পাঠ ৩
আঁহৰ পৰা কাপোৰলৈ অনুশীলনী




১। তোমালোকে তলত দিয়া প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ পদ্যটোৰ লগত বোধহয় পৰিচিত। 
(i) Baa-baa black sheep, have you any wool 
(ii) Mary had a little lamb, whose fleece was white as snow. 


তলত দিয়াসমূহৰ উত্তৰ দিয়াঃ 
(ক) Black sheepৰ কোনটো অংশত ঊণ আছে।
উত্তৰঃ Black sheepৰ নোমৰ অংশত ঊণ আছে।

(খ) ভেড়া পোৱালিৰ বগা নোমবোৰে কি বুজায়?
উত্তৰঃ 
 
২। পাটপলু মানে এটা 
(ক) কেটাৰপিলাৰ    (খ) লাৰভা 
এতিয়া তলৰ কোনটো শুদ্ধ
(i) (ক)    (ii) (খ)    (iii) (ক) আৰু (খ) দুয়োটা    (iv) (ক) আৰু (খ) এটাও নহয়।
উত্তৰঃ (ক) আৰু (খ) দুয়োটা।

৩। তলত দিয়া কোনটোৱে ঊণ নিদিয়ে— 
(ক) ঊট    (ক) নোমাল কুকুৰ    (গ) ছাগলী    (ঘ) য়াক
উত্তৰঃ নোমাল কুকুৰ।

৪। কোনটো প্ৰাণীৰপৰা এংগোৰা ঊণ পোৱা যায়— 
(ক) উট    (খ) ভেড়া    (গ) ছাগলী    (ঘ) এংগোৰা শহাপহু
উত্তৰঃ এংগোৰা শহাপহু।

৫। লহী, মাৰৱাড়ী আৰু নালী কিহৰ প্ৰজাতি— 
(ক) ঊণ    (খ) ভেড়া    (গ) পাটপলু    (ঘ) পাপোৰ
উত্তৰঃ ভেড়া।

৬। তলৰ কোনটো শব্দই পাটপলু পোহা আৰু উৎপাদন কৰা বুজায়— 
(ক) ৰেছম বা পাটশিল্প    (খ) পুষ্পদ্যান বিজ্ঞান    (গ) অৰণ্য বিজ্ঞান    (ঘ) মৌ-পালন
উত্তৰঃ ৰেছম বা পাটশিল্প।

৭। পাটপলুৰ খাদ্য— 
(ক) নিমগছৰ পাত    (খ) নুনিগছৰ পাত    (গ) কঁঠাল গছৰ পাত    (ঘ) ওপৰৰ সকলোবিধ
উত্তৰঃ নুনিগছৰ পাত।

 ৮। তলত দিয়া শব্দবোৰে কি বুজায়— 
(ক) ৰিয়েৰিং বা পালন    (খ) শ্বিয়েৰিং বা নোম খুৰোৱা    (গ) ৰেছম বা পাটশিল্প
উত্তৰঃ 
ৰিয়েৰিং বা পালনঃ 

শ্বিয়েৰিং বা নোম খুৰোৱাঃ শ্বিয়েৰিং হৈছে ভেড়াৰ নোম সংগ্ৰহ কৰা।  এই পদ্ধতিৰ দ্বাৰা ভেড়াৰ শৰীৰৰ পৰা এতৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুগুণ বুলিও কোৱা হয়।
ৰেছম বা পাটশিল্পঃ পাটসূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেছম বা পাটশিল্প বোলা হয়।

৯। পাটপলুৰ লেটা বুলিলে কি বুজা?
উত্তৰঃ পাটপলুৰ কণীফাটি ওলোৱা পোৱালিবোৰে কিছুমান প্ৰ'টিনৰ আঁহ নিঃসৰণ কৰে। বায়ুৰ সংস্পৰ্শত এই আঁহবোৰ টান হৈ লেটাৰ সৃষ্টি হয়। এই লেটাৰ পৰাই পাটৰ আঁহ আহৰণ কৰা হয়।

