Lesson 7

মোহন আৰু কলীয়া

 ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

 তন্দ্ৰা   =  চিলমিলীয়া টোপনি

 ক্ষোভ  = মনৰ অশান্তি

 লেঙেৰিয়াই লেঙেৰিয়াই = খোৰাই খোৰাই

 নিষ্ঠুৰ  =  নিৰ্দয়

 অত্যাচাৰ =  অন্যায় আচৰণ; উংপীড়ন

 পহৰা দি = চোকা দৃষ্টিৰে চাই থাক

 ঢাপ  = বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়

⚪ পঢ়া আৰু বুজা :

 সই  কই  স্ক

 সই  থই  স্হ

 তই  ৱই  ত্ব

 বই  ধই  ব্ধ

⚪ পঢ়া আৰু লিখা :

 স্কুল  ৰাস্তা  তন্দ্ৰা  উপলব্ধি

[] প্ৰথম কোৱা, তাৰ পাছত লিখা:

 ক) নৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল?

উত্তৰঃ মাহীয়েকৰ পুতেক ভাস্কৰে কুকুৰ টোক মৰা দেখি নৱাৰুণৰ ঘৰত থকা কুকুৰটোলৈ আৰু নিজৰ ঘৰখনলৈ মনত পৰিছিল।

 খ) ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনলৈ আহিছিল?

উত্তৰঃ ঘৰখনৰ লগতে মৰমৰ মোহনলৈ (কুকুৰ) কথা মনলৈ আহিছিল।

 গ) নৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল?

উত্তৰঃ নৱাৰুণৰ সৈতে মোহনে একেলগে গা-ধুৱে, স্কুল যাওতে একলগে যায়, স্কুলৰ পৰা আহোতে আগবঢায় আনেগৈ এনেদৰে একেলগে ফুৰিছিল।

 ঘ) মোহনে নৱাৰুণক স্কুলত থবলৈ যাওঁতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল?

উত্তৰঃ মোহনে নৱাৰুণক স্কুলত থবলৈ যাওঁতে উভতি আহোতে ৰাস্তা হেৰুৱাই বুলি ৰাস্তাই ৰাস্তাই প্ৰস্ৰাৱ কৰিছিল।

 ঙ) নৱাৰুণে ভাস্কৰৰ সতে কিয় নেখেলে বুলি কৈছে?

উত্তৰঃ ভাস্কৰে কুকুৰটোক মৰা দেখি নৱাৰুণে ভাস্কৰৰ সৈতে নেখেলে বুলি কৈছিল।

 চ) কলীয়াই ভাস্কৰহতঁৰ ঘৰৰ কি কি উপকাৰ কৰিছিল?

উত্তৰঃ কলীয়াই ভাস্কৰহতঁৰ ঘৰত ৰাতি পহৰা দি থাকে, ফুলনিৰ ফুল, বাৰীৰ শাক-পাচলি এইবোৰ খাবলৈ অহা গৰু-ছাগলীক খেদি নি দূৰৈত থৈ আহেগৈ। আদি কামবোৰ কৰি উপকাৰ কৰিছিল।

 ছ) নৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে?

উত্তৰঃ ইমান দিনে কলীয়াক গুৰুত্ব নিদিয়া কথাটো নৱাৰুণৰ কথাত ভাস্কৰে উপলব্ধি কৰিছিল।

[] তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্ত্তক লৈ কাহিনী লিখিবলৈ যত্ন কৰা।

[] কোনে কৈছিল, কাক কৈছিল:

 ক) নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই।

উত্তৰঃ উক্ত কথাষাৰ নৱাৰুণে, ভাস্কৰক কৈছিল।

 খ) তুমি যে কি লৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছে।

 সি-তো আৰু মানুহ নহয়!”

উত্তৰঃ উক্ত কথাষাৰ ভাস্কৰে, নৱাৰুণক কৈছিল।

 ঘ) ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ

উত্তৰঃ নৱাৰুণে,ভাস্কৰক কৈছিল।

[] বাক্য ৰচনা কৰা:

 খুৱাই-বুৱাইঃনৱাৰুণে তাৰ মোহনক খুৱাই-বুৱাই ডাঙৰ দীঘল কৰিছিল।

লেঙেৰিয়াই-লেঙেৰিয়াইঃ ভাস্কৰে কলীয়াক মৰাত লেঙেৰীয়াই-লেঙেৰীয়াই ঘূৰি-ফুৰিছিল।

[] বুজা আৰু লিখা:

 ক) শাক আৰু পাচলি  = শাক-পাচলি

 খ) গৰু আৰু ছাগলী  = ..গৰু-ছাগলী

 গ) কুকুৰ আৰু মেকুৰী =  ..কুকুৰ-মেকুৰী

 ঘ) দিন আৰু ৰাতি  =   দিন-ৰাতি

 ঙ) ৰাম আৰু লক্ষ্মণ  = .ৰাম-লক্ষ্মণ

[] বাকচত থকা শব্দৰে খালি ঠাই পূৰোৱা:

 ক) কুকুৰে ----     ভোকে 

 খ) গৰুৱে  -----.হেম্বেলিয়াই।

 গ) সিংহই  ------     গোঁজৰে

 ঘ) শিয়ালে  -------   হোৱা দিয়ে

 ঙ) ছাগলীয়ে  -------   বেবায়

 চ) মেকুৰীয়ে  --------   মেও-মেও কৰে

 ছ) সাপে  ---------------    ফোঁচ-ফোঁচায়

 জ) মহে  ----------------   কুনকুনায়

 ঝ) বান্দৰে  -------------    খেকখেকায়

[] শুনা আৰু লিখা:

  ভাস্কৰৰ কথাত নৱাৰুণে উত্তৰ দিলে, তুমি মোৰ একো অন্যায় কৰা নাই। কিন্ত্ত ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা, কিয় বাৰু? তোমাৰ অলপো বেয়া নালাগিলনে? সি এতিয়াও লেঙেৰিয়াই লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ সেই কাৰণেই মই তোমাক বেয়া পাইছোঁ।



Post ID : DABP005936