পাঠঃ ১৫

আমাৰ সম্পদ

    👉Text Books PDF
    👉MCQ online Exam
    👉Short Question Answer
    👉MCQs Answer

অনুশীলনী

১। ভাৰতৰ হাবি - বননি আৰু অৰণ্য় অঞ্চলত পোৱা পাঁচবিধ মূল্য়ৱান উদ্ভিদ আৰু পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰ:- ভাৰতৰ হাবি - বননি আৰু অৰণ্য় অঞ্চলত পোৱা পাঁচবিধ মূল্য়ৱান উদ্ভিদ হ'ল শাল, চন্দন, গমাৰী, শিমলু, পাইন আৰু পাঁচবিধ প্ৰাণীৰ নাম হ'ল গঁড়, সোণালী বান্দৰ, নাহৰফুটুকী বাঘ, সিংহ, গৰিলা।


২। তলত দিয়া খনিজ সম্পদসমূহ ভাৰতৰ কোন কোন প্ৰদেশত পোৱা যায়?

(ক) খাৰুৱা তেল 

(খ)  কয়লা

(গ) মেংগানিজ

(ঘ) সোণ

(ঙ) লো

(চ) তাম।

উত্তৰঃ (ক) খাৰুৱা তেল - অসম, মহাৰাষ্ট্ৰ, গুজৰাট।

(খ) কয়লা - অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, উৰিষ্য়া, মধ্য়প্ৰদেশ, তামিলনাড়, ৰাজস্থান। 

(গ) মেংগানিজ - বিহাৰ, মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, দাক্ষিণাত্য়।

(ঘ) সোণ - কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ।

(ঙ) লো - পশ্চিমবংগ, বিহাৰ, মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, তামিলনাডু।

(চ) তাম - ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, বিহাৰ। 


৩। অসমক কিয় 'পনীয়া সোণ'ৰ ৰাজ্য় বুলি কোৱা হয়?

উত্তৰ:- খাৰুৱা তেলৰ বাবে অসম ভাৰতৰ ভিতৰতে চহকী। সেইবাবে অসমক  'পনীয়া সোণ'ৰ ৰাজ্য় বুলি কোৱা হয়।


৪। ভাৰতৰ মাটিক কেইভাগত ভাগ কৰিব পাৰি? ভাগকেইটা লিখা।

উত্তৰ:- ভাৰতৰ মাটিক চাৰি ভাগত ভাগ কৰিব পাৰি। ভাগকেইটা হ'ল পলসুৱা মাটি, ৰঙা মাটি, ক'লীয়া মাটি, আঠালেটীয়া মাটি। 


৫। উদ্ভিদৰ পৰা আমি কি কি সুবিধা পাওঁ?

উত্তৰ:- উদ্ভিদৰ পৰা আমি পোৱা সুবিধাসমূহ হ'ল - 

১) আমি উদ্ভিদৰ পৰা অক্সিজেন পাওঁ।

২) আমি উদ্ভিদৰ পৰা ফল-মূল পাওঁ।

৩) আমি উদ্ভিদৰ পৰা ছাঁ পাওঁ।


৬। জলজ সম্পদ কাক বোলে? তিনিবিধ জলজ সম্পদৰ উদাহৰণ দিয়া?

উত্তৰ:- পানীত থকা সম্পদসমূহক জলজ সম্পদ বোলে। তিনিবিধ জলজ সম্পদ হ'ল মাছ, কাছ, ঘঁৰিয়াল।


৭। খালী ঠাই পূৰ কৰা一 

ক) কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়।

খ) কপাহ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে।

গ) মাটিৰ বুকুতে আছে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্য়াদি শক্তিৰ বিপুল ভাণ্ডাৰ।

ঘ) মানৱ সম্পদক সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ বোলা হয়।

ঙ) সকলো সম্পদক ব্য়ৱহাৰৰ উপযোগী কৰি তোলে মানৱ সম্পদে।


 

Mampi Kakati 

Post ID : DABP006467 

*****