১০। ৰেছম বা পাটশিল্প কি?
উত্তৰঃ ৰেছম বা পাটশিল্প হৈছে পাটপলু পুহি তাৰ পৰা পাটৰ আঁহ আহৰণ কৰি পাট কাপোৰ প্ৰস্তুত কৰা পদ্ধতি।

১১। গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম লিখা।
উত্তৰঃ গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম হৈছে - মাৰৱাড়ী।

১২। চমু উত্তৰ লিখা— 
(ক) ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম লিখা।
উত্তৰঃ ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম হৈছে - ভেড়া, ছাগলী আৰু য়াক।

(খ) ভেড়াৰ দেহৰ কোন অংশত ঊণ থাকে?
উত্তৰঃ ভেড়াৰ দেহৰ নোমৰ অংশত ঊণ থাকে।

(গ) ঊণ উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা কি?
উত্তৰঃ ঊণৰ আঁহসমূহ বিভাজনকৰণ কামত এনথ্ৰাক্স নামৰ এবিধ মাৰাত্মক বেক্টেৰিয়াৰ বাবে এবিধ তেজৰ বেমাৰৰ সৃষ্টি হয়। ইয়াৰ নাম হৈছে ছৰ্টাৰছ। এই বেমাৰেই হৈছে ঊণ উৎপাদনৰ বৃত্তিগত প্ৰতিবন্ধকতা।

(ঘ) ঊণ সূতাৰ পৰা কিদৰে ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়।
উত্তৰঃ ঊণসমূহ হাতেৰে গুঠি বা তাঁতশালত শিপিনীয়ে ঊণৰ কাপোৰ প্ৰস্তুত কৰে।

(ঙ) লেটাৰ পৰা পাটসূতা প্ৰস্তুত কৰা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ লেটাসমূহ ৰ'দত ৰখা সিজোৱা বা গৰম ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে। এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৰা ফুৰা হয়। এই কাৰ্যত লেটাৰ পৰা আঁহখিনি খোল খাই যায়। এই আঁহবোৰেই পিছত সূতালৈ পৰিণত হয়।

১৩। উত্তৰ লিখাঃ 
(ক) ঊণৰ আঁহৰ পৰা ঊণৰ কাপোৰ উৎপাদন কৰালৈকে বিভিন্ন দশাসমূহৰ এখন তালিকা প্ৰস্তুত কৰি লিখা।
উত্তৰঃ ঊণৰ আঁহসমূহ  ফণিয়াই চিধা কৰা হয় আৰু গুঁঠিবৰ বাবে পকাই লোৱা হয়। তাৰ পিছত হাতেৰে গুঁঠি বা তাঁতশালত বৈ কাপোৰ প্ৰস্তুত কৰা হয়।

(খ) চকৰিৰ পৰা পাটসূতালৈ বহলাই ব্যাখ্যা কৰা।
উত্তৰঃ মাইকী চকৰিয়ে পাৰা কণীৰ পৰা পোৱালিসনমূহ ওলোৱাৰ পিছত সিহঁতে প্ৰথমে নিজৰ চাৰিওফালে এখন জাল গুঁঠি লয়। তাৰ পিছত মূৰয়ো অসমীয়া চাৰিৰ আকৃতিৰ দৰে লৰাই থাকে। এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুৱে কিছুমান প্ৰটিনৰ আঁহ নিঃসৰণ কৰে। এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ আঁহলৈ পৰিবৰ্তিত হয়। এই আৱৰণক লেটা বোলা হয়। লেটাৰ পৰা আঁহবোৰ পাটৰ কাপোৰ ববলৈ ব্য়ৱহাৰ কৰা হয়। এনেদৰেই পাটপলুৰ পৰা পাটসূতা আহৰণ কৰা হয়।

