অধ্যায়ঃ ১ 

এটা  দলৰ আধিপত্যৰ যুগ



১। শুদ্ধ উত্তৰেৰে তলৰ খালী ঠাইবোৰ পূৰণ কৰাঃ

(ক) ১৯৫২ চনত হোৱা সাধাৰণ  নিৰ্বাচনত লোকসভাৰ লগতে আৰু -------- (ভাৰতৰ ৰাষ্ট্ৰপতি / ৰাজ্যিক বিধানসভা/ প্ৰধানমন্ত্ৰী) ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰঃ ১৯৫২ চনত হোৱা সাধাৰণ নিৰ্বাচনত লোকসভাৰ লগতে আৰু ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

(খ) প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় সৰ্বসংখ্যক লোকসভাৰ আসন লাভ কৰা দল হ’ল -------(প্ৰজা ছ’ছিয়েলিষ্ট পাৰ্টি/ ভাৰতীয় জনসংঘ/ভাৰতৰ সাম্যবাদী দল/ভাৰতীয় জনতা দল)।

উত্তৰঃ প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় সৰ্বসংখ্যক লোকসভাৰ আসন লাভ কৰা দল হ’ল ভাৰতৰ সাম্যবাদী দল।

(গ) স্বতন্ত্ৰ দলৰ এটা পথ প্ৰদৰ্শক আদৰ্শগত নীতি আছিল (মজদুৰৰ স্বাৰ্থ/ ৰাজন্যৰ ৰাজ্যক ৰক্ষণাবেক্ষণ দিয়া/ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতিক মুক্ত/ৰাজ্যবিলাকক কেন্দ্ৰৰ ভিতৰতে স্বতন্ত্ৰতা)।

উত্তৰঃ স্বতন্ত্ৰ দলৰ এটা পথ প্ৰদৰ্শক আদৰ্শগত নীতি আছিল ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতিক মুক্ত।

(ঘ) স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে আগবঢ়োৱা ‘দ্বি জাতি তত্ব’ত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ------- আৰু -------। 

উত্তৰঃ স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে আগবঢ়োৱা ‘দ্বি জাতি তত্ব’ত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ভাৰত  আৰু পাকিস্তান। 

২। তলত উল্লেখ কৰা প্ৰথম তালিকা (ক) ৰ লগত দ্বিতীয় তালিকা (খ) ক মিলোৱাঃ

তালিকা ‘ক’

তালিকা ‘খ’

(ক) এছ. এ. জংগে  

(ক) ভাৰতীয় জনতা দল 

 (খ) শ্যামা প্ৰসাদ মুখাৰ্জী

(খ) স্বতন্ত্ৰ দল 

(গ) মিনো মাচানি 

  (গ) প্ৰজা ছ’ছিয়েলিষ্ট পাৰ্টি

 (ঘ) অশোক মেহতা  

  (ঘ) ভাৰতীয় সাম্যবাদী দল( চি.পি.আই)

উত্তৰঃ

তালিকা ‘ক’

তালিকা ‘খ’

(ক) এছ. এ. জংগে  

ভাৰতৰ সাম্যবাদী দল (চি পি আই) ।

 (খ) শ্যামা প্ৰসাদ মুখাৰ্জী

ভাৰতীয় জনসংঘ।

(গ) মিনো মাচানি 

  স্বতন্ত্ৰ দল।

 (ঘ) অশোক মেহতা  

সমাজবাদী দল।

৩। তলত এক-দলীয় আধিপত্যৰ চাৰিটা উক্তি দিয়া হৈছে, ইয়াৰ প্ৰত্যেকটোৰ বিপৰীতে তুমি ‘ভুল’ বা ‘শুদ্ধ’ চিহ্নিত কৰা।

(ক) শক্তিশালী অন্য দল নথকা হেতুকে ভাৰতবৰ্ষত এটা দলে আধিপত্য বিস্তাৰ কৰিছে।

উত্তৰঃ শুদ্ধ।

(খ) দুৰ্বল জনমতৰ বাবে এটা দলৰ আধিপত্য ঘটিছে।

উত্তৰঃ ভুল।

(গ) এটা দলৰ আধিপত্য ৰাষ্ট্ৰৰ পূৰ্বৰ ঔপনিবেশিকতাৰ লগত সম্পৰ্কযুক্ত।

উত্তৰঃ শুদ্ধ।

(ঘ) এটা দলৰ আধিপত্যই ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক আদৰ্শৰ অনুপস্থিতি প্ৰতিফলিত কৰে।

উত্তৰঃ ভুল।


৪। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত যদি জনসংঘ বা ভাৰতীয় সাম্যবাদী দলে চৰকাৰ গঠন কৰিলেহেঁতেন, তেন্তে চৰকাৰৰ নীতিৰ কেনে ধৰণৰ পাৰ্থক্য হ’লহেঁতেন? এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত যদি জনসংঘ বা ভাৰতীয় সাম্যবাদী দলে চৰকাৰ গঠন কৰিলেহেঁতেন তেন্তে চৰকাৰৰ নীতিত আদৰ্শগত পাৰ্থক্যই দেখা দিলে হেঁতেন। কাৰণ দুই দলৰে নীতি আদৰ্শসমূহ পৃথক পৃথক। 

৫। ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতৰ দৰে প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থাত সদায় শক্তিশালী, সক্ৰিয় আৰু দায়িত্বশীল বিৰোধী দলৰ অতি আৱশ্যক। যাতে শাসনত অধিষ্ঠিত দলটোৰ কাৰ্য-কলাপৰ ওপৰত ই সদায় চোকা দৃষ্টি ৰাখিব পাৰে আৰু শাসনাধিষ্ঠ দলটোৱেও বিৰোধী দলৰ চোকা দৃষ্টিৰ বাবে সতৰ্কভাৱে কাৰ্য-কলাপ কৰে। বিৰোধী দলে চৰকাৰ আৰু জনগণৰ মাজৰ এক মাধ্যম হিচাপেও কাম কৰে অৰ্থাৎ জনমত দাঙি ধৰে। স্বাধীনতাৰ পৰৱৰ্তি কালৰ পৰা ভাৰতত যথেষ্ট সংখ্যক ৰাজনৈতিক দলৰ সৃষ্টি হৈছে। কিন্ত সকলোৱে বিৰোধী দল হিচাপে সবল স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। তথাপি ভাৰতত কিছু সংখ্যক ৰাজনৈতিক দলে যথেষ্ট শক্তিশালীৰূপে বিৰোধী দলৰ ভূমিকা পালন কৰি আছে আৰু বহু দূৰ সফলো হৈছে। 

