অধ্যায় ৩                       

অসমৰ জিলাসমূহ


প্ৰশ্নাৱলীঃ

১। জিলা কাক বোলে?

উত্তৰঃ আমাৰ দেশখনৰ নাম ভাৰত। এই ভাৰতৰেই উত্তৰ-পূব অঞ্চলত অৱস্থিত অংগৰাজ্যখনৰ নাম হ'ল অসম। এই অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে ৩৫ টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একো একোটা ভাগক জিলা বুলি কোৱা হয়।


২। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান?

উত্তৰঃ অসমত বৰ্তমান জিলাৰ সংখ্য ৩৫ খন।


৩। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।

উত্তৰঃ বাগ্ছা জিলা আৰু চিৰাং জিলা।


৪। নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত ? এই ঠাইখন কিয় বিখ্যাত?

উত্তৰঃ তিনিচুকীয়া জিলাত। এই জিলাখনৰ ডিগবৈত ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেলশোধানাগাৰ ১৯০১ চনত স্থাপিত হৈছিল। মাৰ্ঘেৰিটাত প্লাইউদ তৈয়াৰ কৰা কাৰখানা আছে। লিডু, লেখাপানী, বৰগোলাই কয়লা খনিৰ বাবে বিখ্য়াত।


৫। অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত?

উত্তৰঃ কামৰূপ (মহানগৰ) জিলাত অৱস্থিত।


৬। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ লোকপ্ৰীয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।


৭। পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?

উত্তৰঃ হাজো।


৮। কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?

উত্তৰঃ হাজো সৰ্থেবাৰীত।


৯। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়?

উত্তৰঃ মৰিগাওঁ জিলাত।


১০। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰঃ বৰদোৱাত। এই ঠাইখন অসমৰ নগাওঁ জিলাত অন্তগৰ্ত।


১১। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰী কিয় বিখ্যাত?

উত্তৰঃ এই জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান।


১২। অৰুণাচল প্ৰদেশলৈ যাবপৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।

উত্তৰঃ লখিমপুৰৰ বান্দৰদেৱা অৰুনাচল প্ৰদেশলৈ যোৱা মূল প্ৰৱেশপথ।


১৩। 'ড'ম্বুবাছ' নামৰ ওখ শৃংগটো অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰঃ নগাঁও জিলাত।


১৪। হাফলং কোন জিলাৰ সদৰ ঠাই?

উত্তৰঃ হাফলং ডিমা হাছাও জিলাৰ সদৰ থাই।


১৫। বড়ো স্বয়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে?

উত্তৰঃ কোকৰাঝাৰ জিলাত।


১৬। পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ পাটবাউসী সত্ৰখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। 


১৭। তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।

জাতিংগা, শ্ৰীসূৰ্য্য পাহাৰ, দ'পৰ্বতীয়া, পাথৰিঘাট, তিতাবৰ, দুলীয়াজান, শুৱালকুছি।

উত্তৰঃ জাতিংগাঃ জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগা নামৰ ঠাইখনত পক্ষী নিৰীক্ষণৰ বাবে বিখ্য়াত। 


শ্ৰীসূৰ্য্য পাহাৰঃ শ্ৰীসূৰ্যপাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। শ্ৰীসূৰ্যপাহাৰ পুৰণি ভাস্কৰ্য্য়ৰ বাবে বিখ্য়াত।


দ'পৰ্বতীয়াঃ দ'পৰ্বতীয়া শোণিচপুৰ জিলাত অৱস্থিত। দ'পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন বাবে বিখ্য়াত।


পাথৰিঘাটঃ পাথৰিঘাট দৰং জিলাত অৱস্থিত। এই জিলাৰ পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৯৪ চনত কৃষক বিদ্ৰোহ হৈছিল।


তিতাবৰঃ  যোৰহাট নগৰ আহোম ৰাজ্য়ৰ শেষ ৰাজধানি আছিল। ইয়াত তিতাবৰত ধান আৰু ৰেছম গৱেষণা কেন্দ্ৰ আছে। 


দুলীয়াজানঃ দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত। অসমৰ দুলীয়াজানত খাৰুৱা তেলৰ উদ্য়োগ থকা বাবে বিখ্য়াত। 


শুৱালকুছিঃ শুৱালকুছি কামৰূপ (গ্ৰাম্য়) জিলাত অৱস্থিত। শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্য়াত।


১৮। তলত দিয়া ঠাইবোৰ বিষয়ে টোকা লিখা।

গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ধুবুৰী।

উত্তৰঃ (ক) গুৱাহাটীঃ অসমৰ মহানগৰসমূহৰ ভিতৰত গুৱাহাটী হৈছে এখন উল্লেখযোগ্য় মহানগৰ। পূৰণি দিনত গুৱাহাটীক "প্ৰাগজ্য়োতিষপুৰ" নামেৰে জানিব পৰা গৈছিল। গুৱাহাটী মহানগৰৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদী অৱস্থিত, দক্ষিণ দিশে মেঘালয় পাহাৰ অন্তৰ্গত, পশ্চিমত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূব দিশত আছে নাৰেঙ্গী। গুৱাহাটী মহানগৰত গুৱাহাটী বিশ্ববিদ্য়ালয় আৰু কটন মহাবিদ্য়ালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠান আছে। এই মহানগৰত চিৰিয়াখানা, নৱগ্ৰহ মন্দিৰ, শংকৰদেৱ কলাক্ষেত্ৰ ইত্য়াদিৰ নিচিনা বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে।


