পাঠ নং- ২২

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question And Answer
    👉MCQs Answer

১। দুটা শব্দত উত্তৰ লিখা_

ক) দুখন পুৰণি ভাৰতীয় ৰাজ্যৰ নাম।

উত্তৰঃ দুখন পুৰণি ভাৰতীয় ৰাজ্যৰ নাম হৈছে 一 মগধ আৰু কনৌজ।

খ) দুজন একনায়কৰ নাম।

উত্তৰঃ দুজন একনায়কৰ নাম হৈছে 一 হিটলাৰ আৰু মুছোলিনী।

গ) দুখন সীমিত ৰাজতন্ত্ৰৰ নাম।

উত্তৰঃ দুখন সীমিত ৰাজতন্ত্ৰৰ নাম হৈছে 一 ইংলেণ্ড আৰু জাপান।

ঘ) দুজন আহোম ৰজাৰ নাম।

উত্তৰঃ দুজন আহোম ৰজাৰ নাম হৈছে 一 চুকাফা আৰু শিৱসিংহ।

ঙ) দুখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম।

উত্তৰঃ দুখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাম হৈছে 一 ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট।


২। দুটা বা তিনিটা বাক্যত উত্তৰ লিখাঃ

ক) চৰকাৰে আমাৰ বাবে কি কৰে ?

উত্তৰঃ আমি সকলোৱে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। খোৱা বস্তু যোগানৰপৰা নিৰাপত্তালৈ, শিক্ষাৰপৰা স্বাস্থ্যলৈ, ঘৰ-দুৱাৰৰপৰা যাতায়াতলৈ, শান্তি-প্ৰগতিৰপৰা ন্যায় বিচাৰলৈ সকলো কামতেই চৰকাৰে চকু দিব লাগে। এই কামবোৰো আকৌ কিছুমান নিয়ম-নীতি মানিহে চলে। চৰকাৰী নীতি-নিয়মক আইন বোলে। আইনবোৰো চৰকাৰেই তৈয়াৰ কৰিব লাগে। তাৰ পাছত আকৌ কাম-কাজ আইন মতে হৈছে নে নাই, কোনোবাই আইন মনা নাই নেকি, কোনোবাই কাৰোবাৰ প্ৰতি অন্যায় কৰিছে নেকি ইত্যাদিবোৰো চৰকাৰেই চাব লাগে ৷

খ) ভাৰতে কাৰ শাসনৰপৰা স্বাধীনতা লাভ কৰিছিল? কিমান দিনৰ বাবে তেওঁলোকে আমাক দেশখন শাসন কৰিছিল ?

উত্তৰঃ ভাৰতে ইংৰাজৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। প্ৰায় ২০০ বছৰ কালৰ বাবে তেওঁলোকে আমাৰ দেশখন শাসন কৰিছিল।

গ) ন্যায় বিভাগৰ কাম কি কি ?

উত্তৰঃ ন্য়ায় বিভাগৰ কামবোৰ হৈছে -

    সকলোবোৰ কামতে চৰকাৰে চকু দিব লাগে। শিক্ষাৰ পৰা স্বাস্থ্য়লৈ কাম-কাজবোৰ আইনৰ মতে হৈছেনে নাই সেইবোৰ চৰকাৰে চাব লাগে। 

ঘ) একনায়কত্বতন্ত্ৰ মানে কি বুজা? এনে শাসনৰ অধীনত ব্যক্তিৰ স্বাধীনতা থাকেনে ?

উত্তৰঃ এজন নেতাই শাসন কৰা ব্য়ৱস্থাক একনায়কত্বতন্ত্ৰ বোলা হয়। এনে শাসনৰ অধীনত ব্য়ক্তিৰ স্বাধীনতা নাথাকে।

৩। ক) পাঠটোত পোৱা ৫টা মূল কথা বিচাৰি ৫টা বাক্যত লিখা।

উত্তৰঃ ১) চৰকাৰঃ ৰাষ্ট্ৰ ব্য়ৱস্থাৰ প্ৰধান প্ৰশাসনীয় অনুষ্ঠান।

২) আইন প্ৰয়োগঃ আইনৰ মতে শাসন চলোৱা শাখাটো কাৰ্যপালিকা।

৩) আইন বিভাগঃ আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জনগণক ন্য়ায় দান কৰা বিভাগটোৱে হৈছে আইন বিভাগ।

খ) চৰকাৰৰ তিনিটা শাখাই কি কি কাম কৰে ?

উত্তৰঃ চৰকাৰৰ গোটেই কামবোৰ তিনিটা ডাঙৰ ভাগত ভগোৱা হয়। ভাগকেইটা হৈছে আইন প্ৰণয়ন, আইন প্ৰয়োগ আৰু বিচাৰ। এই কামকেইটাৰ ভিত্তিতে চৰকাৰক তিনিটা শাখা বা ভাগত ভগোৱা হয়। আইন প্ৰণয়নৰ বাবে আইন বিভাগ, আন প্ৰয়োগৰ কৰা অৰ্থাৎ আইন মতে শাসন চলোৱা শাখাটো কাৰ্যপালিকা। আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল বেয়া বিচাৰ কৰা আৰু লগতে আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জণগণক ন্য়ায় দান কৰা বিভাগটোৱে হ'ল বিচাৰ বিভাগ।

গ) আদিম মানুহে কিয় দল বান্ধি থাকিবলৈ ল'লে আৰু তাৰ ফলত কি কি হ'ল ?

উত্তৰঃ মানুহ সমাজপ্ৰিয় জীৱ। মানুহে সমাজ পাতি থাকিবলৈ ভাল পায়। আই-বোপাই, ককাই-ভাই, বাই-ভনী, মাহী-পেহী, দদাই-ভতিজা, ওচৰ-চুবুৰীয়া, জ্ঞাতি-কুটুম্ব, বন্ধু-বান্ধৱী আদি লগ লাগি সমাজ হয়। বনৰীয়া হিংস্ৰ জন্তু আদিৰ পৰা ৰক্ষা পাবলৈ মানুহে আদিম কালৰ পৰাই দল বান্ধি থাকিবলৈ ল'লে।


 

- Hiru Moni Bora

Check by - Mukesh Borah


Post ID : DABP006217