কাৰবিসকল । অধ্যায় ৩ । Chapter 3 |  Class 9 Rapid Reader Assam Question And Answer | HSLC Class 9 Assamese Rapid Reader Notes | SEBA Class IX Assamese Rapid Reader Assam Solution | Assamese Medium Class 9 Assamese Question And Answer | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৩


কাৰবিসকল

১| কাৰবিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল ?
উত্তৰঃ কাৰবিসকলক অসমৰ কলম্বাচ বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল।

২| কাৰবিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা |
উত্তৰঃ কাৰবিসকলৰ পৰম্পৰাগত সাজ পাৰঃ

পুৰুষঃ পুৰুষ সকলে আঁঠুমূৰীয়া ছেলেং,চই হংথৰ, চই ইকি, চই লক্ (কাৰবি জেকেট), পহ' (কাৰবি মাফ্লাৰ) আদিয়েই প্ৰধান।

মহিলাঃ পিনি,পেকক আৰু ৱানকক তদুপৰি পে ছেলেং, পে খৱজাৰি, পে ছাৰুি আদিয়ে প্ৰধান।

কেঁচুৱাঃ কেঁচুৱা সকলক বোকোচাত ল'বৰ বাবে পিবা ব্যৱহাৰ কৰা হয়।

আ-অলংকাৰঃ লেক হিকি, নথেংপী, ন'লাংপং, ন'জাংছাই, লেকৰূৱে, লেক পাংখাৰা, লাং আৱ, ৰই পাংখাৰ, ৰই পাহু আদি।

৩| কাৰৱিসকলৰ উৎসৱ-ৰ্পাবণ সম্পৰ্কে লিখা।
উত্তৰঃ কাৰৱিসকলৰ উৎসৱ-ৰ্পাবণ সম্পৰ্কে হ'লঃ

উৎসৱ-ৰ্পাবণঃ পেংহেমফু, ৰংকেৰ, চজুন আদি প্ৰধান উৎসৱ। তাৰোওপৰি বুইচম ঘৰোৱা উৎসৱ। চজুন উৎসৱ প্ৰতিবছৰে  উদযাপন নহয়। ৪ ৫, বা ৯ বছৰ মূৰে মূৰে হয়। ৰংকেৰ উৎসৱ হৈছে গাঁৱৰ উৎসৱ। এই উৎসৱ বছৰৰ আৰম্ভণিতে উদযাপন কৰা হয়। এই উৎসৱৰ দ্বাৰা কাৰবিসকলে উপাস্য দেৱতাক উছৰ্গা কৰে।

৪| কাৰৱিসকলৰ মূল ফৈদকেইটা কি কি ?
উত্তৰঃ কাৰবিসকলক মূল ফৈদ পাঁচটা। সেইকেইটা হ'লঃ
ক) টিমুং 
খ) টেৰণ
গ) তেৰাং
ঘ) ইংহি
ঙ) ইংতি।

৫| কাৰবি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ কাৰৱি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধ মান সাজ-পাৰ নামঃ পিনি, পেকক আৰু ৱানকক তদুপৰি পে ছেলেং, পে খৱজাৰি, পে ছাৰুি আদিয়ে প্ৰধান।

কাৰৱি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধ মান আ-অলংকাৰৰ নামঃ লেক হিকি, নথেংপী, ন'লাংপং, ন'জাংছাই, লেকৰূৱে, লেক পাংখাৰা, লাং আৱ, ৰই পাংখাৰ, ৰই পাহু আদি।

৬| চমুটোকা লিখাঃ

(ক) ছেমছনছিং ইংতি

উত্তৰঃ ছেমছছি ইংতি তেওঁ হ'ল কাবি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাবি আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী ( কাজিৰ তিমুংপী )। ১৯১৬ চনত গােলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গােলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাবি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্রী গ্ৰহণ কৰাৰ পাছত গােলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্রেক গঠন হােৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ - পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনাে কাবি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়। তেওঁ লিখা পুথিকেইখন হ'ল ‘বিতুছ আকিতাপ’ , 'কালাখা আকিতাপ’ , ‘তেমপুৰু আৰু ৱপী ।

(খ) ছামছিং হাঞ্চে

উত্তৰঃ ১৯৪৮ চনৰ এপ্ৰিল মাহৰ ১৮ তাৰিখে নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত আৰ্হিকেলত জন্ম হৈছিল। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰণ। হংক্ৰাম প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন পাতনি মেলে। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে। ডিফু চৰকাৰী বালক বিদ্যালয়ৰ পৰা পৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাত সেনাবহিনীৰ চাকৰি কৰে। তিনি বছৰ পিছত চাকৰু ইস্তফা দি ১৯৬৭ চনত বৈঠলাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পকা ইাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

    ভাষা - সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনাে পুথি কাবি আৰু অসমীয়া ভাষাত প্রণয়ন কৰি প্ৰকাশ কৰিছিল। সেইবােৰৰ ভিতৰত নাম 'তাই হাঈমু’ , 'কাবি প্রণয়ী গীত’ , ‘ছাবিন আলুন’ (কাবি ৰামায়ণ) কুমলীন’ , ‘ৰােমীৰ এমুঠি কাবি কবিতা’ ( অনুবাদ ) আৰু ‘ছে হনজেং’ নামৰ গ্ৰন্থ উল্লেখযােগ্য। ১৯৮৩-৮৪ চনত কাবি লামেত আমেইৰ ( কাবি সাহিত্য সভা ) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে। ১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নির্বাচিত হৈ অসম মন্ত্রীসভাত কেবিনেট মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলােকে ম্রিয়মান কৰি ইহ সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ললে। কাবি ভাষা - সাহিত্যৰ সাধক আৰু এজন পথপ্রদর্শক হিচাপে তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।

(গ) বংলং তেৰাং

উত্তৰঃ কাবি সাহিত্যৰ পুৰােধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাবি সাহিত্যৰ প্রথম লিখিত ৰূপ প্রদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ'ল— ‘Word Book ‘আদাম আছাৰ’ (বিবাহ নিয়ম) ৰূকাছেন’ , 'হাঈমু’ , ‘ছেৰ হংথম’ , ‘কাবি কপুছ’ , ‘কাবি চ ৰংজে’ , ‘আৰণ আতেং’ , ‘ৰংলিন’ , ‘ছাৰ আলুন’ আৰু ছাৰ লামছাম। ১৯৭৩ চনত কাবি সাহিত্য সভাৰ তৰফৰ পৰা কাবি সাহিত্যৰ পুৰােধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্রদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা পুৰােধা ব্যক্তিয়ে সকলােকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।

(ঘ) লংকাম তেৰণ

উত্তৰঃ সু - সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিঙ্গু তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংগীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পর্কৰক্ষী বিষয়া পদত মনােনীত হয়। তেওঁ কাবি আবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাবি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ - সভাপতি পদতাে কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১ - খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ'ল ৰং কেছেং’ , টামাহিদি’ , ‘কিতাপ কিমি’ , কাৰবি লামকুৰু’ , ‘কাবি জনগােষ্ঠী’ , ‘কাবি লামকুৰু - লামছেং’ , ‘কাবি ভাষা পৰিচয়’ , কাবি লামছাম’ আদি।

Answer by Apurba Kakati
Last Update by Krishna Bora (29-4-2022)