স্থানীয় শাসন প্ৰণালী | পাঠ ১৪  | Chapter 14 | Class  4 Social Science Question Answer Shankardev School | সমাজ বিজ্ঞান | চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান | Class 4 Social Science Question and Answer Sankardev School | Shankardev Shishu Vidya Niketan | Class 4 Social Science Free Question Answer Bank Sankardev School Class4 Social Science Suggestion Sankardev School | Class 4 Social Science Notes and Model |

পাঠঃ ১৪

স্থানীয় শাসন প্ৰণালী


অনুশীনী

১। স্থানীয় স্বায়ত্ব শাসন ব্য়ৱস্থা বুলিলে কি বুজা?

উত্তৰ:- প্ৰতিনিধিসকলৰ জৰিয়তে নিজৰ শাসন নিজে কৰি, জনসাধাৰণৰ সমস্য়াসমূহ সমাধান কৰি জনসাধাৰণক স্বাৱলম্বী কৰি তুলিবলৈ যি ব্য়ৱস্থা গ্ৰহন কৰা হৈছে তাকে স্থানীয় স্বায়ত্ব শাসন ব্য়ৱস্থা বোলে।


২। স্থানীয় স্বায়ত্বশাসনৰ প্ৰতিষ্ঠাবিলাক কি কি?

উত্তৰ:- স্থানীয় স্বায়ত্বশাসনৰ প্ৰতিষ্ঠাবিলাক হ'ল - পৌৰ নিগম, পৌৰ সভা, নগৰ সমিতি, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।

 

৩। একোখন পঞ্চায়তত কিমানটা পঞ্চায়ত সমষ্টি থাকে?

উত্তৰ:- একোখন পঞ্চায়তত তিনিটা পঞ্চায়ত সমষ্টি থাকে।


৪। পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰ:- পঞ্চায়তৰ কাৰ্যকাল পাচঁ বছৰ।


৫। একোখন পঞ্চায়তত সাধাৰণতে কিমান জনসংখ্য়া থাকে?

উত্তৰ:- একোখন পঞ্চায়তত সাধাৰণতে  জনসংখ্য়া থাকে।


৬। পঞ্চায়তত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত?

উত্তৰ:- পঞ্চায়তত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষিত।


৭। অসমৰ পাৰ্বত্য় অঞ্চলত কেইখন স্বায়ত্বশাসিত পৰিসদ আছে আৰু কি কি?

উত্তৰ:-  অসমৰ পাৰ্বত্য় অঞ্চলত তিনিখনত স্বায়ত্বশাসিত পৰিসদ আছে আৰু সেইকেইখন হ'ল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ।


৮। ভৈয়াম অঞ্চলৰ স্বায়ত্তশাসিত পৰিষদবোৰ কি কি?

উত্তৰ:- ভৈয়াম অঞ্চলৰ স্বায়ত্তশাসিত পৰিষদবোৰ হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, ৰাভা স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদ।


৯। খালী ঠাই পূৰ কৰা一

(ক) জিলাৰ শাসনৰ গুৰিয়ালজনক উপায়ুক্ত বোলে।

(খ) সমগ্ৰ দেশৰ শাসনৰ কেন্দ্ৰস্থলক ৰাজধানী বোলে।

(গ) পৌৰ সভাৰ গুৰিয়ালজনক পৌৰপতি বোলে।

(ঘ) পৌৰ নিগমৰ মুৰব্বীজনক মেয়ৰ বোলে।

(ঙ) ভাৰতৰ ৰাজধানী দিল্লী


১০। চমু টোকা লিখা一

(ক) জিলা পৰিষদঃ-    প্ৰতিখন জিলাত একোখনকৈ জিলা পৰিষদ থাকিব। জিলাখনৰ আঞ্চলিক সমষ্টিসমূহৰ পৰা প্ৰত্যক্ষভাৱে সদস্যসকল নিৰ্বাচিত কৰে। প্ৰতিখন জিলা পৰিষদতে অনুসূচিত জাতি অৰু অনুসূচিত জনজাতিৰ ববে আসন স্ংৰক্ষিত কৰে।


