পাঠ-৬
সাতাশীটা অজগৰ পোৱালি জন্মাবৃত্তান্ত
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
জানি থোৱাঃ
১। অৰ্থ শিকাঃ
বৃত্তান্ত ঃ কোনো বিষয়ৰ বিশদ বিৱৰণ।
অপৰূপ ঃ অতি শুৱনি
মনোমোহা ঃ দেখিলে মন ভাল লগা।
ধ্বংস ঃ বিনাশ কৰা।
পণ্ডিত ঃ জ্ঞান থকা লোক ।
ধোন্দ ঃ গছৰ খোৰোং।
পৰ্যটক ঃ ঠাই চাবলৈ যোৱা ভ্ৰমণকাৰী।
অটব্য ঃ বৰ ডাঠ।
নিৰীক্ষণ ঃ মনোযোগেৰে চোৱা ।
গতি-বিধি ঃ চাল-চলন।
মুভী-কেমেৰা ঃ চলন্ত দৃশ্য ধৰি ৰখা কেমেৰা ।
ছাত্ৰ-ছাত্ৰীৰ বাবেঃ
৩। তুমিও প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিব পাৰা। তলৰ বিন্দুবোৰলৈ মন কৰা।
ক) তোমাৰ ঘৰৰ চৌপাশে গছ আছেনে?
খ) তোমাৰ ঘৰৰ ওচৰত থকা গছ-লতাৰ এখন তালিকা প্ৰস্তুত কৰা।
গ) তুমি কি কি সাপ দেখিছা? তুমি ক'ত ক'ত সাপ দেখিছা?
ঘ) তোমালোকৰ ঘৰত ফুলৰ বাগিছা আছেনে?
ঙ) তোমাৰ বিদ্যালয়ৰ চৌহদত কি কি গছ আছে?
চ) তুমি গছত চৰাইৰ বাহ দেখিছানে? কপৌ, কুকুৰা, পাৰ, শালিকা, কাউৰী এইবোৰৰ ভিতৰত গছত বাহ সজা চৰাই কোনবোৰ?
ছ) তোমাৰ ঘৰৰ ওচৰত খাল বা পুখুৰী বা নদী আছেনে? তাত কি কি মাছ আছে?
জ) তুমি কেতিয়াবা বনভোজলৈ গৈছানে?
ঝ) তুমি সাধাৰণতে দেখা প্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।
( তালিকাখনত চৰাই, জন্তু, কীট-পতংগ, মাছ আদিৰ নাম বেলেগে বেলেগে লিখিবা)
অনুশীলনী
১। উত্তৰ দিয়াঃ
ক) মানাহ অভয়াৰণ্য ক'ত?
উত্তৰঃ মানাহ অভয়াৰণ্য চিৰাং জিলাত অৱস্থিত।
খ) অভয়াৰণ্য কাক বোলে?
উত্তৰঃ যিবোৰ অৰণ্যত বাঘ, সিংহ আদিৰ দৰে অন্যান্য পশু-পক্ষী নিৰাপদে বিচৰণ কৰিব পৰাকৈ ৰক্ষণাবেক্ষণ দি ৰখা হয় তেনে অৰণ্যক অভয়াৰণ্য বোলে।
গ) মানাহ অভয়াৰণ্যৰ সীমাত কোনখন ৰাষ্ট্ৰ আছে?
উত্তৰঃ মানাহ অভয়াৰণ্যৰ সীমাত ভূটান ৰাষ্ট্ৰ আছে।
ঘ) প্ৰকৃতিপ্ৰেমীসকল কোন? তেওঁলোকে কাৰ পৰামৰ্শ মানি চলে?
উত্তৰঃ যিয়ে প্ৰকৃতিত থকা গছ-লতা, পশু-পক্ষী, মাছ-পুঠী আদি হানি-বিঘিনি নোহোৱাকৈ আৰু লগতে প্ৰকৃতিত থকা নদ-নদী, খাল-বিল আদিৰ ৰক্ষাৰ হকে কাম কৰে তেওলোককে প্ৰকৃতিপ্ৰেমীসকল বোলে। তেওঁলোকে প্ৰকৃতিবিদৰ পৰামৰ্শ মানি চলে।
ঙ) সাধাৰণতে জন্মৰ পাছতে বেছিভাগ অজগৰ পোৱালি মৰি যায় কিয়?