     ভাৰতৰ ৰাজনীতিৰ স্বাধীনতাৰ পিছৰ সময়ছোৱালৈ চালে পৰিলক্ষিত হয় যে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে একেৰাহে চৰকাৰ গঠন কৰি যোৱা কংগ্ৰেছ দলৰ প্ৰাপ্ত সৰ্বমুঠ ভোটৰ সংখ্যাৰ তুলনাত সকলো বিৰোধীয়ে মিলি পোৱা ভোটৰ সংখ্যা বেছি। সেই সময়ছোৱাত দেশৰ বিৰোধী দলবোৰে অধিক আসন পাবলৈ সক্ষম হোৱা নাছিল যদিও যথেষ্ট সবল স্থিতি অৱলম্বন কৰিছিল আৰু গঠনমূলক সমালোচনা তথা পৰামৰ্শৰে শাসনাধিষ্ঠ চৰকাৰখনক সহায়-সহযোগিতা আগবঢ়াইছিল। যাৰ দ্বাৰা ই চৰকাৰখনৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈও সক্ষম হৈছিল।১৯৫২ চনৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভাৰতৰ সাম্যবাদী দলটোৱে ১৬ খন আসন দখল কৰি প্ৰধান বিৰোধী দলৰ স্থিতি লাভ কৰিছিল। ৰাম মনোহৰ লোহিয়া, জে. বি. কৃপালনী আদি জনপ্ৰিয় নেতাই বিৰোধী স্থিতি অৱলম্বন কৰি সৃজনমূলক সমালোচনাৰে  চৰকাৰখনক ৰাষ্ট্ৰ পৰিচালনাত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছিল। 

   দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিৰোধী দলৰ প্ৰতি ভাল ভাৱ ৰাখিছিল আৰু উৎসাহ জনাইছিল। কিন্ত ইন্দিৰা গান্ধীৰ শাসন কালত বিৰোধী দলসমূহে বিশেষ গুৰুত্ব আৰু মৰ্যাদা লাভ কৰা নাছিল। তদুপৰি সেই সময়ছোৱাত কংগ্ৰেছে অপ্ৰতিদ্বন্দ্বী দলৰূপে শাসনত অধিষ্ঠিত আছিল আৰু বিৰোধী দলে তেনেই কম সংখ্যক আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল । ফলত বিৰোধী দলৰ ভূমিকা লবলৈ সক্ষম কোনো দল উপস্থিতি নাছিল বুলিবৈ পাৰি।১৯৭৭ চনত কংগ্ৰেছৰ শাসনৰ অৱনতি ঘটাৰ পিছত দলটোৱে বিৰোধী দলৰ অৱস্থিতি গ্ৰহণ কৰাৰ লগে লগে দেশত এক শক্তিশালী বিৰোধী দলৰ উদ্ভৱ ঘটে আৰু ৱাই.বি.চবনৰ নেতৃত্বত দলটোৱে সবল বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। ৰাজীৱ গান্ধীৰ শাসন কালতো তেওঁ বিৰোধী দলক বিশেষ গুৰুত্ব দিয়া নাছিল। তেওঁৰ মৃত্যুৰ পিছত ভাৰতৰ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি চৰকাৰ গঠন কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ১১৯ খন আসন অৰ্জন কৰি বলিষ্ঠ বিৰোধী দলৰ ভূমিকা পালন কৰে। বিৰোধী দলে সেই সময়ছোৱাত চৰকাৰৰ বিভিন্ন ধৰণৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে আৰু চৰকাৰখনৰ ওপৰত শক্তিশালী হেঁচা প্ৰয়োগ কৰে। ইয়াৰ পিছৰ তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ পৰাজিত হয় আৰু বিৰোধী দলৰ স্থিতি অৱলম্বন কৰি সবল বিৰোধীৰ ভূমিকা পালন কৰে। ২০০৪ চনৰ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ ড° মনমোহন সিঙৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল মৰ্চাই শাসনত অধিষ্ঠিত হয় আৰু ১৩৮ খন আসন লাভ কৰি সহযোগী দলসমূহৰ লগত একত্ৰিত হৈ সৰ্বমুঠ ১৮৯ খন আসন দখল কৰি বিৰোধী পক্ষ গঠিত কৰে। ইয়াৰ পৰৱৰ্তি ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত পুনৰ সংযুক্ত প্ৰগতিশীল মৰ্চাই চৰকাৰ গঠন কৰে, তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চাই বিৰোধী স্থিতি গ্ৰহণ কৰে। 

     সাম্প্ৰতিক সময়ত ভাৰতৰ বিৰোধী দলসমূহে যথেষ্ট সবল স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতত এনে শক্তিশালী বিৰোধী দলৰ ব্যাপক প্ৰয়োজনীয়তা আছে যি চৰকাৰৰ কাৰ্য-কলাপত চকু ৰাখে, চৰকাৰৰ দুৰ্নীতি আৰু বেআইনী কাৰ্যৰ বিৰুদ্ধে মাত মাতে,  চৰকাৰৰ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়াই, জনসাধাৰণৰ মত চৰকাৰৰ ওচৰত দাঙি ধৰে যিয়ে দেশৰ উন্নতি আৰু প্ৰগতিত অৰিহণা যোগাই। শক্তিশালী ভূমিকা পালন কৰা বিৰোধী দলৰ অবিহনে দেশত গণতন্ত্ৰ আৰু সুশাসন ব্যৱস্থা চলাই নিয়াতো অসম্ভৱ। ভাৰতত এনে শক্তিশালী বিৰোধী দল উপস্থিতি আছে।


