কোচ-ৰাজবংশীসকল । অধ্যায় ৪ । Chapter ৪ |  Class 9 Rapid Reader Assam Question And Answer | HSLC Class 9 Assamese Rapid Reader Notes | SEBA Class IX Assamese Rapid Reader Assam Solution | Assamese Medium Class 9 Assamese Question And Answer | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৪

কোচ-ৰাজবংশীসকল

১। কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক ?

উত্তৰঃ কোচ-ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক ।


২। কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে হ'লঃ

কোচ  ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ , সর্বনাম , নিজস্ব ক্রিয়াৰূপ , শব্দৰূপ , মৌখিক আৰু লিখিত সাহিত্য , উচ্চাৰণ ভঙ্গী , নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে । সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা । 

    কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ । ভাৰতবৰ্ষত আৰ্যসকলে সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক । সময়ৰ সোঁতত তেওঁলােকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলােকৰ কোনাে মিল নাই । বৰ্ণ হিন্দুৰ আচাৰ - নীতি গ্রহণ কৰিলেও কোচ -ৰাজবংশীসকলৰ নিজস্ব আচাৰ - সংস্কাৰ , পূজা - পার্বণ , ধর্মীয় বিশ্বাস , আদ্য - সম্ভাৰ , পােছাক পৰিদ , আ - অলংকাৰ , গীত - মাত আদি বিদ্যমান । এই সকলােবােৰ স্বকীয় মহিমাৰে সমুজ্জ্বল ।

    কোচ ৰাজবংশীসকলৰ জন্ম - মৃত্যু , বিয়াৰ নিজস্ব আচাৰ - নীতি , মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস , মৃতকৰ প্রতি শ্রদ্ধা , নানা ঐন্দ্রজালিক ক্রিয়া , তন্ত্র মন্ত্রাদি বিশ্বাস , প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা , বাঁট গছক পুজা , টোটেমৰ প্রতি শ্রদ্ধা , জীৱ - জন্তুৰ পূজা , মানুহৰ ৰােগ - ব্যাধি আৰু বেয়া ঘটনাবােৰ অপশক্তি বা  ভূত - প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস । নানা ধৰণৰ বাধা - নিষেধ বা অনুশাসন , খােৱা , বেষমা বা বিষুৱা , পুষুণা , কাতিগজা , হােলি , চড়ক পূজা , গাজন , মনসা , বিষহৰি , শীতলা , মাসান , কালী আদি পূজাবােৰত অর্থ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান । ৰাজহুৱা কামত চাউল , কল , কলৰ গছ , নাৰিকল , তামােল - পাণ , পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয় । ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ - দেৱীক পূজা - অর্চনা , ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলােকৰ নিজস্ব বিধিৰে , বুঢ়াবুঢ়ী , তিস্তাবুঢ়া , হুদুম পূজা , গ্রাম পূজা , ধামপূজা , মাশান , যখা , সােণাৰায় , কাতি , যাইটল আদি পূজা কৰে । ধর্মীয় সংস্কাৰৰ ভিতৰত আমাতি , যাত্রাপূজা , চড়ক পূজা , সত্য নাৰায়ণ , ত্রিনাথ পূজা আদি আছে ।


৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে লিখা ।

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে হ'লঃ

কোচ-ৰাজবংশীসকলৰ খাদ্যঃ ছেকা, পেল্কা, ভেল্কা, সিদল, সুটকা, টোপলাভাত আদি ।

কোচ-ৰাজবংশীসকলৰ সাজ-পোচাকঃ মহিলাসকলৰ পাটানী , বুকুনী , ফোতা , ছেউটা ; আ - অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু , চুৰি , শাখা , বাজু ; গলৰ সূর্যহাৰ , চন্দ্ৰহাৰ , সিক্কাহাৰ ; কাণত মাকিৰি , অন্তি ; নাকত নােলােক , ফুল ; ভৰিত তােলা খাৰু , ফেলা খাৰু আদি ।


৪। কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি ?

