰ আ-অলংকাৰ নিৰ্মিত হৈছিল। সোণাৰি সকলে বিভিন্ন ধৰণৰ অলঙ্কাৰ যেনে চিৰিখাৰু, মুঠি খাৰু, গাম খাৰু, জুনবিৰি, দুগদুগি, ঢোলবিৰি, লোকপাৰ, গেজেৰা, মাদলীমণি, কেৰু, থুৰিয়া, জাংফাি, দুল, পতিয়া আঙঠি, জেঠীনেজীয়া আঙঠি আদিৰ অলঙ্কাৰ নিৰ্মান আৰু ব্য়ৱহাৰ কৰিছিল।


  


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------