৬। চমু প্ৰশ্নঃ

(ক) ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতবৰ্ষত একদলীয় আধিপত্য বুলিলে সাধাৰণতে কংগ্ৰেছ দলৰ আধিপত্যক বুজায়। ভাৰতত যদিও বহুতো ৰাষ্ট্ৰীয় দল আছে তথাপি কিন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ আধিপত্য স্বাধীনতাৰ কালৰ পৰাই পৰিলক্ষিত হয়। ভাৰতৰ নিৰ্বাচনত বহু ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰে, তথাপি কিন্ত কেৱল কংগ্ৰেছ দলেহে সকলোবোৰ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয়। ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনলৈ চালে কেৱল কংগ্ৰেছ দলৰ আধিপত্য পৰিক্ষিত হয়। দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ সৰ্বমুঠ ৪৮৯ খন আসনৰ ৩৬৪ খন আসন কংগ্ৰেছ দলে লাভ কৰি চৰকাৰ গঠন কৰিছিল। দ্বিতীয় সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছ দলে ৩৭১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।ঠিক তেনেদৰে তৃতীয় সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছ দলে ৩৬১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল কেন্দ্ৰত চৰকাৰ গঠন কৰে। 

     কংগ্ৰেছ দলৰ এই আধিপত্যৰ অন্তৰালত বহুতো কাৰণ আছে। সেইসমূহ হ’লঃ

(১) ভাৰতক ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলৰ নেতৃত্বতে আন্দোলনৰ সূচনা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অনুষ্ঠিত নিৰ্বাচনত স্বাধীনতা আন্দোলনৰ জনপ্ৰিয় মূল নেতাসকলে প্ৰতিদ্বন্দ্বিতা কৰে যাৰ বাবে তেওঁলোকে সহজে জয়ী হৈ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।

(২) ভাৰতত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্য এক কাৰণ হ’ল কংগ্ৰেছ দলটো বহু পুৰণি আৰু সুসংগঠিত। স্বাধীনতা আন্দোলনৰ কালৰে পৰা দলটো আন দলৰ তুলনাত সুসংগঠিত আৰু নিৰ্বাচনৰ দিশত সুপৰিপক্ক। সেয়েহে ই সহজভাৱে জয়ী হৈ দেশত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।

(৩) ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ আধিপত্যৰ আন এক কাৰণ হ’ল দলটোৱে তাৰ ভেটি দেশৰ প্ৰান্তে প্ৰান্তে শক্তিশালী কৰি গঢ়ি তুলিছিল যাৰ বাবে ই নতুনকৈ তৃণমূল পৰ্যায়ত সংগঠন তৈয়াৰ কৰিবলগা নহৈছিল। দলটোক নিৰ্বাচনৰ সময়ত এই তৃণমূল পৰ্যায়ৰ সংগঠনবোৰে  বহু সহায় কৰিছিল। 

(৪) ভাৰতত কংগ্লেছ দলৰ আধিপত্যৰ অন্য এক কাৰণ হ’ল স্বাধীনতাৰ পৰৱৰ্তি সময়ৰ নিৰ্বাচনসমূহত স্বাধীনতা আন্দোলনৰ নেতাসমূহৰ ব্যক্তিত্ব আৰু নিকা ভাবমূৰ্তি।

কংগ্ৰেছ দলটোৰ এনেসমূহ প্ৰকৃতিৰ বাবে ভাৰতৰ স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৱে গোটেই ভাৰতবৰ্ষতে আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। এনেদৰে কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আধিপত্য বিস্তাৰ কৰি আছিল। বৰ্তমানো কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুখিনি আধিপত্য আছে।

(খ) ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছৰ অ-নিয়মিত আধিপত্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰতত ১৯৫২ চনত অনুষ্ঠিত হোৱা প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ দলে পোনপ্ৰথমবাৰৰ বাবে ১৯৫৭ চনত ৰাজ্যিক পৰ্যায়ত কেৰালাৰ বিধানসভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল। 

    কংগ্ৰেছ দলে পুনৰ ১৯৬৭ চনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিধানসভা উভয়তে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই নিৰ্বাচনে কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে কংগ্ৰেছ দলৰ দুৰ্গত জোকাৰি যায় যাক ৰাজনৈতিক পৰ্যালোচক সকলে ৰাজনৈতিক ভূমিকম্প বুলি অভিহিত কৰে। ১৯৬৭ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭ খন ৰাজ্য সংখ্যাগৰিষ্ঠতা হেৰুৱাই আৰু দুখন ৰাজ্যত কেইজনমান বিধায়কে দলত্যাগ কৰাৰ বাবে চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয়। এই নিৰ্বাচনত দলটোৱে মুঠ ১৬ খন ৰাজ্যৰ ৯ খনত আধিপত্য হেৰুৱায়।

      সাম্প্ৰতিক কালৰ ভাৰতৰ ৰাজ্যসমূহৰ নিৰ্বাচনলৈ চালে পৰিলক্ষিত হয় যে কোনো এক ৰাজ্যতে কংগ্ৰেছী বা অকংগ্ৰেছী চৰকাৰ স্থায়ীৰূপে ক্ষমতাত প্ৰতিষ্ঠিত নাই। যেনে অসমত স্বাধীনতাৰ পৰৱৰ্তি কালৰ পৰা ১৯৭৭ চনলৈ কংগ্ৰেছ দল শাসনণ অধিষ্ঠিত আছিল। কিন্ত দলটোৱে ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল। ইয়াৰ পৰৱৰ্তি নিৰ্বাচনত কংগ্ৰেছ দলে অসমৰ বিধানসভা নিৰ্বাচনত যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, কিন্ত ১৯৮৫ চনৰ নিৰ্বাচনত দলটোৰ পুনৰ পৰাজয় হৈছিল। কংগ্ৰেছ দল পুনৰ ১৯৯১ চনৰ নিৰ্বাচনত ক্ষমতালৈ আহিছিল, কিন্ত আকৌ ১৯৯৯ চনৰ নিৰ্বাচনত দলটোৱে সংখ্যাগৰিষ্ঠতা হেৰুৱাই বিৰোধী পক্ষত বহিছিল। দলটোৱে পুনৰ ২০০১ আৰু ২০০৬ চনত সহযোগী দলৰ লগত একত্ৰিত হৈ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ দলে ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত পুনৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হয়।

