পাঠঃ সাত
মঙলতিৰ মঙল
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
ক্ৰিয়া-কলাপ
O অৰ্থৰ সতে চিনাকি হওঁ আহাঁঃ
লুৰি = সংগ্ৰহ কৰা কাৰ্য; খৰি সংগ্ৰহ কৰা কাৰ্য
হুই = চিঞৰ-বাখৰ কৰি জুমুৰি দি ধৰা
কড়ি = সাগৰত পোৱা এবিধ বগা সৰু শামুকৰ খোলা
সৰহাই = সৰহকৈ; বেছিকৈ
শিয়ান = টেঙৰ
[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ
ক) ভাত-পানী নহ'লেও বুঢ়াক কি লাগিছিল?
উত্তৰঃ ভাত-পানী নহ'লেও বুঢ়াক জুইকুৰা লাগিছিল।
খ) জুই ধৰা দেখি বুঢ়াক কোনে হুই মাৰি ধৰেহি?
উত্তৰঃ জুই ধৰা দেখি বুঢ়াক নাতি-পুতি সোপাই হুই মাৰি ধৰেহি।
গ) বুঢ়াক কিয় মঙলতিৰ কাষ চাপিছিল?
উত্তৰঃ বুঢ়াই জুই ধৰিলেও জুই কাষত বহিব নাপায় পাছত ঘৰৰ চুকত ঠেৰেঙা লাগি শুই থাকিব লগীয়া হয়। সেই কাৰণে বুঢ়া মঙলতিৰ কাষ চাপিছিল।
ঘ) মঙলতিয়ে বুঢ়াক কি বুলি বুদ্ধি দিছিল?
উত্তৰঃ মঙলতিয়ে বুঢ়াক বেছিকৈ খৰি দিবলৈ বুদ্ধি দিছিল।
ঙ) বুঢ়াই মঙলতিৰ দৰে শিয়ান পৃথিৱীত নোলাব বুলি কিয় ভাবিছিল?
উত্তৰঃ মঙলতিৰ বুঢ়ীয়ে কোৱা মতে কাম কৰোতে তেওঁ নাতি পুতি সকলে পুৱাব নোৱাৰি বুলি ছিটিকি জাঁপ মাৰিছিল। সেই বাবে বুঢ়াই মঙলতিৰ দৰে শিয়ান পৃথিৱীত নোলাব বুলি কৈছে।
[ ২] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ
উদাহৰণঃ জুই = অগ্নি
পানী = জল
টোপনি = নিদ্ৰা
মাটি = ভূমি
হাঁহি = হাস্য
পৃথিৱী = ধৰণী
[ ৪] বিপৰীত লিংগ বুজোৱা শব্দ লিখাঁঃ
ককা-আইতা
বুঢ়া-বুঢ়ী
নাতি-নাতিনি
ৰজা-ৰাণী
বৰুৱা-বৰুৱানী
বোন্দা-বোন্দী।
[ ৫] খালী ঠাই পূৰ কৰাঁঃ
ক) _____ দেখে _____।
নাতিপুতি _____ বহে
ধৰেহি _____ হুই।
উত্তৰঃ যেই দেখে জুই
নাতি-পুতি সোপাই বহে
ধৰেহি মাৰি হুই।
খ) ''আহহঁক _____ আহ।''
জুই দেখি নাতিহঁতৰ
_____ লুকাল _____ ||
'ককা ঔ _____ তাপ!'
পুৱাব নোৱাৰি _____
_____ মাৰিলে জাঁপ ||
উত্তৰঃ '' আহহঁক ঔ আহ''
জুই দেখি নাতিয়েকহঁতৰ
পেটতে লুকাল সাহ।।
'ককা ঔ ইমান তাপ '
পুৱাব নোৱাৰি চেৰচেৰাই
ছিটিকি মাৰিলে জাঁপ।।
Type Sri Nayan Moni Deka
Check by - Mukesh Borah
Post ID : DABP005896