বাস্তৱাবাদ -  সৰল আৰু বৈজ্ঞানিক

১) "সৰল বাস্তৱবাদ" শব্দটো পোন প্ৰথমে কোনো প্ৰয়োগ কৰিছিল ?  

ক) ডুৰান্ট ড্ৰেক

খ) চেলাৰ্চ

গ) জন লক

উত্তৰঃ ক) ডুৰান্ট ড্ৰেক

২) ডুৰান্ট ডেকে তেখেতৰ কোনখন গ্ৰন্থত "সৰল বাস্তৱবাদ" নামটো প্ৰয়োগ কৰিছিল।

ক)" Essay Concerning Human Understanding"

খ) " Invitation to Philosophy"

গ)" Essay towards a new theory of vision

উত্তৰঃ খ) " Invitation to Philosophy"

৩) বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন?

ক) বাৰ্কলি

খ) চেলাৰ্চ

গ) জন লক

উত্তৰঃ গ) জন লক

৪) 'জ্ঞানৰ প্ৰকৃতি সম্পৰ্কে' জন লকে কোনখন গ্ৰন্থত বিস্তৃতভাবে প্ৰকাশ কৰিছিল ?

ক)" Essay Concerning Human Understanding"

খ)" The Principles of Human Knowledge"

গ)" Three dialogues between Hylas and Philonous"

উত্তৰঃ ক)" Essay Concerning Human Understanding"

৫) লকৰ মতে গুণ কেই প্ৰকাৰৰ ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৬) বস্তুৰ প্ৰকৃতিৰ স্বৰূপ কিহে প্ৰকাশ কৰে?

ক) মুখ্য গুণ

খ) গৌণ গুণ

গ) ধৰ্ম

উত্তৰঃ ক) মুখ্য গুণ

৭) মুখ্য গুণবোৰৰ প্ৰকৃত আশ্ৰয় বা আধাৰস্বৰূপ কি?

ক) বাহ্য বস্তু

খ) প্ৰতীক

গ) প্ৰতিকল্প

উত্তৰঃ ক) বাহ্য বস্তু

৮) ধাৰণাৰ স্বৰূপ কি?

ক) প্ৰতীক

খ) প্ৰক্ৰিয়া

গ) জ্ঞান

উত্তৰঃ গ) জ্ঞান

৯) লকৰ বাস্তৱবাদে জগতখনক কেইটা অংশত বিভক্ত কৰিছে।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

১০) মুখ্য গুণ সাধাৰণতে কোনেকুৱা

ক) অপৰিৱৰ্তনীয়, প্ৰকৃত আৰু বস্তুৰ বস্তুগত ধৰ্ম

খ) পৰিৱৰ্তনশীল, মন নিৰ্ভৰশীল আৰি আত্মগত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) অপৰিৱৰ্তনীয়, প্ৰকৃত আৰু বস্তুৰ বস্তুগত ধৰ্ম