পাঠ-১৩

কুলি

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer


জানি থোৱাঃ

১। অৰ্থ শিকাঃ

দোকোল-টকা ঃ দুয়ো পাৰ উপচি যোৱা।

কুঁহিপাত ঃ গছৰ কোমল পাত / গছত নতুনকৈ ওলোৱা কুমলীয়া পাত।

মৌ বৰষা ঃ বৰ শুৱলা, সুমধুৰ।


২। ১) ঊৰ্দ্ধকমা (') ব্যৱহাৰ কৰা-নকৰালৈ শব্দৰ উচ্চাৰণ আৰু অৰ্থ বেলেগ হয়। যেনেঃ মৰা নিগনিটো, ম'ৰা চৰাইটো।

২। চন্দ্ৰবিন্দু (ঁ) ব্যৱহাৰ কৰা-নকৰালৈ শব্দৰ উচ্চাৰণ আৰু অৰ্থ বেলেগ হয়। যেনেঃ চৰায়ে  বাঁহৰ জোপোহাত বাহ সাজিছে। 

বিমানখন পাঁচ ঘণ্টাৰ পাছত যাব।


অনুশীলনী


২। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়াঃ

ক) 'বাৰীত ফুলিল ছিৰাল তিহুঁ

মলিয়ালে বাৰীৰ আম 

কোমল কোমল পাত' 

一 এইটো বৰ্ণনাই কোনটো ঋতুৰ পৰিচয় দিছে? 

উত্তৰঃ এইটো বৰ্ণনাই বসন্ত ঋতুৰ পৰিচয় দিছে।


খ) কুলিয়ে চ'তৰ বিহু ওচৰ চপাৰ জাননী কেনেকৈ দিয়ে?

উত্তৰঃ কুলিয়ে চ'তৰ বিহু ওচৰ চপাৰ জাননী কুলিৰ মৌখনা মিঠা মাতটোৱে কুউ-কুউ-কুউ কৈ মাতি দিয়ে।


গ) কবিয়ে কুলি চৰাইক আৰু দুমাহমান কিয় ৰৈ যাবলৈ কৈছে?

উত্তৰঃ নৈয়ে, নৈয়ে নাচি উঠক, আম পকিলে লৈ যাবলৈ, কঁঠাল পকিলে লৈ যাবলৈ কবিয়ে কুলি চৰাইক আৰু দুমাহমান ৰৈ যাবলৈ কৈছে।


ঘ) কুলি চৰায়ে কি বুলি মাতে?

উত্তৰঃ কুলি চৰায়ে কুউ-কুউ-কুউ বুলি মাতে।


ঙ) কোনটো ঋতুত আম-কঁঠাল পকে?

উত্তৰঃ বসন্ত ঋতুত আম-কঁঠাল পকে।


চ) কোন সময়ত কুলি চৰাই আহে?

উত্তৰঃ চ'তৰ বিহুৰ আগত কুলি চৰাই আহে।


৩। তলৰ বাক্যকেইটাৰ খালী ঠাই পূৰণ কৰা।

(ক'লা, লুকাই, কৰ্কশ, নাজানে, কাউৰীৰ, পোৱালি, জানে, শুৱলা, ৰমলিয়ায়)

ক) কুলি আৰু কাউৰীৰ দুয়োৰে বৰণ ক'লা

খ) কুলিৰ মাত শুৱলা, কাউৰীৰ মাত কৰ্কশ

গ) কুলিয়ে পাতৰ আঁৰত লুকাই থাকি গীত গায়। কাউৰীয়ে গছৰ ডালত পৰি ৰমলিয়ায়

ঘ) কুলিয়ে বাহ সাজিব নাজানে ; কাউৰীয়ে বাহ সাজিব জানে

ঙ) কুলিয়ে কাউৰীৰ বাহত কণী থৈ আঁতৰি যায়। কাউৰীয়ে কুলিৰ কণী উমনি দি পোৱালি জগায়।


৪। বসন্ত ঋতুৰ লক্ষণবোৰ কেনেকুৱা জানি লোৱা আৰু তলত দিয়া বাক্যকেইটাৰ খালী ঠাই পূৰণ কৰা।

(ব্যৱহাৰ কৰিবলগীয়া শব্দ ঃ পছোৱা, কলি, মলিয়ালে, মুচি, কুঁহিপাত, বৰদৈচিলা)

