প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ

     ーঅনুশীলনীー     

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(ক) তলত উল্লেখ কৰা কোনখন ৰাজ্যত বানপানী সঘনে হ'য়?

(১) বিহাৰ

(২) পশ্চিম বঙ্গ

(৩) অসম

(৪) উত্তৰ প্ৰদেশ

উত্তৰঃ (৩) অসম।

(খ) উত্তৰাঞ্চল ৰাজ্যৰ, তলত উল্লেখ কৰা কোখন জিলাত মালপা ভূমিস্খলন সংঘটিত হৈছে? 

(১) বাগেশ্বৰ 

(২) চম্পাৱত

(৩) আলমেৰা

(৪) পিথোৰাগড়

উত্তৰঃ (৪) পিথোৰাগড়।

(গ) তলৰ কোনখন ৰাজ্যত শীতকালিও বানপানী হ'য়? 

(১) অসম 

(২) পশ্চিম বঙ্গ

(৩) কেৰেলা 

(৪) তামিলনাডু

উত্তৰঃ (৪) তামিলনাডু।

(ঘ) তলৰ কোনটো নদীৰ মাজত মাজুলী দ্বিপ অৱস্থিত?

(১) গঙ্গা

(২) ব্ৰহ্মপুত্ৰ

(৩) গোদাৱৰী

(৪) সিন্ধু নদী

উত্তৰঃ (২) ব্ৰহ্মপুত্ৰ।

(ঙ) শীতল ধুমুহা, তলৰ কোন প্ৰকাৰ প্ৰকৃতিক দুৰ্য্যোগৰ অৰ্ন্তভূক্ত?

(১) বায়ুমণ্ডলীয়

(২) জলসম্পৰ্কীয়

(৩) পাৰ্থিব

(৪) জৈৱিক

উত্তৰঃ (১) বায়ুমণ্ডলীয়।

২। ৩০ শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(১) বিপদ এটাক কেতিয়া দুৰ্যোগ বুলি কোৱা হ'য়?

উত্তৰঃ যেতিয়া এটা বিপদৰ দ্বাৰা সংঘটিত ক্ৰিয়াকলাপবোৰ নিয়ন্ত্ৰণৰ বাহিৰত যায় আৰু কোনো আগজাননী নিদিয়াকৈ হঠাতে হয় মানুহৰ জীৱন সম্পত্তিৰ ক্ষতি সাধন কৰে আৰু লগতে অনেক মানুহে মৃত্যুৰ সন্মুখীন হ'ব লগা হয়। এনেকৈ হঠাতে হোৱা ঘটনাক দুৰ্যোগ বুলি কোৱা হয়।

(২) ভাৰতবৰ্ষৰ হিমালয় অঞ্চল আৰু উত্তৰ-পূৱ অঞ্চলত অধিক পৰিমাণে ভূমিকম্প হয় কিয়?

উত্তৰঃ ভাৰতীয় ফলকখন বছৰি ১ ছেন্টিমিটাৰ গতিত উত্তৰ আৰু উত্তৰ-পূৱ দিশত আগবাঢ়ি আছে আৰু এই গতিত বাধাৰ সৃষ্টি কৰিছে ইউৰেছিয় ফলক খনে উত্তৰৰ ফালৰ পৰা। ইয়াৰ ফলত দুয়োখন ফলক আৱদ্ধ হৈ পৰিছে আৰু সঞ্চিত শক্তিয়ে জোৰ বা বলৰ উদ্ভৱ ঘটায় যিয়ে অৱশেষত বাধাৰ প্ৰাচীৰ ভাঙি দিয়ে আৰু সঞ্চিত শক্তিসমূহ হঠাতে মুক্ত হৈ হিমালয় পাৰ্বত্য ধনুত ভূমিকম্পৰ সৃষ্টি কৰে। সেইবাবে এই অঞ্চলত অধিক পৰিমাণে ভূমিকম্প হয়।

(৩) ঘূৰ্ণী ধুমুহা সৃষ্টি হ'বলৈ মৌলিক প্ৰয়োজনবোৰ কি?

উত্তৰঃ ঘূৰ্ণী ধুমুহা সৃষ্টি হ'বলৈ মৌলিক প্ৰয়োজনবোৰ হ'ল-

       (ক) যথেষ্ট পৰিমাণে গৰম-জলীয়ভাপ বাহী বতাহৰ নিৰ্বিঘ্ন যোগান যিয়ে অধিক পৰিমাণে সুপ্ত উত্তাপ মুক্ত কৰিব পাৰে।
       (খ) শক্তিশালী কোৰিওলিচ বল যিয়ে নিম্নচাপৰ কেন্দ্ৰ ভৰ্ত্তি হোৱাত বাধা দিব পাৰে।

