অধ্যায় ৭

আমাৰ দেশ ভাৰত

প্ৰাশ্নাৱলীঃ

১। একোটিকৈ বাক্যত উত্তৰ লিখা । 

ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ মেঘালয়ৰ ৰাজ্য়ৰ মৌচিনৰামো নামৰ ঠাইত।

খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ? 

উত্তৰঃ মাউন্ট এভাৰেষ্ট।

গ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ? 

উত্তৰঃ মাজৰ সমভূমি অঞ্চলত অন্তগৰ্ত।


ঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ? 

উত্তৰঃ উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা হ'লঃ মাছ ধৰা।

ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে? 

উত্তৰঃ ২২টা ভাষাহে স্বাকৃতি দিছে।


২। খালী ঠাই পূৰ কৰা । 

ক) থৰ মৰুভূমি ৰাজস্থান ৰাজ্যত অৱস্থিত ? 

উত্তৰঃ ৰাজস্থান।

খ) সাগৰৰ পাৰে পাৰে উপকূল অঞ্চলটো অৱস্থিত । 

উত্তৰঃ উপকূল।

গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী আৰব সাগৰত পৰিছে । 

উত্তৰঃ আৰব।

ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় । 

উত্তৰঃ ধৰ্ম নিৰপেক্ষ।


৩। উত্তৰ লিখা । 

ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা । 

উত্তৰঃ আমাৰ দেশত ভৰত নামেৰে এজন বিখ্য়াত ৰজা আছিল। তেওঁ প্ৰদৰ্শন কৰা সাহস, পৰাক্ৰম, কৰমদক্ষতা আদিৰ বাবে তেওঁৰ নামৰ অনুসৰি ভাৰত নামটো হোৱা বুলি জনা যায়। 

খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা । 

উত্তৰঃ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষা দ্বীপপুঞ্জ।

গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়  ? 

উত্তৰঃ ভাৰতত কলো ধৰ্মকে সমানে গুৰুত্ব দিয়ে বাবে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

৪। কি, ক'ত আৰু কিয় বিখ্যাত লিখা। 

তাজমহল, নালন্দা, অজন্তা আৰু ইলোৰা । 

উত্তৰঃ   

(ক) তাজমহলঃ তাজমহল হৈছে চাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজৰ স্মৃতিত বনোৱা এটা সমাধিক্ষেত্ৰ। তামহল ভাৰতবৰ্ষৰ আগ্ৰাত অৱস্থিত। চিৰন্তন প্ৰেমৰ প্ৰতীক হিচাপে তাজমহল গোটেই বিশ্বতেই বিখ্যাত।


(খ) নালন্দাঃ নালন্দা হৈছে গোটেই পৃথিৱীতেই প্ৰখ্য়াত এখন বিশ্ববিদ্য়ালয়। এই প্ৰখ্যাত নালন্দা বিশ্ববিদ্য়ালয়খন পাটনা নগৰৰ পৰা কিছু কিলুমিটাৰ দূৰত্বত বিহাৰৰ বেগুচৰাই জিলাৰ নালন্দা নামৰ এক সৰু ঠাইত অৱস্থিত। অধিক উচ্চ শিক্ষাৰ কাৰণে এই বিশ্ববিদ্য়ালয় বিখ্যাত বুলি জানিব পৰা যায়।

(গ) অজন্তা ইলোৰাঃ অজন্তা ইলোৰা হৈছে ভাৰতৰ প্ৰখ্যাত স্থানসমূহৰ ভিতৰত অন্য়তম। অজন্তা ইলোৰা ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাত অৱস্থিত। অজন্তা আৰু ইলোৰাৰ গুহাসমূহ পৰ্যটনৰ মুখ্য আকৰ্ষণ। ইয়াত নিৰ্মাণ কৰা ভাস্কৰ্যটো কলা প্ৰেমীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণেই ই বিখ্যাত।