উত্তৰঃ কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ হ'লঃ  ভাওয়াইয়া গান , বিভিন্ন পূজাৰ গান , বাণ গান , কুশান গান , দোতােৰা গান , বিষহৰি পূজাৰ গান , মাৰৈ পূজাৰ গান , তুকখা গান , লাহাংকাৰী গান , নটুয়া , শাঙী ঢাকৰ গান , ডাকনাম , জাগ গান আদি ।


৫। চমুটোকা লিখাঃ

(ক) জননেতা শৰৎচন্দ্ৰ সিংহ

(খ) অম্বিকাচৰণ চৌধুৰী

(গ) অৰুণ কুমাৰ ৰায়

(ঘ) ৰুক্মিণী কান্ত ৰায়

(ঙ) 'দুৰন্ত তৰুণ' পানীৰাম দাস

উত্তৰঃ

(ক) জননেতা শৰৎচন্দ্ৰ সিংহঃ শৰৎচন্দ্ৰ সিং জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰী তাৰিখে । তেখেতৰ পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম আয়াচিনি সিংহ । শৰৎচন্দ্ৰ সিংহ আছিল এজন প্ৰকৃত জনতাৰ নেতা । সেয়ে তেওঁক জননেতা বুলি বিভূষিত কৰিছিল । তেওঁ জীৱনৰ লক্ষ্য আছিল জনসাধাৰণক সেৱা কৰা । তেওঁ অসমক দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়া সপোন দেখিছিল আৰু তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে চেষ্টা কৰিছিল । তেওঁ অসমৰ ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হৈছিল । ১৯৪৬ তনৰ পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ, ১৯৭২ চনৰ পাৰ ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসমৰ বিধান সভাৰ বিধায়ক আছিল । তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত বহুতো উন্নয়নমূলক কাম কৰিছিল তাৰভিতৰতঃ ( ১ ) জৰুৰীকালীন ৰবিশস্য । আঁচনি , (২) গাঁও পঞ্চায়ত সমবায় সমিতি (৩) কৃষি নিগম ( ৪ ) আকলন পত্ৰ আঁচনি (৫) তদাৰক কোষ আঁচনি (৬) পঞ্চায়তীৰাজ ( ৭ ) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ ( ৮ ) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু ( 9 ) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি । ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা তেওঁৰ স্বৰ্গগামী হয় । 

(খ) অম্বিকাচৰণ চৌধুৰীঃ ১৯৩০ চনৰ ১৬ আগষ্টৰ তাৰিখে বঙাইগাঁও জিলাত অম্বিকাচৰণ চৌধুৰী জন্ম হৈছিল । তেখেতৰ পিতাকৰ নাম নৰেশ্বৰ চৌধুৰী আৰু মাতৃৰ নাম কাশীশ্বৰী চৌধুৰী । অম্বিকাচৰণ চৌধুৰী বঙাইগাঁৱৰ পৰা প্ৰাথমিক আৰু উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰিছিল । তাৰপাছত কটন কলেজৰ পৰা ১৯৫৫ চনত দৰ্শন বিভাগত অনাৰ্চসহ স্নাতক ডিগ্ৰী লয় । চিলঙত চাকৰি কৰি থকা সময়ত তাৰপৰা বি.টি. পাছ কৰে । এম.এ. আৰু বি.এল  পঢ়াৰ কাৰণে বিশ্ববিদ্টালয়ত নাম লগাই লৈ আৰ্থিক অনাটনৰ কাৰণে চাকৰি কৰিবলগীয়া হোৱাত উক্ত ডিগ্ৰী পাঠ্যক্ৰম তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে । অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু - ডাঙৰ প্রায় ৩২ খন ইতিহাস , সংস্কৃতি , সমালােচনা আদি বিষয়ক গ্রন্থ লিখিছিল । ইংৰাজী , অসমীয়া আৰু ৰাজবংশী তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল । ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্রবন্ধও লিখিছিল । ১৯৬১ চনত অসম সাহিত্য সভাৰ গােৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ৰত্নপীঠৰ ৰত্ন উপাধিৰে বিভূষিত হৈছিল । ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা কামতাৰত্ন ’ উপাধি লাভ কৰে । ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল । ২০০৩ চনত তেওঁ নতুন দিল্লীৰ প্ৰেণ্ডি সংঘৰ তৰফৰপৰা মহেন্দ্র নাথ বৰা পুৰস্কাৰ লাভ কৰে । প্রাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ “ শিক্ষাবান্ধৱ ’ উপাধিও পাইছিল । তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা , অসম প্ৰকাশন পৰিষদ , ভাৰত বিকাশ পৰিষদ , বঙাইগাঁও জিলা প্রশাসন, বঙাইগাঁও নর্মালস্কুল কর্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বর্ধনা লাভ কৰিছিল ।