    উক্ত ধৰণেৰে কংগ্ৰেছ দলে ভাৰতত ৰাজ্যিক পৰ্যায়ত অনিয়মিত আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয়। স্থায়ীভাৱে দলটোৱে ৰাজ্যিক পৰ্যায়ত শাসনত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা নাই।

(গ) কংগ্ৰেছৰ সমন্বয়ৰ প্ৰকৃতি বুলিলে কি বুজায়? চমুকৈ লিখা।

উত্তৰঃ এলাম অক্টোভিয়ান হিউম নামে ইংৰাজ বিষয়াজনে ১৮৮৫ চনত প্ৰতিষ্ঠা কৰা কংগ্ৰেছ অনুষ্ঠান বা দলটো আৰম্ভণিতে ইংৰাজী ভাষা কোৱা, উচ্চ জাতি, উচ্চ মধ্যবিত্ত আৰু চহৰীয়া অঞ্চলৰ লোকেৰে গঠিত এক অনুষ্ঠান আছিল। পৰৱৰ্তি সময়ত ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যেতিয়া অসহযোগ আন্দোলনৰ সূচনা হয়, তেতিয়াৰ পৰাই কংগ্ৰেছৰ সামাজিক ভিত্তিটো বহল হৈ পৰে। প্ৰতিষ্ঠানটোৱে ভাৰতৰ বিভিন্ন শ্ৰেণীৰ লোকক একগোট কৰি সকলোৰে মাজত সমন্বয় সম্প্ৰীতিৰ প্ৰতিষ্ঠা কৰিছিল যদিও এই লোকসকলৰ মাজত ভিন্ন মতাদৰ্শ আছিল। ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তি সময়ৰ পৰা কংগ্ৰেছ দলটোত সামাজিক সমন্বয় পৰিলক্ষিত হয়। দলটোৱে বৈচিত্ৰতা বা ভিন্নতাৰ মাজত একতা প্ৰতিষ্ঠা কৰিছে। কংগ্ৰেছ দলটোত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে দুৱাৰ সদায় খোলা আছিল। দলটোত সমাজৰ কৃষক,উদ্যোগপতি, নগৰীয়া,গাৱঁলীয়া, উচ্চ, নীচ আদি সকলো শ্ৰেণীৰ লোকৰ বাবে সম স্থান আৰু মৰ্যাদা আছিল। গতিকে কংগ্ৰেছ দলটোৱে সমাজৰ বিভিন্ন জাতি-জনজাতি, ধৰ্ম, ভাষা-ভাষী লোকক প্ৰতিনিধিত্ব কৰে। ঠিক তেনেদৰে ভাৰতৰ সকলো শ্ৰেণীৰ লোকে ভিন্ন মতাদৰ্শ থকাৰ পিছতো দলটোক নিজৰ হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হয়। ইয়াক কংগ্ৰেছ দলত আদৰ্শগত সমন্বয় ঘটা বুলি অভিহিত কৰিব পাৰি। দলটোৰ সমন্বয় প্ৰকৃতিৰ চৰিত্ৰটোৱে ইয়াক অভূতপূৰ্ব শক্তি প্ৰাপ্তিত অৰিহণা আগবঢ়াইছিল। ভাৰতত স্বাধীনতা আন্দোলনৰ কালছোৱাত ভাৰতৰ বিভিন্ন জাতি, সম্প্ৰদায়, বিভিন্ন ৰাজনৈতিক দলসমূহে কংগ্ৰেছ দলটোক জাতীয় আন্দোলনৰ এক সাৰ্বজনীন মঞ্চৰূপে গ্ৰহণ কৰে। কংগ্ৰেছ দলটোত সহযোগিতা আগবঢ়োৱা সকলো দল, জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত ই ভাৰসাম্য বজাই ৰাখিছিল। তদুপৰি বিৰোধী দলে বিচৰা বহুবোৰ বিষয় দলটোৱে নিজৰ কৰ্মসূচী আৰু আদৰ্শত অন্তনিৰ্হিত কৰিছিল।

    গতিকে কংগ্ৰেছ দলৰ প্ৰকৃতি মূলত সমন্বয় বজাই ৰখা। সেই হেতুকে ই দলটোৰ মাজত থকা আভ্যন্তৰীণ বিবাদসমূহ দলটোৰ মাজতে বুজাপৰা আৰু আলোচনাৰ দ্বাৰা সমাধান কৰিবলৈ চেষ্টা কৰে। দেশৰ স্বাধীনতাৰ পৰৱৰ্তি সময়তো এই নীতিক বৰ্তাই ৰাখিছে। দলটোৱে নিজৰ নেতাসকলৰ লগত কোনো অন্য দলৰ বা লোকৰ বিবাদ হ’লে ই দল ত্যাগৰ পৰিৱৰ্তে দলৰ ভিতৰত থাকি যুঁজ কৰাৰ মত পোষণ কৰে। গতিকে দেখা গ’ল যে কংগ্ৰেছ দলৰ প্ৰকৃতি হৈছে বিভিন্ন জাতি-জনজাতি, সম্প্ৰদায়,ধৰ্ম, ভাষা-ভাষী লোকসকলৰ মাজত একতা আৰু সমন্বয় প্ৰতিষ্ঠা কৰা। এইয়াই কংগ্ৰেছৰ সমন্বয়ৰ প্ৰকৃতি।

(ঘ) প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনলৈ চালে কংগ্ৰেছ দলৰ আধিপত্য পৰিলক্ষিত হয়। স্বাধীন ভাৰতত অনুষ্ঠিত হোৱা ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ সৰ্বমুঠ ৪৮৯ খন আসনৰ ৩৬৪ খন অৰ্জন কৰিছিল আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। দলটোৱে প্ৰত্যেক চাৰিখন আসনৰ ভিতৰত ৩ খন আসন লাভ কৰিছিল অৰ্থাৎ ৭৪ ভাগ আসন অৰ্জন কৰিবলৈ সক্ষম হৈছিল।  ইয়াৰ লগে লগে দেশত কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰ হ’ব ধৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল। 

