পাঠ ৮
আমাৰ দেশ ভাৰতবৰ্ষ
১। চমু উত্তৰ দিয়া一
(ক) আমাৰ দেশত সংবিধান স্বীকৃত ভাষা কেইটা আৰু কি কি?
উত্তৰঃ আমাৰ দেশত সংবিধান স্বীকৃত ভাষা ২২ টা আৰু সেই কেইটা হৈছে- অসমীয়া, উৰ্দ, উড়িয়া, কানাড়া, কাশ্মাৰা, কোংকনী, গুজৰাটী, চাওঁতালী, ডোগ্ৰী, তামিল, তেলুগু, নেপালী, পঞ্জাবী, বড়ো, বাংলা, মণিপুৰী, মাৰাঠী, মালায়ালম, মৈথিলী, সংস্কৃতসিন্ধি আৰু হিন্দী।
(খ) আমাৰ দেশত প্ৰচলিত প্ৰধান ধৰ্মসমূহ কি কি?
উত্তৰঃ আমাৰ দেশত প্ৰচলিত ধৰ্ম কেইটা হৈছে- হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, শিখ আৰু জৈন।
(গ) ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নাম হৈছে- চীন, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান আৰু ম্য়ানমাৰ।
(ঘ) আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ৰঙৰ বৈশিষ্ট্য় সমূহ লিখা।
উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ৰঙৰ বৈশিষ্ট্য় সমূহ হৈছে-
গেৰুৱা- গেৰুৱা ৰং হৈছে ত্য়াগ আৰু সাহসৰ প্ৰতীক।
শুকুলা- এই ৰং শান্তি আৰু ঐক্য়ৰ প্ৰতীক।
শ্য়ামল- এই ৰং বিশ্বাস আৰু শৌৰ্যৰ প্ৰতীক।
(ঙ) আমাৰ দেশৰ চাৰিসীমা লিখা।
উত্তৰঃ আমাৰ দেশ ভাৰতবৰ্ষৰ উত্তৰে চীন, নেপাল, ভূটান আৰু পাকিস্তান; পূবে চীন, ম্য়ানমাৰ, বাংলাদেশ আৰু আৰৱ সাগৰ; দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা; আৰু পশ্চিমে পাকিস্তান আৰু আৰৱ সাগৰ।
২। খালী ঠাই পূৰ কৰা一
(ক) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্য়া ১২১,০৫,৬৯,৫৭৩।
(খ) ভাৰতৰ মাটিকালি ৩২,৮৭,২৬৩ বৰ্গ কিঃ মিঃ।
(গ) দিল্লী আমাৰ দেশৰ ৰাজধানী।
(ঘ) অশোক স্তম্ভটোৰ তলত লিখা বাণী হ'ল সত্য়মেৱ জয়তে।
(ঙ) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল।
(চ) 'বন্দে মাতৰম' গীতটোক জাতীয় সংগীত বোলা হয়।
৩। ভাৰতৰ সকলো ৰাজ্য়ৰ নাম ৰাজধানীৰ সৈতে লিখা।
উত্তৰঃ
১।ৰাজ্যৰ নাম - ৰাজধানী
২।অৰুণাচল প্রদেশ - ইটানগৰ
৩।অসম - দিছপুৰ
৪।নগালেণ্ড - ক’হিমা
৫।মণিপুৰ - ইম্ফল
৬।মিজোৰাম - আইজল
৭।মধ্যপ্রদেশ - ভূপাল
৮।গুজৰাট - গান্ধীনগৰ
৯।ৰাজস্থান - জয়পুৰ
১০।মহাৰাষ্ট্র - মুম্বাই
১১।কর্ণাটক - বেংগালুৰু
১২।অন্ধ্রপ্রদেশ - হায়দৰাবাদ
১৩।কেৰালা - তিৰুৱন্তপুৰম্
১৪।তামিলনাড়ু - চেন্নাই
১৫।গােৱা - পানাজী
১৬।উত্তৰাঞ্চল - ডেৰাডুন
১৭।হিমাচল প্রদেশ - ছিমলা
১৮।হাৰিয়ানা - চণ্ডীগড়
১৯।পঞ্জাব - চণ্ডীগড়
২০।ত্রিপুৰা - আগৰতলা
২১।মেঘালয় - শ্বিলং
২২।পশ্চিম বংগ - কলকাতা
২৩।বিহাৰ - পাটনা
২৪।চত্তিছগড় - ৰায়পুৰ
২৫।ঝাৰখণ্ড - ৰাঁচী
২৬।উৰিষ্যা - ভুৱনেশ্বৰ
২৭।উত্তৰ প্রদেশ - লক্ষ্নৌ
২৮।ছিকিম - গেংটক
২৯।তেলেংগানা - হায়দৰাবাদ
৩০।চণ্ডীগড় - চণ্ডীগড়
৩১।দাদৰা আৰু নগৰ হাভেলী - ছিলভাছা
৩২।দমন আৰু ডিউ - দমন
৩৩।জম্মু আৰু কাশ্মীৰ - শ্রীনগৰ (জহকালি) জম্মু (শীতকালি)
৩৪।দিল্লী - দিল্লী
৩৫।লাডাখ - লেহ
৩৬।পুডুচেৰী - পুডুচেৰী
৩৭।আন্দামান নিকোবৰ দ্বীপপুঞ্জ - প'র্টব্লেয়াৰ
৩৮।লাক্ষা দ্বীপ - কাৱাৰথী
শ্ৰী হিৰু মনি বৰা
Post ID : DABP006259