গুপ্ত সাম্ৰাজ্য | Lesson 4 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৪

গুপ্ত সাম্ৰাজ্য

    

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

১। একোটাকৈ বাক্যত উত্তৰ দিয়া।

(ক) গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?

উত্তৰঃ গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম শ্ৰীগুপ্ত।


(খ) প্রথম চন্দ্রগুপ্তই কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ প্রথম চন্দ্রগুপ্তই মহাৰাজাধিৰাজ উপাধি গ্রহণ কৰিছিল।


(গ) গুপ্ত বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰঃ গুপ্ত বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম সমুদ্ৰগুপ্ত।


(ঘ) 'শকাৰি’ উপাধি কোনে গ্ৰহণ কৰিছিল? 

উত্তৰঃ 'শকাৰি’ উপাধি দ্বিতীয় চন্দ্ৰগুপ্তই গ্ৰহণ কৰিছিল।


(ঙ) গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সর্বোচ্চ বিষয়াজনক কি বােলা হৈছিল? 

উত্তৰঃ গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সর্বোচ্চ বিষয়াজনক মহামাত্ৰ বােলা হৈছিল।


(চ) অজন্তা আৰু ইলােৰা ক’ত অৱস্থিত?

উত্তৰঃ অজন্তা আৰু ইলােৰা ভাৰতত অৱস্থিত।


(ছ) ভাৰতৰ নিউটন বুলি কাক কোৱা হয়? 

উত্তৰঃ ভাৰতৰ নিউটন বুলি আৰ্যভট্ৰক কোৱা হয়।


(জ) 'মৃচ্ছকটিকম’ নাটকখনৰ লিখক কোন?

উত্তৰঃ 'মৃচ্ছকটিকম’ নাটকখনৰ লিখক শূদ্ৰক।


(ঝ) গুপ্ত শাসন কালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কি?

উত্তৰঃ গুপ্ত শাসন কালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কালিকট।


(ঞ) 'কামৰূপ’ নামটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে কোনখন শিলালিপিত পােৱা গৈছিল?

উত্তৰঃ সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিখনত প্ৰথমবাৰৰ বাবে কামৰূপ নামটোৰ উল্লেখ পাওঁ।


২। প্রথম চন্দ্রগুপ্তই কেনেকৈ গুপ্ত সাম্রাজ্য গঢ় দিছিল লিখা।

উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্ত ৩২০ খ্ৰীষ্টাব্দত ৰজা হৈছিল। তেওঁ 'মহাৰাজাধিৰাজ' উপাধি লৈছিল। প্ৰথম চন্দ্ৰগুপ্ত সিংহাসনত উঠাৰ সময়ৰ পৰা গুপ্তাব্দ নামেৰে এটা নতুন বছৰ গণনা কৰা হৈছিল। প্ৰথম চন্দ্ৰগুপ্ত ৰজা হৈয়েই নিজ ৰাজ্য় বহলৈবলৈ চেষ্টা কৰিছিল। ৰাজ্য় বিস্তাৰৰ কাৰণে তেওঁ সকলো উপায় গ্ৰহণ কৰিছিল। ৰাজ্য় বহলাবৰ বাবে প্ৰথম চন্দ্ৰগুপ্তই শক্তিশালী লিচ্ছবীসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। ফলত তেওঁ বৈশালী আৰু পাটলিপুত্ৰ যৌতুকৰূপে পাইছিল। নিজা শক্তিৰে শাকেত, প্ৰয়াগ, দক্ষিণ বিহাৰ আৰু বংগদেশৰ এটা অংশ জয় কৰিছিল। ফলত তেওঁৰ শাসন কালত এখন বিশাল সাম্ৰাজ্য় গঢ় লৈ উঠিছিল।


৩। গ্রহণ পৰিমােক্ষ নীতি মানে কি? সমুদ্রগুপ্তই এই নীতি ক’ত আৰু কিয় প্রয়ােগ কৰিছিল? 

