পাঠ ৪

তাপৰ ধাৰণা


১। উষ্ণতা কাক বোলে?

উত্তৰঃ উষ্ণতা হৈছে ফাৰেনহাইট আৰু চেলচিয়াছকে ধৰি কেইবাটাও স্কেলৰ ক্ষেত্ৰত প্ৰকাশ কৰা গৰম বা শীতলতাৰ জোখ। 


২। উষ্ণতামাপক যন্ত্ৰ কাক বোলে।

উত্তৰঃ যি যন্ত্ৰৰ দ্বাৰা উষ্ণতা জোখা হয়, সেই যন্ত্ৰক উষ্ণতামাপক যন্ত্ৰ বোলা হয়।


৩। মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক কি বোলে?

উত্তৰঃ মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক বিকিৰণ বোলে।


৪। ঠাণ্ডাৰ দিনত আমি ঊলৰ কাপোৰ ব্যৱহাৰ কৰোঁ কিয়?

উত্তৰঃ ঊলৰ কাপোৰৰ মাজেৰে বায়ু পাৰ হ'ব নোৱাৰে, ফলত বাহিৰৰ ঠাণ্ডা বতাহে শৰীৰ চুব নোৱাৰে আৰু শৰীৰৰ তাপ বাহিৰলৈ ওলাই আহিব নোৱাৰে। সেয়েহে আমি ঠাণ্ডাৰ দিনত ঊলৰ কাপোৰ পৰিধান কৰো।


৫। গৰমৰ দিনত আমি কেনে কাপোৰ পিন্ধাটো ভাল? আৰু কিয়?

উত্তৰঃ গৰমৰ দিনত আমি কপাহী কাপোৰ পিন্ধাটো ভাল। 

    যিহেতু কপাহী কাপোৰৰ মাজেৰে তাপ আৰু বতাহ পাৰ হৈ যাব পাৰে, ফলত বাহিৰৰ মৃদু বতাহ শৰীৰলৈ কাপোৰৰ মাজেৰে প্ৰৱেশ কৰিব পাৰে। সেয়েহে আমি গৰমৰ দিনত কপাহী কাপোৰ পিন্ধাটো ভাল।

 

চমু প্ৰশ্নঃ

১। তাপ এবিধ শক্তি, উদাহৰণসহ ব্যাখ্য়া কৰা।

উত্তৰঃ তাপ এবিধ শক্তি। উদাহৰণ স্বৰূপে কণী এটা গৰম পানীত সিজালে কণীৰ ভিতৰখন টান হয়। ঠিক সেইদৰে ঠাণ্ডাৰ দিনত আমি জন্তুৰ নোমেৰে নিৰ্মিত বস্ত্ৰ পৰিধান কৰিলে ঠাণ্ডাৰ পৰা গৰম অনুভৱ কৰো।


২। তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি আৰু বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি পোৱাৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ  তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি পোৱাৰ উদাহৰণ হ'ল- নিউক্লিয় ৰিয়েক্টৰ-ইয়াত প্ৰথমতে নিউক্লিয় শক্তি তাপ শক্তিলৈ ৰূপান্তৰ হয় আৰু তাৰ পিছত তাপ শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়।


৩। দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়। পৰীক্ষাৰ সহায়ত ব্য়াখ্য়া কৰা।

 উত্তৰঃ “দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়”- তলত দিয়া পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা হ'ল।

এটা বিকাৰত পানী লৈ পটেছিয়াম পাৰমাংগেনেটৰ টুকুৰা এটা নলীৰে বিকাৰৰ তলিত পেলাই দিয়া হ'ল। যেতিয়া নলীটো উলিয়াই বিকাৰৰ তলিত তাপ দিয়া হ'ল দেখা যায় কঞ্জনা আঁচ পানীৰ মাজেৰে ওপৰলৈ উঠি গোটেই পাত্ৰটোতে বিয়পি পৰে। ইয়াৰ কাৰণ এইটোৱেই যে গৰম পানীৰ ঘনত্ব ঠাণ্ডা পানীতকৈ কম হোৱা বাবে গৰম পানী ওপৰলৈ উঠি আহে আৰু তাৰ ঠাই পূৰাবলৈ ঠাণ্ডা পানী তললৈ গতি কৰে আৰু তাৰ ফলত গোটেই পানীখিনি সমানে উত্তপ্ত হৈ উঠে। পানীখিনি সমানে উষ্ণ হোৱাৰ লগে লগে স্ফটিকবোৰৰ পৰা ৰেখা দেখা নাযায়।

 ইয়াৰ দ্বাৰা এইটোৱেই প্রমাণ হয় যে দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয় ।



৪। কাৰণ দৰ্শাই ব্যাখ্য়া কৰা—

(ক) ৰদত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকাই কিয়?

