পাঠ- ১৮
সবিষ্টক আৰু বীৰক
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
অনুশীলনী
১। চমু উত্তৰ দিয়া ঃ
ক) দেশখনত দুৰ্ভিক্ষ কিয় হৈছিল?
খ) ঢোঁৰা কাউৰী আৰু পানী কাউৰীৰ আহাৰ সংগ্ৰহৰ নিয়ম কিহত বেলেগ?
উত্তৰঃ ঢোঁৰা কাউৰীয়ে পানীত ডুব মাৰি মাছ ধৰিব নোৱাৰে কিন্তু পানী কাউৰীয়ে পানীত ডুব মাৰি মাছ ধৰিব পাৰে।
গ) হাবিৰ মাজৰ পুখুৰীটো কিহেৰে ভৰি আছিল?
উত্তৰঃ হাবিৰ মাজৰ পুখুৰীটো ভেঁটফুল, শেলুৱৈ আৰু দল ঘাঁহেৰে ভৰি আছিল।
ঘ) সবিষ্টক কিয় হাবিলৈ যাবলগীয়াত পৰিছিল?
উত্তৰঃ সবিষ্টকে বাস কৰা দেশখনত দুৰ্ভিক্ষই দেখা দিছিল। যাৰ বাবে তাত বাস কৰা লোকসকলৰ খাদ্য বস্তুৰ নাটনি হৈছিল। খাদ্যৰ সন্ধানত সবিষ্টক হাবিলৈ যাবলগীয়াত পৰিছিল।
ঙ) সবিষ্টকে বীৰকৰ কথা কিয় শুনা নাছিল?
উত্তৰঃ সবিষ্টকেউ বীৰকৰ দ্বৰে পানীত ডুব মাৰি মাছ ধৰিব বিচাৰিছিল। সেইবাবে সবিষ্টকে বীৰকৰ কথা শুনা নাছিল।
চ) সবিষ্টকৰ পাছত অনুশোচনা হ'ল কিয়?
উত্তৰঃ বন্ধুৰ সদুপদেশ নুশুনাৰ বাবে সবিষ্টকৰ পাছত অনুশোচনা হ'ল।
ছ) সবিষ্টক বীৰকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ল কিয়?
উত্তৰঃ বীৰকে সবিষ্টকক সৎ দি সবিষ্টকৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে সবিষ্টক বীৰকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ল।
২। বাক্য ৰচনা কৰাঃ
জাঁজ - জাঁজ হৈছে নৈৰ সুটত উটি অহা কাঠ।
দুৰ্ভিক্ষ - সবিষ্টকে বাস কৰা দেশখনত দুৰ্ভিক্ষই দেখা দিছিল।
কৌশল - কোনো এটা কাম কৰাৰ আগতে সেই কামটোৰ কৌশল আয়ত্ত কৰি ল'ব লাগে।
অভ্যাস - আমি ভাল অভ্যাসসমূহ আয়ত্ত কৰিব লাগে।
দুবেলা-দুসাঁজ - ৰাজৰ পৰিয়ালটো ইমানেই দৰিদ্ৰ যে দুবেলা-দুসাঁজ খাবলৈ নাপায়।
চৰাই-চিৰিকটি - আমি চৰাই-চিৰিকটি মাৰিব নালাগে।
জীৱ-জন্তু - চিৰিয়াখানাত বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখিবলৈ পোৱা যায়।
ককবক - চৰাইটোৱে পানীত পৰি ককবকাই আছে।
উশাহ-নিশাহ - আমি উশাহ-নিশাহ নোলোৱাকৈ জীয়াই থাকিব নোৱাৰো।
সুখ-সন্তোষ - জীৱনটো দুখ-যন্ত্ৰনা সুখ-সন্তোষৰ মাজেৰে পাৰ হৈ যায়।
৩। অৰ্থ শিকাঃ
(প্ৰথম স্তম্ভত দিয়া শব্দবোৰৰ অৰ্থ দ্বিতীয় স্তম্ভৰ শব্দৰ পৰা বিচাৰি লোৱা।)
প্ৰথম স্তম্ভ |
দ্বিতীয় স্তম্ভ |
দুৰ্ভিক্ষ কৃতজ্ঞ আলহী জাঁজ সদুপদেশ |
ঘৰলৈ অহা আদৰণীয় লোক পানীত ওপঙি থকা ঘাঁহ-বন ভাল পৰামৰ্শ খোৱাবস্তু পাবলৈ নাইকিয়া হোৱা উপকাৰৰ শলাগ লোৱা |
উত্তৰঃ দুৰ্ভিক্ষ - খোৱাবস্তু পাবলৈ নাইকিয়া হোৱা।
কৃতজ্ঞ - উপকাৰৰ শলাগ লোৱা।
আলহী - ঘৰলৈ অহা আদৰণীয় লোক।
জাঁজ - পানীত ওপঙি থকা ঘাঁহ-বন।
সদুপদেশ - ভাল পৰামৰ্শ
৪। পানীত সাঁতুৰিব কৰা পাঁচটা চৰাইৰ নাম লিখা।
উত্তৰঃ পানী কাউৰী, ডাউক, বগলি, বৰটুকুলা, কনামুচৰি।
৬। সবিষ্টক আৰু বীৰকৰ সাধুটোৰ পৰা কি কি কথা শিকিব পাৰি ভাবি চোৱা।
উত্তৰঃ সবিষ্টক আৰু বীৰকৰ সাধুটোৰ পৰা শিকিব পৰা কথাবোৰ হ'ল -
১) আনৰ সৎ উপদেশ মানি চলিব লাগে।
২) নোৱাৰা কাম কৰিব গৈ বিপদত পৰিব নালাগে।
৩) বিপদৰ বন্ধুৱেই পৰম বন্ধু।
৭। বুজা আৰু লিখাঃ
(ক) (আৰ্হি ঃ বন্ধু - বন্ধুত্ব )
ঘন - ঘনত্ব।
গুৰু - গুৰুত্ব।
কুমাৰী - কুমাৰীত্ব।
মহৎ - মহৎত্ব।
(খ) (আৰ্হি ঃ সৰল - সৰলতা)
সৎ - সৎতা।
কোমল - কোমলতা।
স্বচ্ছ - স্বচ্ছতা।
ব্যস্ত - ব্যস্ততা।
কঠিন - কঠিনতা।
তৰল - তৰলতা।
নম্ৰ- নম্ৰতা।
অলস - অলসতা।
(গ) (আৰ্হি ঃ সোণ - সোণালী)
ৰূপ - ৰূপালী।
জোন - জোনালী।
মেঘ - মেঘালী।
তৰা - তৰালী।
ৰং - ৰঙালী।
ৰ'দ - ৰ'দালী।
দীপ - দীপালী।
Mampi Kakati
Spelling Check By- Rajashri Bora
Check by - Mukesh Borah
Post ID :DABP006337