Chapter: 1


অসম ৰাজ্য়ৰ পৰিচয়

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQs Answer

(১) চমু উত্তৰ দিয়াঃ

(ক) অসমৰ প্ৰাচীন নাম কি কি আছিল?

উত্তৰঃ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্য়োতিষপুৰ আছিল।


(খ) কামাখ্য়া মন্দিৰটো কোনে নিৰ্মান কৰিছিল?

উত্তৰঃ কামাখ্য়া মন্দিৰটো নৰকাসুৰ নামৰ এজন প্ৰতাপী ৰজাই নিৰ্মাণ কৰিছিল।


(গ) বাণৰজাই বৰ্তমানৰ কোনখন জিলাত ৰাজত্ব কৰিছিল?

উত্তৰঃ বাণ ৰজাই বৰ্তমানৰ শোণিতপুৰ জিলাত ৰাজত্ব কৰিছিল।


(ঘ) অসমত আহোম ৰাজ্য় কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ অসমত আহোম ৰাজ্য় ১২২৮ খ্ৰীষ্টাব্দত স্থাপন হৈছিল।


(ঙ) অসমৰ এখন ওখ পৰ্বতৰ নাম লিখা।

উত্তৰঃ অসমৰ এখন ওখ পৰ্বতৰ নাম হৈছে- হিমালয়।


(চ) তোমাৰ নিজ জিলাখন কোনটো প্ৰাকৃতিক বিভাগত পৰে?

উত্তৰঃ মোৰ নিজ জিলাখন ব্ৰহ্মপুত্ৰ উপত্য়কাত পৰে।


(২) খালী ঠাই পূৰ কৰা 一

(ক) ১৮২৬ চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়।

(খ) বৰাক উপত্য়কা অসমৰ দক্ষিণ দিশত অৱস্থিত।

(গ) কুচিয়াৰা নৈখন অসমৰ বৰাক  উপত্য়কাত অৱস্থিত।

(ঘ) ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হিউৱেন চাং ।

(ঙ) বৰ্তমান অসমৰ মুঠ জিলা ৩৩ খন।


-শ্ৰী হিৰু মনি বৰা

Edit By Dikha Rani Bora 

Post ID : DABP006233