পৰিৱেশ আৰু প্ৰদূষণ | Lesson 7 | Class 4 Social Science Sankardev School Question Answer |শংকৰদেৱ স্কুল চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৭

পৰিৱেশ আৰু প্ৰদূষণ


(১) পৰিৱেশ কাক বোলে?

উত্তৰঃ বায়ু, পানী আৰু মাটিৰে বেঢ়ি থকা আমাৰ চৌপাশটোক পৰিৱেশ বোলে।


(২) প্ৰদূষণ কাক বোলে? প্ৰদূষণ কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ অপদ্ৰব্য়ৰ দ্বাৰা বায়ু, মাটি আৰু পানী দূষিত হোৱাকে প্ৰদূষণ বোলে।


(৩) বায়ু প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ হৈছে-

-যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে।

-তাপ-বিদ্য়ুৎ কেন্দ্ৰবোৰৰ পৰা ওলোৱা গেছে বায়ু প্ৰদূষণ কৰে।

-মৰুভূমিৰ বালিত হোৱা ধুমুহা আৰু আগ্নেয়গিৰিৰৰ পৰা ওলোৱা বিভিন্ন পদাৰ্থই বায়ু দূষিত হয়।

- পলিথিন পুৰিলে সৃষ্টি হোৱা বিষাক্ত ধোঁৱাই বায়ু প্ৰদূষণ কৰে।


(৪) পানী প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পানী প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ হৈছে- 

-ঘৰুৱা পেলনীয়া দ্ৰব্য়সমূহ, কৃষি পথাৰত দিয়া সাৰৰ উটি যোৱা অংশ পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

-জীৱ-জন্তুৰ মল-মূত্ৰ, গছৰ ডাল-পাত পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

-বিভিন্ন উদ্য়োগ, খনি আদিৰ পৰা উলিয়াই দিয়া অলাগতিয়াল পদাৰ্থসমূহ পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

-বিভিন্ন ৰোগৰ বীজাণু, বেক্টেৰিয়া, ভাইৰাছ আদিয়েউ পানী দূষিত হয়।


(৫) পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰৰ নাম হৈছে- টায়েফয়েড, গ্ৰহণী, পেট চলা আৰু হেপটাইটিছ।


(৬) শব্দ প্ৰদূষণ কাক বোলে? শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি ব্য়ৱস্থা ল'বা?

উত্তৰঃ শব্দ প্ৰদূষণ হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ।

    শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ আমি অকাৰণতে চিঞৰ-বাখৰ কৰিব নালাগে, উৎসৱ-পাৰ্বণসমূহত ফটকা, বোমা আদিৰ ব্য়ৱহাৰ কমকৈ কৰিব লাগিব।


(৭) পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে ৩টা ব্য়ৱস্থা উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে ৩টা ব্য়ৱস্থা হৈছে- 

-বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব।

-মাটিৰ লগত মিহলি নোহোৱা পলিথিনবোৰ আমি পৰাপক্ষত ব্য়ৱহাৰ কৰিব নালাগে। ব্য়ৱহাৰ কৰিলেও মাটিত পুতি পেলাব বা পুৰিব নালাগে।

-জনসংখ্য়া বৃদ্ধিক নিয়ন্ত্ৰণ আনিব লাগিব।


(৮)  পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ হৈছে- বনাঞ্চল ধ্বংসীকৰণ, জনসংখ্য়া বৃদ্ধি, অপৰিকল্পিত নগৰীকৰণ আৰু বিভিন্ন উদ্য়োগ স্থাপন।


৯। খালী ঠাই পূৰ কৰা一

(ক) প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ পালন কৰা হয়।

(খ) পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা আঁচনিখনৰ নাম হ'ল সামাজিক বনানিকৰণ

(গ) গছে আমাক শীতল ছাঁ দিয়ে। 

(ঘ) উদ্ভিদ আৰু প্ৰাণী উভয়ে পৰস্পৰ নিৰ্ভৰশীল


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP006249