       (গ) ট্ৰপোস্ফিয়েৰত থকা বায়ুৰ অস্থিৰ অৱস্থা যিয়ে স্থানীয় নিম্নচাপৰ সৃষ্টি কৰে আৰু যাক আলম কৈ একোটা বৃহৎ ধুমুহাৰ উৎপত্তি হয়।

       (ঘ) শেষত, শক্তিশালী উলম্বিক বতাহৰ ওৱেজৰ অনুপস্থিতি, যিয়ে সুপ্ত উষ্ণতাৰ উলম্বিক পৰিবহণত বিঘিনি ঘটায়।

(৪) পূৱ ভাৰতত হোৱা বানপানী আৰু পশ্চিম ভাৰতত হোৱা বানপানীৰ পাৰ্থক্যবোৰ কি?

উত্তৰঃ পূৱ ভাৰতত হোৱা বানপানী আৰু  পশ্চিম ভাৰতত হোৱা বানপানীৰ পাৰ্থক্যবোৰ হ'ল-

    (ক) পূৱ ভাৰতৰ বানপানী অতি শক্তিশালী। আনহাতে পশ্চিম ভাৰতৰ বানপানী শক্তিশালী নহয়।

    (খ) পূৱ ভাৰতৰ বানপানীৰ ফলত জীৱ-জন্তু বা মানুহৰ মৃত্যু হোৱাও দেখিবলৈ পোৱা যায়। আনহাতে পশ্চিম ভাৰতৰ বানপানী ফলত জীৱ-জন্তু বা মানুহৰ ক্ষতি হোৱা দেখিবলৈ পোৱা নাযায়। কিয়নো পূৱ ভাৰতৰ বানপানী দৰে পশ্চিম ভাৰতৰ ইমান শক্তিশালী নহয়।

(৫) মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ কাৰণ কি? 

উত্তৰঃ

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰবোৰ দিয়া।

(১) ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ চিনাক্ত কৰা আৰু তাক প্ৰশমিত কৰাৰ উপায় কিছুমান আগবঢ়োৱা। 

উত্তৰঃ ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ হ'ল-

        (ক) অতি উচচ প্ৰৱণ মণ্ডলঃ এই মণ্ডলৰ ভিতৰত ধৰা ঠাইসমূহ হ'ল- নতুন হিমালয়, আন্দামান-নিকোবৰ দিপপুঞ্জ, পশ্চিমঘাট পৰ্বত আৰু নিলগিৰি পাহৰৰ অধিক বৰষুণ হোৱা থিয় ঢালবোৰ, উত্তৰ-পূব অঞ্চল, ভূমিকম্প হোৱা ঠাইবোৰ আৰু মানৱ কাৰ্য্যৰ উচ্চ প্ৰৱণতা থকা অঞ্চলবোৰ যেনে ৰাস্তা বন্ধা, বান্ধ দিয়া আদি।

       (খ) উচ্চ প্ৰৱণ মণ্ডলঃ অতি উচ্চ প্ৰৱণ মণ্ডলত থকা অঞ্চলবোৰকো এই মণ্ডলৰ ভিতৰত ধৰা হয়। দুয়োটাৰ মাজত একমাত্ৰ পাৰ্থক্য নিয়ন্ত্ৰণকাৰী কাৰকবোৰৰ যোৰ বা শক্তি আৰু বাৰ। হিমালয় অঞ্চলৰ ৰাজ্যবোৰ আৰু উত্তৰ-পূৱৰ অঞ্চলবোৰ, অসম সমভূমিক বাদ দি, এই মণ্ডলৰ ভিতৰত পৰিছে।

        (গ) মধ্যমীয়াৰ পৰা নিম্ন প্ৰৱণ মণ্ডলঃ যিবোেৰ অঞ্চলত বৰষুণৰ মাত্ৰা কম যেনে লাডাখ, স্পিটি ওখোৰা-মোখোৰা কিন্তু স্থিৰ ভূ-অৱয়ব, কম বৰষুণ হোৱা আৰবলী অঞ্চল, পশ্চিমঘট আৰু পূৰ্বঘাট অঞ্চলৰ বৃষ্টিছায়া অঞ্চল, দাক্ষিণাত্য মালভূমি, জাৰখণ্ড, উৰিষ্যা, ছটিছগড়, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, গোৱা আৰু কেৰেলা আদি ঠাই এই মণ্ডলৰ ভিতৰত ধৰা হয়।

        (ঘ) অন্যান্য অঞ্চলঃ ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ পশ্চিম বঙ্গ, অসম আৰু দক্ষিণৰ ৰাজ্যবোৰৰ উপকূলীয় অঞ্চলবোৰত ভূমিস্খলন নহয়। এই অঞ্চলবোৰক অন্যান্য অঞ্চলৰ ভিতৰত ধৰা হৈছে।