(গ) ছবিসহ পাটচকৰিৰ জীৱনৰ বিভিন্ন দশাসমূহ বৰ্ণনা কৰা।
উত্তৰঃ 



উত্তৰঃ পাটপলুৰ জীৱনচক্ৰ আৰম্ভ হয় মাইকী চকৰিয়ে পৰা সৰু সৰু কণীৰ পৰা। মাইকী চকৰিয়ে শৰকালত কণীবােৰ পাৰে যদিও বসন্ত কালত গৰম পৰাৰ লগে লগে ইয়াৰ পৰা পােৱালি ওলাবলৈ লয়। কণী ফাটি ওলােৱা পােৱালিবােৰক ( Larvae ) পাট পলু বা কেটাৰপিলাৰ ( Caterpillar ) বুলি কোৱা হয়। পাটপলুবােৰ লাহে লাহে ডাঙৰ হােৱাৰ পিছত সিহঁতৰ জীবনচক্ৰৰ পিছৰ স্তৰত প্ৰৱেশ কৰে। এই স্তৰটোক পলু বা পিউপা ( Pupa ) বােলে। ইহঁতে প্রথমতে নিজৰ চাৰিওফালে এখন জাল গুঠি লয়। তাৰ পাছত মূৰটো অসমীয়া সংখ্যা চাৰিৰ ( ৪ ) আকৃতিৰ দৰে লৰাই থাকে। এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুৱে কিছুমান প্ৰটিনৰ আঁহ নিঃসৰণ কৰে। এইবােৰ বায়ুৰ সংস্পর্শত টান হৈ আঁহলৈ পৰিৱর্তিত হয়। পাটপলুৱে এই আঁহেৰে নিজকে সম্পূর্ণভাৱে আৱৰি পেলায় আৰু পিউপালৈ পৰিৱর্তিত হয়। এই আৱৰণক লেটা বােলা হয়। পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰত চলি থাকে। লেটাৰ এই আঁহবােৰ পাটৰ কাপােৰ ববলৈ ব্যৱহাৰ কৰা হয়। 

(ঘ) নিৰ্ঘৰ্ষণ বা পৰিষ্কৰণ (Scouring) প্ৰণালীটো বৰ্ণনা কৰা।
উত্তৰঃ নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ পদ্ধতিত প্ৰথম চৌবাচ্চা এটাত পানীৰ উষ্ণতা ৬০°C হ'ব লাগে। প্ৰথমতে নোমবোৰ এই চৌবাচ্চাৰ চাবোন-পানীৰে ধুই পাছত ঠাণ্ডা পানীৰ সহায়ত নোমত থকা চাবোন আঁতৰোৱা হয়। এনেদৰে কেইবাবাৰো ধোৱাৰ ফলত নোমত লাগি থকা তেলজাতীয় দ্ৰব্য়সমূহ আঁতৰ হয়। এতিয়া এই পানীখিনি চেপি আঁতৰাই শুকনি যন্ত্ৰৰ সহায়ত শুকোৱা হয়। অৱশ্য়ে আজিকালি এই কাৰ্যটো সম্পূৰ্ণ মেচিনৰ সহায়ত কৰা হয়।

(ঙ) মুণ্ডন বা নোম খুৰোৱা (shearing) পদ্ধতিটো লিখা। এই পদ্ধতিত কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ মুগুণ বা নোম খুৰোৱা  পদ্ধতিৰ দ্বাৰা ভেড়াৰ শৰীৰৰ পৰা এতৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক শ্বিয়েৰিং বা নোম খুৰোৱা বুলিও কোৱা হয়।
    এই পদ্ধতিত শ্বেভিং মেচিন ( Shaving Machine ) ব্য়ৱহাৰ কৰা হয়।


১৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা ‘ক’ অংশ ‘খ’ অংশ 


উত্তৰঃ 
'ক'    -    'খ'
নিৰ্ঘৰ্ষণ - ছালেৰে সৈতে কাঠি লোৱা নোম পৰিষ্কাৰকৰণ।
নুনিগছৰ পাত - পাতপলুৰ খাদ্য়।
য়াক - ঊণ উৎপাদন কৰা প্ৰাণী।
লেটা - পাটসূতা উৎপাদন কৰে।
লহী - ভেড়াৰ প্ৰজাতি।
টাছাৰ - পাটসূতাৰ প্ৰকাৰ।

