আহোমসকল । অধ্যায় ১ । Chapter 1 |  Class 9 Rapid Reader Assam Question And Answer | HSLC Class 9 Assamese Rapid Reader Notes | SEBA Class IX Assamese Rapid Reader Assam Solution | Assamese Medium Class 9 Assamese Question And Answer | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম প্ৰশ্ন আৰু উত্তৰ


অধ্য়ায় ১
  আহোমসকল  
প্ৰশ্নাৱলী

১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল? 
উত্তৰঃ আহোমসকল আদিতে টাই জাতিৰ লোক আছিল।

২। আহোমকলৰ আদি বাসস্থান ক'ত আছিল? 
উত্তৰঃ আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত আছিল।

৩। আহোমসকল কিমান বছৰ  অসমত শাসন কৰিছিল? 
উত্তৰঃ আহোমসকল ৬০০ বছৰ শাসন কৰিছিল।

৪। আহোমসকল আদিভাষা কি আছিল? 
উত্তৰঃ আহোমসকল আদি ভাষা টাই বা শ্যান আছিল।

৫। আহোমকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উত্তৰঃ 'মে-ডাম মে-ফী', 'চাইফা', 'ৰিক্খন', জাচিংফা', 'লাইলুংখাম' আদি।


৬। চমুটোকা লিখাঃ

(ক) লাচিত বৰফুকন।

উত্তৰঃ আহোম ৰজাৰ কৰ্মচাৰী মোমাই তামুলী বৰবৰুৱা সুযোগ্য সন্তান লাচিত বৰফুকন। লাচিত বৰফুকনে অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্মদক্ষতাৰ বলত আহোমৰ সেনাপতিৰ পদৰ অধিকাৰী হৈছিল। আহোম স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দিল্লীৰ মোগল সম্ৰাট ঔৰংজেৱে ৰামসিংহ নেতৃত্বত এদল শক্তিশালী সৈন্যবাহিনী গুৱাহাটী অধিকাৰ কৰিবলৈ পঠিয়ায। কিন্তু বীৰ লাচিতে মোগলৰ বিজয় গৌৰৱৰ আকাংক্ষা চূৰ্ণ-বিচূৰ্ণ কৰি পেলাই। ৰামসিংহই নিজৰ শক্তি সামৰ্থ্যৰ পৰিমাণ দেখুৱাই লাচিতক ভয় খুৱাবলৈ কটকীৰ হাতত এটোপোলা আফু গুটি পঠিয়াইছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে বীৰ লাচিতে এচুঙা বালি কটকীৰ হাতত পঠিয়ায়। অৰ্থাৎ আফুগুটি পিহিলে পানী হ'ব, কিন্তু বালিৰ পৰিমাণ একেই থাকিব। শেষত কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই নৌবাহিনী লৈ ব্ৰক্ষপুত্ৰৰে গুৱাহাটী আক্ৰমণ কৰিলে। যুদ্ধৰ সময়ত লাচিত নৰিয়াপাটীত পৰি আছিল। গাত বিষম জ্বৰ। কিন্তু দেশমাতৃৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু শ্ৰদ্ধাৰ বাবেই অসুখীয়া গাৰে ৰণত জঁপিয়াই পৰিল। যুদ্ধৰ নেতৃত্বৰ ভাৰ লোৱা লাচিতৰ তেজস্বী আহ্বানত অসমীয়া সৈন্য দলৰ নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ কৰিবলৈ গৈ কৈছিল যে- ''যুঁজত যদি লাচিতৰ মৃত্যু ঘটে তেনেহ'লে চিলা পৰ্বতৰ ওপৰত কিনি থোৱা মাটি টুকুৰাত মোৰ তেওঁ শটো থ'ব আৰু যদিহে তেওঁক মোগলে ধৰি নিয়ে,তেনেহ'লে অসমীয়া সৈন্যদল সুখেৰে ঘৰলৈ উভতি যাব।'' বীৰ লাচিতৰ এনে উদ্দীপ্ত বাক্যই অসমীয়া সেনাৰ অন্তৰত দেশপ্ৰেম, প্ৰেৰণা, আৰু সাহস যোগাইছিল। উপস্থিত বুদ্ধি আৰু সাহসৰ বলত অসমীয়া সৈন্যই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। পৰাজিত মোগল সেনাপতি ৰামসিংহই বীৰ লাচিতৰ অসমীয়া সৈন্যৰ বীৰত্বৰ ভূয়সী প্ৰশংসা কৰিছিল। একমাত্ৰ লাচিত বৰফুকনৰ ৰণকৌশল,দক্ষতা আৰু গভীৰ দেশপ্ৰেমৰ বাবহে শৰাইঘাট যুদ্ধত জয়ী হ'বলৈ সক্ষম হৈছিল। শৰাইঘাট যুদ্ধই বীৰ লাচিতক অমৰ কৰাৰ লগে লগে তেওঁক সকলোৰে আদৰ্শ ব্যক্তি হিচাপে পৰিগণিত কৰালে।

