অসমৰ কেইগৰাকীমান মহান ব্য়ক্তি | Lesson 14 | Class 3 Social Science Sankardev School Question Answer | শংকৰদেৱ স্কুল তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ|


পাঠ ১৪

অসমৰ কেইগৰাকীমান মহান ব্য়ক্তি


১। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফা আছিল।


২। চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল।


৩। চুকাফাই কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

উত্তৰঃ চুকাফাই ৪১ বছৰ কাল ৰাজত্ৱ কৰিছিল।


৪। আমাৰ ৰাজ্য়খনৰ নাম 'অসম' হোৱাৰ আগেয়ে কি কি নামেৰে জনাজাত আছিল?

উত্তৰঃ আমাৰ ৰাজ্য়খনৰ নাম অসম হোৱাৰ আগেয়ে 'কামৰূপ' আৰু তাৰো আগেয়ে 'প্ৰাগজ্য়োতিষপুৰ' নামেৰে জনাজাত আছিল।


৫। 'অসম' শব্দৰ অৰ্থ লিখা।

উত্তৰঃ অসম শব্দৰ অৰ্থ হৈছে- ওখোৰা-মোখোৰা বা সমান নোহোৱা।


৬। কোন চনত চুকাফাৰ মৃত্য়ু ঘটিছিল?

উত্তৰঃ ১২৬৮ খ্ৰীষ্টাব্দত চুকাফাৰ মত্য়ু হৈছিল।



শ্ৰীমন্ত শংকৰদেৱ


১। শ্ৰীমন্ত শংকৰদেৱৰ কিমান খ্ৰীষ্টাব্দত জন্ম হৈছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ ১৪৪৯ খ্ৰীষ্টাব্দত জন্ম হৈছিল।


২।শংকৰদেৱৰ প্ৰিয় শিষ্য় কোন আছিল?

উত্তৰঃ শংকৰদেৱৰ প্ৰিয় শিষ্য় মাধৱদেৱ আছিল।


৩। শংকৰদেৱে প্ৰথমতে ক'ত সত্ৰ স্থাপন কৰিছিল?

উত্তৰঃ শংকৰদেৱে প্ৰথমতে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল।


৪।শংকৰদেৱে ৰচনা কৰা অন্য়তম ধৰ্ম পুথিখনৰ নাম কি? তেখেতে আৰু কি কি ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা অন্য়তম ধৰ্মপুথিখনৰ নাম হৈছে- কীৰ্তন-ঘোষা। তেখেতে ভাগৱত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, গুণমালা, ভক্তি ৰত্নাৱলী, বৰগীত, ভটিমা আদি অনুবাদ, নাট, গীত, ভক্তিতত্ব আদি নানা বিষয়ৰ পুথি ৰচনা কৰিছিল।


৫। শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? শংকৰদেৱৰ কেতিয়া দেহাৱসান ঘটিছিল?

উত্তৰঃ শংকৰদেৱৰ পত্নীৰ নাম সূৰ্যৱতী আছিল। ১৫৬৯ খ্ৰীষ্টাব্দত শংকৰদেৱৰ দেহাৱসান ঘটিছিল।



শ্ৰীশ্ৰীদামোদৰদেৱ


১। দামোদৰদেৱৰ ক'ত কেতিয়া জন্ম হৈছিল?

উত্তৰঃ দামোদৰদেৱৰ ১৪৮৮ খ্ৰীষ্টাব্দতফাগুন মাহগৰ শুক্ল একাদশীত বৰদোৱাৰ ওচৰৰ নলচা গাঁৱত জন্ম হৈছিল।


২। দামোদৰদেৱে ক'ত শাস্ত্ৰ অধ্য়য়ন কৰিছিল?

উত্তৰঃ দামোদৰদেৱে নৱদ্বীপৰ বেদজ্ঞ পণ্ডিত কলাপ চন্দ্ৰৰ অধীনত বেদাদি শাস্ত্ৰ অধ্য়ন কৰিছিল।


৩। মহাপুৰুষ দামোদৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰঃ মহাপুৰুষ দামোদৰদেৱে বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল।


৪। গীতা আৰু ভাগৱত শাস্ত্ৰ কোনে ভাঙনি কৰিছিল?

