Lesson 7 

আকাশৰ কথা

◻️  প্ৰশ্নাৱলী

(১) কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বোলে ?

উত্তৰঃ আমাৱস্য়াৰ পৰা পূৰ্ণিমালৈ ১৫ দিনক শুক্লপক্ষ বোলে । পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১৫ দিনক কৃষ্ণ পক্ষ বোলে ।

(২) জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা ।

উত্তৰঃ জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ হ'ল- ৰাস উৎসৱ, ফাকুৱা, ঈদ ।

(৩) সৌৰজগত কাক বোলে ?

উত্তৰঃ সূৰ্য্য়, আঠটা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে ।

(৪) জ্যোতিষ্ক কাক বোলে ?

উত্তৰঃ ৰাতিৰ আকাশ বহু উজ্বল বস্তুৰে ভৰি থাকে। আকাশৰ উজ্বল বস্তুকে জ্য়োতিষ্ক বোলে ।

(৫) তৰা আৰু গ্ৰহ কাক বোলে ?

উত্তৰঃ জ্য়োতিষ্ক বোৰৰ কিছুমানৰ পোহৰ আছে সেইবোৰক তৰা বোলে ।

      কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ বোলে ।

(৬) সৌজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি ? সৌজগতত           আৰু কি কি আছে ?

উত্তৰঃ সৌৰজগতৰ নক্ষত্ৰ হ'ল সূৰ্য্য় । গ্ৰহবোৰ হ'ল- বুধ, শুক্ৰ, পৃথিৱী, মঙল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন ।

     সৌৰজগতত সূৰ্য্য আৰু আঠটা গ্ৰহৰ বাহিৰে গ্ৰহবোৰৰ উপগ্ৰহ, ধূমকেতু, উল্কা আৰু বহুতো তৰা আছে ।

(৭) (ক) আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি ?

উত্তৰঃ আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল- সূৰ্য্য় ।

  (খ) সূৰ্য্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটা  নাম কি কি ?

উত্তৰঃ সূৰ্য্য়ৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ'ল- বুধ আৰু দূৰত থকা গ্ৰহটোৰ নাম হ'ল- নেপচুন ।

 (গ) সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইটকৈ ডাঙৰ গ্ৰহ   দুটা নাম কি কি ?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল - বুধ আৰু আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল- বৃহস্পতি ।

  (ঘ) ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি ?

উত্তৰঃ ৰাতিৰ আকাশত দেখা উপগ্ৰহটাৰ নাম হ'ল- চন্দ্ৰ 

    (ঙ) ভোটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায় ?

উত্তৰঃ ভোটা তৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহক জনা হয়। 

(৮) (ক) সূৰ্য্যটো পৃথিৱীৰপৰা কিমান দূৰত আছে ?

উত্তৰঃ সূৰ্য্যটো পৃথিৱীৰপৰা প্ৰায় ১৫ কোটি কিল'মিটাৰ দূৰত আছে ।

   (খ) সূৰ্য্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ ?

উত্তৰঃ সূৰ্য্যটো পৃথিৱীতকৈ প্ৰায় ১০৯ গুণে ডাঙৰ ।

    (গ) চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ চন্দ্ৰত বায়ু নাই সেইবাবে চন্দ্ৰত জীৱ জীয়াই থাকিব নোৱাৰে ।

   (ঘ) অমাৱস্যা কেতিয়া হয় ?

উত্তৰঃ ৰাতি বেলিৰ চন্দ্ৰত পৰি ছিটিকি যায় । সেই পোহৰ পৃথিৱীত পৰে ।ৰাতি আকাশত চন্দ্ৰ নোলালে পৃথিৱীত অন্ধকাৰ হয় । তাকে আমি অমাৱ্য়সা বুলি কওঁ ।

  (ঙ) অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয় ? 

উত্তৰঃঅমাৱ্য়সাৰ ১৫ দিনৰ মূৰত পূ্ৰ্ণিমা হয় ।


কৰবী কাকতি 



Post ID : DABP005925