ভাৰতৰত্ন লালবাহাদুৰ শাস্ত্ৰী


লালবাহাদুৰ শাস্ত্ৰী বিষয়ে (১৯০৪ - ১৯৬৬)


চমু পৰিচয়ঃ-


    ১৯০৪ চনৰ ২ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ বৰাণসী জিলাত মোগলচৰাই নামৰ এখন ঠাই আছে। তাতেই লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নাম সাৰদা প্ৰসাদ শ্ৰী বাস্তৱ  আৰু তেওঁৰ মাতৃ নাম শ্ৰীমতী ৰামদুলাৰী দেবী। লালবাহাদুৰ শাস্ত্ৰীৰ বয়স ডেৰ বছৰ মানতে দেউতাক সাৰদাপ্ৰসাদৰ হঠাৎ মৃত্যু হ'ল। 

    দেউতাকৰ মৃত্যুৰ পাছত লালবাহাদুৰৰ পৰিয়াল উত্তৰ প্ৰদেশৰ ৰামনগৰ নামৰ এখন ঠাইত তেওঁ মোমায়েকৰ ঘৰত আছিল। অলপ ডাঙৰ হোৱাৰ লগে লগে তেওঁক বৰাণসীৰ হৰিশ্চন্দ্ৰ বিদ্যালয়ত নাম ভৰ্তি কৰায় দিয়ে। পঢ়া-শুনাত তেওঁৰ খুব ৰাপ আছিল। যিকোনো কথাকে তেওঁ দৃঢ়ভাবে বুজিবলৈ চেষ্টা কৰিছিল। বৰাণসীৰ হৰিশ্চন্দ্ৰ বিদ্যালয়ত লালবাহাদুৰে সোতৰ (১৭) বছৰ বয়সলৈ  বিদ্যা-শিক্ষা লাভ কৰে।

    সেইবাৰ ১৯২১ চন। তেতিয়া তেওঁৰ বয়স সোতৰ বছৰ। মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন। মহাত্মাগান্ধীৰ এই স্বদেশী আন্দোলনৰ কথা শুনি লালবাহাদুৰৰ মান নাচি উঠিল। তেওঁ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণ কৰে। মহাত্মাৰ বাণী গাঁৱে-গাঁৱে প্ৰচাৰ কৰিবলৈ ধৰে। মহাত্মাৰ আহবান তেওঁ প্ৰত্যাখ্যান কৰিব নোৱাৰিলে। এইদৰে বৃটিছৰ বিৰুদ্ধে যোৱাত তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰে। নিজৰ জন্মভূমিক বিদেশীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ গৈ এয়ে তেওঁৰ প্ৰথম কাৰাবৰণ কৰিব লগা হয়।

    উচ্চ শিক্ষা লাভ কৰাটো লালবাহাদুৰৰ ভাগ্যত নঘটিল। কিন্তু কাৰাগাৰৰ পৰা মুক্ত হৈ তেওঁ পুনৰ বৰাণসীৰ কাশী বিদ্যাপীঠত পঢ়িবলৈ আৰম্ভ কৰে। এই কাশী বিদ্যাপিঠতেই তেওঁৰ ছাত্ৰ জীৱনৰ ওৰ পৰে। এই বিদ্যাপীঠৰ পৰা তেওঁ শাস্ত্ৰী উপাধি লাভ কৰে আৰু তেতিয়াৰ পৰা তেওঁৰ নাম লালবাহাদুৰ শ্ৰী বাস্তৱ ঠাইত লালবাহাদুৰ শাস্ত্ৰী হয়।

    ২৩ বছৰ বয়সত  তেওঁ ললিতা শ্ৰীবাস্তৱ নামৰ এজনী ছোৱালীক বিয়া কৰায়। ১৯৬৪ চনৰ জুনৰ ৯ তাৰিখে লালবাহাদুৰ শাস্ত্ৰীক ভাৰতৰ নতুন নেতা হিচাবে গ্ৰহণ কৰা হ'ল। কংগ্ৰেচৰ নতুন নেতা, ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী।

    উজবেকিস্তানৰ ৰাজধানী তাছখন্দত ১৯৬৬ চনৰ ১০ জানুৱাৰী তাৰিখে ৰাতি ১০-৩০ বজাত তেওঁৰ দেহাৱসান ঘটিল।



সৌৰভ বৰা (Sourab Bora)
(Morigaon Assam).....