(খ) সতী জয়মতী।

উত্তৰঃ সতী জয়মতীৰ কুঁৱৰীৰ জন্ম হৈছিল মাদুৰী গাঁওৰ শিৱসাগৰ জিলাত। জয়মতীৰ পিতৃ নাম লাইথেপেনা বৰগোহাঞি আৰু মাতৃৰ নাম চন্দ্ৰদাৰু। সতীজয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী আছিল। সতী জয়মতী ধৰ্ম আছিল আহোম ধৰ্ম। সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্য ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল। জয়মতী দুটি সন্তান লাই আৰু লেচাই আছিল। ল'ৰা ৰজাৰ ভয়ত জয়মতীয়ে দুই পুত্ৰ আৰু স্বামীক নগাপাহৰত নগাৰ বেশত লোকুৱাই ৰাখিছিল। জয়মতীক ল'ৰা ৰজাই স্বামীৰ কথাত সোধাত একো নোকোৱাত ল'ৰা ৰজাই জেৰেঙা পথাৰত জয়মতীক শাস্তি দিছিল কিন্তু জয়মতীয়ে পুত্ৰৰ আৰু স্বামীৰ ভালৰ বাবে একো নকই চাওদাঙৰ হাতত মৃত্যুবৰণ কৰিছিল। সতী জয়মতীৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰই মাকৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্য জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী খন্দালে আৰু নাম দিলে জয়সাগৰ। জয়মতী আছিল অসমৰ একমাত্ৰ নাৰী যিয়ে স্বামী আৰু পুত্ৰৰ বাহে নিজৰ জীৱন ত্যাগ কৰিছিল। জয়মতীৰ কাহিনীটোক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

(গ) টেঙাই মহন।

উত্তৰঃ পণ্ডিত টেঙাই মহন জন্ম হৈছিৱ ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। তিনিজন কতায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু। যেতিয়া আহোম সকলৰ ভাষাৰ সলনি অসমীয়া ভাষাৰ প্ৰচলন হৈ উঠিছিল তেতিয়া আহোম ভাষাটো জীয়াই ৰখা উদ্দেশ্যই আহোম অভিধান প্ৰণয়ন কৰিছিল। ইফালে আহোমৰ শব্দ আনফালে অসমীয়া শব্দ উদাহৰণস্বৰূপে আহোমৰ শব্দ চাম তাৰ বিপৰীতে অসমীয়া শব্দ বোলে এনেদৰে তেওঁ অভিধান সৃষ্টি কৰিছিল। টেঙাই মহন আছিল প্ৰথম অসমৰ অভিধান প্ৰণেতা আছিল। এইগৰাকী মহান অভিধানিকজনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাত খুৱাঙত মৃত্যু হৈছিল।

(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন।

উত্তৰঃ ১৯১২ চনত অক্টোৱৰ মাহৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱত জন্ম গ্ৰহণ কৰিছিল প্ৰৱৰ ডম্বৰুধৰ ফুকন। পিতাকৰ নাম গংগাৰাম ফুকন আৰু মাতৃৰ নাম চাদৈ ফুকন। ডম্বৰুধৰ ফুকন এম.ভি.স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সংস্কৃতিকে খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিলে। কম সময়ৰ ভিতৰতে টাই ভাষা অধ্যয়ণ কৰি ফুকনদেৱে টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰে। ফুকন দেৱক অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ড° সূৰ্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাটি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বছৰ কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি দি ঘৰলৈ উভতি আহে। তাৰপাছত ১৯৬৩ চনত থানুৰাম গগৈৰ নেতৃত্বত 'বৌদ্ধ সংস্কৃতিত ফ্ৰালুং সংস্কৃতিৰ অন্যতম অৱদান' শীৰ্ষক আলোচনা চক্ৰৰ বাবে বুদ্ধ গয়াত বিশ্ব বৌদ্ধ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰি টাই শিক্ষা প্ৰদান কৰে। এইখনেই আজি অসমত থকা টাই কেন্দ্ৰীয় একাডেমী পাটসাঁকো। ১৯৮১ চনত দিল্লীত বহা 'প্ৰথম আন্তৰ্জাতিক টাই শিক্ষা সন্মিলন'ত অংশ গ্ৰহণ কৰে। ১৯৮১ চনৰ ৮ এপ্ৰিলত পূৰ্বাঞ্চল টাই সাহিত্য সভা গঠন কৰে আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে দ্বায়িত গ্ৰহণ কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মলুং ডম্বৰু দেওধাই ফুকনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা ১৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে।