উত্তৰঃ গ্ৰহণ পৰিমোক্ষ নীতি মানে হ’ল নিজৰ তলতীয়া কৰ-কাটল আদি গ্রহণ কৰা।সমুদ্রগুপ্তই দক্ষিণ ভাৰতৰ ৰাজ্যবোৰ জয় কবি নিজে প্রত্যক্ষভাৱে শাসন কৰা নাছিল। তেওঁলোকক নিজৰ তলতীয়া কৰি ৰাখি কৰ-কাটল আদায় কৰি আছিল। কাৰণ বিশাল সম্রাজ্য শাসন চলোৱাত অসুবিধা হ’ব বুলি ভাবিয়েই সমুদ্রগুপ্তই দক্ষিণৰ ৰাজ্যবোৰৰ ক্ষেত্ৰত গ্ৰহণ পৰিমোক্ষ নীতি গ্ৰহণ কৰিছিল।


৪। নৱৰত্ন বুলি ক'লে কি বুজা? 

উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভা ন গৰাকী বিদ্বান লোকেৰে উজ্জ্বল হৈ আছিল। এই ন গৰাকী বিদ্বান লোক হৈছ  কালিদাস, বৰাহমিহিৰ, অমৰসিংহ, শংকু, বৰৰুচি, বেতালভট্ৰ, ক্ষপণক, ঘটকপূৰ্ব আৰু ধনন্তৰী।


৫। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ সমুদ্ৰগুপ্তৰ মৃত্য়ুৰ পিছত তেওঁৰ পুত্ৰ চন্দ্ৰগুপ্ত ৰাজপাটত বহে। তেওঁক দ্বিতীয় চন্দ্ৰগুপ্ত বুলি কোৱা হয়। তেওঁ গুজৰাট আৰু মালৱাৰ শকক পৰাস্ত কৰি সমৃদ্ধিশালী উজয়িনী চহৰ দখল কৰিছিল। উজয়িনী তেওঁৰ দ্বিতীয় ৰাজধানী আছিল। তেওঁৰ দিনতেই চীন দেশীয় পৰ্যটক ফাহিয়ান ভাৰতলৈ আহিছিল।


৬। গুপ্ত সাম্রাজ্যৰ শাসন ব্যৱস্থা সম্পর্কে বর্ণনা কৰা । 

উত্তৰঃ গুপ্তসম্রাটসকলে শাসনৰ সুবিধাৰ কাৰণে সাম্রাজ্যখনক কেইবাখনাে ভুক্তি বা প্রদেশ আৰু প্রদেশবিলাকক বিষয় বা জিলাত ভাগ কৰিছিল। প্রশাসনৰ আটাইতকৈ ক্ষুদ্র গােটটো আছিল গাঁও। প্রদেশৰ সর্বোচ্চ শাসনকর্তাজনক ‘মহামাত্র’ বুলি কোৱা হৈছিল। গাঁৱৰ শাসন চলাইছিল গ্রামীক অর্থাৎ গাঁওবুঢ়াজনে। সকলাে ধৰণৰ বৃত্তিধাৰীৰ সংঘ বা গীল্ড আছিল। যেনে, বণিক সংঘ, বাঢ়ৈ সংঘ, কৰণিক সংঘ ইত্যাদি। এওঁলােকে নগৰৰ প্ৰশাসনত উল্লেখনীয় ভূমিকা লৈছিল।


৭। গুপ্ত যুগত ভাৰতৰ সামাজিক অৱস্থা কেনে ধৰণৰ আছিল বর্ণনা কৰা।

উত্তৰঃ গুপ্তযুগৰ সামাজিক অৱস্থা গুপ্ত ৰাজত্ব কালত ভাৰতীয় সমাজ ব্যৱস্থাৰ গাঁথনিৰ পৰিৱৰ্তন ঘটিছিল। দৰমহাৰ সলনি মাটি-বাৰী দিয়াৰ ফলত এই সময়ত সামন্ত প্ৰথাৰ প্ৰসাৰ ঘটিছিল। গুপ্ত ৰজাৰ দান-দক্ষিণাৰ ফলত সমাজত উচ্চবর্ণৰ মাটিৰ মালিক শ্রেণী এটাৰ উদ্ভৱ হৈছিল। সমাজত জাতিভেদ প্রথা আৰু অস্পৃশ্যতাই গা কৰি উঠিছিল। বৃত্তি অনুসৰি সৃষ্টি হােৱা জাতিৰ উপৰিও জন্মসূত্রে জাতিৰ ভাবধাৰা গঢ় লৈ উঠিছিল। বিভিন্ন বিদেশী লােক ভাৰতলৈ আহি মিলি যােৱাত সমাজত বহুত নতুন নতুন জাতিৰ উৎপত্তি হৈছিল।


