Chapter: 5

 বাস্তৱবাদ一সৰল আৰু বৈজ্ঞানিক 

(Realism 一 Naive and Scientific)

অনুশীলনী

    👉Download Book PDF
    👉MCQs Online Exam
    👉 Short Question Answer
    👉Chapter 5 MCQs Answer
    👉Paid Answer (For Membership User)         (Buy Now)

(ক) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

১। সৰল বাস্তৱবাদ কি? সৰল বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃসৰল বাস্তৱবাদ অনুসৰি জ্ঞাতা যি ধৰণে প্ৰত্যক্ষ কৰে, বস্তুটোৰ প্ৰকৃত স্বৰূপ তেনেকুৱাই। বাহ্য বস্তুত থকা সকলো প্ৰকাৰৰ গুণৰ মন নিৰপেক্ষ অস্তিত্ব আছে।

        সৰল বাস্তৱবাদৰ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। বাহ্য়িক বস্তু এটা আছে নে নাই তাক জ্ঞাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি জানিলেও বা নাজানিলেও বস্তু এটা একে ধৰণেই অস্তিত্বশীল হয়। 

(খ) মনৰ বাহিৰত এখন বাহ্য়িক জগত আছে। 

(গ) জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ প্ৰত্য়ক্ষ সম্পৰ্ক থাকে। দুয়োৰে মাজত কোনো তৃতীয় বা মাধ্য়ম পন্থা নাথাকে। 

(ঘ) বাহ্য় বস্তুৱে আমাৰ মনত সংবেদনৰ সৃষ্টি কৰে। এই সংবেদন সকলোৰে বাবে একেধৰণৰ নহয়। 

(ঙ) বাহ্যিক জগতৰ জ্ঞান আমি প্ৰত্য়ক্ষৰ জড়িয়তেই লাভ কৰো। প্ৰত্য়ক্ষই বাহ্য়িক জগতখনক যিধৰণে দেখে, তাৰ স্বৰূপ তেনেকুৱাই হয়। 

(চ) বাহ্য়িক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰা জনা যায়। গুণসমূহ বস্তুৰ ধৰ্ম। বস্তুৰ বিভিন্ন গুণ, যেনে 一 ৰূপ, ৰস, গোন্ধ, বিস্তৃতি আদি সকলোবোৰ মনৰ পৰা স্বতন্ত্ৰ।  

২। বৈজ্ঞানিক বাস্তৱবাদ কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃবৈজ্ঞানিক বাস্তৱবাদ অনুসৰি মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগতৰ অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰো। তাৰ প্ৰতিকল্পৰ জৰিয়তেহে জানিব পাৰো।

       বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) বৈজ্ঞানিক বাস্তৱবাদৰ মতে, আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। অৱশ্য়ে এই বৈশিষ্ট্য়টো সকলোবোৰ বাস্তৱবাদীৰে বৈশিষ্ট্য়।

(খ) বৈজ্ঞানিক বাস্তৱবাদৰ মতে, বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্ৰতিলিপি বা নকলেহে জ্ঞাতাই দেখিবলৈ পায়। 

(গ) জ্ঞান এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃত স্বৰূপ প্ৰভাৱান্বিত নহয়। এই প্ৰক্ৰিয়াই বস্তুৰ প্ৰতিলিপি বা নকলহে প্ৰভাৱান্বিত কৰে। 

(ঘ) বস্তুৰ প্ৰকৃত স্বৰূপ মুখ্য় গুণেহে প্ৰকাশ কৰিব পাৰে। কাৰণ মুখ্য় গুণসমূহ বস্তুৰ বস্তুগত ধৰ্ম আৰু ই অপৰিৱৰ্তনীয়। 

(ঙ) বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া। জ্ঞান পৰোক্ষ কাৰণ জ্ঞানৰ বিষয়বস্তুক জ্ঞাতাই জানিব নোৱাৰে। তাৰ প্ৰতিলিপি বা প্ৰত্য়য়কহে জানিব পাৰে। 

৩। মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ- মুখ্য় গুণ আৰু গৌণ গুণৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল ㅡ

        (i) যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ অৰ্থাৎ, জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম তাক মুখ্য় গুণ বোলে। 

