পাঠ নং - ৮

আমাৰ ভাৰতবৰ্ষ


১। উত্তৰ লিখা ঃ

(ক) ভাৰতৰ মাটিকালি কিমান ?

উত্তৰঃ ভাৰতৰ মাটিকালি ৩৩৮৭২৬৩ বৰ্গ কিলোমিটাৰ।

(খ) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা কি কি ?

উত্তৰঃ ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা হৈছে- (i) উত্তৰৰ পাৰ্বত্য় অঞ্চল, (ii) উত্তৰ ভীৰতৰ সমভূমি অঞ্চল, (iii) দাক্ষিণাত্য়ৰ মালভূমি অঞ্চল, (iv) উপকূলীয় নিম্নভূমি অঞ্চল আৰু (v) দ্বীপসমূহ।

(গ) ভাৰতৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত কি কি আছে ?

উত্তৰঃ ভাৰতৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ক্ৰমে জম্মু কাশ্মীৰ, অৰুণাচল আৰু গুজৰাট আছে।

(ঘ) ভাৰতৰ্ষৰ বৃহৎ সমতলভূমি প্ৰধানকৈ কোন তিনিখন নৈৰদ্বাৰা গঠিত ?

উত্তৰঃ ভাৰতৰ্ষৰ বৃহৎ সমতলভূমি  প্ৰধানকৈ ব্ৰহ্মপুত্ৰ, বৰাক আৰু গংগা নৈৰদ্বাৰা গঠিত।

(ঙ) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য কি কি ?

উত্তৰঃ ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য হৈছে- পূব উপকূলীয় সমভূমি পশ্চিম উপকূলতকৈ বহল আৰু সাৰুৱা।

(চ) পূবা -পশ্চিমাকৈ হিমালয়ৰ সমান্তৰাল পৰ্বতলানি কেইটা আৰু কি কি ?

উত্তৰঃ পূবা -পশ্চিমাকৈ হিমালয়ৰ সমান্তৰাল পৰ্বতলানি তিনিটা আৰু সেইকেইটা হৈছে - উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয়।

২। খালী ঠাই পূ কৰা ঃ

(ক) তিব্বতৰ দক্ষিণে হিমালয়ৰ আটাইতকৈ উত্তৰে থকা পৰ্বতলানিক উচ্চ হিমালয় বুলি কয়।

(খ) লাক্ষাদ্বীপ, আমিন দিবি আৰু মিনিকয় দ্বীপপুঞ্জ আৰৱ সাগৰত।

(গ) বৃহৎ নিকোবৰ ভাৰতৰ আটাইতকৈ দক্ষিণৰ দ্বীপ। 

(ঙ) গংগা নদীৰ উৎস হিমৱাহৰ নাম হ'ল গংগোত্ৰী

(চ) ভাৰতৰ প্ৰায় মাজভাগেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

৩। কেৱল উত্তৰ লিখা ঃ

(ক) দাক্ষিণাত্য অঞ্চলৰ দুখন মালভূমিৰ নাম লিখা।

উত্তৰঃ দাক্ষিণাত্য অঞ্চলৰ দুখন মালভূমিৰ নাম হৈছে - মালৱা আৰু বুন্দেলখণ্ড।

(খ) ভাৰতৰ দুটা দ্বীপপুঞ্জৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ দুটা দ্বীপপুঞ্জৰ নাম হৈছে - লাক্ষাদীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ।

(গ) বৃহৎ ভাৰতীয় সমভূমিৰ দুখন মূল নৈৰ নাম লিখা।

উত্তৰঃ বৃহৎ ভাৰতীয় সমভূমিৰ দুখন মূল নৈৰ নাম হৈছে - সিন্ধু আৰু গংগা।

(ঘ) দাক্ষিণাত্য মালভূমিৰ দুশাৰী পৰ্বতৰ নাম লিখা।

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ দুশাৰী পৰ্বতৰ নাম হৈছে- ৰাজমহল আৰু আৰাৱলী।

(ঙ) দাক্ষিণাত্য মালভূমিৰ দুয়োকাষে থকা সাগৰ দুখনৰ নাম লিখা।

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ দুয়োকাষে থকা সাগৰ দুখনৰ নাম হৈছে - নৰ্মদা আৰু গোদাবৰী।

