পাঠ ৬
প্ৰাকৃতিক দুৰ্যোগ আৰু অসম
(১) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা।
উত্তৰঃ যিবোৰ প্ৰাকৃতিক পৰিঘটনাৰ ফলত মানুহৰ লগতে অন্য়ান্য় জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি আদিৰ নানান ক্ষয়-ক্ষতি, আলাই-আথানি হয় সেইবোৰক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়।
ধুমুহা, বানপানী, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰি, ছুনামি আদি।
(২) খালী ঠাই পূৰ কৰা―
(ক) বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম বতৰ বিজ্ঞান কেন্দ্ৰ।
(খ) ভূমিকম্পৰ প্ৰাবল্য়ৰ পৰিমান জোখা যন্ত্ৰটোৰ নাম ভূকম্পলেখ।
(গ) বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম জলসম্পদ বিভাগ।
(ঘ) ২০০১ চনত গুজৰাটত এটা বৰভূঁইকঁপ হৈছিল।
(ঙ) ভাৰতবৰ্ষৰ উত্তৰ-পূৱৰ ৰাজ্য়সমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়।
(৩) তলত উল্লেখ কৰা কামকেইটা কি কি প্ৰাকৃতিক দুৰ্যোগৰ লগত জড়িত কাষৰ খালী বাকচত লিখা।
(ক) ওখ ওখ মথাউৰি বন্ধাঃ- বানপানী।
(খ) নদী উপত্য়কা অঞ্চলত গছ-গছনি ৰোৱাঃ- গৰাখহনীয়া।
(গ) জধে-মধে গছ-গছনি কটাঃ- বানপানী।
(ঘ) নলা-নৰ্দমা খান্দি পানী বৈ যাবলৈ দিয়াঃ- বানপানী।
(ঙ) ডাঙৰ গছ-গছনিৰ তলত ৰৈ নাথাকি মুকলি ঠাইত ৰোৱাঃ- ভূমিকম্প।
(চ) মাটিৰ বহন ক্ষমতা অনুযায়ী ঘৰ সজাঃ- ভূমিকম্প।
(ছ) বতৰৰ আগজাননী অনুসৰি নিৰাপদ ঠাইলৈ যোৱাঃ- ধুমুহা।
৪। তলত দিয়া প্ৰাকৃতিক দুৰ্যোগবোৰ হ'লে কি কি ক্ষতি হয় এখন তালিকা প্ৰস্তুত কৰা।
|
|
|
|
১।
২। ৩। ৪। |
|
ঘৰ-দুৱাৰ, গছ-গছনি ভাগি পৰে। মাটি তল পৰি নদীৰ সৃষ্টি হয়। কেতিয়াবা ভূ-খণ্ড ওপৰলৈ উঠি পাহাৰৰ সৃষ্টি হয়। নদীৰ সোঁত সলনি হয় আৰু কেতিয়াবা সাগৰত ছুনামিৰ সৃষ্টি হয়। |
|
-শ্ৰী হিৰু মনি বৰা
Post ID : DABP006247