ভেকুলীৰ বিয়া 

অনুশীলনী 

    👉 Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ


ক) মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ কি কি যতন নিছিল ?

উত্তৰঃ মাছলৈ যাওঁতে বুঢ়া পল এটা আৰু বুঢ়ীয়ে ভগা জকাই এখন যতন নিছিল।


খ) ভেকুলী কাৰ জাকৈত উঠিছিল ?

উত্তৰঃ ভেকুলী বুঢ়ীৰ জাকৈত উঠিছিল।


গ) ৰজাক কোনে গালি পাৰিছিল ?

উত্তৰঃ  ৰজাক ভেকুলীয়ে গালি পাৰিছিল।


[২] চমু উত্তৰ দিয়াঁঃ


ক) বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কি বুলি কৈছিল ?

উত্তৰঃ বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক ক'লে " ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবসৈ কোৱা তাকে কৰিম  বুলি কৈছিল।


খ) ৰজাক ভেকুলীয়ে কিয় গালি পাৰিছিল ?

উত্তৰঃ ৰজাক ভেকুলীয়ে হাস বাই আলি দিয়া মাটিডৰাৰ ওপৰেডি গচকি আলিটো ভাঙি তহিলং কৰি যোৱা বাবে ভেকুলীয়ে গালি পাৰিছিল।


গ) ৰজাৰ ঘৰলৈ যাওঁতে ভকুলীৰ লগ কোনে কোনে লৈছিল ?

উত্তৰঃ ৰজাৰ ঘৰত ভেকুলী যাওঁতে ভেকুলীৰ লগত সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু আনকি, মৌ, বৰল, কোঁদো প্ৰভৃতিও গৈছিল।


[৩] কোনে কৈছিল, কাক কৈছিল ঃ


ক) "যা-চোন গৰুহাল লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ ।"

উত্তৰঃ  বুঢ়াই ভেকুলীক কৈছিল।


খ) " তই গোটকৰাই কি কৰিবা ?"

উত্তৰঃ বুঢ়ীয়ে ভেকুলীক কৈছিল।

 

Apurba Kakati

Check by - Mukesh Borah 



Post ID : DABP006505