    ঠিক তেনেদৰে ১৯৫৭ চনত অনুষ্ঠিত হোৱা দেশৰ দ্বিতীয়টো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ ৪৯৪ খন আসনৰ ভিতৰত ৩৭১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি পুনৰ শাসনত প্ৰতিষ্ঠিত হৈছিল আৰু নিজৰ আধিপত্য বজাই ৰাখিছিল। এই নিৰ্বাচনৰ ফলস্বৰূপে  দ্বিতীয়বাৰৰ বাবে জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়।

    ১৯৬২ চনত অনুষ্ঠিত হোৱা দেশৰ তৃতীয়টো সাধাৰণ নিৰ্বাচনতো কংগ্ৰেছ দলে ৪৯৪ খন আসনৰ ভিতৰত ৩৬১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি শাসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। নেহৰু তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শাসনত অধিষ্ঠিত হয়। এই তৃতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰু দলটোৱে লাভ কৰিছিল সৰ্বমুঠ ভোটৰ শতকৰা ৪৪.৭২ টা ভোট।

   গতিকে পৰিলক্ষিত হয় যে ভাৰতৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

(ঙ) প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য ব্যাখ্যা কৰা।

উত্তৰঃ দেশৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। ১৯৫২ চনৰ দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ মুঠ ৪৮৯ খন আসনৰ ভিতৰত ৩৬৪ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি শাসনত অধিষ্ঠিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত দলটোৱে চৰকাৰ গঠন কৰিছিল।পোন প্ৰথমে এনেদৰে ভাৰতৰ ৰাজনৈতিক আৰু শাসন ব্যৱস্থাত আধিপত্য প্ৰতিষ্ঠা কৰিছিল।

        একেদৰে ১৯৫৭ চনৰ দেশৰ দ্বিতীয় নিৰ্বাচনতো কংগ্ৰেছ দলে লোকসভাৰ মুঠ ৪৯৪ খন আসনৰ ৩৭১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে শাসনত অধিষ্ঠিত হৈছিল আৰু জৱাহৰলাল নেহৰু পুনৰ দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

     তদুপৰি ১৯৬২ চনৰ দেশৰ তৃতীয়টো সাধাৰণ নিৰ্বাচনতো দলটোৱে ৪৯৪ খন আসনৰ ৩৬১ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি নেহৰুৰ প্ৰধানমন্ত্ৰীত্বত চৰকাৰ গঠন কৰি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। 

  গতিকে দেখা গ’ল যে কংগ্ৰেছ দলে ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনতে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। আন কোনো দলে কংগ্ৰেছৰ লগত সমানে খোজ দিব পৰা নাছিল আৰু কংগ্ৰেছক পৰাস্ত কৰি শাসনত অধিষ্ঠিত হ’ব পৰা নাছিল। কংগ্ৰেছে তিনিওটা নিৰ্বাচনতে নিজৰ একক আধিপত্য বজাই ৰাখিছিল। 


৭। চমু টোকা লিখাঃ

(ক) সমাজবাদী দল   

(খ) ভাৰতীয় সাম্যবাদী দল   

(গ) ভাৰতীয় জনসংঘ                      

(ঘ) স্বতন্ত্ৰ দল         

 (ঙ) ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি.)

উত্তৰঃ (ক) সমাজবাদী দলঃ ভাৰতত সমাজবাদী দলৰ জন্ম হৈছিল ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে চলি থকা গণ আন্দোলনৰ কালছোৱাত। এই দলৰ জন্ম হৈছিল ১৯৪৮ চনত। সমাজবাদী দল কংগ্ৰেছ দলৰ পৰা ফাটি আহি কংগ্ৰেছ দলৰে কিছু সংখ্যক সদস্যই গঠন কৰা এক দল। এই দলৰ নিৰ্বাচনী ফলাফল বিশেষ সন্তোষজনক নাছিল। মাত্ৰ কেইটামান অঞ্চলতহে দলটোৱে ফলাফল ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছিল। সমাজবাদী দলে বিশেষ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’লেও ই ভাৰতৰ বহু কেইখন ৰাজ্যত প্ৰসাৰিত হ’বলৈ সক্ষম হৈছিল। 

     সমাজবাদী দলটো গণতান্ত্ৰিক সমাজবাদ আদৰ্শৰ ওপৰত বিশ্বাসী। পৰিৱৰ্তি সময়ত এই দলৰো বিভাজন ঘটি কিষাণ মজদুৰ প্ৰজা পাৰ্টি, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি, সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টি আদি সমাজবাদী দলৰ গঠন হয়।  সমাজবাদী দলৰ নেতৃবৃন্দ আছিল ক্ৰমে জয়প্ৰকাশ নাৰায়ণ, অচ্যুৎ পটবৰ্দ্ধন, ৰামমনোহৰ লোহিয়া, অশোক মেহতা, এছ এম যোশী, আচাৰ্য নৰেন্দ্ৰ দেৱ আদি। 

(খ) ভাৰতীয় সাম্যবাদী দলঃ ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ আৰু বলছেভিক বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতত বহু সংখ্যক সমাজবাদী আৰু বনুৱা প্ৰতিষ্ঠানৰ জন্ম হয়।  উক্ত অনুষ্ঠানসমূহৰ  ১৯২৪ চনত কানপুৰত এক সন্মিলিত সভাৰ আয়োজন কৰা হয় আৰু এই সভাৰ প্ৰস্তাৱ অনুযায়ীয়ে ভাৰতীয় সাম্যবাদী দলৰ চমুকৈ চি.পি. আই ৰ জন্ম হয় সেইটো বৰ্ষতে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কালছোৱাতে এই দলৰ জন্ম হয়। ভাৰতীয় সাম্যবাদী দলৰ অন্যতম নেতৃবৃন্দ হ’ল এছ এ ডাংগে, এ কে গোপালন, পি চি যোশী, পি সুন্দৰিয়া,  ই এম এছ নাম্বুদ্ৰিপদ, অজয় ঘোষ আদি। ১৯৩৪ চনত দলটোক ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰে আৰু দলটোৰ নেতাসকলক আটক কৰে। কিন্ত দলটোৱে তাৰ পিছৰ পৰা কংগ্ৰেছ দলৰ লগত গোপনে কাৰ্য-কলাপ চলাই যায়। কিন্ত ১৯৪১ চনত দুই দলৰ মাজত সংঘাতৰ উদ্ভৱ ঘটে সাম্যবাদী দলৰ দ্বিতীয় বিশ্বযুদ্ধত ছোভিয়েট ৰাছিয়া গোষ্ঠীত অংশগ্ৰহণক সমৰ্থন আৰু ১৯৪২ চনৰ ভাৰতত্যাগ আন্দোলনৰ বিৰোধিতাক কেন্দ্ৰ কৰি। ইয়াৰ ফলত ব্ৰিটিছ চৰকাৰে ভাৰতীয় সাম্যবাদী দলৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লয়। 