উত্তৰঃ গীতা আৰু ভাগৱত শাস্ত্ৰ দামোদৰদেৱে ভাঙনি কৰিছিল।



শ্ৰীশ্ৰীমাধৱদেৱ


১। মহাপুৰুষ মাধৱদেৱৰ ক'ত কেতিয়া জন্ম হৈছিল?

উত্তৰঃ ১৪৮৯ খ্ৰীষ্টাব্দৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত লখিমপুৰ জিলাৰ নৰনাৰয়ণপুৰৰ লেতেকুপুখুৰীত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম হৈছিল।


২। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰু-শিষ্য় সম্বন্ধটোক কি বুলি জনা যায়?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰু-শিষ্য় সম্বন্ধটোক 'মণিকাঞ্চন-সংযোগ' বুলি জনা যায়।


৩। মহাপুৰুষ মাধৱদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল? তেখেতৰ অনুপম সৃষ্টি কি আছিল? তেখেতে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেখেতৰ অনুপম সৃষ্টি আছিল- 'নামঘোষা'। তেখেতে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।


৪। মাধৱদেৱে ৰচনা কৰা কেইখনমান নাটৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা কেইখনমান নাটৰ নাম হৈছে- আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য়, অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লেটোৱা আদি।



শ্ৰীশ্ৰীহৰিদেৱ


১। শ্ৰীশ্ৰীহৰিদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৩৪৮ শকৰ ভাদ মাহৰ শুক্ল পঞ্চমী তিথিত লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ জন্ম হৈছিল।


২। শ্ৰীশ্ৰীহৰিদেৱে লিখা গ্ৰন্থ দুখনৰ নাম কি কি?

উত্তৰঃ শ্ৰীশ্ৰীহৰিদেৱে লিখা গ্ৰন্থ দুখনৰ হৈছে- 'ভক্তিৰসতৰংগিনী' আৰু শৰণ 'সিদ্ধান্ত'।


৩। শ্ৰীশ্ৰীহৰিদেৱৰ কেতিয়া দেহাৱসান ঘটিছিল?

উত্তৰঃ ১৪৮৮ শকৰ জেঠ মাহৰ অমাৱস্য়া তিথিত শ্ৰীশ্ৰীহৰিদেৱৰ দেহাৱসান ঘটে।


৪। শ্ৰীশ্ৰী হৰিদেৱে ক'ত একেৰাহে পাঁচ বছৰ ধৰি ভাগৱত পাঠ ব্য়খ্য়া কৰিছিল?

উত্তৰঃ শ্ৰীশ্ৰী হৰিদেৱে ওড়িশাৰ শ্ৰীশ্ৰীজগন্নাথত একেৰাহে পাঁচ বছৰ ধৰি ভাগৱত পাঠ ব্য়খ্য়া কৰিছিল।



চিলাৰায়


১। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল- শুক্লধ্বজ সিংহ।


২। তেওঁক 'চিলাৰায়' নাম কিয় দিয়া হৈছিল?

উত্তৰঃ চিলাৰ দৰে চেও ধৰি দ্ৰুতগতিৰে যুদ্ধত অগ্ৰসৰ হৈছিল বাবে তেওঁক চিলাৰায় নাম দিয়া হৈছিল।


৩। চিলাৰায়ৰ পিতৃৰ নাম কি আছিল? তেওঁৰ কেতিয়া মৃত্য়ু হৈছিল?

উত্তৰঃ চিলাৰায়ৰ পিতৃৰ নাম আছিল- বিশ্বসিংহ। তেওঁৰ ১৫৪০ খ্ৰীষ্টাব্দত মৃত্য়ু হৈছিল।


৪। মল্লদেৱ কোন আছিল?

উত্তৰঃ ম্লদেৱ চিলাৰায়ৰ ককায়েক আছিল।


৫। চিলাৰায়ৰ প্ৰথমা ভাৰ্যাৰ নাম কি আছিল? তেওঁ কাৰ জী আছিল?