(গ) অৰুণ কুমাৰ ৰায়ঃ ১৯২৫ চনৰ ৮ অক্টোবৰত বঙাইগাঁৱৰ ছিপন গাঁৱত  অৰুণ কুমাৰ ৰায় জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম প্ৰকাশ চন্দ্ৰ ৰায় আৰু মাতৃৰ নাম অভয়েশ্বৰী ৰায় । চিৰাং জিলাৰ পৰা ব্ংতল প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু বঙাইগাঁও বীৰঝৰ উচ্চ মাধ্যমিক স্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত পাছ কৰে । তাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধলৈ আহি আৰ চি পি যোগদান কৰে । ১৯৬৪ চনত কৃষক আন্দোলনৰ লগত , তাৰ পাছত গৃহৰক্ষা বিভাগত যোগদান কৰিছিল, তাৰপাছত বেংতল এম.ভি. স্কুলত শিক্ষকতা কৰিছিল, ১৯৭৪-১৯৭৫ কোকৰাঝাৰ মহকুমা পৰিষদৰ সভাপতি, ১৯৮৩ চনত উত্তৰ শালমাৰ মহকুমা সভাপতি তাৰপাছত ১৯৯৯ চনৰ পৰা ২০১৬ চনলৈকে কোচ-ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাম কৰিছিল । তেওঁ কোচ-ৰাজবংশীসকলৰ ওপৰত সংস্কৃতমূলক গ্ৰন্থ ৰচনা কৰিছিল তাৰ উপৰি নাটক, কবিতা আৰু শব্দকোষ লিখিছিল । তেখেতে সৰ্বমুঠ ১০ খন গ্ৰন্থ ৰচনা কৰিছিল । ২০০৪ চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে । ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘ লােক - সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে । ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা লাভ কৰে । কোচ - ৰাজবংশী জনগােষ্ঠী তথা তেওঁলােকৰ ভাষা - সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ - ৰাজংশী সাহিত্য সভাই মৰণােত্তৰভাৱে ২০১৬ চনত তেওঁক সাহিত্য ৰত্ন সম্মান প্রদান কৰে ।

(ঘ) ৰুক্মিণী কান্ত ৰায়ঃ ৰুক্মিণী কান্ত ৰায় আছিল কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লোক । তেওঁ এজন অসমৰ খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক আৰু হাস্যৰসিক হিচাপে খ্যাত আছিল । গাঁৱৰ এখন বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি  গুৱাহাটী  বিশ্ববিদ্যালয়ৰ পৰা  অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি  উচ্চ শিক্ষা লাভ কৰিছিল । ৰুক্মিণী কান্ত ৰায় তেখেতৰ মাতৃভাষাক বৰ ভাল পাইছিল ।  তেওঁ যি বক্তৃতাই দিয়ে সেই বক্তৃতাই সকলোৰে মন জয় কৰিছিল । তেওঁ সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল , কলেজ , মঠ - মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল । ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত তেওঁ জিলা পর্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈ উন্নতি লাভ কৰি কেন্দ্রীয় পর্যায়ৰ নেতাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল । সাধাৰণ কেৰাণীৰ চাকৰিৰপৰা কলেজ অধ্যাপক , অধ্যক্ষ , তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল । ভাল এজন ফুটবল খেলুৱৈ হিচাপে প্রশংসা লাভ কৰাৰ উপৰিও জীৱনৰ শেষ বয়সত এজন সুদক্ষ ধর্মীয় বক্তা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল । কৃষ্ণানন ব্রহ্মচাৰীৰ লগত দীর্ঘদিন অতিবাহিত কৰি তেওঁ কিছুমান ধর্ম বিষয়ক তত্ত্বগধুৰ নিৱন্ধ লিখিছিল ।

(ঙ) 'দুৰন্ত তৰুণ' পানীৰাম দাসঃ ১৯১৭ চনৰ ৭ এপ্ৰিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱত পানীৰাম দাসৰ জন্ম হৈছিল তেখেতৰ জন্ম হৈছিল ।১৯৩৪ চনত পাথৰিঘাট এম.ই. স্কুৱৰ পৰা সুখ্যাতিৰে সপ্তম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰপাছত মঙ্গলদৈ হাইস্কুলত নাম লগায় । ১৯৩৭ চনত কলিকতাৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰে । তেওঁ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী । তেওঁ ১৯৪১ চনত কাৰবাস খাটিব লগা হৈছিল । তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহােপুৰুষাৰ্থ কৰিছিল । ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড ° এ . পি . জে . আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্রামীক ৰাষ্ট্রীয় সম্মানেৰে সন্মানিত কৰিছিল । উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়ােজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁক ‘ খাদী পৰিহিত সেনাধ্যক্ষ ত ( The General in Khadi ) উপাধিৰে বিভূষিত কৰিছিল । ২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্রামীজনৰ মৃত্যু হয় । দেশলৈ নির আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেন্টে সম্পূর্ণ সামৰিক মর্যাদাৰে তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্রীয় মর্যাদাৰে শেষ সম্মান দিছিল ।

Answer by Apurba Kakati 

Last Update by Krishna Bora (29-4-2022)