জলবায়ু | অধ্যায় ৪ | Chapter 4 | Class 11 Geography solution Assamese Medium | HS 1st Year Geography Answer Assam | HS 1st Year Geography Notes And Suggestion

জলবায়ু

  - অনুশীলনী -  

১। তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) শীতকালী তামিলনাডু উপকীলত বৰষুণৰ সৃষ্টি কিহৰ কাৰণে হয়? 

(ক) দক্ষিণ পশ্চিম মৌচুমী।

(খ) উত্তৰ পূৱ মৌচুমী।

(গ) সমমণ্ডলীয় ঘূৰ্ণীবতাহ।

(ঘ) স্থানীয় বতাহৰ সোঁত।

উত্তৰঃ (ক) দক্ষিণ পশ্চিম মৌচুমী।

(ii) ভাৰতবৰ্ষত কিমান পৰিমাণৰ (অনুপাতত) ঠাইত বৰষুণৰ মাত্ৰা বছৰি ৭৫ ছে.মি.ৰত কৈ কম? 

(ক) আধা অংশত।






উত্তৰঃ (গ) ১/৩ অংশত।

(iii) দক্ষিণভাৰতৰ ক্ষেত্ৰত তলৰ কোনটো কথা নেখাটে? 

(ক) উত্তাপৰ দৈনিক পৰিসৰ ইয়াত কম।

(খ) উত্তাপৰ বছৰেকীয়া পৰিসৰ ইয়াত কম।

(গ) গোটেই বছৰ জুৰি উত্তাপ উচ্চ হৈ থাকে।

(ঘ) ইয়াত চৰম ভাবাপন্ন জলবায়ু পোৱা যায়।

উত্তৰঃ (ঘ) ইয়াত চৰম ভাবাপন্ন জলবায়ু পোৱা যায়

(iv) দক্ষিণ গোলাৰ্দ্ধত মকৰক্ৰান্তীৰেখাৰ ওপৰত সূৰ্য্য যেতিয়া পোন হৈ থাকে তলত দিয়াবোৰৰ কোনটো সংঘটিত হয়? 

(ক) উত্তৰ-পশ্চিম ভাৰতত উচ্চ চাপৰ সৃষ্টি হয়, উত্তাপ কৰি যোৱাৰ কাৰণে।

(খ) উত্তৰপশ্চিম ভাৰতত নিম্ন চাপৰ সৃষ্টি হয়, উত্তাপ বাঢ়ি যোৱাৰ কাৰণে।

(গ) উত্তৰপশ্চিম ভাৰতত উত্তাপ আৰু চাপৰ কোনো পৰিবৰ্তন নহয়।

(ঘ) উত্তৰপশ্চিম ভাৰতত লু বতাহ বলে।

উত্তৰঃ (খ) উত্তৰপশ্চিম ভাৰতত নিম্ন চাপৰ সৃষ্টি হয়, উত্তাপ বাঢ়ি যোৱাৰ কাৰণে।

(v) কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ মতে 'As' প্ৰকাৰৰ জলবায়ু ভাৰতৰ কোনখন ৰাজ্যত দেখা যায়? 

(ক) কেৰেলা আৰু কৰ্ণাতকৰ উপকূলত 

(খ) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত

(গ) কৰমণ্ডল উপকূলত।

(ঘ) অসম আৰু অৰুণাচল প্ৰদেশত।

উত্তৰঃ (গ) কৰমণ্ডল উপকূলত।

২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা।

(i) ভাৰতৰ বতৰত প্ৰভাৱ পেলোৱা তিনিটা প্ৰধান কাৰক কি? 

উত্তৰঃ ভাৰতৰ বতৰত প্ৰভাৱ পেলোৱা তিনিটা প্ৰধান কাৰক হ'ল-

    (১) ভূপৃষ্ঠত বায়ুৰ চাপ আৰু বতাহৰ ফলত ভাৰতৰ বতৰত প্ৰভাৱ পৰে।

    (২) জেট প্ৰবাহ আৰু উচ্চস্তৰীয় বায়ুপ্ৰবাহৰ ফলত।

    (৩) পশ্চিমা ঘূৰ্ণীবাতজনিত অস্থিৰতা আৰু ক্ৰান্তীয় ঘূৰ্ণীবাতৰ ফলত।

(ii) আন্তঃক্ৰান্তীয় মিলিত মণ্ডল (ITCZ) কি?

