পাঠ-১০
এজাক চৰাইৰ জ্ঞান লাভ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
১। (ক) সাধুজনৰ নাম বুদ্ধিদ্ৰষ্টা কিয় হৈছিল? তেওঁৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ নিজৰ বুদ্ধিৰে আগ-পাছ ভাবিব পৰা গুণৰ অধিকাৰী হোৱা বাবেই সাধুজনে বুদ্ধিদ্ৰষ্টা নাম হৈছিল। তেওঁৰ উদ্দেশ্য আছিল জীৱনৰ কল্যাণৰ উপায় বিচাৰি উলিওৱা।
২। (ক) চিকাৰীজনে হাতত কি লৈ হাবিলৈ গৈছিল?
উত্তৰঃ চিকাৰীজনৰ এখন হাতত বুটমাহৰ টোপোলা আৰু আনখন হাতত এখন জাল লৈ হাবিলৈ গৈছিল।
খ) চৰাই ধৰিব নোৱাৰি চিকাৰীজনৰ অৱস্থা কেনে হৈছিল?
উত্তৰঃ চৰাই ধৰিব নোৱাৰি চিকাৰীজনে মূৰে-কপালে হাত দিছিল।
৩। (ক) বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক কি কথা শিকাইছিল?
উত্তৰঃ বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক কৈছিল "শুনা এজন চিকাৰী আহিছে, সি তোমালোকৰ সমুখত বুটমাহ ছটিয়াই দিব, কিন্তু বুটমাহ খাবলৈ গ'লেই তোমালোক জালত পৰিবা। তোমালোকে জালত ভৰি নিদিবা, বন্দী নহ'বা। বন্দী জীৱন বৰ কষ্টকৰ। বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক এই কথা শিকাইছিল।
খ) চিকাৰীজনে জাল মেলি দিয়াৰ পাছত চৰাইবোৰে কি কৈছিল?
উত্তৰঃ চিকাৰীজনে জাল মেলি দিয়াৰ পাছত চৰাইবোৰে কৈছিল যে "শুনা এজন চিকাৰী আহিছে। সি... ... ... বন্দী জীৱন বৰ কষ্টকৰ।
৪। বুদ্ধিদ্ৰষ্টাই সকলো কথা বুজাই দিয়াৰ পাছতো চৰাইবোৰ কিয় জালত পৰিল?
উত্তৰঃ তৃতীয় দিনা চিকাৰীজনে যি হয় হওক বুলি কয়, বুটমাহখিনি ছটিয়াই দিছিল। তেতিয়া চৰাইবোৰে বুটমাহ খাবলৈ নিহসঙ্কোচে জালত ভৰি দিছিল আৰু তেতিয়াই চৰাইবোৰ জালত পৰিছিল।
৫। চৰাইবোৰ জালত পৰা সত্ত্বেও বুদ্ধিদ্ৰষ্টা কিয় আচৰিত হোৱা নাছিল?
উত্তৰঃ চৰাইবোৰ জালত পৰা সত্ত্বেও বুদ্ধিদ্ৰষ্টা আচৰিত হোৱা নাছিল কাৰণ তেওঁ জানিছিল, মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকলৰ এনে দশাই হয়।
৬। হাবিৰ মাজৰ লুংলুঙীয়া বাটটোত বুদ্ধিদ্ৰষ্টাই কাক লগ পাইছিল?
উত্তৰঃ হাবিৰ মাজৰ লুংলুঙীয়া বাটটোত বুদ্ধিদ্ৰষ্টাই চিকাৰীজনক লগ পাইছিল।
৭। উক্ত পাঠটিৰ পৰা তুমি কি শিকিলা চমুকৈ লিখা।
উত্তৰঃ উক্ত পাঠটিৰ পৰা মই এয়ে শিকিলো যে কোনো এটা বিষয়ত মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকল এদিন নহয় এদিন বিপদত পৰেই।
৮। অৰ্থ শিকি লোৱাঃ
(প্ৰথম স্তম্ভৰ অৰ্থ দ্বিতীয় স্তম্ভৰ শব্দৰ পৰা বাচি লোৱা)
প্ৰথম স্তম্ভ |
দ্বিতীয় স্তম্ভ |
ক)সিদ্ধি লাভ খ)চৰুৰ তললৈ জুই
নোযোৱা গ)ঠোঁট-মোট চেলেকি
ঘূৰি অহা ঘ)দুবেলা দুমুঠি
খোৱা ঙ)সন্তৰ্পণে চ)প্ৰবচন শুনা ছ)আগ-পাছ ভবা জ)আপোনপাহৰা |
ক)অতি সাৱধান খ)সফল হোৱা গ)বিফল হোৱা ঘ)জ্ঞানপূৰ্ণ কথা ঙ)ভাল বেয়া কথা
চিন্তা কৰা চ)নিজকে পাহৰি থকা
ছ)কোনোমতে খাই বৈ
জীয়াই থকা জ)ঘৰত খোৱা বস্তুৰ
অভাৱ |
৯। বাক্য ৰচনা কৰাঃ
লুংলুঙীয়া - আমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটটো বৰ লুংলুঙীয়া।
সন্তুষ্ট - আমাৰ ওচৰত যিমান আছে তাতেই সন্তুষ্ট হ'ব লাগে।
কষ্টকৰ - খবৰটো বৰ কষ্টকৰ।
ৰং মনেৰে - ল'ৰা-ছোৱালীবোৰে ৰং মনেৰে খেলি আছে
-Mampi Kakati
Spelling Check By- Rajashri Bora
Check by - Mukesh Borah
Post ID : DABP002825