        আনহাতে, যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল বা যিবোৰ গুণ বস্তুৰ মনোগত ধৰ্ম তাক গৌণ গুণ বোলে। 

        (ii) মুখ্য় গুণবোৰ অপৰিৱৰ্তনীয় গুণ। স্থান বা সময় পৰিৱৰ্তন হ'লেও মুখ্য় গুণবোৰ একেই থাকে।

        আনহাতে, গৌণ গুণবোৰ কিছুমান পৰিৱৰ্তনশীল গুণ। স্থান বা ব্য়ক্তিভেদে গৌণ গুণবোৰ পৰিৱৰ্তন হ'ব পাৰে। 

        (iii) বাহ্য় বস্তুই হ'ল মুখ্য় গুণবোৰৰ প্ৰকৃত আশ্ৰয় বা আধাৰস্বৰূপ। 

        আনহাতে, বাহ্য় বস্তু আৰু জ্ঞাতাৰ মন উভয়ে গৌণ গুণৰ আশ্ৰয় বা আধাৰস্বৰূপ। 

        (iv) মুখ্য় গুণে জ্ঞাতাৰ মনৰ ধাৰণা যথাযথভাৱে প্ৰতিফলিত কৰে। ইয়াৰ কাৰণ হ'ল মুখ্য় গুণবোৰ প্ৰকৃত গুণ আৰু ইয়াৰ কোনো ধৰণৰ বিকৃত নহয়। 

        আনহাতে, গৌণ গুণৰ যিহেতু নিজা স্বৰূপ নাই, গতিকে জ্ঞাতাৰ মনৰ ধাৰণাৰ লগত ই ভিন্ন ধৰণে প্ৰতিফলিত হয়। গৌণ গুণবোৰ মুখ্য় গুণৰ দ্বাৰা সৃষ্ট কিছুমান সংবেদনহে। 

৪। লকৰ বৈজ্ঞানিক বাস্তৱবাদ এটা সন্তোষজনক সূত্ৰ হয়নে? 

উত্তৰঃ- হয়। 

(খ) চমুটোকা লিখাঃ

(ক) সৰল বা লৌকিক বাস্তৱবাদ 

উত্তৰঃ- সৰল বা লৌকিক বাস্তৱবাদ, বাস্তৱবাদৰ সৰলতম প্ৰকাৰ। বাস্তৱবাদৰ এটা প্ৰকাৰ হিচাপে ইয়াৰ মুখ্য় কথা হ'ল যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। 

        সৰল বাস্তৱবাদ নামটো ডুৰাণ্ট ড্ৰেক নামৰ দাৰ্শনিকজনে তেওঁৰ "Invitation to Philosophy" গ্ৰন্থখনত পোনপ্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰিছিল। সৰল বাস্তৱবাদৰ মূখ্য় কথা হ'ল যে বাহ্য় বস্তুত থকা তাৰ সকলো প্ৰকাৰৰ গুণ যেনে 一 ৰূপ, ৰস, গোন্ধ, বিস্তৃতি, আয়তন, দৈৰ্ঘ্য়তা আদি সকলোবোৰৰে মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে। ইয়াক সৰল বাস্তৱবাদ বোলা হয়। 

        সৰল বাস্তৱবাদে কোনো বস্তুৰ অস্তিত্ব সম্বন্ধে লোক অৰ্থাৎ, সাধাৰণ মানুহে যিধৰণে চিন্তা কৰে, তাক সেই ধৰণেই ব্য়াখ্য়া কৰে। সেই কাৰণেই চেলাৰ্চ নামৰ দাৰ্শনিকজনে ইয়াক লৌকিক বাস্তৱবাদ বা প্ৰাকৃতিক বাস্তৱবাদ আখ্য়া দিছে। 