     ১৯৫২ চনৰ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত দলটোৱে লোকসভাৰ ১৬ খন আসন অৰ্জন কৰি কংগ্ৰেছৰ পিছতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। দলটোৱে অধিক নহ’লেও ভাৰতৰ কিছু সংখ্যক ৰাজ্যত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। যেনেঃ- পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, কেৰেলা আদি। ১৯৫০ চনৰ পৰা ভাৰতীয় সাম্যবাদী দলৰ সদস্যসমূহৰ মাজত ছোভিয়েট ৰাছিয়াৰ সাম্যবাদ আৰু চীন সাম্যবাদৰ সমৰ্থনক লৈ আভ্যন্তৰীণ বিবাদৰ সূচনা হয়। ১৯৬২ চনৰ চীনৰ ভাৰতক আক্ৰমণৰ ঘটনাক নৰমপন্থী ভাৱাদৰ্শৰ সদস্যই গৰিহণা দিয়ে তথা আক্ৰমণকাৰী ৰাষ্ট্ৰৰূপে চীনক আখ্যা দিয়ে, কিন্ত আনফালে চীনৰ সাম্যবাদৰ সমৰ্থকসকলে চীনক দোষাৰোপ কৰিব খোজা নাছিল যাৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ দুই গোষ্ঠীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়। ১৯৬৪ চনৰ ছেপ্তেম্বৰত দলটোৰ ১১ জন লোকসভাৰ সদস্যই এ কে গোপালনৰ নেতৃত্বত অন্য কিছুসংখ্যক সদস্যৰ লগত একত্ৰিত হৈ ‘ভাৰতৰ সাম্যবাদী দল (মাৰ্ক্সবাদী)’ গঠন কৰে। ১৯৭৭ চনত ভাৰতৰ সাম্যবাদী দলটো পুনৰ বিভাজিত হৈ ডাঙ্গেৰ জী দেশপাণ্ডেৰ নেতৃত্বত ‘সৰ্বভাৰতীয় সাম্যবাদী দল’ নামে এক নতুন দলৰ সৃষ্টি হয়। ভাৰতীয় সাম্যবাদী দলে বিশেষ নহ’লেও কিছু পৰিমাণে দেশত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

(গ) ভাৰতীয় জনসংঘঃ ১৯৫১ চনত প্ৰতিষ্ঠাপক সভাপতি শ্যামা প্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় জনসংঘ দলটোৰ প্ৰতিষ্ঠা কৰা হয়।  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা আছিল এই দলৰ মূল । ভাৰতীয় জনসংঘৰ মূল নীতি হৈছে ‘এক দেশ, এক সংস্কৃতি আৰু এক জাতি’। ভাৰতীয় জনসংঘই ভাৰত আৰু পাকিস্তান দুই দেশকে একলগ কৰি অখণ্ড ভাৰতবৰ্ষ গঢ়াৰ কথা প্ৰকাশ কৰে। এই দলৰ বিশ্বাস যে ভাৰতৰ কৃষ্টি-সংস্কৃতিক আৰু আদৰ্শক অৱলম্বন কৰি এখন দেশ আধুনিক, উন্নয়নশীল আৰু শক্তিশালী ৰূপে গঢ়ি উঠিব পাৰিব।এই দলে দেশত ইংৰাজী ভাষাৰ ঠাইত হিন্দী ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ দাবীক সম্পূৰ্ণৰূপে সমৰ্থন জনাই। তদুপৰি দলটোৱে দেশৰ ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘু সম্প্ৰদায়ক বিশেষ সা-সুবিধা প্ৰদান কৰাৰ বিৰোধ কৰে। 

       ভাৰতীয় জনসংঘ দলটোৱে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ সবল স্থিতি অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাছিল ।দলটোৱে  ১৯৫২ চনৰ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কেৱল ৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ১৯৫৭ চনৰ দ্বিতীয়টো নিৰ্বাচনত ই কেৱল ৪ খন আসন অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় জনসংঘৰ  নেতাসকল হৈছে যেনে শ্যামা প্ৰসাদ মুখাৰ্জী, বলৰাজ মাধক, দীন দয়াল উপাধ্যায় ইত্যাদি। ভাৰতীয় জনসংঘ দলে দেশৰ কিছু সংখ্যক হিন্দী ভাষী ৰাজ্যৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। যেনে — মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, ৰাজস্থান, দিল্লী আদি। বৰ্তমান সময়ত শক্তিশালী স্থিতি দখল কৰা ভাৰতীয় জনতা পাৰ্টি উক্ত দলটোৰ নতুন ৰূপ। এই দলে বৰ্তমান ভাৰতত চৰকাৰ গঠন কৰি শাসনত অধিষ্ঠিত হৈ আছে। 

(ঘ) স্বতন্ত্ৰ দলঃ কংগ্ৰেছৰ নাগপুৰ অধিৱেশনৰ সিদ্ধান্ত সমূহৰ বিৰুধিতা কৰি দলটোৰে কিছুসংখ্যক নেতাই এক নতুন দল স্বতন্ত্ৰ দল গঠিত কৰিছিল ১৯৫৯ চনত বয়োজ্যেষ্ঠ নেতা চি. ৰাজাগোপালাচাৰীৰ নেতৃত্বত। স্বতন্ত্ৰ দলৰ নেতৃবৃন্দ হ’ল- চি. ৰাজাগোপালাচাৰী, মিনো মাচানি, এন.জি.ৰংগ, কে.এম মুন্সি আদি। 

