Lesson 8
আমাৰ পৃথিৱীখন
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
☐ প্ৰশ্নাৱলী
(১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ?
উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়।
(২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ?
উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা ।
(৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ?
উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল'মিটাৰৰ ওচৰা উচৰি হ'ব ।
(৪) পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত মাটিভাগ ২৯ ভাগ আৰু পানী ৭১ ভাগ ।
(৫) পৃথিৱীখন কিয় ধুনীয়া ঠাই ?
উত্তৰঃ সকলো ধৰণৰ জীৱ আৰু গছ-গছনি থকা বাবেই পৃথিৱীখন এখন সুন্দৰ ঠাই ।
(৬) পৃথিৱীখন কেইধৰণে ঘূৰি আছে ?
উত্তৰঃ পৃথিৱীখন দুই ধৰণে ঘূৰি আছে ।
(৭) দিন আৰু ৰাতি কেনেকৈ হয় লিখা ।
উত্তৰঃ পৃথিৱীখন লাটুমৰ দৰে ঘূৰি থাকে । সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটা হয় ।
(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :
(ক) পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়/নহয় ।
উত্তৰঃ হয় ।
(খ) পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ কম/বেছি ।
উত্তৰঃ বেছি ।
(গ) সাগৰৰ তলিত গছ-গছনি আছে/নাই ।
উত্তৰঃ আছে ।
(ঘ) পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন-ৰাতি হয়/নহয় ।
উত্তৰঃ হয় ।
(ঙ) সূৰ্য্যৰ চাৰিওফালে ঘূৰোঁতে পৃথিৱীখন এক ছেকেণ্ডত বিছ/দহ/ত্ৰিছ কিল'মিটাৰ যায় ।
উত্তৰঃ ত্ৰিছ কিল'মিটাৰ যায় ।
কৰবী কাকতি