উত্তৰঃ আন্তঃক্ৰান্তীয় মণ্ডল এক নিম্নচাপ যুক্ত অঞ্চল। এই মণ্ডল বিষুৱৰেখাৰ ঠিক ওপৰতে অৱস্থিত। বিষুৱৰেখাৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা বৈ অহা এই অঞ্চলৰ মুখা মুখি হয়। ফলত বায়ু ওপৰলৈ উঠি যায়।

(iii) মৌচুমীৰ হঠাৎ উদ্ভাবন (bursting of monsoon) মানে কি? অধিক বৰষুণ হোৱা ভাৰতৰ ঠাইবোৰৰ নাম লিখা?

উত্তৰঃ ভাৰতবৰ্ষৰ জলবায়ু মৌচুমী প্ৰধান। 

        অধিক বৰষুণ হোৱা ভাৰতৰ ঠাইবোৰৰ নাম হ'ল মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম। এই ঠাইত ১০০০ চেঃ মিঃ বৰষুণ হয়। 

(iv) জলবায়ু অঞ্চল কাক বোলে? কোপেনৰ শ্ৰেণীবিভাগ কিহৰ ওপৰত নিৰ্ভৰশীল? 

উত্তৰঃ জলবায়ুৰ উপৰিভাগত কিছুমান অঞ্চল আছে য'ত জলবায়ুৰ বিভিন্ন কাৰকবোৰৰ মাজত যথেষ্ট মিল দেখিবলৈ পোৱা যায়। এনেধৰণৰ অঞ্চলবোৰক জলবায়ু অঞ্চল বোলে।

        কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ উত্তাপ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ ৫টা জলবায়ুৰ প্ৰাকৰ বাচি উলিয়াইছিল। সেইকেইটা তলত উল্লেখ কৰা হ'ল-

    (১) ক্ৰান্তীয় জলবায়ু

    (২) শুকান জলবাায়ু

    (৩) অলপ গৰম সমমণ্ডলীয় জলবায়ু

    (৪) শীতল সমমণ্ডলীয় জলবায়ু

    (৫) শীতল

(v) শীতকালি উত্তৰ-পশ্চিম ভাৰতত কোন প্ৰকাৰৰ ঘূৰ্ণী বতাহৰ দ্বাৰা বৰষুণ হয়? ঘূৰ্ণী বতাহবোৰৰ আৰম্ভণি ক'ত? 

উত্তৰঃ শীতকালি উত্তৰ-পশ্চিম ভাৰতত পশ্চিম অশান্ত ঘূৰ্ণি বতাহৰ দ্বাৰা বৰষুণ হয়। এই ঘূৰ্ণী বতাহবোৰৰ আৰম্ভণি ভূমধ্য সাগৰীয় অঞ্চলত হোৱা দেখা যায় আৰু এই বায়ুপ্ৰবাহক ভাৰতবৰ্ষলৈ পশ্চিমা জেট প্ৰবাহে বোৱাই আনে

৩। ১২৫ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) বহল ভিত্তিত জলবায়ুৰ মিল থকা সত্বেও, ভাৰতৰ জলবায়ুৰ বহুতো আঞ্চলিক ভিন্নতা আছে। উপযুক্ত উদাহৰণেৰে এই উক্তিটো বহলাই লিখা।

উত্তৰঃ

(ii) ভাৰতৰ বতৰবিজ্ঞান বিভাগে দিয়ামতে ভাৰবৰ্ষত কেইটা ঋতু সুষ্পষ্ট? ইয়াৰ যি কোনো এটা ঋতুৰ লগত জড়িত বতৰৰ অৱস্থাবোৰৰ বিষয়ে বিতংভাৱে লিখা।

উত্তৰঃ ভাৰতৰ বতৰবিজ্ঞান বিভাগে দিয়ামতে ভাৰতবৰ্ষত চাৰিটা ঋতু সুষ্পষ্ট। সেইকেইটা হ'-

    (১) শীতকাল (Cold weather season)

    (২) গ্ৰীষ্মকাল (Hot weather season)

    (৩) দক্ষিণ পশ্চিম মৌচুমী কাল

    (৪) মৌচুমী পশ্চাৎ কাল (Retreating monsoon season)

