পাঠঃ পাঁচ

চোতাল

ক্ৰিয়া-কলাপ 


⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আঁহাঃ

শৃংখলাবদ্ধ = পৰিপাটি লগা; শ্ৰেণীবদ্ধ হোৱা

থলী = বাম ঠাই

মাংগলিক = মংগলজনক

পৰম্পৰা = অতীতৰেপৰা চলি অহা নীতি-নিয়ম

মৰণা= গৰু বা ম'হেৰে গছকাই ধান, মাহ, সৰিয়হ আদি শস্য মাৰি উলিয়াবলৈ মেলি থোৱা গছী ধান, মাহ বা সৰিয়হৰ দম।


[ ১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁঃ

ক) 'চোতাল' শব্দটো ক'ৰপৰা আহিছে? ইয়াৰ আভিধানিক অৰ্থ কি?

উত্তৰঃ চোতাল শব্দটো সংস্কৃত স্বত্ব শব্দপৰা আহিছে। ইয়াৰ আভিধানিক অৰ্থ হৈছে দুৱাৰমুখৰ আগৰ বহল সমান ঠাই।

খ) আগচোতাল আৰু পিছচোতাল বুলিলে কি বুজা?

উত্তৰঃ ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু ঘৰৰ পিছফালে থকা চোতালক পিছচোতাল কোৱা হয়।

গ) গাঁৱৰ ঘৰ এখনত চোতালৰ গুৰুত্ব কেনেধৰণৰ বুজাই লিখাঁ।

উত্তৰঃ গাঁৱৰ ঘৰ এখনত চোতালৰ গুৰুত্ব  অনেক। এখন আদৰ্শ অসমীয়া ঘৰৰ সৌন্দৰ্য বঢ়োৱাত চোতাল এখনে ভূমিকা লয়। চোতালখনক কেন্দ্ৰ কৰিয়েই ঘৰখনত এটা শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি উঠে। অসমীয়া গাঁৱলীয়া সমাজত বিভিন্ন ব্যাৱহাৰিক কাৰ্যাৱলী আৰু নানান উৎসৱ-পাৰ্বণ, ধৰ্মীয় আচাৰ-অনুষ্ঠান আদি পালনৰ নিৰ্ভৰযোগ্য থলী হল চোতালখন। টোতালত ৰভা পৰলা দি গাঁৱৰ মানুহে বিভিন্ন মাংগলিক অনুষ্ঠীানৰ আয়োজন কৰে।

ঘ) পাঠটিত উল্লেখ থকা কৃষিৰ লগত জড়িত সামগ্ৰীবোৰ নাম লিখাঁ।

উত্তৰঃ পাঠটিত উল্লেখ থকা কৃষিৰ লগত জড়িত সামগ্ৰীবোৰ নাম হল - কোৰ, কটাৰী, কাচি, নাঙল-যুঁৱলি আদি।

ঙ) শিপিনীসকলৰ কাৰণে চোতালখনৰ প্ৰয়োজনীয়তা কেনেধৰণৰ লিখাঁ।

উত্তৰঃ শিপিনীসকলে তাঁতশালৰ বিভিন্ন কাম-কাজ সম্পন্ন কৰে। তাঁত লগোৱা, তাঁত বাতি কৰা, ব-তোলা, মহুৰা ফুৰোৱা আদি কামৰ বাবে শিপিনীসকলৰ কাৰণে চোতালখনৰ প্ৰয়োজন।

চ) খেতিৰ লগত চোতালখনৰ সম্পৰ্ক কেনেধৰণৰ লিখাঁ।

উত্তৰঃ কৃষিকৰ্ম কৰি জীয়াই থকা মানুহখিনিৰ বাবে চোতালখন এক অপৰিহাৰ্য অংগ। ধান-মাহ-সৰিয়হ আদিৰ মুঠি পথাৰৰপৰা চপাই-কোঁচাই অনাৰ পিছত  চোতালতে মৰণা মাৰি বীজ উলিওৱা হয়। বীজবোৰ ৰদত শুকুৱাৰ বাবেও চোতালখন লাগে। চোতালত ৰদ পৰাকৈ দি বীজবোৰ শুকুৱা হয়।

ছ) উৎসৱ-পাৰ্বণৰ লগত চোতালৰ সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ অসমীয়া সমাজত জন্ম-মৃত্যু-বিবাহ সম্পৰ্কীয় আৰু নানান ধৰ্মীয় অনুষ্ঠান চোতালতে অনুষ্ঠিত কৰা হয়। কেঁচুৱা জন্ম হলে এঘাৰদিনৰ দিনা সূৰ্য দেখুওৱা উৎসৱ চোতালতে অনুষ্ঠিত কৰা হয়। সেইদৰে বিবাহৰ ক্ষেত্ৰত বিয়াৰ বেই বা বেই-ঘৰ সজা হয় চোতালৰ দাতিঁত। বৰ বিয়াৰ সকলো কাম-কাজো চোতালতে কৰা হয়। কন্যা সম্প্ৰদান, অতিথি আপ্যায়ন, আদি চোতালৰ বিভিন্ন অংশত কৰা হয়। 


[২] শুদ্ধ বানানকেইটা বাছি উলিয়াই লিখাঃ

অনুষ্ঠান --- অনুস্থান

প্ৰতিস্থান --- প্ৰতিষ্ঠান

প্ৰস্থান ---- প্ৰষ্ঠান

অস্থাবৰ--- অষ্ঠাবৰ

পাৰ্বণ --- পাৰ্বন

আহৰণ --- আহৰন

ঋণ---- ঋন

উত্তৰঃ অনুষ্ঠান, প্ৰতিষ্ঠান, প্ৰস্থান, অস্থাবৰ, পাৰ্বণ, আহৰণ, ঋণ।

[৩] বুজা আৰু লিখাঁঃ

গাঁও ⟶ ত  ⟶ গাঁৱত

গাঁও ⟶ ৰ  ⟶ ....গাঁৱৰ...

গাঁও ⟶ এ ⟶ ..গাঁৱে......

গাঁও ⟶ ক ⟶ ....গাঁৱক....

গাঁও ⟶ লৈ ⟶ ..গাঁৱলৈ.....


Type Sri Nayan Moni Deka



Post ID : DABP005893