(খ) কাঁহীত গৰম ভাত সোনকালে ঠাণ্ডা হবলৈ মেলি দিয়া হয় কিয়?

 

উত্তৰঃ (ক) ৰ'দত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকায়। কাৰণ প্ৰথমে, সূৰ্যৰ তাপ লাগি বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰা তাপ শক্তি সঞ্চালিত হয় আৰু কাপোৰখনৰ পানীভাগ ভাপ হ'বলৈ ধৰে। তাৰ পিছত পৰিচলনৰ সহায়ত তলৰ পৰা ওপৰলৈ বাষ্প ভাপ হৈ উৰি যায়। ফলত কাপোৰখন সোনকালে শুকাই যায়।

(খ) কাঁহীত গৰম ভাত সোনকালে ঠাণ্ডা হ'বলৈ মেলি দিয়া হয়। কাৰণ গৰম ভাতখিনি কূপ খাই থাকিলে ইয়াত থকা তাপভাগ সোনকালে বাহিৰলৈ ওলাই আহিব নোৱাৰে। ভাতখিনি মেলি দিলে ভাতৰ তাপভাগ বিকিৰণৰ দ্বাৰা সহজে বাহিৰলৈ ওলাই আহে। ফলত বাহিৰৰ ঠাণ্ডা বায়ুয়ে ভাতখিনি ঠাণ্ডা কৰি তোলে।


৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা—

(ক) এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি।

উত্তৰঃ শুদ্ধ।


(খ) উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে।

উত্তৰঃ অশুদ্ধ।


(গ) গতি শক্তি এবিধ যান্ত্ৰিক শক্তি।

উত্তৰঃ অশুদ্ধ।


(ঘ) কোনো পদাৰ্থই গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় উৱস্থা পাব নোৱাৰে।

উত্তৰঃ শুদ্ধ।


(ঙ) তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয়।

উত্তৰঃ শুদ্ধ।


(চ) বগা ৰঙে তাপ শোষণ নকৰে।

উত্তৰঃ শুদ্ধ।


৬। তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰা।

উত্তৰঃ তাপ পালে পদাৰ্থৰ অনুবোৰৰ মাজৰ আন্তঃআণৱিক বন্ধন কমি প্ৰসাৰণ ঘটে  । তাৰ ফলত পদাৰ্থৰ প্ৰসাৰণ ঘটে । 


৭। চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাছতে আনটো মূৰ তপত হয়। তাপ প্ৰবাহিত হোৱাৰ পদ্ধতিটো ব্যাখ্য়া কৰা।

উত্তৰঃ চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাছত আনটো মূৰ তপত হয়।

    প্ৰত্য়েকটো গৰম বস্তুৱে তাপ এৰি দিয়ে। এটা গৰম বস্তুৱে এৰি দিয়া এৰি দিয়া তাপৰ পৰিমাণ ইয়াৰ ইয়াৰ ওপৰিভাগৰ অৱস্থাৰ ওপৰত নিৰেভৰ কৰে।


৮। বিকিৰণ পদ্ধতিটো ব্যাখ্য়া কৰা।

উত্তৰঃ তাপৰ সঞ্চালনৰ এটা প্ৰথা হৈছে বিকিৰণ। বিকিৰণ প্ৰক্ৰিয়াত কোনো পাৰ্থিৱ মাধ্য়মৰ প্ৰয়োজন  নাই। সূৰ্যৰ পৰা তাপ শক্তি মহাশূণ্য়ৰ মাজেদি বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰাই চাৰিওফালে সঞ্চালিত হয়।


৯। পৰীক্ষাৰ সহায়ত দেখুওৱা যে কলা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে আৰু এৰি দিয়ে।

উত্তৰঃ দুটা ষ্টিলৰ পাত্ৰ লােৱা হ'ল। এটা পাত্ৰৰ বাহিৰ ফালে ক'লা ৰং সানি লােৱা হ'ল। দুয়ােটা পাত্ৰতে সমানে পানী লৈ। এতিয়া দিনৰ ভাগত সূৰ্যৰ তাপত এঘণ্টা থৈ দিয়া হ'ল। এতিয়া দুয়ােটা পাত্ৰৰ পানীৰ উষ্ণতাৰ পার্থক্য লক্ষ্য কৰা। দুয়ােটা পাত্ৰৰ পানীৰ উষ্ণতাৰ পার্থক্য বেলেগ বেলেগ পালো। আমি দেখিলো যে যিটো পাত্ৰৰ বাহিৰ ফালে ক'লা ৰং দিয়া আছিল সেই পাত্ৰটোৰ পানীৰ উষ্ণতা বেছি।

সেয়েহে আমি বুজিলো যে ক'লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে।


-Hiru Moni Bora

Check by - Mukesh Borah 


Post ID : DABP006269