Lesson: 15
অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া-
(ক) চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম বজালীৰ দৈশিঙ্গৰী গাঁৱত ১৯০১ চনত হৈছিল।
(খ) চন্দ্ৰপ্ৰভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা পিতৃ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃ নাম গংগাপ্ৰিয়া মজুমদাৰ।
(গ) চন্দ্ৰপ্ৰভাৰ কেইগৰাকী বাই-ভনী আছিল আৰু তেওঁলােকৰ জীৱনৰ লক্ষ্য কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা দুগৰাকী বাই-ভনী আছিল আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য আছিল চন্দ্ৰপ্ৰিয়া দেশসেৱিকা আৰু ৰামেশ্বৰী ডাক্তৰনী।
(ঘ) চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ক'লৈ যাবলগীয়া হৈছিল?
উত্তৰঃ চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ভালুকমাৰী গাঁৱৰ মাহীয়েকৰ ঘৰলৈ যাবলগীয়া হৈছিল।
(ঙ) অসমত সহ-শিক্ষাৰ পাতনি কোনে মেলিছিল?
উত্তৰঃ অসমত সহ-শিক্ষাৰ পাতনি দুইগৰাকী বাই-ভনীয়ে ( চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা) মেলিছিল।
(চ) চন্দ্ৰপ্ৰভাৰ পূর্ব নাম কি আছিল?
উত্তৰঃ চন্দ্ৰপ্ৰভা পূৰ্ব নাম চন্দ্ৰপ্ৰিয়া আছিল।
(ছ) কোনে চন্দ্রপ্রভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল?
উত্তৰঃ নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল।
(জ) ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
(ঝ) সাহিত্য সভাৰ কোন গৰাকী সভাপতিয়ে চন্দ্রপ্রভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল?
উত্তৰঃ সাহিত্য সভাৰ সভাপতি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে চন্দ্ৰপ্ৰভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল।
(ঞ) চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম কি ছিল?
উত্তৰঃ চন্দ্রপ্রভাই সম্পাদনা কৰা আলােচনী খনৰ নাম অভিযাত্ৰী।
(ট) প্রথম অসমীয়া মহিলা ডাক্তৰণী কোন?
উত্তৰঃ প্রথম অসমীয়া মহিলা ডাক্তৰণী ৰজনীপ্ৰভা শইকীয়ানী।
২। পাঠটিৰ আধাৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্বৰ চমু আভাস দিয়া।
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে স্কুলৰ ছাত্ৰীক কৰা অন্যায় বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তাৰ পাছত সকলো ত্যাগ কৰি নাৰীৰ শিক্ষা আৰু অধিকাৰৰ বাবে গাঁৱে-ভূঞে প্ৰচাৰ কৰিছিল। এনেদৰে তেও ব্যক্তিত্ব প্ৰকাশ পাইছিল।
৩। “চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্রাণত বিপ্লৱৰ জোৱাৰ উঠিল।” – ইয়াত কি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা হৈছে?
উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানী যেতিয়া নগাঁৱৰ মিছন স্কুলৰ ছাত্ৰী আছিল। সেই সময়ত এনেবোৰ স্কুলত ধৰ্মান্তৰ প্ৰথা জোৰেৰে প্ৰচলিত আছিল। এজনী ছোৱালীক খৃষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা হৈছিল। স্কুলৰ অধ্যক্ষৰ কথা মতে ধৰ্মান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা নিৰাশ্ৰয় ছোৱালীক এটা এলাগী কোঠাত থাকিবলৈ দি কষ্ট দিবলৈ ধৰিলে। এনেবোৰ অন্যায় দেখি বিপ্লৱৰ জোৱাৰ উঠাৰ কথা কৈছে।
৪। নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্রপ্রভা শইকীয়ানীয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছিল তােমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানী য়ে প্ৰথমতে মহাত্মাজীৰ অসহযোগ আন্দোলনত মহিলাসকলক সঁহাৰি জনাবলৈ আহ্বান জনালে।তাৰ পিচত তেওঁৰ সম্পাদনাত ওলোৱা অভিযাত্ৰীয়ে অসমৰ জাগৰণত ইন্ধন যোগাইছিল। তেখেতে চাকৰি এৰি নাৰী শিক্ষা আৰু অধিকাৰৰ বিষয়ে গাঁৱে-ভূঞে প্ৰচাৰ কৰিছিল।