উত্তৰঃ চিলাৰায়ৰ প্ৰথমা ভাৰ্যাৰ নাম আছিল- কমলাপ্ৰিয়া। তেওঁ ৰামৰায়ৰ জী আছিল।



লাচিত বৰফুকন


১। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ লাচিত বৰফুকনৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আছিল।


২। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰঃ শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি লাচিত বৰফুকন আছিল।


৩। ৰামসিংহই অসমীয়া সেনাৰ বিষয়ে কি বুলি কৈছিল?

উত্তৰঃ ৰাম পিংহই অসমীয়া সেনাৰ বিষয়ে এইদৰে কৈছিল- ''প্ৰত্য়েক অসমীয়া সেনাই নাওঁ বাব জানে, কাড় মাৰিব পাৰে, মাটি খান্দিব পাৰে আৰু টোপ-হিলৈ মাৰিব পাৰে। এনেকুৱা সকলো কামতে নিপুণ সেনা মই আগতে ক'তো দেখা নাছিলো।''


৪। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?

উত্তৰঃ শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি আছিল- ৰামসিংহ।


৫। ৰামসিংহই লাচিতৰ বিষয়ে কি মন্তব্য় দিছিল?

উত্তৰঃ ৰামসিংহই লাচিতৰ বিষয়ে কৈছিল যে- ''বৰফুকন সামান্য় লোক নহয়। যন্ত্ৰাকৃতি গড়, ক'তো ছিদ্ৰ নাপালোঁ। ইমান কম বয়সতে এই তীক্ষ্নতা দেখি মই আচৰিত হৈছোঁ। এই দেশ ধন্য়।''



পিয়লি ফুকন


১। কোন চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ ১৮৩০ চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল।


২। পিয়লি ফুকনৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ পিয়লি ফুকনৰ লগত জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল।


৩। খাৰঘৰত জুই কেনেকৈ লাগিল?

উত্তৰঃ পিয়লি ফুকনে তেওঁৰ সহযোগী জীউৰাম দুলীয়া বৰুৱা, খামতি বুঢ়াগোহাঁই, হৰনাথ বুঢ়াগোহাঁই আদিৰ সৈতে খাৰঘৰত জুই লগাই দিছিল।


৪। পিয়লি ফুকনৰ দেউতাকৰ নাম কি?

উত্তৰঃ পিয়লি ফুকনৰ দেউতাকৰ নাম বদন চন্দ্ৰ বৰফুকন।


৫। পিয়লি ফুকনক ক'ত ফাঁচি দিছিল?

উত্তৰঃ পিয়লি ফুকনক জেমছ মেথীৰ কাৰগাৰত ফাঁচি দিছিল।


৬। 'চাকোলা' মানে কি?

উত্তৰঃ চাকোলা হৈছে- ভৰি বা কঁকালৰ দোষত ভালকৈ থিয় হ'ব নোৱাৰা লোক।



লক্ষ্মীনাথ বেজবৰুৱা


১। বেজবৰুৱাদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬৪ চনত নগাঁৱৰ পৰা আঁহতগুৰিলৈ নাৱেৰে ব্ৰহ্মপুত্ৰইদি গৈ থকা অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল।


২। বেজবৰুৱাদেৱক আৰু কি কি নামেৰে জনা যায়?

উত্তৰঃ বেজবৰুৱাদেৱক 'ৰসৰাজ' আৰু 'সাহিত্য়ৰথী' নামেৰে জনা যায়।


৩। বেজবৰুৱাদেৱৰ ৰচিত পাঁচখন পুথিৰ নাম লিখা।

উত্তৰঃ বেজবৰুৱাদেৱৰ ৰচিত পাঁচখন পুথিৰ নাম হৈছে- পদুম কুঁৱৰী, বেলিমাৰ, লিতিকাই, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু তত্ত্বকথা।


৪। 'অ' মোৰ আপোনাৰ দেশ' শীৰ্ষক আমাৰ জাতীয় সংগীতটিৰ ৰচক কোন?