    ওপৰৰ চাৰিটা ঋতুৰ লগত ভাৰতবৰ্ষৰ জনজীৱন আৰু অৰ্থনীতিৰ ওপৰত এই চাৰিটা ঋতুৰ অৱদান উল্লেখযোগ্য। এই চাৰিটা ঋতুৰ ভিতৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ অৱদান এক বিশেষ বৈশিষ্ট্য আছে জনজীৱন আৰু অৰ্থনীতিৰ ওপৰত।

        দক্ষিণ পশ্চিম মৌচুমী কালঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহে যেতিয়া প্ৰচুৰ পৰিমাণে জলীয় ভাপ কঢ়িয়াই আনি গাজনি-ঢেৰেকণি আৰু বিজুলীৰ দ্বাৰা বৰষুণ দিয়ে এনেধৰণৰ ঘটনাক মৌচুমীৰ হঠাৎ উদ্ভাবন বোলে। এই জলীয় ভাপ কঢ়িয়াই অনা বতাহজাকে ভাৰতবৰ্ষত দুই ভাগ হৈ প্ৰবেশ কৰে। সেই ভাগ কেইটা হ'ল-

        (ক) আৰব সাগৰেদি অহা শাখা।

        (খ) বঙ্গোপসাগৰেদি অহা শাখা।

    (ক) আৰব সাগৰেদি অহা মৌচুমী বতাহ তিনিটা ভাগ হৈ ভাৰতত প্ৰবেশ কৰে- ইয়াৰ এটা ভাগ পশ্চিমঘাট পৰ্বতৰ দ্বাৰা বাধাপ্ৰাপ্ত হয়। ফলত এই বতাহে পৰ্বতৰ ঢালেদি ওপৰৰ ফালে শীতল হৈ পৰে আৰু বতাহৰ আগমন ঢালত বৰষুণ দিবলৈ আৰম্ভ কৰে।

    ইয়াৰে আন এটা ভাগে মুম্বাই উপকূলত খুন্দা মাৰে, নৰ্মদা আৰু তাপ্তি নদীৰ উপত্যকাইদি দেশৰ ভিতৰলৈ প্ৰবেশ কৰি মধ্য ভাৰতত বিস্তৃতভাবে বৰষুণ হয়।

    ইয়াৰে তৃতীয় শাখাটোৱে সৌৰাষ্ট্ৰ উপদ্বীপ আৰু কচ্চত খুন্দা মাৰে। তাৰ পিছত পশ্চিম ৰাজস্থানৰ ওপৰেদি গৈ আৰৱলী পৰ্ব্বতত বাধা পায় অলপ অচৰপ বৰষুণ দিয়ে।

    (খ) বঙ্গোপসাগৰেদি অহা মৌচুমী বতাহ জাকে প্ৰথমে দক্ষিণ-পূব বাংলাদেশ আৰুু ম্যানমাৰৰ উপকূলত খুন্দা মাৰে। ম্যানমাৰৰ উপকূলত থকা আৰাকান পৰ্বতৰ লানিয়ে মৌচুমী বতহাৰ এটা বৃহৎ অংশক ভাৰত উপমহাদেশৰ পিনে ঘুৰাই পঠিয়ায়। ফলত এইজাক বতাহ দক্ষিণ-পশ্চিমফালৰ পৰা অহাৰ পৰিবৰ্তে পশ্চিমবঙ্গ আৰু বাংলাদেশত দক্ষিণ আৰু দক্ষিণ পূব ফালৰ পৰা প্ৰৱেশ কৰে। এইজাক বতাহ হিমালয় পৰ্বত আৰু উত্তৰ-পূবত থকা নিম্ন চাপৰ প্ৰভাবত পৰি দুটা ভাগত বিভক্ত হৈ পৰে। ইয়াৰ এটা ভাগে গংগা সমভূমিয়েদি পশ্চিম ফালে গতি কৰি পঞ্জাৱ সমভূমি পায়গৈ। আনটো শাখাই ব্ৰহ্মপুত্ৰ উপত্যকাইদি উত্তৰ-পূব ফালে আগবাঢ়ি গৈ বিস্তৃত অঞ্চলত বৰষুণ দিয়ে।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





 Answer by - Punya Hazarika

Type- Himanku Bora  




Post ID : DABP006492