৫। ব্যাখ্যা কৰা—
(ক) সকলাে ত্যাগ কৰিবা— কিন্তু অধিকাৰ ত্যাগ নকৰিবা।
উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" ৰ অন্তৰ্গত অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী পাঠটিৰ পৰা তুলি লোৱা হৈছে।
উক্ত বাক্যশাৰীত কবিয়ে কব বিছাৰিছে যে নিজ অধিকাৰ ত্যাগ কৰাত কোনো গৌৰৱ নাই। সেই ত্যাগ কাপুৰুষালিহে। সেয়েহে সকলো ত্যাগ কৰিলেও অধিকাৰ ত্যাগ কৰিব দিয়া নাই।
(খ) সেই সন্মিলনত চন্দ্ৰপ্ৰভাই নির্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিকৰ আগত বহা মহিলা দর্শকসকলক দেখি গুজৰি উঠিল।
উত্তৰঃ উক্ত বাক্যশাৰী "ভাৰতী সাহিত্য চয়ন" ৰ অন্তৰ্গত অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী পাঠটিৰ পৰা তুলি লোৱা হৈছে।
চন্দ্ৰপ্ৰভা শইকীয়ানী ক ১৯২৫ চনত নগাঁৱৰ অসম সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰণ জনাইছিল। সেই সভাত মহিলা সকলে নিজ আসন এৰি বাঁহৰ চিকৰ আগত বহা দেখি গুজৰি উঠিছিল।
৬। খালী ঠাই পূৰ কৰা—
(ক) সকলাে ত্যাগ কৰিবা কিন্তু অধিকাৰ ত্যাগ নকৰিবা ।
(খ) নগাঁৱৰ মিছন স্কুলতেই চন্দ্রপ্রিয়া চন্দ্ৰপ্ৰভা নামেৰে আৰু ৰামেশ্বৰী ৰজনীপেৰভা নামেৰে পৰিচিত হয়।
(গ) ১৯২১ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্ৰীত্বত ৰায়ত মহিলা সমাৰোহ অনুষ্ঠিত হৈছিল।
(ঘ) চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলোৱা অভিযাত্ৰী য়ে অসমৰ নাৰী জাগৰণত ইন্ধন যোগোৱাৰ উপৰিও সু-লেখিকা গঢ় দিয়াত সহায় কৰে।
৭। বিপৰীত শব্দ লিখা—
গৌৰৱ = বদনাম ,
উত্তীৰ্ণ = অৱতীৰ্ন
অনিচ্ছা = ইচ্ছা
এলাগী = লাগী
মুক্তি = বান্ধোন
তীব্ৰ = ধীৰ
ত্যাগ = গ্ৰহণ
৮। ভাব সম্প্ৰসাৰণ কৰা—
(ক) গুণীয়েহে গুণীৰ মোল বুজে।
উত্তৰঃ সজ গুণৰ অধিকাৰী লােকে সদায় আনৰ গুণকো আদৰ কৰে । সমাজত বিভিন্ন গুণ সম্পন্ন মানুহ থাকে ; সকলাে মানুহ একে গুণ সম্পন্ন নহয় আৰু একেজন মানুহৰ গাত বিভিন্ন গুণ থাকিব পাৰে । গুণ মানুহৰ স্ব – অর্জিত । শিক্ষা , কৃষি , উদ্যোগ , অভিনয় , শিল্পকলা , সমাজসেৱা, ৰাজনীতি ইত্যাদি যি ক্ষেত্রতে জড়িত নহওঁক কিয় , নিজ কর্মক্ষেত্ৰত মানুহৰ গুণৰ প্রকাশ ঘটে । যি নিজে কোনাে গুণৰ অধিকাৰী হয় , তেওঁ আনৰ গুণৰ মূল্য বুজি পায় আৰু গুণী লােকক আদৰ – শ্রদ্ধা কৰে । এই ক্ষেত্ৰত তেওঁ মানুহৰ সামাজিক অৱস্থা , অর্থনৈতিক অৱস্থা বা জাত – পাত আদিৰ বিচাৰ নকৰে । কিন্তু সি নিজে কোনাে গুণৰ অধিকাৰী নহয় , তেওঁ আনৰ গুণৰ মােল বুজি নাপায় আৰু গুণী লােকৰ প্রতি তেওঁৰ আদৰ শ্ৰদ্ধাও নাথাকে । সেয়েহে , গুণীয়েহে গুণৰ মােল বুজি পায় বুলি কোৱা হয় ।
(খ) বিদ্যাই পৰম বন্ধু।
উত্তৰঃ বিদ্যাক পৰম বন্ধু অর্থাৎ শ্রেষ্ঠ বন্ধু বুলি কোৱা হয় । বিদ্যা অর্জন কৰিলে ই মানুহৰ লগ নেৰে , পৰম বন্ধুৰ দৰে ই মানুহৰ লগত থাকে । কোনাে বন্ধু লগত নহ’লেও বিদ্যাৰ সহায়ত কোনাে অসুবিধা নােহােৱাকৈ দেশ – বিদেশ ঘুৰিব পাৰে । বিদ্যাই মানুহৰ জীৱনৰ বাট মােকলাই দিয়ে । বিদ্বানলােকে বিদ্যাৰ বলতে আপদ বিপদ বা দুর্যোগত নিজকে বচাব পাৰে । এই ক্ষেত্ৰত বিদ্যাই তেওঁক পৰম বন্ধুৰ দৰে সহায় কৰে । বিদ্যা থাকিলে যিকোনাে ঠাইতে সম্মান পােৱা যায় , বন্ধু পােৱা যায় । কিন্তু বিদ্যাহীন মানুহ বন্ধুহীন মানুহৰ দৰে । নিজৰ বিদ্যা নাথাকিলে কিছুমান পৰিস্থিতিত মানুহৰ অসহায় অৱস্থাত পৰিবলগীয়া হয় । সেয়েহে বিদ্যাই পৰম বন্ধু বুলি মানুহে কয়