(খ) যোৰহাটঃ অসমৰ জিলাসমূহৰ ভিতৰত যোৰহাট হৈছে এখন উন্নতমানৰ উল্লেখযোগ্য় জিলা। যোৰহাটত অসম বিধানসভাৰ ৫টা সমষ্টি আছে। আগতে যোৰহাট জিলা শিৱসাগৰ জিলাত থকা এটা মহকুমা আছিল। যোৰহাট নামৰ উৎপত্তিৰ কাৰণ হৈছে এই স্থানত দুখন বজাৰ আছিল আৰু সেই বজাৰ দুখনৰ নাম আছিল আচিস চকা বজাৰ আৰু মাজৰ বজাৰ দুয়োখন বজাৰ এক হোৱাৰ বাবে ইয়াৰ নাম যোৰহাট হ'ল। ব্ৰহ্মপুত্ৰ নদীয়েই হৈছে যোৰহাট জিলাৰ মূখ্য নদী। এই জিলাত সৰহ পৰিমাণে খাৰুৱা তেল পোৱা যায়। যোৰহাটৰ উল্লেখযোগ্য় স্থানসমূহ হৈছে বৰগোলা, হাঁহচৰা, নকচাৰী, নিমাতী ঘাট, কাকডোঙা আদি।


(গ) শিলচৰঃ শিলচৰ হৈছে অসমৰ এখন মহানগৰ। শিলৰত ভাৰতৰ প্ৰায়ভাগ ব্য়ৱসায়ী লোকে বসতি স্থাপন কৰিছে। এই শিলচৰ নগৰখন বৰাক নদীৰ পাৰত অৱস্থিত। এই শিলচৰ মহানগৰত বিভিন্ন ধৰণৰ দৰ্শনীয় স্থল আছে। এই নগৰত থকা দৰ্শনীয় স্থলসমূহ হ'ল- গান্ধীবাগ পাৰ্ক, খাচপুৰ, ভূৱনেশ্বৰ মন্দিৰ, কাঁচা কান্তি কালী মন্দিৰ, ইচকন মন্দিৰ, মনিহৰণ সুৰংগ। এই স্থানৰ লোকসকলৰ মূল খাদ্য় হৈছে ভাত আৰু মাছ। শিলচৰত বিভিন্ন ধৰণৰ শিক্ষাৰ অনুষ্ঠান আছে। অসমৰ দক্ষিণ দিশত শিলচৰ মহানগৰ অৱস্থিত।


(ঘ) তেজপুৰঃ তেজপুৰ হৈছে অসমৰ েখন প্ৰখ্যাত জিলা। প্ৰাচীনকালত এই জিলাৰ নাম শোণিতপুৰ আছিল। পূৰণি আখ্যান মতে এই শোণিতপুৰত বাণ নামৰ এজন শিৱভক্ত ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ জীয়ৰী ঊষাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত গন্ধৰ্ব বিৱাহ পাশত আবদ্ধ হৈছিল। বাণ ৰজা এই বিৱাহৰ বিৰুদ্ধে গৈ অনিৰুদ্ধৰ লগত যুদ্ধ কৰিছিল। এই যুদ্ধত শিৱাই বাণ ৰজাৰ পক্ষ আৰু ভগৱান শ্ৰী কৃষ্ণই নাতিয়েক অনিৰুদ্ধৰ পক্ষ লৈ যুদ্ধ কৰিছিল। এই যুদ্ধত গোটেই পৃথিৱী কঁপি উঠিছিল আৰু গোটেই শোণিতপুৰ খন তেজেৰে ৰাঙলী হৈ পৰিছিল বাবে শোণিতপুৰৰ সলনি তেজপুৰ হ'ল। এই তেজপুৰ জিলাত বিভিন্ন ধৰণৰ দৰ্শনীয় স্থল আছে- অগ্নিগড়, চিত্ৰলেখা পাৰ্ক, মহাভৈৰৱ মন্দিৰ ইত্য়াদি। 


(ঙ) ধুবুৰীঃ অসমৰ জিলাসমূহৰ ভিতৰত ধুবুৰী হৈছে এখন উল্লেখযোগ্য় জিলা। অসমৰ নামনি অংশত এই ধুবুৰী জিলাখন অন্তৰ্গত। প্ৰাচীন কালত ধুবুৰীৰ নেতাই ধুবুনীৰ ঘাত আছিল কাৰণেই ধুবুৰী নামৰ উৎপত্তিৰ কাৰণ বুলি জানিব পৰা যায়। ধুবুৰীত বিভিন্ন ধৰণৰ দৰ্শনীয় স্থল আছে। টোকোৰাবন্ধা, চান্দৰডিঙা, বকুৱামাৰী ইত্য়াদি পাহাৰ ধুবুৰীতে অন্তৰ্গত। মৃৎশিল্পৰ কাৰণে ধুবুৰীত আশাৰীবান্দী নামৰ এক উল্লেখনীয় স্থান আছে।


Hirak Jyoti Bora.



Post ID : DABP006463