    স্বতন্ত্ৰ দলে অৰ্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ সীমিত নিয়ন্ত্ৰণ আৰু হস্তক্ষেপ বা হস্তক্ষেপ হ্ৰাসকৰণৰ পোষকতা কৰে। দলটোৰ মতে ব্যক্তি স্বতন্ত্ৰতাই ৰাষ্ট্ৰৰ উন্নতি তথা প্ৰগতিত অৰিহণা যোগায়। কিন্ত ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু নিয়ন্ত্ৰণে ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বাধা প্ৰদান কৰে। দলটোৱে কেন্দ্ৰীয় পৰিকল্পনা, চৰকাৰী খণ্ড, ৰাষ্ট্ৰীয়কৰণৰ বিৰুদ্ধাচৰণ কৰে। তদুপৰি কৃষি ক্ষেত্ৰত ভূমি অধিগ্ৰহণ আৰু সমবায় ভিত্তিত কৃষিপাম প্ৰতিষ্ঠাৰো দলটোৱে বিৰোধ কৰে । তাৰ পৰিৱৰ্তে স্বতন্ত্ৰ দলে ব্যক্তিগত খণ্ডৰ বিস্তাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। ই উন্নত কৰ ব্যৱস্থা আৰু অনুজ্ঞাপত্ৰ গ্ৰহণৰ প্ৰথাৰ সমৰ্থন জনায়। উল্লেখযোগ্য যে স্বতন্ত্ৰ দলে গোষ্ঠীনিৰপেক্ষ নীতিক সমৰ্থন নজনায় আৰু  ভাৰতবৰ্ষৰ ৰাছিয়াৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক সন্দেহৰ দৃষ্টিৰে চায়। তাৰ বিপৰীতে ই ভাৰতৰ আমেৰিকাৰ লগতহে বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰাঁতো বিচাৰে।

  স্বতন্ত্ৰ দলে পিছে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত বৰ বিশেষ স্থান দখল কৰাত সমৰ্থ হোৱা নাই। কিন্ত ই দেশৰ বিভিন্ন আঞ্চলিক দল, উদ্যোগপতি আৰু ব্যৱসায়ী গোষ্ঠীৰ সমৰ্থন অৰ্জন কৰিবলৈ সমৰ্থ হয়। দলটো সাংগঠনিক ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী হ’বলৈ সক্ষম হোৱা নাছিল। তাৰ কাৰণ হ’ল যে স্বতন্ত্ৰ দলৰ সদস্যসমূহে দলীয় কাম-কাজত বিশেষ আত্মনিয়োগ নকৰে আৰু লগতে দলটোৰ সামাজিক ভেটিও দুৰ্বল। তথাপিও দলটোৱে দেশত কম পৰিমাণে হ’লেও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

(ঙ) ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি): ১৯৮০ চনৰ ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয়। শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত ১৯৫১ চনত গঠিত ভাৰতীয় জনসংঘৰ নৱ ৰূপেই হৈছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতত জৰুৰী অৱস্থাৰ অন্তৰ পিছত ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত কংগ্ৰেছৰ বিকল্প স্বৰূপে ‘জনতা পাৰ্টি’ ৰ গঠন কৰা হৈছিল যাৰ অংশ হৈ পৰিছিল ভাৰতীয় জনসংঘ দল। ১৯৭৭ চনৰ লোকসভাৰ এই সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে ব্যাপক সংখ্যক ভোট লাভ কৰি কংগ্ৰেছ শাসনৰ অৱসান ঘটাই পোনপ্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰীত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰে। কিন্ত দুৰ্ভাগ্যক্ৰমে দলটোৰ আভ্যন্তৰীণ মতভেদৰ ফলত কেৱল ২৮ মাহৰ ভিতৰতে চৰকাৰ খনৰ পতন ঘটে। তদুপৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক লৈ জনতা পাৰ্টিৰ আভ্যন্তৰীণ ভাগত বিবাদৰ সৃষ্টি হয় আৰু দলটোৰ লগত সংযুক্ত হোৱা জনসংঘই অন্যান্য কিছুসংখ্যক সদস্যৰ লগত একত্ৰিত হৈ জনতা পাৰ্টি পৰিত্যাগ কৰি অটল বিহাৰী বাজপেয়ীৰ সভাপতিত্বত নতুন দল ‘ভাৰতীয় জনতা পাৰ্টি’ দল গঠন কৰে। ১৯৮০ চনৰ ২৪ এপ্ৰিলত ভাৰতৰ নিৰ্বাচন আয়োগে এই নৱগঠিত দলক পদুম ফুলৰ প্ৰতীক চিহ্ন প্ৰদানেৰে ৰাষ্ট্ৰীয় দলৰ সন্মান প্ৰদান কৰে। বৰ্তমান এই দলৰ সভাপতি অমিত শ্বাস। 

      ভাৰতীয় জনতা পাৰ্টি দলে শক্তিশালী স্থিতিৰে বৰ্তমান চৰকাৰ গঠন কৰি ভাৰতৰ শাসন ব্যৱস্থাত অধিষ্ঠিত হৈ আছে।এই দলে ভাৰতত বৰ্তমান নিজৰ প্ৰায়বোৰ ৰাজ্যতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

৮। ভাৰতত প্ৰকৃত বিৰোধী দল থকাটো পৰিলক্ষিত হয়নে? তোমাৰ মতৰ সমৰ্থনত চাৰিটা যুক্তি দিয়া।

উত্তৰঃ ভাৰতত প্ৰকৃত বিৰোধী দল থকাটো পৰিলক্ষিত হয়। মোৰ মতৰ সমৰ্থনত যুক্তি আগবঢ়োৱা হ’লঃ