৮। গুপ্ত শাসন কালত ভাৰতৰ শিল্পকলাৰ বিকাশৰ ধাৰা সম্পর্কে এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ ভাৰতত ধৰ্মক কেন্দ্ৰ কৰি শিল্পকলাৰ বিকাশ ঘটিছিল। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মক কেন্দ্ৰ কৰি মৌৰ্য যুগত গঢ় লৈ উঠা শিল্পকলাই গুপ্তযুগত উন্নতিৰ চৰম পৰ্যায় পাইছিল। মথুৰা, সাৰনাথ আদি বুদ্ধ মূৰ্তি গঢ়াৰ বাবে বিখ্য়াত আছিল। ইয়াৰোপৰি বিভিন্ন মঠ, স্তূপ, বিহাৰ গঢ়ি উঠিছিল। এইবোৰে গুপ্তযুগৰ উন্নত শিল্পকলাৰ নিদৰ্শন।

    অজন্তা আৰু ইলোৰাৰ গুহাচিত্ৰসমূহ গুপ্তযুগৰ উন্নত শিল্পকলাৰ নিদৰ্শন।


৯। ‘গুপ্ত সাম্রাজ্যৰ দিনত ভাৰতীয় সাহিত্যই পূর্ণ বিকাশ লাভ কৰিছিল।'— ব্যাখ্যা কৰা। 

উত্তৰঃ গুপ্ত সম্ৰাটে বিদ্বানলোকক ৰাজসভাত ঠাই দিছিল আৰু সাহিত্য় ৰচনাৰ বাবে উৎসাহিত কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ নৱৰত্নই ভাৰতৰ সাহিত্য়ক গৌৰৱোজ্জ্বল কৰি গৈছে। কালিদাসৰ লেখনী আৰু কবিত্ব প্ৰতিভাই সকলোকে মুগ্ধ কৰিছিল। কালিদাসৰ উপৰিও হৰিসেন, উশ্বঘোষ আৰু ভাৰবী আছিল এই যুগৰ বিখ্য়াত কবি। হৰিসেন সমুদ্ৰ গুপ্তৰ ৰাজকবি আছিল। গুপ্তযুগৰ সাহিত্য় ৰচনা কৰা হৈছিল সংস্কৃত ভাষাত।


১০। গুপ্ত যুগক কিয় ভাৰতৰ সােণালী যুগ বােলা হয় আলােচনা কৰা ।

উত্তৰঃ গুপ্ত যুগক ভাৰতৰ সােণালী যুগ বুলি কোৱা হয়। দেশত শান্তি স্থাপন কৰি, দেশৰ নাগৰিকক বিদেশী আক্ৰমণৰপৰা ৰক্ষা কৰি শিল্প-সাহিত্য, দর্শন-বিজ্ঞান, চিত্রকলা, স্থাপত্য ইত্যাদি সকলাে দিশতে উন্নতি কৰাত গুপ্ত সম্রাটসকলে উল্লেখনীয় বৰঙণি আগ বঢ়াইছিল। ভাৰতীয় সভ্যতা সংস্কৃতিয়ে এই সময়তে উন্নতিৰ চৰম শিখৰত আৰােহণ কৰিছিল। সমাজৰ সকলাে দিশতে উন্নতি পৰিলক্ষিত হৈছিল। এই যুগতে ভাৰতীয় সভ্যতা-সংস্কৃতি সকলােফালে প্ৰসাৰিত হৈছিল। ভাৰতীয় সভ্যতা-সংস্কৃতি গুপ্তযুগত সৰ্পমস্তকমণিৰ দৰে জিলিকি আছিল। পেৰিক্লিসৰ দিনত যেনেকৈ এথেন্সৰ সকলােফালে জয়জয় ময়ময় হৈছিল, গুপ্ত যুগতাে ভাৰতে তেনে খ্যাতি লাভ কৰিছিল। গুপ্ত ৰজাসকল প্রজাহিতৈষী আছিল। তেওঁলােকৰ দিনত ভাৰতীয় সমাজৰ যি সর্বাংগীন আৰু সামগ্রিক উন্নতি হৈছিল সেইখিনিৰ কাৰণে গুপ্ত যুগক ভাৰতৰ 'সােণালী যুগ’ বুলি কোৱা হয়।

 



-Hiru Moni Bora

Check By - Mukesh Borah