ভাৰতবৰ্ষৰ  প্ৰাকৃতিক বিভাগ আৰু জলবায়ু  | Lesson 9 | Class 4 Social Science Sankardev School Question Answer | শংকৰদেৱ স্কুল চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৯

ভাৰতবৰ্ষৰ  প্ৰাকৃতিক বিভাগ আৰু জলবায়ু


১। চমু উত্তৰ লিখা一

(ক) অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ হিচাপত ভাৰতৰ বিস্তৃতি লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ মূল ভূ-খণ্ড ৮°৪ মিনিট উত্তৰ অক্ষাংশৰ পৰা ৩৭°৬ মিনিট উত্তৰ অক্ষাংশলৈ ্ৰআৰু ৬৮°৭ মিনিট পূব দ্ৰাঘিমাংশৰ পৰা ৯৭°২৫ মিনিট পূব দ্ৰাঘিমাংশলৈ বিস্তৃত হৈ আছে।


(খ) ভাৰতৰ উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃতি কিমান?

উত্তৰঃ ভাৰতবৰ্ষৰ বিস্তৃতি উত্তৰা-দক্ষিণাকৈ ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ ২৯৩৩ কিলোমিটাৰ।


(গ) উত্তৰৰ সমভূমি অঞ্চলৰ নদীসমূহত কিয় সঘনাই বানপানী  হোৱা দেখা যায়?

উত্তৰঃ উত্তৰৰ সমভূমি অঞ্চলৰ নদীসমূহৰ পৃষ্ঠ কিছু বাম আৰু গতি-পথ একা-বেঁকা হোৱাৰ বাবে মূলাধাৰে হৈ থকা বৰষুণৰ পানী লগে লগে বোৱাই নিব নোৱাৰাৰ বাবে এই অঞ্চলটোৰ কিছুমান ঠাইত সঘনাই বানপানী হোৱা দেখা যায়।


(ঘ) বতৰ বুলিলে কি বুজা?

উত্তৰঃ এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদি লগ হৈ যি এক অৱস্থাৰ সৃষ্টি কৰে তাক বতৰ বুলি কোৱা হয়।


(ঙ) কোনো এখন ঠাইৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰণসমূহৰ  বিষয়ে লিখা।

উত্তৰঃ কোনো এখন ঠাইৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰণসমূহ হৈছে- বিভিন্ন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মান, সূৰ্যৰ তাপ, বায়ু প্ৰৱাহ, সাগৰৰ পৰা দূৰত্ব, ঠাইখনৰ উচ্চতা, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ ইত্য়াদি।


২। খালী ঠাই পূৰ কৰা一

(ক) ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ।

(খ) হিমালয় পৰ্বতমালাক প্ৰধানকৈ তিনিটা টা শৃংখলত ভাগ কৰা  হৈছে।

(গ)  কাঞ্চনজংঘা ভাৰতৰ সৰ্বোচ্চ শৃংগ।

(ঘ) হিমালয়ৰ টামচুক খামবাব হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি   হৈছে।

(ঙ) কাবেৰী নদী বংগোপ সাগৰত পৰিছে।


৩। প্ৰাকৃতিকভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছে? প্ৰতিটো ভাগৰে বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাকৃতিকভাৱে ভাৰতক চাৰিটা ভাগত ভাগ কৰা হৈছে। ভাগসমূহ হৈছে-

(ক) উত্তৰ হিমালয় পাৰ্বত্য় অঞ্চল- পৃথিৱীৰ সৰ্ববৃহৎ পৰ্বতমালাই হৈছে- হিমালয় পৰ্বত। এই হিমালয় পৰ্বত পূবে অৰুণাচল প্ৰদেশৰ পৰা পশ্চিমে পাকিস্তানৰ সিন্ধ প্ৰদেশলৈকে বিস্তৃত হৈ আছে। ই দীঘলে প্ৰায় ২,৫০০ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫০ কিলোমিটাৰৰ পৰা ৪০০ কিলোমিটাৰ। ইয়াক তিনিটা শেণীত বিভক্ত কৰিব পাৰি- (i) বৰ্হি হিমালয় বা শিৱালিক শৃংখল (ii) ক্ষুদ্ৰতম হিমালয় আৰু (iii) বৃহৎ হিমালয় বা হিমাদ্ৰী।

(খ) উত্তৰৰ সমভূমি অঞ্চল- এই সমভূমি অঞ্চলটো পূবা-পশ্চিমাকৈ হিমালয় আৰু দাক্ষিণাত্য়ৰ মালভূমি অঞ্চলৰ মাজত বিস্তৃত হৈ আছে। এই অঞ্চলটোৱে মুঠ ৬,৫০,০০০ বৰ্গ কিলোমিটাৰ মাটি অৰ্থাৎ ভাৰতৰ এক চতুৰ্থাংশ মাটি আগুৰি আছে।

(গ) দাক্ষিণাত্য়ৰ মালভূমি অঞ্চল- এই অঞ্চলটোৰ আকৃতিটো এক বৃহৎ ত্ৰিভূজৰ দৰে। ইয়াত দামোদৰ, মহানদী, গোদাবৰী, নৰ্মদা, তাপ্তী আদি কেবাখনো নদী আছে।

(ঘ) উপকূল অঞ্চল- ভাৰতৰ উপকূল অঞ্চলক পূব উপকূল আৰু পশ্চিম উপকূল- এই দুটা ভাগত ভাগ কৰা হৈছে। পূব উপকূলটো সুন্দৰবনৰপৰা কন্য়াকুমাৰীলৈ বিস্তৃত হৈ আছে। এই উপকূল অংশটো সকলো ঠাইতে সমান বহল নহয়।


৪। জলবায়ু বুলিলে কি বুজা? ভাৰতত আমি কেনেধৰণৰ জলবায়ু দেখিবলৈ পাওঁ বৰ্ণনা কৰা।

উত্তৰঃ এখন ঠাইৰ এক দীঘলীয়া সময়ৰ বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে সেই ঠাইখনৰ জলবায়ু বুলি কোৱা হয়।

    ভাৰতবৰ্ষ এখন বিশাল দেশ। সেয়েহে ইয়াৰ সকলো ঠাইতে এই কাৰকসমূহৰ মাজত আমি ভিন্নতা দেখা পাওঁ আৰু ইয়াৰ বাবেই আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন জলবায়ু দেখিবলৈ পাওঁ। 



-শ্ৰী হিৰু মনি বৰা



Post ID : DABP006260