(ক) আমে মলিয়ালে

(খ) কঁঠালে মুচি পেলায়।

(গ) ফুলে কলি পেলায়।

(ঘ) গছৰ কুঁহিপাত ওলায়।

(ঙ) পছোৱা বতাহ বয়।

(চ) বসন্ত ঋতুৰ শেষৰ ফালে বৰদৈচিলা বয়।


৫। তলৰ শব্দৰ যোৰবোৰৰ পাৰ্থক্য বুজাবলৈ বাক্য ৰচনা কৰা।

(ক) কলা, ক'লা 

উত্তৰঃ কলা - আমি আমাৰ অসমৰ কলা-সংস্কৃতি বজাই ৰাখিব লাগে।

ক'লা - কাউৰীৰ বৰণ ক'লা


(খ) আচল, আঁচল

উত্তৰঃ আচল - আচল শব্দৰ আৰ্থ হ'ল সঁচা।

আঁচল - ৰমলাৰ চাদৰৰ আঁচলটো বৰ ধুনিয়া।


(গ) গড়, গঁড়

উত্তৰঃ গড় - অসমৰ জনসংখ্যাৰ গড় মান প্ৰায় ৩ কোটি।

গঁড় - কাজিৰঙা এখিঙীয়া গড়ৰৰ বাবে বিখ্যাত।


(ঘ) মৰা, ম'ৰা 

উত্তৰঃ

ম'ৰা - ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই।

মৰা — মৰা জীৱ  জন্তু য’তে – ত’তে পেলাব নালাগে । 



(ঙ) কত, ক'ত 

উত্তৰঃ কত - ল'ৰাটোক পঢ়াবৰ বাবে মানুহজনে কত টকা ভাঙিছে ঠিক নাই।

ক'ত - মানুহজনে মই ক'ত যাওঁ মোক সুধিছিল।


() মহ, ম'হ

উত্তৰঃ মহ - ৰাতি শুউতে মহে নাকামোৰিবৰ বাবে আঁঠুৱা তৰিব লাগে।

ম'হ - অসমত মাঘ বিহুৰ পাছত ম'হ যুঁজ পতা হয়।


(ছ) দল, দ'ল

উত্তৰঃ দ'ল - ল'ৰাবোৰে দ'ল পাতি ফুটবল খেলি আছে।

দল - বৰ্তমান অসমত বি.জে.পি. দলৰ প্ৰতিনিদ্ধিত্ত চলি আছে।


() বল, ব'ল

উত্তৰঃ বল - ষাঁড় গৰুৰ বল অধিক।

ব'ল - মাই মোক কৈছিল "ঘৰলৈ যাওঁ ব'ল"।


৬। পাঁচটা গীত গোৱা চৰাই নাম লিখা।

উত্তৰঃ কুলি, কেতেকি, মইনা, ভাটৌ, শালিকা।


৭। কিছুমান প্ৰাণীৰ মাত বুজাবলৈ একোটা বিশেষ শব্দ ব্যৱহাৰ হয়। যেনে ঃ কাউৰীয়ে ৰমলিয়ায়।

তলত দিয়া প্ৰাণীবোৰৰ মাত বুজাবলৈ উপযুক্ত শব্দ প্ৰয়োগ কৰা। (প্ৰয়োগ কৰিবলগীয়া শব্দ ঃ গুণগুণায়, কুৰুলিয়ায়, ভুকভুকায়, গোজৰে, ৰুণ দিয়ে, ভুন্ভনায়, টোৰ্টোৰায়, খেক্খেকায়)

(ক) ভেকুলীয়ে টোৰটোৰায়

(খ) কুকুৰে ভুকভুকায়। 

(গ) ফেঁচাই কুৰুলিয়াই

(ঘ) কপৌ চৰায়ই ৰুণ দিয়ে

(ঙ) সিংহই গোজৰে

(চ) ভোমোৰাই ভুনভুনায়

(ছ) মৌ-মাখিয়ে গুণগুণাই

(জ) বান্দৰে খেকখেকাই


ছাত্ৰ-ছাত্ৰীৰ বাবেঃ

৮। ব'হাগ বিহুৰ সময়ত প্ৰকৃতিত কি কি পৰিৱৰ্তন দেখা পোৱা যায় এখন তালিকা প্ৰস্তুত কৰা। (প্ৰাসংগিক বিন্দুবোৰ ঃ বতাহ, চৰাই, গছৰ ফুল, কলি আৰু পাত)

উত্তৰঃ 

নং

ব'হাগ বিহুৰ সময়ত প্ৰকৃতিত দেখা পোৱা পৰিৱৰ্তন

ব'হাগ বিহুৰ সময়ত বৰদৈচিলা আহে।

ব'হাগ বিহুৰ সময়ত কুলি চৰাই গছৰ ডালত বহি গান গায়।

ব'হাগ বিহুৰ সময়ত গছত নতুন ফুল ফুলে।

ব'হাগ বিহুৰ সময়ত বহুত ফুল গছ, ফলৰ গছে কলি পেলায়।

ব'হাগ বিহুৰ সময়ত গছত কুঁহি পাত মেলে।


৯। বাক্য ৰচনা কৰা  ঃ 

দোকোল-টকা - মানুহজন দোকোল-টকাৰ গৰাকী। 

মৌ বৰষা - কুলিৰ মাতটো মৌ বৰষা। 

কুঁহিপাত - ব'হাগ বিহুৰ সময়ত গছে কুঁহিপাত মেলে। 

শপত - আমি সদায় বিদ্যালয়ৰ প্ৰাৰ্থনাৰ

 সময়ত  শপত গ্ৰহন কৰোঁ।


 


Mampi Kakati

Spelling Check By- Rajashri Bora

Check by -Mukesh Borah 

Post ID : DABP006295