গঠন আৰু ভূ-প্ৰকৃতি | অধ্যায় ২ | Chapter 2 | HS 1st Year Geography Solution Assam | Class 11 Geography Solution Assam |

গঠন আৰু ভূ- প্ৰকৃতি

প্ৰশ্নাৱলীঃ

১. তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি  উলিওৱা ।

i) হিমালয় পাৰ্বত্য অঞ্চলৰ কান অংশত আমি কাৰেৱা গঠন হোৱা দেখা পাঁও?

ক) উত্তৰ- পূৱ হিমালয়

গ) পূৱ হিমালয়

খ) হিমাচল- উত্তৰাঞ্চল হিমালয়

ঘ) কাশ্মীৰ হিমালয়।

উত্তৰঃ ঘ) কাশ্মীৰ হিমালয়।


ii) লোকটক হ্ৰদ কানখন প্ৰদেশত অৱস্থিত?

 ক) কেৰেলা

 গ) মণিপুৰ

 খ) উত্তৰাঞ্চল

  ঘ) ৰাজস্থান

উত্তৰঃ গ) মণিপুৰ।


iii) তলত দিয়া কানটো জলভাগ আন্দামানক নিকোবৰ দ্বীপৰ পৰা পৃথক কৰিছে?

 ক) ১১° ডিগ্ৰী প্ৰণালী

গ) ১০° ডিগ্ৰী প্ৰণালী

 খ) মান্নাৰ উপসাগৰ 

 ঘ) আন্দামান সাগৰ

উত্তৰঃ গ) ১০° ডিগ্ৰী প্ৰণালী।


iv) ডোডাবেট্টা শৃংগ কানখন পৰ্বতত অৱস্থিত?

ক) নীলগিৰি

গ) কাৰ্ডামম পাহাৰ

খ) আনাইমালাই

ঘ) নাল্লামালা পাহাৰ

উত্তৰঃ ক) নীলগিৰি।


২. তলত দিয়া প্ৰশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

i)  যদি এজন মানুহে লাক্ষাদ্বীপলৈ যাত্ৰা কৰে তেন্ত, তেওঁ কোনটো উপকূলৰ পৰা যাত্ৰা কৰিব আৰু কিয়?

উত্তৰঃ


ii)ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায়? এই অঞ্চলত অৱস্থিত কেইশাৰী মান পৰ্বতৰ নাম লিখা।

উত্তৰঃ ভৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত বৃহৎ হিমালয়ৰ লাডাখ অঞ্চলত শীতল মৰুভূমি পোৱা যায়।

        এই অঞ্চলত অৱস্থিত কেইশাৰী মান পৰ্বতৰ নাম হ'ল-

        (ক) কাৰাকোৰম

        (খ) লাডাখ

        (গ) জাস্কৰ

        (ঘ) পিৰপাঞ্জল


iii) ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদীবোৰৰ মোহনাত ব-দ্বীপ দেখা নাযায় কিয়?

উত্তৰঃ ভাৰতৰ পশ্চিম উপকূল অঞ্চলতো বৰ ঠেক আৰু থিয় গৰা যুক্ত। তাৰোপৰি পশ্চিম উপকূলত অৱস্থিত নদীসমূহৰ প্লাৱনভূমি অতি সৰু। অৱবাহিকাবোৰ কঠিন পুৰণি শিলেৰে গঠিত হোৱাৰ বাবে আৱৰ্জনাৰ পৰিমাণ বৰ কম। এনেধৰণৰ কাৰণৰ বাবেই নদীবোৰৰ মোহনাত ব-দ্বীপ সহজে সৃষ্টি নহয় আৰু সহজে দেখা নাযায়।


৩. তলত দিয়া প্ৰশ্নবোৰৰ ১২৫ টা মান শব্দত উত্তৰ দিয়া-

 i) আৰৱ সাগৰ আৰু বংগ  উপসাগৰত থকা দ্বীপবোৰৰ তুলনা কৰা।

উত্তৰঃ আৰৱ সাগৰৰ দ্বীপবোৰ-

        (ক) আৰৱ সাগৰ স্থিত দ্বীপপুঞ্জৰ ভিতৰত লাক্ষাদ্বীপ আৰু মিনিকয় প্রধান।

       (খ) এই দ্বীপবোৰ ৮° - ১২° উত্তৰ অক্ষাংশ আৰু ৭১° - ৭৪° পূৱ দ্ৰাঘিমাৰ মাজত সিঁচৰতি হৈ আছে।