উত্তৰঃ 'অ' মোৰ আপোনাৰ দেশ' শীৰ্ষক আমাৰ জাতীয় সংগীতটিৰ ৰচক হৈছে- লক্ষ্মীনাথ বেজবৰুৱা।


৫। বেজবৰুৱাদেৱ কোন চনত অসম সাহিত্য় সভাৰ সভাপতি নিৰ্বাচিত হয়?

উত্তৰঃ ১৯৪২ চনত বেজবৰুৱাদেৱ অসম সাহিত্য় সভাৰ সভাপতি নিৰ্বাচিত হয়।



গোপীনাথ বৰদলৈ


১। গোপীনাথ বৰদলৈক কিয় 'লোকপ্ৰিয়' বোলা হৈছিল?

উত্তৰঃ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰে প্ৰিয় আছিল বাবে তেওঁক 'লোকপ্ৰিয়' বোলা হৈছিল।


২। গোপীনাথ বৰদলৈৰ দিনত অসমত প্ৰতিষ্ঠিত তিনিটা প্ৰতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ গোপীনাথ বৰদলৈৰ দিনত অসমত প্ৰতিষ্ঠিত তিনিটা প্ৰতিষ্ঠানৰ নাম হৈছে- গুৱাহাটী উচ্চ ন্য়ায়ালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্য়ালয়।


৩। অসমৰ প্ৰথম গৰাকী মুখ্য়মন্ত্ৰী কোন আছিল?

উত্তৰঃ অসমৰ প্ৰথম গৰাকী মুখ্য়মন্ত্ৰী আছিল- লোকপ্ৰিয় গোপীনাথ বৰদলৈ।


৪। গোপীনাথ বৰদলৈৰ বিষয়ে পাঁচশাৰী বাক্য় লিখা।

উত্তৰঃ গোপীনাথ বৰদলৈৰ জন্ম হৈছিল ১৮৯০ চনত। তেখেত অসমৰ প্ৰথমজন মুখ্য়মন্ত্ৰী আছিল। গোপীনাথ বৰদলৈয়ে জনজাতিসকলৰ উন্নতিৰ কাৰণে জীৱনৰ শেষ সময়লৈকে চেষ্টা চলাইছিল। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰে প্ৰিয় আছিল বাবে তেওঁক 'লোকপ্ৰিয়' বোলা হৈছিল। ১৯৫০ চনৰ ৫ আগষ্টত তেখেতে মৃত্য়ুবৰণ কৰে।



নলিনীবালা দেৱী


১। নলিনীবালা দেৱীৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃ-মাতৃৰ নাম ক্ৰমে- কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু হেমন্ত কুমাৰী।


২। নলিনীবালা দেৱী কেতিয়া অসম সাহিত্য় সভাৰ সভানেত্ৰী আছিল?

উত্তৰঃ নলিনীবালা দেৱী ১৯৫৪ চনৰ অসম সাহিত্য় সভাৰ সভানেত্ৰী আছিল।


৩। কোনখন কবিতাপুথিৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ অলকানন্দা কবিতাপুথিৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল।


৪। নলিনীবালাৰ তিনিটা কবিতা সংকলনৰ নাম লিখা।

উত্তৰঃ নলিনীবালাৰ তিনিটা কবিতা সংকলনৰ নাম হৈছে- সন্ধিয়াৰ সুৰ, পৰশমণি আৰু জাগৃতি।


৫। নলিনীবালা দেৱীক কি কবি আখ্য়া দিয়া হয়?

উত্তৰঃ নলিনীবালা দেৱীক 'অতিন্দ্ৰীয়বাদী কবি' কবি আখ্য়া দিয়া হয়।



কুশল কোঁৱৰ


১।কুশল কোঁৱৰে ক'ত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ কুশল কোঁৱৰে ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গন্ধৈকৰৈ নামৰ গাঁৱত জন্ম হয়।


২। কুশল কোঁৱৰৰ পঢ়া জীৱনৰ কেতিয়া সামমৰণি পৰিছিল?

উত্তৰঃ এম ই পাছ কৰাৰ পিছতেই কুশল কোঁৱৰৰ পঢ়া জীৱনৰ সামমৰণি পৰিছিল।


৩। কুশল কোঁৱৰ কেনেকৈ ছহিদ হৈছিল?

