লাচিত বৰফুকনৰ দেশভক্তি 



অনুশীলনী 


শব্দ-অৰ্থঃ

গাফিলতি - অৱহেলা 

বিনাযুদ্ধে - যুদ্ধ নকৰাকৈ 

হেংদান - যুদ্ধত ব্যৱহৃত হোৱা এবিধ তৰোৱাল 

দূৰদৰ্শী - ভৱিষ্যৎ সম্পৰ্কে যিয়ে সচেতন; সাৱধানী 

ব্ৰজকণ্ঠ  - বজ্ৰৰ দৰে কণ্ঠ, উচ্চস্বৰ 

মাতৃভূমি - জন্মভূমি, স্বদেশ 

দখল - অধীন, তলতীয়া 

.বহিঃশত্ৰু - বাহিৰৰ শত্ৰু

জীৱনপণ - প্ৰাণপণ, জীৱনৰ বিনিয়ত কৰা অংগীকাৰ 


প্রশ্নৰ উত্তৰ দিয়া ( চমুকৈ ) 


১। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

উত্তৰঃ- শৰাইঘাটৰ যুদ্ধ ১৬৭১ খ্ৰীষ্টাব্দত হৈছিল।


২। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? 

উত্তৰঃ- শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।


৩। শৰাইঘাটৰ যুদ্ধৰ সময়ত মােগল সম্রাট কোন আছিল? 

উত্তৰঃ- শৰাইঘাটৰ যুদ্ধৰ সময়ত মােগল সম্রাট ঔৰংজেৱ আছিল।


৪। শৰাইঘাটৰ ৰণৰ সময়ত আহােমৰ স্বৰ্গদেউ কোন আছিল? 

উত্তৰঃ- শৰাইঘাটৰ ৰণৰ সময়ত আহােমৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আছিল।


৫। মােগলৰ সেনাপতিজনৰ নাম কি আছিল?

উত্তৰঃ- মােগলৰ সেনাপতিজনৰ নাম ৰামসিংহ আছিল।


৬। লাচিতে কামাখ্যা গােসানীলৈ সেৱা কৰি কি কথা ঘােষণা কৰিছিল?

উত্তৰঃ- লাচিতে কামাখ্যা গােসানীলৈ সেৱা ঘােষণা কৰিছিল যে - " যুদ্ধৰ কামত পাছ হুঁহকিলে হেংদানেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।"


৭। বৰকুঁৱৰীয়ে স্বৰ্গদেউক সম্বােধন কৰি কি কৈছিল? 

উত্তৰঃ- বৰকুঁৱৰীয়ে স্বৰ্গদেউক সম্বােধন কৰি ক'লে - "বৰফুকনে ঠিক কথাকে কৈছে। তেওঁৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথামতে নচলিলে আমাৰ নিশ্চয় পৰাজয় হ'ব।"


৮। শৰাইঘাটত আহােমে গড় বান্ধিব লগা হৈছিল কিয়? 

উত্তৰঃ- মোগলে আহোমক আক্ৰমণ কৰিব আহিছিল। সেইবাবে মোগলৰ সৈন্যক ভেটা দিবৰ বাবে শৰাইঘাটত আহােমে গড় বান্ধিব লগা হৈছিল।


৯। লাচিতে গড় বন্ধাৰ কামৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰিছিল?

উত্তৰঃ- লাচিতে গড় বন্ধাৰ কামৰ দায়িত্ব মামাকৰ ওপৰত অৰ্পণ কৰিছিল।


১০। গড়ৰ কাম চাবলৈ গৈ লাচিতে কি দেখিলে? 

উত্তৰঃ- গড়ৰ কাম চাবলৈ গৈ লাচিতে দেখিলে গড়ৰ কাম চাৰিভাগৰ তিনি-ভাগেই এতিয়াও বাকী।


১১। লাচিতে কিয় মােমায়েকক কাটি দুছােৱা কৰিলে বিৱৰি লিখা।

উত্তৰঃ- লাচিতে বাৰী গড়ৰ কাম চাবলৈ গৈ যেতিয়া দেখিলে সকলোবোৰ এলাহত শুই বাগৰী আছে, আৰু ড়ৰ কাম চাৰিভাগৰ তিনি-ভাগেই এতিয়াও বাকী আছে। তেতিয়া লাচিতৰ বহুত খং উঠিল তেতিয়া লাচিত উত্তেজনাত কঁপিব ধৰিলে। বজ্ৰকণ্ঠেৰে তেওঁ মোমায়েকক ক'লে - দেশতকৈ মোমাই ডাঙৰ নহয়। এই বুলি কৈ লাচিত ফুকনে খাপৰ পৰা হেংদান উলিয়াই নিজৰ মোমায়েকক কাটি দুছোৱা কৰিলে।