(ঙ) কৃষ্ণকান্ত সন্দিকৈ।

উত্তৰঃ ১৮৯৮ চনত যোৰহাটত কৃষ্ণকান্ত সন্দিকৈ জন্ম হয়। তেওঁ পিতৃ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম নাৰায়ণী সন্দিকৈ। ১৯১৩ চনত যোৰহাট হাইস্কুলৰ পৰা এন্ট্ৰেন্স পাছ কৰে। তাৰপাছত কটন কলেজৰ পৰা আই.এ.পৰীক্ষাত পাছ কৰে। তাৰপাছত কলিকাতলৈ যায় তাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত বি.এ.উপাধি লাভ কৰে। ১৯১৯ চনত কলকাতাৰ সংস্কৃতৰ বেদ গ্ৰুপত প্ৰথম হৈ এম.এ পাছ কৰে। তাৰপাছত বিলাতলৈ গৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত ১৯২৩ চনত এম.এ.উপাধি লাভ কৰে। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত তাৰ প্ৰথম উপাৰ্চায হিচাপে নিযুক্তি হয় আৰু ১৯৫৭ চন পৰ্যন্ত এই পদত থাকে। তেওঁ বহুতো ইংৰাজী পিঠি অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন গৱেষণা আলোচনীত ভাৰত তত্ত্ব সম্পৰ্কে ভলেমান প্ৰৱন্ধ লিখিছিল। ১৯৫১ চনত বহা অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিবেশনৰ সভাপতি হয়। ১৯৫৩ চনত ৱালটেয়াৰত বহা আন্তঃবিশ্ববিদ্যালয় সমিতিৰো সভাপ্ৰতি আছিল। বাঁহী, মিলন, আৱাহন, চেতনা আলোচনীত প্ৰবন্ধ-পাতি লিখিছিল। তেওঁ কেইটিমান গীতো ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। ১৯৮২ চনৰ ৭ জুন তাৰিখে কৃষ্ণকান্ত সন্দিকৈ মৃত্যুৰ হৈছিল। মৃত্যুৰ আগত তেওঁ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰিছিল।


(চ) পদ্ম নাথ গোহাঞি বৰুৱা ।

উত্তৰঃ ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত পদ্মনাথ গোহাঞি বৰুৱা জন্ম হৈছিল। তেওঁ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী। ১৮৯০ চনত কহিমা হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু এফ.এ আৰু আইন পঢ়ে। তেওঁ কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে তাৰ পাছত ১৮৯৩ চনত নৰ্মাল স্কুললৈ আহে। পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ কবিতা, নাটক, উপন্যাস সকলোতে হাত আছিল। পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ লিখা কবিতা পুথিসমূহ হ'ল-'জুৰণি', 'লীলা', 'ফুলৰ চানেকী'। বুৰঞ্জীমূলক নাটক হ'ল- 'জয়মতী', 'গদাধৰ', 'সাধনা', 'লাচিত বৰফুকন', 'বাণৰজা' আদি। প্ৰহসন নাটকসমূহ হ'ল- 'গাওঁবুঢ়া', 'টেটোন তামুলী', 'ভূত নে ভ্ৰম'। উপন্যাসসমূহ হ'ল- 'ভানুমতী', 'লাহৰী'। আত্মজীৱনী-'মোৰ সোঁৱৰণী। সংগ্ৰহ- 'সাহিত্য সংগ্ৰহ','জীৱনী সংগ্ৰহ'। ধৰ্মমূলক গ্ৰন্থ- 'শ্ৰীকৃষ্ণ', গীতাসাৰ। ইয়াৰ উপৰি তেওঁ ভূগোল,দৰ্পন, নীতিশিক্ষা, শিক্ষাবিধাল আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ 'বিজুলী', 'আসাম বন্তি' আৰু 'উষা' তেওঁ সম্পাদনা কৰিছিল। তেওঁ ১৯১৭ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল। ১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে পদ্মনাথ গোহাঞি বৰুৱা পৰলোক প্ৰাপ্তি ঘটে।


Answer by Apurba Kakati 
Update by Krishna Bora (29-4-2022) 
Check By: Himashree Bora.