(২) ভেদ্যতা মানে কি? খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক প্ৰাকৃতিক দুৰ্য্যোগ প্ৰৱণতাৰ মণ্ডলক ভাগ কৰা আৰু তাক প্ৰশমিত কৰাৰ কেইটামান উপায় আগবঢ়োৱা।

উত্তৰঃ ভূমিকম্প হোৱাটো বন্ধ কৰিব নোৱাৰি, কিয়নে এইটো প্ৰাকৃতিক দুৰ্যোগ। গতিকে আমি দুৰ্যোগ অহাৰ আগতে সাজু হৈ থাকিব লাগিব। ভেদ্যতা এনে এক ব্যৱস্থা যিয়ে মানুহৰ মাজত বিপদ বা দুৰ্যোগৰ খবৰ প্ৰচাৰ কৰে।

        বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতৰ প্ৰাকৃতিক দুৰ্য্যোগ প্ৰৱণতাৰ মণ্ডল সমূহ হ'ল-

    (ক) অতি বেছি খৰাং অঞ্চলঃ এই অঞ্চলৰ অন্তৰ্গত ৰাজস্থানৰ বেছিভাগ অঞ্চল বিশেষকৈ আৰাৱলী পৰ্বতৰ পশ্চিমফালটো যেনে মৰুজস্থলী আৰু গুজৰাটৰ কচ্চ অঞ্চল এই অঞ্চলৰ ভিতৰত পৰে।

        (খ) বেছি খৰাং অঞ্চলঃ ৰাজস্থানৰ পূৱ অংশ, মধ্য প্ৰদেশৰ অধিক অংশ, মহাৰাষ্ট্ৰৰ পূৱ অংশ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল, তামিলনাড়ুৰ উত্তৰৰ ভিতৰুৱা অংশ, জাৰখণ্ডৰ দক্ষিণ অংশ আৰু উৰিষ্যাৰ ভিতৰুৱা অঞ্চল আদি এই অঞ্চলৰ অন্তৰ্গত।

        (গ) মধ্যমীয়া ধৰণৰ খৰাং অঞ্চলঃ ৰাজস্থানৰ উত্তৰ অংশ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দক্ষিণৰ জিলাসমূহ, গুজৰাট, কংকনক বাদ দি মহাৰাষ্ট্ৰ, জাৰখণ্ড, তামিলনাডুৰ কোইমবাতুৰ মালভূমি, কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল এই অঞ্চলৰ অন্তৰ্গত। ভাৰতবৰ্ষৰ আন আন অঞ্চলবোৰ খৰাং বতৰৰ প্ৰভাৱৰ বাহিৰত পৰে।

(৩) কেতিয়া উন্নয়নমুখী কাৰ্য্যও দুৰ্য্যোগৰ কাৰণ হ'ব পাৰে? 

উত্তৰঃ প্ৰাকৃতিক শক্তিবোৰেই দুৰ্যোগৰ একমাত্ৰ কাৰণ নহয়। মানুহৰ কাম-কাজেও দুৰ্যোগৰ সৃষ্টি কৰে। মানুহে কৰা কিছুমান কাৰ্য্যও দুৰ্য্যোগ সৃষ্টিৰ প্ৰদান কাৰণ। উদাহৰণস্বৰূপে এই বিষয়ে তলত উল্লেখ কৰা হ'ল-

        (ক) ভূপালৰ গেচ দুৰ্য্যোগ।

        (খ) চাৰনোবিল পাৰমাণবিক বিপদ।

        (গ) যুদ্ধ, CFC গেছৰ প্ৰভাব।

    (ঘ) সেউজ গৃহ গেছৰ বৃদ্ধি, পৰিবেশ প্ৰদৃষণ যেনে- শব্দ, বতাহ, পানী, মাটি আদি কিছুমান দুৰ্যোগৰ পৰোক্ষ কাৰ্যৰ ফলতো কিছুমান দুৰ্যোগৰ প্ৰসাৰ বা গতি বৃদ্ধি হয়।

        এনেধৰণ দুৰ্য্যোগবোৰ হল- ভূমিস্খলন আৰু বানপানী যিবোৰ হাবি কটা, অবৈজ্ঞানিক মাটিৰ ব্যৱহাৰ, মূৰ-মূৰীয়া ঠাইত নিৰ্মান কাৰ্য চলোৱা আদি পৰোক্ষ কাৰ্যৰ ফলত সৃষ্টি হৈছে। ইয়াৰোপৰি মানুহৰ উন্নয়ন মুখী কাৰ্যৰ ফলত কেতিয়াবা প্ৰকৃতিক দুৰ্যোগতকৈও বহু বেছি ভয়ংকৰ দুৰ্যোগ হোৱা পৰিলক্ষিত হৈছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Answer by- Punya Hazarika

Type Himanku Bora.




Post ID : DABP006510