Chapter: 2
অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন
১। অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম লিখা।
উত্তৰঃ অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম হৈছে- গাৰো, মিচিং, তিৱা, ডিমাচা আৰু ৰাভা।
২। অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি?
উত্তৰঃ অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ ধৰ্মীয়, কৃষিমূলক আৰু সামাজিক হিচাপে তিনি ভাগত ভাগ কৰিব পাৰি।
৩। অসমৰ জনগোষ্ঠীৰ প্ৰধান উৎসৱসমূহ লিখা।
উত্তৰঃ হিন্দুসকলৰ ধর্মীয় উৎসৱৰ ভিতৰত দুর্গা পূজা, ফাকুৱা, দীপাৱলী, ধর্মগুৰুসকলৰ জন্মােৎসৱ, তিথি আদি উল্লেখযােগ্য। মুছলমানসকলৰ ঈদ-উল-ফিটৰ, ঈদ-উজ-জোহা, ফাতেহা-ই-দোৱাজ দাহাম, খ্রীষ্টানসকলৰ বৰদিন, গুড ফ্রাইডে' আহােমসকলৰ মে-ডাম-মে-ফি, চাহ বাগিচাৰ বনুৱা সম্প্রদায়ৰ কৰম আৰু টুচু পূজা, বড়ােসকলৰ বাথৌ আৰু খেৰাই পূজা উল্লেখযােগ্য ধর্মীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ বিহু আৰু মিচিংসকলৰ আলি-আয়ে-লিগাং হ’ল কৃষিভিত্তিক উৎসৱ।
৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা一
'ক' অংশ |
'খ' অংশ |
১) মিচিং |
দখনা |
২) কাৰ্বি |
এগেঃ গাছৰ |
৩) দেউৰী |
ৰিগু ৰিজাম্ফাই |
৪) ৰাভা |
পিনিকামফ্লাক জাৰেক |
৫) বড়ো |
ৰিফান কান্দুং |
৬) ডিমাচা |
মেখেলা- চাদৰ |
উত্তৰঃ