 

১২। লাচিত বৰফুকনৰ দেশপ্রেম সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- লাচিত বৰফুকন এজন স্বদেশ প্ৰেমী লোক আছিল। তেওঁ নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ বলিদান দিব পাৰে। তেওঁ নিজৰ মাতৃভূমিক নিজতকৈয়ো বেছি ভাল পাইছিল। তেওঁ শৰাইঘাটৰ ৰণত নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ মামায়েকৰ ডিঙি কাটি বলিদান দিছিল। তেওঁ নিজৰ অসুহিয়া দেহাটো লৈ শৰাইঘাটত হোৱা ভিসন ৰণত আগভাগ লৈছিল। তেওঁ এজন সাহসী যোৱান আছিল।             


১৩। পাঠটোৰ পৰা তুমি কি শিক্ষা গ্ৰহণ কৰিলা লিখা।

উত্তৰঃ- ১) আমি আমাৰ মাতৃভূমিক সদায় মৰম আৰু সন্মান কৰিব লাগে।

২) মাতৃভূমিত হোৱা প্ৰতিটো বিপদকে আমি আমাৰ বিপদ বুলি ভাবিব লাগে।

৩) একাগ্ৰতা আৰু নিষ্ঠা থাকিলে ডাঙৰ ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

৪) কামত সৰু-বৰ নাই।


বিপৰীত শব্দ লিখাঃ


গাফিলতি - একাগ্ৰ

পোনপটীয়া - অউপটীয়া।

ক্ষমা - ভূল।

অনিচ্ছা - ঈচ্ছা।

ভীৰু নিৰ্ভীক।


তলৰ শব্দবোৰ বাক্যত ব্যৱহাৰ কৰাঃ

মন-প্ৰাণ - যোগীসকলে ঈশ্বৰকে নিজৰ মন-প্ৰাণ সপি দিয়ে।

অলপ-অচৰপ - ৰহিমৰ পৰীক্ষাৰ বাবে অলপ-অচৰপ পঢ়ি হৈছে।

হৰা-জিকা - খেলত হৰা-জিকা চলি থাকে।

মন-কাণ - ডাঙৰে কথা ক'লে মন-কাণ দি শুনিব লাগে।

আশে-পাশে - .বিলখনৰ আশে-পাশে কণামুচৰিবোৰ ঘূৰি আছে।

এশিকণি - তাইত মই এশিকণি দিহে এৰিম।

সৈন্য-সামন্ত - অসম আক্ৰমণ কৰিবৰ বাবে মোগলে সৈন্য-সামন্ত লৈ আহিছিল।

বাট-পথ - লাহে-লাহে অসমৰ পিছ পৰা গাওঁবোৰৰ বাট-পথ বোৰ উন্নত হৈছে।


চমুটোকা লিখা।

চক্ৰধ্বজ সিংহঃ- জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।


মোমাই কটা গড়ঃ-  লাচিত বৰফুকনে সেই গড়টো নিৰ্মান কৰাত হেমাহি কৰা তেওঁ নিজৰ মামায়েকৰ শিৰোচ্ছেদ কৰিছিল, সেইবাবে এই গড়টোক মোমাই কটা গড় নামেৰে জনা যায়। এই গড়টো বহুত বছৰৰ আগতে লাচিত বৰফুকনে তেওঁ সৈন্যসকলৰ দ্বাৰা নিৰ্মাণ কৰিছিল। এই গড়টো চাবলৈ প্ৰতি বছৰে বহুতো পৰ্যতক আহে।


বৰকুঁৱৰীঃ- বৰকুঁৱৰী চক্ৰধ্বজ ৰজাৰ পত্নী আছিল। শৰাইঘাটৰ ৰণত তেওঁ লাচিত বৰফুকনৰ ঘোষণাত হয়ভৰ দিছিল। 



ৰামসিংহঃ- ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।


লাচিত বৰফুকনঃ- লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুজিঁ লাচিতে মোগলক হৰুৱাই আহোম সকলক বিজয়ী কৰিছিল।


          এই যুদ্ধত ৱীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।


Mampi Kakati

Check by - Mukesh Borah

Post ID : DABP006013


*****