উত্তৰঃ সাধাৰণতে পোক-পৰুৱা আৰু চৰাই-চিৰিকটিৰ উৎপাতৰ বাবে জন্মৰ পাছতে বেছিভাগ অজগৰ পোৱালি মৰি যায়।
২। অজগৰহালে কণীবোৰ এৰি যোৱাৰ পাছত প্ৰকৃতিপ্ৰেমীৰ দলটোৱে কণীবোৰ সুৰক্ষিত ৰাখিবলৈ কি কি কৰিছিল?
উত্তৰঃ অজগৰে কণীবোৰ এৰি যোৱাৰ পাছত কণীবোৰৰ ওপৰত ৰঙা পৰুৱাৰ আক্ৰমণ আৰম্ভ হৈছিল। হালধিগুৰি ছটিয়াই ৰঙা পৰুৱা খেদিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু পোক-পৰুৱাবোৰ আতঁৰি যোৱা যোৱা নাছিল। তাৰপাছত তেওঁলোকে লৰা-লৰিকৈ এখন সৰু বিছনা সাজি উলিয়াইছিল। বিছনাখনৰ তলত বালি, তুঁহৰ গুৰি, হালধিৰ গুৰি, কাঠৰ গুৰি আদি মিহলাই তাৰে এটা তৰপ দিয়া হৈছিল। ধোন্দৰ পৰা কণীবোৰ লাহে-লাহে বুটলি অনা হৈছিল আৰু বিছনাৰ ওপৰত ৰখা হৈছিল। ম'হ-মাখি সোমাব নোৱৰাকৈ এখন আঁঠুৱাও তৰি দিয়া হৈছিল। উচ্চ শক্তিৰ বেটাৰী আনি তেওঁলোকৰ বিছনাৰ ওপৰত তীব্ৰ পোহৰ পৰাৰ ব্যৱস্থা কৰিছিল। ব্যৱস্থাটো কণী উমনি দিয়াৰ দৰে হৈছিল। কাৰণ পোহৰৰ তাপে কণীবোৰ ফুটাত সহায় কৰিছিল। এই সকলোবোৰ দৃশ্য মুভী কেমেৰাৰ পৰ্দাত ধৰি ৰখা হৈছিল।
অৱশেষত প্ৰকৃতিপ্ৰেমী দলটোৰ চেষ্টা সফল হৈছিল।
৩। চমুকৈ উত্তৰ লিখাঃ
(ক) অজগৰহালে ক'ত পোৱালিবোৰ উমনি দি আছিল?
উত্তৰঃ অজগৰহালে গছৰ ধোন্দত পোৱালিবোৰ উমনি দি আছিল।
(খ) প্ৰকৃতিপ্ৰেমীৰ দলটোৰ চেষ্টাত কিমানটা অজগৰ পোৱালি জন্মিছিল?
উত্তৰঃ প্ৰকৃতিপ্ৰেমীৰ দলটোৰ চেষ্টাত সাতাশীটা অজগৰ পোৱালি জন্মিছিল।
(গ) জন্মাৰ পাছতে অজগৰ পোৱালিবোৰে কি কৰিছিল?
উত্তৰঃ জন্মাৰ পাছতে অজগৰ পোৱালিবোৰ গভীৰ অৰণ্যৰ মাজলৈ সোমাই যাৱলৈ এৰি দিয়া হৈছিল।
(ঘ) অজগৰ পোৱালিবোৰ ক'লৈ গুচি গ'ল?
উত্তৰঃ অজগৰ পোৱালিবোৰ গভীৰ অৰণ্যৰ মাজলৈ গুচি গ'ল।
(ঙ) কিহৰ বাবে মানুহে প্ৰকৃতিক ধ্বংস কৰে?