(১)  ভাৰতত স্বাধীনতাৰ পূৰ্বে প্ৰকৃত বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰা দলৰ অনুপস্থিতি আছিল যদিও তাৰ পৰৱৰ্তি কালত  শক্তিশালী বিৰোধী দলৰ উপস্থিতি পৰিলক্ষিত হয়। কাৰণ ১৯৭৭ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনলৈ চালে পৰিলক্ষিত হয় যে এই নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হোৱাৰ পিছত ই শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিছিল। 

(২) ঠিক তেনেদৰে ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী হৈ চৰকাৰ গঠন কৰাৰ পিছত ভাৰতীয় জনতা দলে ১১৯ খন আসন দখল কৰি বিৰোধী দল হিচাপে বলিষ্ঠ ভূমিকা পালন কৰে। চৰকাৰৰ বিভিন্ন দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে ই সৰৱ হৈ উঠিছিল আৰু চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল।

(৩) একেদৰে ১৯৯৬, ১৯৯৮, ১৯৯৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচন তিনিটাত কংগ্ৰেছ পৰাস্ত হয় আৰু বিৰোধী দলৰ পক্ষত বহি যথেষ্ট সক্ৰিয়ভাৱে বিৰোধীৰ ভূমিকা পালন কৰে। 

(৪) বৰ্তমান কংগ্ৰেছ দলকে প্ৰমুখ্য কৰি বহুকেইটা বিৰোধী দলে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে শক্তিশালী স্থিতি অৱলম্বন কৰি আছে। চৰকাৰৰ ভুল ত্ৰুটিসমূহ দেখুৱাই দিছে, চৰকাৰৰ জনহিতকৰ বিৰোধী নীত-নিয়ম তথা আইনক সমালোচনা কৰিছে আৰু সময় সাপেক্ষে চৰকাৰৰ ভাল কাম কাজক উৎসাহিতও কৰিছে।

   গতিকে ভাৰতত প্ৰকৃত বিৰোধী দল উপস্থিতি আছে বুলি মই ভাৱো।


৯। ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’লঃ

(ক) বহুদলীয় ব্যৱস্থাঃ ভাৰতত বহুদলীয় ব্যৱস্থা আছে। ভাৰতত বহুতো ৰাজনৈতিক দল আছে। ভাৰতত স্বাধীনতাৰ পৰৱৰ্তি সময়ৰ পৰাই শতাধিক ৰাজনৈতিক দলৰ জন্ম হৈছে। দেশখনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আঞ্চলিক পৰ্যায়তো বহুতো দলৰ উপস্থিতি আছে।

(খ) দলত্যাগঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এক  বৈশিষ্ট্য হ’ল দলত্যাগ। ভাৰতত ৰাজনৈতিক নেতাসমূহৰ এটা দল ত্যাগ কৰি আন এটালৈ যোৱাৰ প্ৰৱণতা আছে। ই দেশখনৰ ৰাজনীতিত বহুখিনি সমস্যাৰ সৃষ্টি কৰে। 


১০। অতি চমু প্ৰশ্নৰ উত্তৰঃ

(১) ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত।

(২) ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হ’ল সুকুমাৰ সেন।

(৩) ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে ৩৬৪ খন আসন লাভ কৰিছিল। 

(৪) ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল।

(৫) ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন ১৯৫৭ চনত অনুষ্ঠিত হৈছিল।

(৬) ভাৰতৰ তৃতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰতৰ তৃতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬২ চনত।

(৭) এক দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ এক দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম হ’ল চীন।

৮। ভাৰতীয় কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ত কোন চনৰ পৰা বিপৰ্যয় আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতীয় কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ত বিপৰ্যয় আৰম্ভ হৈছিল ১৯৬৭ চনৰ পৰা।

৯।ভাৰতীয় কংগ্ৰেছ দল কোন চনলৈকে কেন্দ্ৰত একচেটিয়াভাৱে শাসনত অধিষ্ঠিত আছিল?

উত্তৰঃ ভাৰতীয় কংগ্ৰেছ দল ১৯৭৭ চনলৈকে কেন্দ্ৰত একচেটিয়াভাৱে শাসনত অধিষ্ঠিত আছিল।

১০। সমাজবাদী দল কি আদৰ্শৰ ওপৰত বিশ্বাসী?

উত্তৰঃ সমাজবাদী দল গণতান্ত্ৰিক সমাজবাদৰ ওপৰত বিশ্বাসী।

১১। সমাজবাদী দলৰ আদৰ্শত বৰ্তমান ভাৰতত গঠন হোৱা এটা ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ সমাজবাদী দলৰ আদৰ্শত বৰ্তমান ভাৰতত গঠন হোৱা এটা ৰাজনৈতিক দল হ’ল ৰাষ্ট্ৰীয় জনতা দল।

১২। ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন কোন চনত হৈছিল?

উত্তৰঃ ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন ১৯৬৪ চনত হৈছিল।

১৩। ভাৰতৰ সাম্যবাদী দল কোন ৰাষ্ট্ৰৰ আদৰ্শৰ সমৰ্থক?

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ আদৰ্শৰ সমৰ্থক। 

১৪। ভাৰতীয় জনসংঘৰ মূল কি?

উত্তৰঃ ভাৰতীয় জনসংঘৰ মূল হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা । 

১৫। স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতি নে?

উত্তৰঃ স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতি ।

১৬। স্বতন্ত্ৰ দল কোন চনত গঠিত হৈছিল?

উত্তৰঃ স্বতন্ত্ৰ দল গঠিত হৈছিল ১৯৫৯ চনত। 

১৭। ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি) ৰ মূল কোনটো দল?

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি) ৰ মূল জনসংঘ দল।

১৮। কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৮৮৫ চনত এলাম অক্টোভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল।

১৯। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু সেই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ  ভাৰতীয় জনসংঘ ১৯৫১ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।

২০।  ১৯৫৬ চনত ৰাজ্য পুনৰগঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ১৯৫৬ চনত ৰাজ্য পুনৰগঠন আইনৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্য হ’ল পঞ্জাৱ।


Nikita Chetia

M.A in Political Science



Post ID : DABP006225