(খ) আঞ্চলিক পৰিষদঃ-     প্ৰতিটো উন্নয়ন খণ্ডৰ বাবে একোখনকৈ অঞ্চলিক পঞ্চায়ত থাকে।  আঞ্চলিক পঞ্চায়ত একোখনৰ প্ৰশাসনিক এলেকাৰ ভিতৰুৱা গাঁও পঞ্চায়তসমূহৰ বাবে থকা আঞ্চলিক সমষ্টিসমূহৰপৰা একোজনকৈ প্ৰত্যক্ষভাৱে সদস্য  নিৰ্বাচিত কৰে।আঞ্চলিক পঞ্চায়তে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন স্ংৰক্ষণ কৰে।


(গ) পৌৰ সভাঃ-    ১০,০০০ ৰ অধিক জনসংখ্য়া থকা দেশসমূহত পৌৰসভা গঠন কৰা হয়। পৌৰ সভাই নগৰৰ আলি-পদূলি, খোৱা পানী, যোগান ব্য়ৱস্থা আদি চোৱা-চিতা কৰে। পৌৰ সভাৰ সৰু সৰু সমষ্টিবোৰক 'ৱাৰ্ড' বোলে। প্ৰতিটো ৱাৰ্ডতে একোজনকৈ কাউন্সিলৰ থাকে। পৌৰ সভাৰ গুৰিয়ালজনক পৌৰপতি বোলে। পৌৰসভাৰ কাৰ্য কাল পাচঁ বছৰ, কিন্তু বিশেষ পৰিস্থিতিত চৰকাৰে এই পৌৰ সভা ভংগ কৰিব পাৰে। 


(ঘ) নগৰ সমিতিঃ-    ১০,০০০ৰ কম জনসংখ্য়া থকা দেশসমূহত নগৰ সমিতি গঠন কৰা হয়। নগৰ সমিতিয়ে চহৰবোৰৰ যাতায়ত, পানী, বিজুলী শোগান, জনস্বাস্থ্য় আদিৰ চোৱা-চিতা কৰে। নগৰৰ সৰু সৰু সমষ্টিবোৰক ৱাৰ্ড বোলে। নগৰ সমিতিৰ গুৰিয়ালজন ইয়াৰ সভাপতি। নগৰ সমিতিৰ প্ৰকৃত সদস্য়সকল চৰকাৰে নিৰ্ধাৰণ কৰে। নগৰ সমিতিৰ কাৰ্যকাল পাঁচ বছৰ।    


(ঙ) পৌৰ নিগমঃ-    ব্য়ৱসায়, বাণিজ্য়, জনসংখ্য় আদি বৃদ্ধি হৈ যেতিয়া একোখন নগৰ মহানগৰীত পৰিণত হয় তেতিয়া তাত পৌৰ নিগম স্থাপন কৰা হয়। বৰ্তমান আসমৰ গুৱাহাটীতহে পৌৰ নিগম আছে। পৌৰ নিগমৰ সদস্য়সকলক কাউন্সিলৰ বোলে। তেওঁলেকক মহানগৰৰ বাসিন্দাসকলে ভোট দি নিৰ্বাচিত কৰে। পৌৰ নিগমৰ মূৰব্বীজনক মেয়ৰ বুলি কোৱা হয়। পৌৰ নিগমে মহানগৰৰ ৰাস্তা-ঘাট, পানী যোগান, গৃহ নিৰ্মাণৰ আঁচনি, দোকান, বজাৰ আৰু ব্য়ৱসায় কেন্দ্ৰ স্থাপনত অনুমোদন আদি বিভিন্ন উন্নয়নমূলক কাম কৰে।   


Mampi Kakati



Post ID : DABP006466