১৫। খালী ঠাইসমূহ পূৰ কৰা— 
(ক) ঊণ আৰু পাট প্ৰাণীৰ পৰা পোৱা সূতা।
(খ) প্ৰাণীসমূহৰ ছালেৰে সৈতে নোম উঠোৱা পদ্ধতিটোক নিৰ্ঘৰ্ষণ বোলা হয়। 
(গ) এংগোৰা ছাগলীৰ পৰা এংগোৰা ঊণ পোৱা যায়। 
(ঘ) আটাইতকৈ মূল্যাৱান ঊণ এংগোৰা শহাপহু নামৰ প্ৰাণীৰ পৰা পোৱা যায়।
(ঙ) আলপাকা আৰু লামা দক্ষিণ আমেৰিকা ত পোৱা যায়।
(চ) পাটপলুৰ লেটা ৰ পৰা পাটসূতা পোৱা যায়।
(ছ) পাটপলুৰ লেটাৰ পৰা পূৰ্ণাংগ পাটপলু হয়। 
(জ) পাটপলুৰ লেটা গৰম ভাপত ত দিয়াৰ পাছত লেটাৰ ভিতৰত থকা পলুটো মৰি যায় আৰু ঢিলা লেটাৰ সূতাবোৰ হৈ পৰে।

১৬। সত্য নে অসত্য লিখা— 
(ক) ঊণ আৰু পাটসূতা মানুহে উৎপাদন কৰা সূতা।
উত্তৰঃ শুদ্ধ।

(খ) সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাটসূতাই আটাইতকৈ দৃঢ়।
উত্তৰঃ শুদ্ধ।

(গ) পাটপলুৰ কণীৰ পৰা পাটসূতা উৎপাদন কৰা হয়।
উত্তৰঃ অশুদ্ধ।

(ঘ) মেৰিণ’ এবিধ (Merino) পাটসূতা।
উত্তৰঃ অশুদ্ধ।

(ঙ) উটৰ পৰা উৎপাদন কৰা ঊণ সূতা প্ৰাকৃতিক বৰণতে ৰখা হয়।
উত্তৰঃ অশুদ্ধ।

১৭। নিমিলা শব্দটো কাৰণ দৰ্শাই আঁতৰ কৰা— 
(ক) কপাহী সূতা, পাটসূতা, ঊণসূতা,
উত্তৰঃ কপাহী সূতা, পাটসূতা আৰু ঊণসূতা প্ৰাণীৰ পৰা আহৰণ কৰা হয়। কিন্তু কপাহী সূতা গছৰ পৰা আহৰণ কৰা হয়।

(খ) উট, ভেৰা, পাটপলু
উত্তৰঃ পাটপলু, উট আৰু ভেৰাৰ পৰা ঊণসূতা পোৱা যায়। কিন্তু পাটপলুৰ পৰা পাটসূতাহে পোৱা যায়।

(গ) মুণ্ডন, পৰিষ্কৰণ, মহুৰা ফুৰোৱা
উত্তৰঃ মহুৰা ফুৰোৱা, মুগুন আৰু পৰিষ্কাৰকৰণ ঊণসূতা প্ৰস্তুতৰ খাপ। কিন্তু মহুৰা ফুৰোৱা পাটসূতা প্ৰস্তুতৰ খাপ।

(ঘ) এংগোৰা, মেৰিণ’, টছৰ
উত্তৰঃ টছৰ, এংগোৰা আৰু মেৰিণ' হৈছে বেলেগ বেলেগ প্ৰকাৰৰ ঊণ। কিন্তু টছৰ হৈছে পাটসূতাৰ প্ৰকাৰ।
-Hiru Moni Bora


Post ID : DABP002848