(খ) মুখ্য গুণ 

উত্তৰঃযিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ অৰ্থাৎ, জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম তাক মুখ্য় গুণ বোলে। যেনে 一 বস্তুৰ আকাৰ, ওজন, বিস্তৃতি, পৰিমাণ ইত্য়াদি। মুখ্য় গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ। মুখ্য় গুণবোৰ সম্পূৰ্ণৰূপে বস্তুগত আৰু ই বস্তুৰ অনিবাৰ্য ধৰ্ম। মুখ্য় গুণবোৰ অপৰিৱৰ্তনীয় গুণ। স্থান বা সময় পৰিৱৰ্তন হ'লেও মুখ্য় গুণবোৰ একেই থাকে। উদাহৰণস্বৰূপে, কোনো বস্তুৰ আকৃতি, বিস্তৃতি আদিবোৰ সকলো সময়তে অপৰিৱৰ্তনীয় হৈ থাকে। বাহ্য় বস্তুই হ'ল মুখ্য় গুণবোৰৰ প্ৰকৃত আশ্ৰয় বা আধাৰস্বৰূপ। মুখ্য় গুণে জ্ঞাতাৰ মনৰ ধাৰণা যথাযথভাৱে প্ৰতিফলিত কৰে। ইয়াৰ কাৰণ হ'ল মুখ্য় গুণবোৰ প্ৰকৃত গুণ আৰু ইয়াৰ কোনো ধৰণৰ বিকৃত নহয়। 

(গ) গৌণ গুণ

উত্তৰঃযিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল বা যিবোৰ গুণ বস্তুৰ মনোগত ধৰ্ম তাক গৌণ গুণ বোলে। যেনে 一 বস্তুৰ আকাৰ, ওজন, বিস্তৃতি, পৰিমাণ ইত্য়াদি। গৌণ গুণবোৰ কিছুমান পৰিৱৰ্তনশীল গুণ। স্থান বা ব্য়ক্তিভেদে গৌণ গুণবোৰ পৰিৱৰ্তন হ'ব পাৰে। উদাহৰণস্বৰূপে, ৰূপ, ৰস, গোন্ধ ইত্য়াদিবোৰ ব্য়ক্তি বা স্থানভেদে পৰিৱৰ্তন হয়। বাহ্য় বস্তু আৰু জ্ঞাতাৰ মন উভয়ে গৌণ গুণৰ আশ্ৰয় বা আধাৰস্বৰূপ। গৌণ গুণৰ যিহেতু নিজা স্বৰূপ নাই, গতিকে জ্ঞাতাৰ মনৰ ধাৰণাৰ লগত ই ভিন্ন ধৰণে প্ৰতিফলিত হয়। গৌণ গুণবোৰ মুখ্য় গুণৰ দ্বাৰা সৃষ্ট কিছুমান সংবেদনহে।

(ঘ) জন লকৰ প্ৰতীকবাদ

উত্তৰঃ- জন লকৰ বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বা প্ৰতীকবাদ আদি ভিন্ন নামেৰে জনা যায়। সৰল বাস্তৱবাদৰ দোষ ক্ৰটিসমূহ আলোচনা কৰিয়েই বৈজ্ঞানিক বাস্তৱবাদ বা প্ৰতীকবাদৰ জন্ম হৈছে। 

        বৈজ্ঞানিক বাস্তৱবাদ বা প্ৰতীকবাদৰ মতে, বস্তু এটাক আমি প্ৰত্য়েক্ষভাৱে জানিব নোৱাৰো। বস্তু এটাক তাৰ প্ৰতিকল্প বা প্ৰতিনিধিৰ জৰিয়তেহে জানিব পাৰো। লকৰ গৌণ গুণৰ মন সাপেক্ষতাই তেওঁৰ দৰ্শনক এক ভাৱবাদী প্ৰৱণতা প্ৰদান কৰিছে। 

(গ) পাৰ্থক্য লিখা ঃ

(ক) সৰল আৰু বৈজ্ঞানিক বাস্তৱবাদৰ

উত্তৰঃ- সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(i) সৰল বাস্তৱবাদ অনুসৰি জ্ঞাতা যি ধৰণে প্ৰত্যক্ষ কৰে, বস্তুটোৰ প্ৰকৃত স্বৰূপ তেনেকুৱাই। বাহ্য বস্তুত থকা সকলো প্ৰকাৰৰ গুণৰ মন নিৰপেক্ষ অস্তিত্ব আছে।

        আনহাতে, বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগতৰ অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰো। তাৰ প্ৰতিকল্পৰ জৰিয়তেহে জানিব পাৰো।


Answered bySri Mampi Kakati




Post ID : DABP005953



Paid E-Notes Available

Only 50 Rupees (Get All Chapter Notes)


----- STEP - 1 -----

Pay Now

----- STEP - 2 -----

Apply Now


   Product Code: DAM000048