Lesson 9

জীৱজগত

◻️  প্ৰশ্নাৱলী

(১) (ক) জড় বস্তু কোনবোৰ ?

উত্তৰঃ প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড় ।

(খ) জীৱজগতৰ ভাগ কেইটা ?

উত্তৰঃ জীৱজগতৰ ভাগ পাঁচটা ।

(গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা ।

উত্তৰঃ  জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হ'ল-

১) জীৱই কাম কৰিব পাৰে আনহাতে জড়ে কাম কৰিব নোৱাৰে ।

২) সকলো জীৱই উশাহ লয় আনহাতে জড়ে উশাহ নলয় ।

৩) জীৱক জীয়াই থাকিবলৈ আহাৰ লাগে আনহাতে জড়ক আহাৰ নালাগে ।

(ঘ) জীৱ কাক বোলে ?

উত্তৰঃ জীয়াই থকা বস্তুবাৰকে জীৱ বোলে ।

(ঙ) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ যি বোৰ জীৱই খোজ কাঢ়িব পাৰে,দৌৰিব পাৰে, সাঁতুৰিব পাৰে সেইবোৰ জীৱক প্ৰাণী বোলে ।

(চ) কোনবোৰ জীৱ উদ্ভিদ 

উত্তৰঃ গছ-বন, শেলাই আদিকে উদ্ভিদ বোলা হয় । উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে ।

(ছ) উদ্ভিদ ক'ৰপৰা আহাৰ পায় ?

উত্তৰঃ উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় আৰু সূৰ্য্য়ৰ ৰশ্মিৰ পৰা আহাৰ প্ৰস্তুত কৰি লয় ।

(২) (ক)  প্ৰাণীৰ কামবোৰ কি কি ?

উত্তৰঃ প্ৰণীৱোৰৰ কাম হ'ল- আহাৰ গোটোৱা, খোজ কঢ়া, দৌৰা, কথা কোৱা, শুনা ,খোৱা ,পঢ়া আদি ।

(খ) উদ্ভিদৰ কামবোৰ কি কি ?

উত্তৰঃ উদ্ভিদবোৰৰ কাম হ'ল- মাটিৰ পৰা পানী আৰু সাৰ শুহি লোৱা,পাতেৰে বায়ু শুহি লোৱা আৰু পাতত আহাৰ তৈয়াৰ কৰি লোৱা ।

(গ) জীৱই কাম কৰিবলৈ ক'ৰপৰা শক্তি পায় ?

উত্তৰঃ জীৱই কাম কৰিবলৈ আহাৰৰ পৰা শক্তি পায় ।

(ঘ) উশাহ বন্ধ হ'লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ জীৱক আহাৰৰ লগতে বায়ুও লাগে ।বায়ুৰ সহায়ত আহাৰত থকা শক্তি মুকলি হয় সেইবাবে উশাহ বন্ধ হ'লে জীৱ জীয়াই থাকিব নোৱাৰে ।

(৩) (ক) শুদ্ধ উত্তৰৰটো ✓ চিন দিয়া :

(ক)প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল'ব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(খ) জড় বস্তুৱে আহাৰ খায়/নাখায় ।

উত্তৰঃ নাখায় ।

(গ) জড় বস্তুৱে কাম কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(ঘ) কেৱল আহাৰ খালে মানুহে শক্তি পায়/নাপায় ।

উত্তৰঃ নাপায় ।

(ঙ) উশাহ বন্ধ হ'লে উদ্ভিদ জীৱই থাকিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(চ) জড় বস্তুৱে জন্ম দিয়ে/নিদিয়ে ।

উত্তৰঃ নিদিয়ে ।

(৪) ক অংশ লগত খ অংশ মিলোৱা :

ক অংশ                        খ অংশ

ভেঁকুৰ                             লৰচৰ কৰিব পাৰে 

অহাৰে                            কণী পাৰে

উদ্ভিদে পাতেৰে              গেলা পঁচা বস্তু গজে

চৰায়ে                              শক্তি যোগান ধৰে

প্ৰাণীয়ে                             বায়ু শুহি লয় 

উত্তৰঃ ভেঁকুৰ               গেলা-পঁচা বস্তুত গজে

            আহাৰে             শক্তি যোগান ধৰে

 উদ্ভিদে পাতেৰে          বায়ু শুহি লয়

     চৰায়ে                      কণী পাৰে

    প্ৰাণীয়ে                     লৰচৰ কৰিব পাৰে


কৰবী কাকতি 




Post ID : DABP005928