পাঠ-১৪

ৰজা ভাস্কৰৰ্বমা আৰু সেই সময়ৰ অসম


জানি থোৱাঃ

১। ভূৰ্জ ঃ এবিধ কোমল বাকলিৰ গছ 

মোহনা ঃ নদীৰ মুখ 

পৰিসীমা ঃ শেষ সীমা

ৰাজ অভিষেক ঃ ৰজা ৰাজপাটত বহা অনুষ্ঠান

সুকুমাৰ কলা ঃ মনত সৌন্দৰ্যবোধ জন্মাব পৰা বিদ্যা (নৃত্য, গীত, চিত্ৰাংকন আদি)

অনুশীলনী

১। ক) প্ৰাচীন কালত অসমখন কি বুলি জনাজাত আছিল?

উত্তৰঃ প্ৰাচীন কালত অসমখন কামৰূপ বুলি জনাজাত আছিল।


খ) ভাস্কৰবৰ্মা কোন বংশৰ ৰজা আছিল? কোন বছৰত তেওঁ ৰাজপাটত বহিছিল?

উত্তৰঃ ভাস্কৰবৰ্মা ভৌমবৰ্মন বংশৰ ৰজা আছিল। ৫৯৪ খ্ৰীষ্টাব্দত তেওঁ ৰাজপাটত বহিছিল।


গ) ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল?

উত্তৰঃ ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ ৰজা নৰকাসুৰ আছিল।


ঘ) সুস্থিতবৰ্মাৰ পুত্ৰ দুজনৰ নাম কি আছিল?

উত্তৰঃ সুস্থিতবৰ্মাৰ পুত্ৰ দুজনৰ নাম প্ৰতিষ্ঠিতবৰ্মা আৰু ভাস্কৰবৰ্মা আছিল।


ঙ) অব্দ মানে কি? 'ভাস্কৰাব্দ'ৰ সূচনা কেতিয়া আৰু কিয় হৈছিল?

উত্তৰঃ অব্দ মানে বছৰ। 'ভাস্কৰাব্দ'ৰ সূচনা ১৪১৭ ত কৰা হৈছিল। অসমৰ ঐতিহ্য, সংস্কৃতিলৈ ভাস্কৰবৰ্মাই আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি আধুনিক অসমত ভাস্কৰাব্দৰ সূচনা কৰা হৈছিল।


চ) কাউৰংগৰ ঢাল কি?

উত্তৰঃ কাউৰংগৰ ঢাল হ'ল জন্তুৰ ছাল।


ছ) 'হৰ্ষচৰিত' পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'হৰ্ষচৰিত' পুথিখন বাণভট্টই ৰচনা কৰিছিল।


জ) ভাস্কৰবৰ্মাই কিয় বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ হিউৱেন চাংৰ প্ৰভাৱত পৰি ভাস্কৰবৰ্মাই  বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল।


ঝ) ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা দূতজনৰ নাম কি আছিল?

উত্তৰঃ  ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা দূতজনৰ নাম হংসবেগ আছিল।


ঞ) ভাস্কৰবৰ্মা ক'ৰ ৰজা আছিল?

উত্তৰঃ ভাস্কৰবৰ্মা কামৰূপ ৰাজ্যৰ ৰজা আছিল।


ট) ২০১২ খৃষ্টাব্দৰ পহিলা ব'হাগত আৰম্ভ হোৱা বৰ্ষটো কিমান ভাস্কৰাব্দ হ'ব?

উত্তৰঃ ২০১২ খৃষ্টাব্দৰ পহিলা ব'হাগত আৰম্ভ হোৱা বৰ্ষটো ১৪১৯ ভাস্কৰাব্দ হ'ব।


২। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰ সামগ্ৰীবোৰৰ এখন তালিকা কৰা।

উত্তৰঃ ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰ সামগ্ৰীবোৰৰ হ'ল বৰুণ। ছাতিটো মেলিলে সহস্ৰ চন্দ্ৰৰ পোহৰে শোভা কৰিছিল। সেইটো, জুয়ে পুৰিব নোৱাৰিছিল, পানীতো নিতিতিছিল আৰু ধূলিটো লেতেৰা নহৈছিল। আন এবিধ উপহাৰৰ সামগ্ৰী আছিল কাউৰংগ নামৰ এঠাইত উৎপন্ন হোৱা জন্তুৰ ছালেৰে নিৰ্মিত ঢাল। যুদ্ধত সৈন্যই এই ঢাল বাঁওহাতত লৈ শক্ৰৰ আঘাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিছিল। উপহাৰ সামগ্ৰীৰ ভিতৰত কাঁহ-পিতলৰ বস্তু, মুকুটত পিন্ধা মণি, পাটৰ কাপোৰ, হৰিণৰ ছালেৰে তৈয়াৰী গাৰু আদি। ভুৰ্জপত্ৰত অংকন কৰা নানান চিত্ৰ আৰু সাঁচিপাতত লিখা অনেক সাৰুৱা কথা। এইবাৰৰ উপৰি অগৰু তেল, কৰ্পূৰ, কস্তুৰী, লং, জাঁইফল, মৌ, নানানবিধ ঔষধ আৰু মচলা, ফল, গছৰ পুলি আৰু বন মানুহ, জল মানুহ, হৰিণ, ভাটৌ আদি পশু-পক্ষীও উপহাৰ দিয়া হৈছিল।


৩। হিউৱেন চাং কোন দেশৰ পৰা আহিছিল? তেওঁ ৰচনা কৰা পুথিখনৰ নাম লিখা। তেওঁ ভাৰতলৈ কিয় আহিছিল? তেওঁ সংস্কৃত ভাষা ক'ত অধ্যয়ন কৰিছিল?