৪। সিন্ধু-গাংগেয়-ব্ৰহ্মপুত্ৰৰ সমতলভূমিৰ বিশেষত্ব বিশ্লেষণ কৰা।

উত্তৰঃ সিন্ধু-গাংগেয়-ব্ৰহ্মপুত্ৰৰ সমতলভূমি পৃথিৱীৰ নদী উপত্য়কা সমভূমিৰ ভিতৰত সৰ্ববৃহৎ। এই সমভূমিক ঘাইকৈ অৱস্থান আৰু পৃষ্ঠভাগৰ লক্ষণৰ আধাৰত কেইবাটাও অঞ্চলত বিভক্ত কৰিব পাৰি -     (i) ৰাজপুতনা সমতল- এই সমতলভূমি আৰাৱলী পৰ্বতৰ পশ্চিমে থৰ মৰুভূমিৰ অন্তৰ্গত এলেকা, ই প্ৰায় ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ মাটি আগুৰি আছে।

    (ii) পাঞ্জাৱ সমতল- সিন্ধুৰ প্ৰধান নৈ শতদ্ৰু, বিপাশা আৰু ইৰাৱতীৰ উপত্য়কাই পঞ্জাৱ সমভূমি। এই সমভূমিয়ে পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মুঠ ৯৫ বৰ্গ কিলোমিটাৰ সামৰি লৈছে।

    (iii) গাংগেয় সমতল- উত্তৰাঞ্চল, উত্তৰ প্ৰদেশ, মধ্য়প্ৰদেশ, চম্বল উপত্য়কা, বিহাৰ আৰু উত্তৰ বংগৰ ডুৱাৰ্ছ ভূমিক বাদ দি সমগ্ৰ পশ্চিমবংগ গাংগেয় সমতলৰ অন্তৰ্গত। এই সমতলৰ ভৌগোলিক আয়তন প্ৰায় ৩.৬ লক্ষ বৰ্গ কিলোমিটাৰ।

    (iv) ব্ৰহ্মপুত্ৰ উপত্য়কা- উত্তৰ বংগৰ শিলিগুড়ি চহৰৰ পৰা অৰুণাচলৰ লোহিত জিলাৰ চৌখাম পৰ্যন্ত ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ অন্তৰ্গত সমভূমিখনেই হৈছে ব্ৰহ্মপুত্ৰ উপত্য়কা। এই উপত্য়কাৰ দৈৰ্ঘ্য় প্ৰায় ৬৪০ কিলোমিটাৰ আৰু প্ৰস্থ প্ৰায় ৬৪-৯০ কিলোমিটাৰ।

    (v) বৰাক উপত্য়কা- দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা বৰাক উপত্য়কাৰ অন্তৰ্গত। এই সমভূমি দীঘলে প্ৰায় ৫০ কিলোমিটাৰ আৰু প্ৰস্থ প্ৰায় ৪০ কিলোমিটাৰ।

৫। ভাৰতৰ দ্বীপবোৰৰ এটা চমুকৈ আভাস দিয়া।

উত্তৰঃ ভাৰতৰ মূল ভূ-ভাগৰ ওচৰে-পাঁজৰে কুৰিটাম আৰুসুন্দৰবন অঞ্চলত ১৪টা বৃহৎ দ্বীপ আছে। এইবোৰ দ্বীপ মহাদেশৰ অংশ বা সাগৰত তৰপে তৰপে জমা হোৱা গেদৰ দ্বাৰা সৃষ্ট। ভাৰতবৰ্ষৰ অধীনত থকা উপকূল অঞ্চলত ২৪৭ টা দ্বীপ আছে। ভাৰতৰ অধীনত থকা সামুদ্ৰিক দ্বীপবোৰৰ ভিতৰত বংগোপ সাগৰৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ, আমিন দিবি, মিনিকয় দ্বীপসমূহ প্ৰধান। আন্দামান গোটত ২৬৫ টা দ্বীপ আছে।


-Hiru Moni Bora




Post ID : DABP006124