       (গ) দ্বীপসমূহ কেৰেলা উপকূলৰ পৰা ২৮০ - ৪৮০ কি. মি. দুৰত্বত অৱস্থিত।

        (ঘ) ইয়াত প্রায় ৩৬ টা দ্বীপ আছে আৰু ইয়াৰ ১১ টা জনবসতিপূর্ণ।

      (ঙ) আৰৱ সাগৰত স্থিত দ্বীপপুঞ্জৰ ভিতৰত মিনিকয় আটাইতকৈ ডাঙৰ দ্বীপ আৰু ইয়াৰ আয়তন ৪৫৩ বর্গ কি. মি.।

        (চ) এঘাৰ ডিগ্ৰী প্ৰণালীয়ে আৰৱ সাগৰৰ দ্বীপমালাক আমিনি দ্বীপ আৰু কানান্ন'ৰ দ্বীপত বিভক্ত কৰিছে।

        বংগ উপসাগৰৰ দ্বীপবোৰ-

        (ক) বংগ উপসাগৰত প্ৰায় ৫৭২ টা দ্বীপ আছে।

      (খ) এইবোৰ ৬° উত্তৰ আৰু ১৪° উত্তৰ অক্ষৰেখা আৰু ৯২° পূৱ - ৯৪° পূৱ দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত।

      (গ) বংগ উপসাগৰৰ দ্বীপমালাক উত্তৰৰ আন্দামান আৰু দক্ষিণৰ নিকোবৰ দ্বীপপুঞ্জ দুটা প্রধান ভাগত বিভক্ত কৰিছে।

       (ঘ) এই দুয়োটা দ্বীপপুঞ্জক ‘দহ ডিগ্রী প্ৰণালীয়ে পৃথক কৰিছে।

        (ঙ) নিমজ্জিত পৰ্বত উত্থিত হৈ এই দ্বীপমালাৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে।

ii) নদী উপত্যকাবোৰৰ সততে দেখা পোৱা ভূ- আকৃতিক অৱয়ববোৰ কি কি?

উত্তৰঃ নদী উপত্যকাবোৰৰ সততে দেখা পোৱা ভূ-আকৃতিক অৱয়ববোৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

        নদী উপত্যকা- নদীৰ প্ৰৱাহিত পানীৰ লগত অহা নানান আবৰ্জনা আৰু পলস পৰি গঠিত হোৱা এক অঞ্চল। 

            ভাৱৰ- পৰ্বতৰ নামনি অংশত সাধাৰণতে এই অৱয়ব দেখা পোৱা যায়।

            টাৰাই- মূল পানীৰ সোঁতৰ কিছু দূৰত্বত অৱস্থিত এক জলাহ-পিতনি অঞ্চল।

       বলুকাৰোধিকা- নদীয়ে উচ্চ অংশত খনন কাৰ্য কৰাৰ ফলত ইয়াৰ মধ্য আৰু নিম্ন অংশৰ বিভিন্ন অংশত আবৰ্জনা জমা হয়। এই আবৰ্জনাবোৰ জমা হোৱাৰ ফলত যিবোৰ অৱয়ব সৃ্ষ্টি হয় তাক বলুকাৰোধিকা বোলে।

           বিসৰ্প- নদীৰ গতিপথত কোমল শিলবোৰ খনন কৰাৰ বিপৰীতে কঠিন শিলবোৰ খনন কৰিব নোৱাৰে। সেই অৱস্থাত নদীয়ে গতিপথত বিভিন্ন বাধা পোৱাৰ বাবে নদীয়ে সৰ্পিল আকাৰে গতি কৰে। এই গতিপথক বিসৰ্প বোলে।

            অশ্বখুৰাকৃতিৰ হ্ৰদ- নদীৰ বিসৰ্পনৰ পৰিমাণ বেছি হ'লে নদীয়ে বেকাঁ পথ বাদ দি পোন পথে গতি কৰে। এই বাদ পৰি যোৱা নদীৰ গতিপথক অশ্বখুৰাকৃতি হ্ৰদ নামে জনা যায়।

iii) যদি তুমি বাংলাদেশৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰবনলৈ যোৱা তেন্তে কোনবোৰ  ভূ-আকৃতিক অৱয়ব দেখা পাবা লিখা।

উত্তৰঃ



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Pinki Kakati.

Answer by -Punya Hazarika



Post ID : DABP006443