উত্তৰঃ নিজৰ সা-সুবিধাৰ বাবে মানুহে প্ৰকৃতিক ধ্বংস কৰে।
(চ) প্ৰকৃতিক ধ্বংস কৰাত কোনে বাধা দিয়ে?
উত্তৰঃ প্ৰকৃতিক ধ্বংস কৰাত প্ৰকৃতিপ্ৰেমীয়ে বাধা দিয়ে।
(ছ) মানুহে নিজৰ সুখ-সুবিধাৰ বাবে প্ৰকৃতিৰ কি কি অন্যায় কৰে?
উত্তৰঃ মানুহে নিজৰ সুখ-সুবিধাৰ বাবে পাহাৰ খহায়, খাল-বিল পুতি, গছ-বন কাটি, জীৱ-জন্তু মাৰি প্ৰকৃতিৰ অন্যায় কৰে।
(জ) গছ-বন, পশু-পক্ষী, নাথাকিলে মানুহ জীয়াই থাকিব পাৰিবনে?
উত্তৰঃ গছ-বন, পশু-পক্ষী, নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে।
৪। প্ৰকৃতিপ্ৰেমীসকলে কি কি কাম কৰে?
উত্তৰঃ প্ৰকৃতিপ্ৰেমীসকলে অৰণ্যক ৰক্ষণাবেক্ষন দিয়ে ।
৫। পৰ্যটকসকল মানাহলৈ কিয় যায়?
উত্তৰঃ পৰ্যটকসকল মানাহলৈ যোৱাৰ উদ্দেশ্যে হ'ল, অৰণ্যত বাঘ চোৱা আৰু মানাহৰ অপৰৃপ সৌন্দৰ্য উপভোগ কৰা।
৬। মানুহে নিজৰ সুখ-সুবিধাৰ বাবে প্ৰকৃতিক ধ্বংস কৰা উচিতনে?
উত্তৰঃ মানুহে নিজৰ সুখ-সুবিধাৰ বাবে প্ৰকৃতিক ধ্বংস কৰা উচিত নহয়।
৭। প্ৰকৃতিপ্ৰেমীৰ দলটোৱে অজগৰহালক চাবলৈ নিৰীক্ষণ কেন্দ্ৰটো কেনেকৈ গঢ়ি তুলিছিল?
উত্তৰঃ প্ৰকৃতিপ্ৰেমীৰ দলটোৱে অজগৰহালক চাবলৈ শিমলুজোপাৰ পৰা অলপ দূৰত তেওঁলোকে এটুকুৰা ঠাই চাফ-চিকুণ কৰি লৈছিল। ওপৰত চন্দ্ৰাতপ মেলি দি কেইখনমান প্লাষ্টিকৰ চকী পাৰি লৈছিল। এনেদৰেই ঘন অৰণ্যৰ মাজতে তেওঁলোকে এটা সৰু নিৰীক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিল।
৮। খালী ঠাই পূৰ কৰাঃ (আৰ্হিঃ প্ৰকৃতিৰ বিষয়ে জ্ঞান থকা পণ্ডিতক প্ৰকৃতিবিদ বোলে)
ক) শিক্ষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক শিক্ষক বোলে।
খ) ভাষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক ভাষা বিজ্ঞানী বোলে।
গ) প্ৰযুক্তিৰ বিষয়ে জ্ঞান থকা পণ্ডিতক প্ৰয়ুক্তিবিদ বোলে।
৯। বাক্য ৰচনা কৰা一
ক) কুলুকুলু - পানী বৈ আহিলে কুলুকুলু শব্দ হয়।
খ) লাহে লাহে - লাহে লাহে শীতকাল আহি আছে।
গ) চাফ-চিকুণ - আমি সদায় চাফ-চিকুণ কৈ থাকিব লাগে।
ঘ) গতি-বিধি - কাঁচৰ গতি-বিধি অতি লেহেম।
ঙ) কেৰ-মেৰ - বাঁহডালে কেৰ-মেৰ শব্দ কৰি আছে।
Check by- Mukesh Borah
Post ID : DABP006263