Chapter: 5

অসমৰ যাতায়াত ব্য়ৱস্থা



১। চমু উত্তৰ দিয়া一

(ক) অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ যাতায়ত ব্য়ৱস্থা আছে।


(খ) তোমাৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম লিখা।

উত্তৰঃ মোৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ।


(গ) অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হৈছে- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।


(ঘ) ২নং ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ গৈছে?

উত্তৰঃ ২নং ৰাষ্ট্ৰীয় ঘাইপথটো বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ মঙলদৈ-খাৰুপেটীয়া-তেজপুৰ-বিশ্বনাথ চাৰিআলি-নাৰায়ণপুৰ-উত্তৰ লক্ষিমপুৰ-ধেমাজি হৈ জোনাইলৈ গৈছে।


(ঙ) অসমৰ লগত ভাৰতৰ সংযোগী পথ কোনটো?

উত্তৰঃ ভাৰতৰ মূল ঠেক ভূ-খণ্ড এটাইদি অসমক ভাৰতবৰ্ষৰ লগত সংযোগ কৰিছে।


২। অসমত কেইপ্ৰকাৰৰ ৰে'লপথৰ সুবিধা আছে?

উত্তৰঃ অসমত দুইপ্ৰকাৰৰ ৰে'লপথৰ সুবিধা আছে।


৩। অসমত থকা বিমান বন্দৰকেইটাৰ নাম লিখা।

উত্তৰঃ অসমৰ গুৱাহাটীৰ বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে। তাৰ বাহিৰেও তেজপুৰৰ শালনি, যোৰহাটৰ ৰৰৈয়া ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰআছে।


৪। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলঙৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলঙৰ নাম হৈছে- শৰাইঘাট, কলিয়াভোমোৰা আৰু নৰনাৰায়ণ সেতু।


৫। ব্ৰহ্মপুত্ৰৰ ওপৰৰ কোনকেইখন দলঙত পথ আৰু ৰে'ল পৰিবহণ ব্য়ৱস্থা আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট আৰু নৰনাৰায়ণ সেতু দলঙত পথ আৰু ৰে'ল পৰিবহণ ব্য়ৱস্থা আছে।


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP006245