৫। চমুটোকা লিখা ।

ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল । 

উত্তৰঃ ভাৰতৰ উত্তৰ পাৰ্বত্য় অঞ্চল বুলি ক'লে হিমালয় পৰ্বত আৰু তাৰ ঠাল-ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পৰ্ণৰূপে আগুৰি আছে। এই পৰ্বততে আছে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্ট। ইয়াৰ শৃংগবোৰ অনৰবৰতে বৰফেৰে আবৃত হৈ থাকে। হিমালয়ৰ পাদপেশত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ-বন আদিৰে ভৰা অৰণ্য় দেখিবলৈ পোৱা যায়। বৰফৰে আবৃত হৈ থাকে বাবে এই অঞ্চলৰ জলবায়ু শীতল। জনবসতি আছে যদিও সেৰেঙা।  

খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল । 

উত্তৰঃ সমতল হ'লেও ভাৰতৰ পশ্চিম অংশত বৰষুণ কমকৈ হয়। বৰষুণ কম হোৱা বাবে ইয়াৰ জলবায়ু শুকান; সেইবাবে ইয়াত গৰম বেছি। সেয়ে এই অঞ্চলটো শুকান, বালিময়। গছ-গছনি প্ৰায় নায়েই বুলিব পাৰি। কাঁইটীয়া, কেকটাছজাতীয় গছহে পোৱা যায়। নদ-নদীও প্ৰায় নায়েই। উট এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বাহন। ভাৰতৰ এই অঞ্চলটোতে থকা ৰাজস্থান ৰাজ্য়ত থৰ মৰুভূমি অৱস্থিত।

গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন । 

উত্তৰঃ পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত অন্য়তম তাজমহল আমাৰ ভাৰততে আছে। তদুপৰি কুতুবমিনাৰ, লালকিল্লা, জুমা মছজিদ, পঞ্চমহল, সাঁচীৰ স্তূপ, অজন্তা-ইলোৰা গুহাৰ বেৰত অংকন কৰা চিত্ৰ আদি ভাৰতৰ উল্লেখযোগ্য় কীৰ্তিচিহ্ন।

৬। ভাৰতৰ চাৰিসীমাটো লিখা । 

উত্তৰঃ ভাৰতৰ উত্তৰে আছে সুউচ্চ হিমালয় পৰ্বত, লগতে চীন, তিব্বত, নেপাল আৰু ভূটান আদি দেশ। দক্ষিণে আছে বিশাল ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে আছে ম্য়ানমাৰ, বাংলাদেশ আদি দেশ আৰু বংগোপসাগৰ। পশ্চিমে আছে আফগানিস্তান, পাকিস্তান আৰু আৰব সাগৰ।

৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা । 

উত্তৰঃ হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্ম।

৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা । 

উত্তৰঃ 

১) উত্তৰ পাৰ্বত্য় অঞ্চল, 
২) মাজৰ সমভূমি অঞ্চল, 
৩) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল, 
৪) দক্ষিণৰ মালভূমি অঞ্চল, 
৫) উপকূল অঞ্চল।

    ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চলঃ ভাৰতৰ উত্তৰ পাৰ্বত্য় অঞ্চল বুলি ক'লে হিমালয় পৰ্বত আৰু তাৰ ঠাল-ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পৰ্ণৰূপে আগুৰি আছে। এই পৰ্বততে আছে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্ট। ইয়াৰ শৃংগবোৰ অনৰবৰতে বৰফেৰে আবৃত হৈ থাকে। হিমালয়ৰ পাদপেশত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ-বন আদিৰে ভৰা অৰণ্য় দেখিবলৈ পোৱা যায়। বৰফৰে আবৃত হৈ থাকে বাবে এই অঞ্চলৰ জলবায়ু শীতল। জনবসতি আছে যদিও সেৰেঙা।



Type
Hirak Jyoti Bora.



Post ID : DABP006521