উত্তৰঃ হিউৱেন চাং চীন দেশৰ পৰা আহিছিল। তেওঁ ৰচনা কৰা পুথিখনৰ নাম হ'ল 'চিউ কি'।তেওঁ ভাস্কৰবৰ্মাৰ অনুৰোধ ৰক্ষা কৰিবলৈ ভাৰতলৈ  আহিছিল। তেওঁ সংস্কৃত ভাষা নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।


৪। হিউৱেন চাঙৰ মতে অসমৰ মানুহবোৰ কেনে আছিল?

উত্তৰঃ হিউৱেন চাঙৰ মতে অসমৰ মানুহবোৰ সহজ-সৰল, সাহিয়াল আৰু সত্যবাদী আছিল।


৫। হিউৱেন চাঙৰ মতে অসমৰ মাটি কেনেকুৱা আছিল?

উত্তৰঃ হিউৱেন চাঙৰ মতে অসমৰ মাটি দ আৰু সাৰুৱা আছিল।


৬। ভাস্কৰবৰ্মাৰ সময়ত কামৰূপ ৰাজ্যৰ সীমা ক'ত আছিল?

উত্তৰঃ ভাস্কৰবৰ্মাৰ সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে বংগোপসাগৰৰ মোহনালৈ আছিল।


৭। বৰুণ ছত্ৰৰ বিশেষত্ববোৰ কি আছিল?

উত্তৰঃ বৰুণ ছত্ৰৰ বিশেষত্ববোৰ হ'ল ছাতিটো মেলিলে সহস্ৰ চন্দ্ৰৰ পোহৰে শোভা কৰিছিল। সেইটো, জুয়ে পুৰিব নোৱাৰিছিল, পানীতো নিতিতিছিল আৰু ধূলিটো লেতেৰা নহৈছিল।


৮। অৰ্থ জানি লোৱাঃ

ক) সংস্কৃতিৱান 

উত্তৰঃ সংস্কৃতিৰে পৰিপূৰ্ণ।


খ) প্ৰজাহিতৈষী

উত্তৰঃ প্ৰজাসকলক দয়া আৰু মৰম কৰা।


গ) বিদ্যোৎসাহী

উত্তৰঃ বিদ্যাৰ প্ৰতি উৎসাহ থকা ।


ঘ) ৰাজ অভিষেক

উত্তৰঃ ৰজা পতাৰ দিন।


ঙ) ঐক্য আৰু সংহতি

উত্তৰঃ এখন দেশৰ ৰীতি-নীতি আৰু পৰম্পৰা।


৯। বাক্য ৰচনা কৰাঃ 

মূল্যৱান - পানী এবিধ মূল্যৱান সম্পদ। 

উপহাৰ  - মোৰ জন্মদিনত মোক সকলোৱে উপহাৰ দিছিল। 

সামগ্ৰী - বানপানীৰ বাবে আমাৰ ঘৰৰ বহুটো সামগ্ৰী নষ্ট হৈ গ'ল। 

প্ৰাচীনপ্ৰাচীন কালত অসমখনৰ কামৰূপ আছিল।

পৰাক্ৰমী - ভাস্কৰবৰ্মা এজন পৰাক্ৰমী ৰজা আছিল। 

কৃতিত্বভাস্কৰবৰ্মাই ৰজা হোৱাৰ কৃতিত্ব লাভ কৰিছিল।


১০। বুজি লোৱাঃ

ক) সংস্কৃতি যাৰ আছে তেওঁ সংস্কৃতিৱান।

ধন যাৰ আছে তেওঁ ধনী

বল যাৰ আছে তেওঁ বলীৱান

ৰূপ যাৰ আছে তেওঁ ৰূপৱতী

দয়া যাৰ আছে তেওঁ দয়াৱান


খ) সমৃদ্ধি যাৰ আছে তেওঁ সমৃদ্ধিশালী।

ক্ষমতা যাৰ আছে তেওঁ ক্ষমতাশালী

ঐশ্বৰ্য যাৰ আছে তেওঁ ঐশ্বৰ্যশালী

প্ৰতিপত্তি যাৰ আছে তেওঁ প্ৰতিপত্তিশালী


গ) সত্য যিয়ে কয় তেওঁ সত্যবাদী।

মিথ্যা যিয়ে কয় তেওঁ মিথ্যাবাদী

 

ঘ) সাহ থকা লোক, সাহিয়াল।

ৰং থকা লোক, ৰঙিয়াল


Mampi Kakati

Spelling Check By- Rajashri Bora 

********



Post ID : DABP006296