উত্তৰঃ দেশৰ কাৰণে কুশল কোঁৱৰে মুক্তি আন্দোলন চলাইছিল। কিন্তু তাৰ পৰিবৰ্তে তেওঁ সৰুপথাৰত ৰে'ল বগৰুৱাৰ অপৰাধত ছহিদ হ'বলগীয়া হৈছিল।


৪। স্বাধীনতা আন্দোলনত কুশল কোঁৱৰৰ বৰঙনি কি?

উত্তৰঃ ৰাইজৰ মৰম আৰু প্ৰেৰণাৰ ফলত তেওঁ দিনে ৰাতিয়ে কংগ্রেছৰ কামত ব্যক্ত হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ ১৯৪২ চনৰ 'ভাৰত ত্যাগ’ আন্দোলনে ভাৰতৰ সকলাে ৰাজ্যতে চৰম পর্যায় পাইছিল। অসমতাে ভাৰতৰ সকলাে ৰাজ্যতে চৰম পর্যায় পাইছিল। অসমতাে এই আন্দোলন প্রবল হৈ উঠিল। আন্দোলনৰ মাজতে সৰুপথাৰত ৰে'ল বগৰােৱাৰ অপৰাধত অন্যান্যসকলৰ লগতে বন্দী কৰা হ’ল কুশল কোঁৱৰকো। তাৰ পাছত ব্ৰিটিছ চৰকাৰৰ ন্যায়ালয়ত চলিল বিচাৰ। বিচাৰত কুশল কোঁৱৰৰ ফাঁচিৰ ৰায় হল।



বিষ্ণু প্ৰসাদ ৰাভা


১। ৰাভাদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাত ৰাভাদেৱৰ জন্ম হৈছিল।


২। 'কলাগুৰু' উপাধি কোনে পাইছিল? কোনখন বিশ্ববিদ্য়ালয়ে এই উপাধি প্ৰদান কৰিছিল?

উত্তৰঃ 'কলাগুৰু' উপাধি বিষ্ণু প্ৰসাদ ৰাভাদেৱে পাইছিল। কাশী বিশ্ববিদ্য়ালয়ে এই উপাধি প্ৰদান কৰিছিল।


৩। ৰাভাদেৱে লিখা একমাত্ৰ উপন্য়াসখনৰ নাম কি?

উত্তৰঃ ৰাভাদেৱে লিখা একমাত্ৰ উপন্য়াসখনৰ নাম হৈছে- মিচিং কনেং।


৪। ৰাভা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৰাভা দিৱস ২০ জুন তাৰিখে পালন কৰা হয়।


৫। ৰাভা ভাষাৰ গীতবোৰক কি নামেৰে জনা যায়?

উত্তৰঃ ৰাভা ভাষাৰ গীতবোৰক 'ৰাভাগীত' নামেৰে জনা যায়।



ডঃ ভবেন্দ্ৰনাথ শইকীয়া


১। শইকীয়াদেৱৰ জন্ম ক'ত-কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত শইকীয়াদেৱৰ জন্ম হৈছিল।


২। ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰদ্বাৰা পৰিচালিত দুখন চলচ্চিত্ৰৰ নাম লিখা।

উত্তৰঃ ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰদ্বাৰা পৰিচালিত দুখন চলচ্চিত্ৰৰ নাম হৈছে- অনিৰ্বাণ আৰু অগ্নিস্নান।


৩। কোনটো গল্প সংকলনৰ বাবে তেখেতে ১৯৭৬ চনৰ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ 'শৃংখল' নামৰ গল্প সংকলনৰ বাবে তেখেতে ১৯৭৬ চনৰ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল।


৪। শইকীয়াদেৱৰ প্ৰকাশিত তিনিখন পুথিৰ নাম লিখা।

উত্তৰঃ শইকীয়াদেৱৰ প্ৰকাশিত তিনিখন পুথিৰ নাম হৈছে- সেন্দূৰ, গহ্বৰ আৰু অন্তৰীপ।


৫। শইকীয়াদেৱে সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম লিখা।

উত্তৰঃ শইকীয়াদেৱে সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম হৈছে- সঁফুৰা।


-শ্ৰী হিৰু মনি বৰা